মৰাণহাট
মৰাণহাট (IPA: ˈmɔːrænˌhɑːt)(ইংৰাজী: Moranhat) অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এখন সৰু নগৰ৷ ইয়াত বাস কৰা মৰাণ গোষ্ঠীৰ লোকৰ বাবে এই অঞ্চলটোৰ এই নাম হয়৷
মৰাণহাট
Moranhat | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | শিৱসাগৰ |
জনসংখ্যা (2001) | |
• মুঠ |
5,779 |
ভৌগোলিক বিৱৰণ
সম্পাদনা কৰকমৰাণহাট শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ সীমামূৰীয়া নগৰ। ডিব্ৰুগড় জিলাৰ মৰাণ লোকপিয়ল নগৰ আৰু শিৱসাগৰ জিলাৰ মৰাণহাট পৌৰনগৰক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথে বিভাজন কৰিছে।
জনসংখ্যা
সম্পাদনা কৰক২০০১ চনৰ লোকপিয়ল অনুসৰি মৰাণহাটৰ জনসংখ্যা ৫৭৭৯ জন। ইয়াৰে পুৰুষ ৫৫% আৰু মহিলা ৪৫%। ৰাষ্ট্ৰীয় সাক্ষৰতাৰ হাৰ ৫৯.৫%ৰ তুলনাত নগৰখনৰ গড় সাক্ষৰতাৰ হাৰ ৭৮%। ৮০% পুৰুষ আৰু ৭৭% মহিলা সাক্ষৰ। মৰাণহাটৰ ১১% জনসংখ্যা ৬ বছৰৰ তলৰ।[1]
শিক্ষা
সম্পাদনা কৰকনগৰখনত বহুকেইখন অসমীয়া মাধ্যম তথা ইংৰাজী আৰু হিন্দী মাধ্যমৰ বিদ্যালয় আছে। বিদ্যালয়-
- চে'ইণ্ট যোচেফ হাইস্কুল
- মৰাণ উঃমাঃ বিদ্যালয়
- চে'ইণ্ট এণ্ড্ৰিউজ হাইস্কুল
- মৰাণ ছোৱালী উচ্চ বিদ্যালয়
- নেহৰু হিন্দী বিদ্যালয়
মহাবিদ্যালয়
- মৰাণ মহাবিদ্যালয়
- মৰাণ মহিলা মহাবিদ্যালয়
যাতায়ত ব্যৱস্থা
সম্পাদনা কৰকমৰাণহাট অসমৰ প্ৰধান প্ৰধান ঠাইবোৰৰ সৈতে চৰকাৰী আৰু বেচৰকাৰী বাচেৰে সু-সংযোজিত হৈ আছে। সমীপবৰ্তী ৰেলষ্টেচনটো হ'ল মৰাণহাট। এই ষ্টেচনত ৰাজধানী, যশৱন্তুপুৰ এক্সপ্ৰেছ আৰু ৰঙিয়া-ডিব্ৰুগড় এক্সপ্ৰেছ ৰয়।[2] আটাইতকৈ ওচৰত থকা বিমানবন্দৰটো মোহনবাৰী বিমানবন্দৰ। নগৰখনৰ পৰা ইয়ালৈ দূৰত্ব ৪০ কিঃমিঃ।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "মৰাণহাটেৰে চলাচল কৰা ৰেল". ভাৰতীয় ৰেল. http://enquiry.indianrail.gov.in/ntes/। আহৰণ কৰা হৈছে: 20 আগষ্ট 2014.