মৰাণ (Moran Town), ভাৰতৰ ৰাজ্যসমূহৰ অন্তৰ্গত অসমডিব্ৰুগড় জিলাত অৱস্থিত এখন সৰু লোকপিয়ল নগৰ। নগৰখন ঔদ্যোগিক ভাৱে উন্নত। এইখন দেশৰ এখন অন্যতম চাহ আৰু খাৰুৱা তৈল উৎপাদন হোৱা অঞ্চল। অঞ্চলটোৰ এটা প্ৰধান আকৰ্ষণ হ'ল ৰাইদঙীয়া দৌল, যিটোৱে আহোম ৰাজত্বৰ ঐতিহ্য বহন কৰিছে।

মৰাণ
Moran Town
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ডিব্ৰুগড় জিলা
উচ্চতা
৯৭ মিটাৰ (৩১৮ ফুট)
জনসংখ্যা
 (২০০১)
 • মুঠ
6,784

ভৌগোলিক অৱস্থান

সম্পাদনা কৰক

মৰাণৰ ভৌগোলিক অৱস্থান হ'ল- 27°11′N 94°56′E / 27.18°N 94.93°E / 27.18; 94.93[1] সাগৰ পৃষ্ঠৰ পৰা উচ্চতা ৯৭ মিটাৰ (318 ফুট)। ইয়াৰ পশ্চিমে ডুলিয়াজান নগৰ,পূৱে টেঙাখাট আৰু টিংখং, উত্তৰে মোহনবাৰী আৰু শলগুৰি, দক্ষিণে মৰাণহাট আৰু সোণাৰি। জিলাৰ প্ৰধান কাৰ্যালয় ডিব্ৰুগড়, ইয়াৰ পৰা ৪০ kilometre (25 মাইল) আঁতৰত অৱস্থিত।

জনসাংখ্যিকীয়

সম্পাদনা কৰক

ভাৰতীয় লোকপিয়ল-২০০১ মতে,[2] মৰাণৰ জনসংখ্য মাত্ৰ ৬,৭৮৪ জন। তাৰে, ৫৩% পুৰুষ আৰু বাকী ৪৭% মহিলা। এই নগৰখনৰ ১০% জনসংখ্যাৰ ৬ বছৰ বয়সতকৈ সৰু।

ৰাজনৈতিক

সম্পাদনা কৰক

মৰাণ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত[3] আৰু বিধানসভা সমষ্টি হ'ল মৰাণ বিধানসভা সমষ্টি

তথ্য সংগ্ৰহ

সম্পাদনা কৰক