ত্ৰয়োদশ শতিকাৰ প্ৰাৰম্ভতে প্ৰাপ্ত (১২২৮ খ্ৰীষ্টাব্দত চ্যুকাফাৰ অসম আগমনৰ সময়ৰ) মৰাণ ৰাজ্য হৈছে অসমৰ ভূমিপুত্ৰ মৰাণসকলৰ প্ৰাচীন ৰাজ্য। চ্যুকাফাই অসমত প্ৰৱেশ কৰাৰ পূৰ্বেই সৌমাৰখণ্ডত মৰাণসকলৰ ৰাজ্য আছিল। ৰজা বদৌচাৰ নেতৃত্বত মৰাণসকলে পূবে চফ্ৰাই নদী, পশ্চিমে ব্ৰহ্মপুত্ৰ নদী, উত্তৰে বুঢ়ীদিহিং আৰু দক্ষিণে দিচাং নদীক কেন্দ্ৰ কৰি অৱস্থান গ্ৰহণ কৰিছিল। মৰাণ ৰজা বদৌচাৰ সমসাময়িক আন এজন ৰজা আছিল থামিথুমা বা থাকুমথা। থামিথুমা বৰাহী ৰজা আছিল। বৰাহী ৰাজ্যৰ সীমা আছিল পূবে নগাহাট, পশ্চিমে বৰাহীফিকাৰ মধ্যবৰ্তী অঞ্চল, উত্তৰে দিচাং আৰু দক্ষিণে দিখৌ নদী।   চ্যুকাফাই অসমলৈ আগমন ঘটাৰ সময়ত মৰাণৰাজ বদৌচাৰ ৰাজধানী চৰাইদেউ আছিল বুলি জনা যায়। আহোমকলে তাক চে-ৰাই-ডয় বুলি কৈছিল। চ্যুকাফাই মৰাণ ৰজা বদৌচাৰ ৰাজকুঁৱৰীক বিয়া কৰাৰ পিছত মৰাণ আৰু আহোমৰ পৰম মিত্ৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। আনকি চ্যুকাফাৰ নাতি  চুবিনফা[1] ৰজাইও মৰাণ কুঁৱৰীক বিয়া কৰাই মিত্ৰতাৰ সম্পৰ্ক অক্ষুণ্ণ ৰাখিছিল। পৰবৰ্তী সময়ত মৰাণ ৰাজ্য আহোম ৰাজ্য নামেৰে একাকীভূত হৈছিল আৰু ন-অসম ৰাজ্য গঠন প্ৰক্ৰিয়াৰ ঐতিহাসিক সূত্ৰপাত ঘটিছিল। কথিত আছে যে টাই আহোমসকল অসমলৈ অহাৰ সময়ত চ্যুকাফাই মৰাণ ৰজাৰ বদৌচাৰ পৰা অনুমতি লৈহে চৰাইদেউত নগৰ স্থাপন কৰিছিল। চ্যুকাফাই মৰাণৰাজ বদৌচালৈ কটকী পঠাই  ৰাজবাৰ্তা প্ৰেৰণ কৰিছিল যে আমি পূবফালৰ পৰা আহিছো। তেখেতসকল হ'ল স্থানগিৰি। গতিকে আমি তেখেতসকলৰ আলহীস্বৰূপ। তেখেতসকল আহি আমাক গাওঁ-ভূই আৰু অধিবাসীসকলৰ লগত পৰিচয় কৰাই দিব লাগে।[2]

Autochthon Moran in northeastern region, India

মৰাণ-আহোমৰ সমন্বয় (Assimilation)ৰ কালত মৰাণ ৰাজ্যৰ পূবফালে চুটিয়া ৰাজ্যও অৱস্থান গ্ৰহণ কৰি আছিল। এই চুটিয়া ৰাজ্যৰ ৰজা ধীৰনাৰায়ণেই ১৫১৩ খ্ৰীষ্টাব্দত যথেষ্ট সংখ্যক সৈন্যবাহিনী আৰু নৌ-সৈন্য লৈ মৰাণ-আহোম (Moran-Ahome)ৰ ৰাজ্যক আক্ৰমণ কৰিছিল। কিন্তু দিখৌ নৈৰ মুখত চুটিয়াসকল পৰাস্ত হৈছিল। ১৫২২ খ্ৰীষ্টাব্দত চুটিয়া ৰজা নীতিপালে পুনৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল যদিও স্বৰ্গদেউ চুহুংমুঙৰ আহোম সৈন্য (সন্মিলিত)ৰ হাতত চুটিয়া সৈন্যৰ বিস্তৰ পৰাস্ত হৈছিল। এনেদৰে ১৫২৩ খ্ৰীষ্টাব্দলৈকে যুঁজ বাগৰ কৰি চুটিয়া ৰাজ্য পৰাজিত হৈ সম্পূৰ্ণ আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হয় আৰু (পূৰ্বৰ মৰাণ ৰাজ্য) আহোম ৰাজ্যৰ সীমা সম্প্ৰসাৰণ চুটিয়া ৰাজ্যলৈকে ঘটে।

প্ৰজাসাধাৰণ:

সম্পাদনা কৰক

মৰাণ প্ৰজাসাধাৰণ কিৰাট বা মংগোলীয় প্ৰজাতিৰ লোক আছিল। ইতিহাসেও সেই সাক্ষ্য বহন কৰিছে। নৃতাত্ত্বিক দৃষ্টিকোণেৰে প্ৰত্যক্ষ কৰিলে  মৰাণ প্ৰজাসাধাৰণৰ মাজত মংগোলীয় প্ৰজাতিৰ লক্ষণ পৰিস্ফুট। গাৰ বৰণ পীত-পিংগল অথবা শুভ্ৰ, কেশ ক'লা, থিয়, ঋজু আৰু অমসৃণ বিশিষ্ট আছিল। শৰীৰত গাৰ নোম কম, দাঢ়ি-গোফ  সীমিত। মুখমণ্ডল বহল আৰু চেপেটা, শৰীৰ আটিল আৰু শক্তিশালী। [3]প্ৰজাসাধাৰণ মধ্যমীয়া উচ্চতাৰ। প্ৰজাৰ সংখ্যা আছিল সৰহ আৰু সমৃদ্ধিশালী। আজিৰ সময়তো সেইখণ্ড প্ৰাকৃতিকভাৱে চহকী। প্ৰজাসাধাৰণ বিয়পি আছিল পূবখণ্ডৰ অৰণ্যলৈকে। যাৰবাবে শদিয়াৰ কেঁচাইখাইতি গোসাঁনী মন্দিৰ বা তাম্ৰেশ্বৰী দেৱীক উপাসনা কৰাত ৰজাৰ উপাদেয় হৈছিল। প্ৰজাসাধাৰণৰ একাংশই ৰাজধানী চৰাইদেউত ৰজা বদৌচাৰ ৪০০০[4] হাজাৰমান সৈন্যৰ সৈতে থকাৰ বিপৰীতে অধিকসংখ্যকে গাওঁ পাতি, অৰণ্যৰ নদীৰ আশে-পাশে বসবাস কৰিছিল। অৰণ্যত তেওঁলোকৰ চিকাৰখেল আছিল পাকৈত। সেইক্ষেত্ৰত হাতী চিকাৰেই আছিল প্ৰধান। হাতী চিকাৰ কৰা, বশ কৰা, যুদ্ধকৌশল শিকোৱা আদিত মৰাণৰ অত্যুৎসাহী আৰু নিপুনতা দেখি পৰবৰ্তী পৰ্যায়ত চুকাফাই মৰাণ প্ৰজাসাধাৰণৰ মাজৰ পৰা হাতীচুঙ্গী ফৈদৰো সৃষ্টি কৰিছিল। মৰাণৰাজ বদৌচাৰ চৰাইদেউ পাহাৰৰ টিলাত আন এখন শাক্তদেৱীৰ দেওশালো আছিল। আহোমসকলে তাক নাকুৰি দেওশাল বুলিছিল। যি মৰাণ-বৰাহীৰ উমৈহতীয়া দেওশাল আছিল বুলিও জনা যায়।[5]

ঐতিহাসিক বাসস্থান:

সম্পাদনা কৰক

মৰাণসকলৰ উৎপত্তিস্থল সম্পৰ্কে কোনো ইতিহাসকাৰেই সঠিক তথ্য দাঙি ধৰিব পৰা নাই। বিখ্যাত ইংৰাজ পণ্ডিত ৰেভাৰেণ্ড চিদনি এন্দেল[6] (Rev. Sydney Endle, 1840-2907)ৰ মতে মৰাণসকলৰ প্ৰৱজনৰ উৎস চীনদেশৰ চিন্দুইন নদীৰ হুকং উপত্যকা। গ্ৰীক পণ্ডিত টলেমি (Claudius Ptolemy, )ৰ মতে খ্ৰীষ্টিয় ২য় শতিকাতে পূৰ্বৰ ব্ৰহাই (লৌহিত্য) খণ্ডত মৰাণ বৰাহীসকলে বসবাস কৰি আছিল। অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত ড° বীৰেন্দ্ৰ কুমাৰ গোঁহাইৰ মতে মৰাণসকলৰ অসম আগমনৰ সময় খ্ৰী:পূ: ২৫০০ চন।[7]  বুৰঞ্জীবিদ ড° স্বৰ্ণলতা বৰুৱাৰ মতে খ্ৰী:পূ: বহু শতিকাৰ পূৰ্বতে মৰাণসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। বিখ্যাত ভাৰতীয় বুৰঞ্জীবিদ ড° সুনীতি কুমাৰ চটোপাধ্যায়ৰ মতে মৰাণসকলৰ অসমত প্ৰৱেশৰ সময় খ্ৰীঃপূঃ ১০০০ শতিকা।[8] পণ্ডিত ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ মতে মৰাণসকলৰ প্ৰৱজনৰ উৎস ইয়াং জে কিয়াং (Yangtze_River)[9] আৰু হোৱাংহো (The Yellow River or Huang He (Chinese: 黄河, Mandarin: Huáng hé [xwǎŋ xɤ̌] (listen)) is the second-longest river in China) নদীৰ পাৰ অৰ্থাৎ পশ্চিম চীনদেশ। অধ্যাপক, লেখক, গৱেষক ড° জলীন প্ৰকাশ চেতিয়াৰ মতে মহাভাৰতৰ যুগৰ পৰাই মৰাণসকলে প্ৰাগজ্যোতিষপুৰৰ বৃহৎ ভূখণ্ডত সম্ভৱত: ব্ৰহ্মপুত্ৰৰ দক্ষিণে আৰু মধ্য-পশ্চিমাংশত বসবাস কৰি আছিল।[10] কেদাৰ ব্ৰহ্মচাৰীৰ মতে মৰাণসকলৰ আদিম বাসস্থান নেপাল। আন কেতবোৰ লেখকৰ মতে নেপাল দেশৰ পশুপতি মন্দিৰৰ আশ-পাশ।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. https://dbpedia.org/page/Subinphaa
  2. Devi,Laxmi,. Axom Deshar Buranji by Laxmi Devi. Guwahati: LBS. Publication,. 1987. 35.00. 3466.
  3. নেওগ, মৃৃৃদুল (সম্পা): মৰাণ লোকসংস্কৃৃতি সম্ভাৰ, সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ, ২০০৭
  4. নেওগ, মৃৃৃদুল (সম্পা): মৰাণ লোকসংস্কৃৃতি সম্ভাৰ, সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ, ২০০৭, বুৰঞ্জীবিদ শ্ৰীশ্ৰীকুমাৰ দহোতীয়া, 'ইতিহাসৰ পটভূমিত মৰাণ জাতিৰ চমু পৰিচয়। '
  5. তথ্য: কমলা ৰাজকোঁৱৰ, ০৯ চেপ্তেম্বৰ ২০২০
  6. http://worldcat.org/identities/lccn-no93026877/
  7. গোঁহাই, ড° বীৰেন্দ্ৰ কুমাৰ : মৰাাণ জনগোোষ্ঠী, গৱেষণামূূূূলক গ্ৰণ্হ
  8. চটোপাধ্যায়, ড° সুনীতি কুমাৰ : কিৰাট জনকৃতি
  9. "আৰ্কাইভ কপি". Archived from the original on 2022-11-20. https://web.archive.org/web/20221120154829/https://www.cs.mcgill.ca/~rwest/wikispeedia/wpcd/wp/y/Yangtze_River.htm। আহৰণ কৰা হৈছে: 2022-11-20. 
  10. চেতিয়া, ড° জলীন প্ৰকাশ : ঐতিহাসিক পটভূমিত মৰাণ জনগোষ্ঠীৰ পৰিচয় আৰু তিনিচুকীয়া জিলাৰ মৰাণসকলৰ লোকসংস্কৃতি, থেচিচ, গুৱাহাটী বিশ্ববিদ্যালয়।