ৰাইফলমেন যশৱন্ত সিং ৰাৱত (ইংৰাজী: Jaswant Singh Rawat), এমভিচি (১৯ আগষ্ট ১৯৪১ - ১৭ নৱেম্বৰ ১৯৬২) ভাৰতীয় সৈন্য বাহিনীৰ গাড়োৱাল ৰাইফলছৰ এজন সৈনিক আছিল যাক অৰুণাচল প্ৰদেশ, ভাৰতৰ নুৰানাঙত চীন-ভাৰত যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে মৰণোত্তৰভাৱে সন্মানীয় মহা বীৰ চক্ৰ প্ৰদান কৰা হৈছিল।[1]

ৰাইফলমেন
যশৱন্ত সিং ৰাৱত
মহাবীৰ চক্ৰ

শ্বহীদ যশৱন্ত সিং ৰাৱত
জন্ম ১৯ আগষ্ট, ১৯৪১
বাৰয়ুন, গাড়োৱাল, ইউনাইটেড প্ৰভিঞ্চেচ (১৯৩৭–৫০), ব্ৰিটিছ ভাৰত
(বৰ্তমানৰ চামলি জিলা , উত্তৰাখণ্ড, ভাৰত)
মৃত্যু ১৭ নৱেম্বৰ, ১৯৬২ (২১ বছৰ)
জং, North-East Frontier Agency, ভাৰত
(বৰ্তমানৰ অৰুণাচল প্ৰদেশ, ভাৰত)
আনুগত্য ভাৰত Republic of India
চাকৰি/শাখা ভাৰতীয় সেনা
চাকৰিৰ কাৰ্যকাল
পদমৰ্যদা ৰাইফলমেন
ইউনিট ৪ৰ্থ গাড়োৱাল ৰাইফল
যুদ্ধ-বিগ্ৰহ ভাৰত-চীন যুদ্ধ
পুৰস্কাৰ মহা বীৰ চক্ৰ

ভাৰত-চীন যুদ্ধ সম্পাদনা কৰক

ৰাইফলমেন যশৱন্ত সিং ৰাৱতে ১৯৬২ চনৰ ১৭ নৱেম্বৰ তাৰিখে, নুৰানাঙৰ যুদ্ধৰ সময়ত, উত্তৰ-পূব সীমান্ত সংস্থা (বৰ্তমান অৰুণাচল প্ৰদেশ)ৰ চতুৰ্থ বেটেলিয়নত, চতুৰ্থ গাড়োৱাল ৰাইফলছৰ হৈ সেৱা আগবঢ়াইছিল। সেইদিনা, চতুৰ্থ গাড়োৱাল ৰাইফলছে নিজৰ স্থানৰ পৰা পিপলছ লিবাৰেচন আৰ্মীৰ দুটা অনুপ্ৰৱেশৰ প্ৰচেষ্ঠাক ওফৰাই পেলাবলৈ সক্ষম হৈছিল। তৃতীয় অনুপ্ৰৱেশৰ সময়ত, এটা চীনা মিডিয়াম মেচিন গান (এমএমজি) ভাৰতীয় প্ৰতিৰক্ষাৰ ওচৰলৈকে অনা হৈছিল আৰু নিৰ্দিষ্ট দূৰত্বৰ পৰা ভাৰতীয় সেনাৰ ওপৰত গুলীবৰ্ষণ কৰি থকা হৈছিল। ৰাইফলমেন যশৱন্ত সিং ৰাৱত লেন্স নায়ক ত্ৰিলোক সিং নেগী আৰু ৰাইফলমেন গোপাল সিং গুচেইনৰ সৈতে এই এমএমজিটোৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ স্বেচ্ছাই আগবাঢ়ি গৈছিল।[2][3][4][5]

এই প্ৰত্যাক্ৰমণৰ সময়ত তেওঁলোকে এমএমজি জব্দ কৰিবলৈ সমৰ্থ হয় যদিও উভতি অহাৰ সময়ত গুচেইন আৰু নেগীয়ে প্ৰাণ হেৰুৱায় আৰু ৰাৱত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। অৱশ্যে তেওঁ জব্দ কৰা মাৰণাস্ত্ৰটো লগত লৈ আহিবলৈ সক্ষম হয়। এই যুদ্ধৰ ফলত ৩০০ জন চীনা লোক হতাহত হয়, আনহাতে চতুৰ্থ গাড়োৱাল ৰাইফলছে দুজন লোকক হেৰুৱায় আৰু আঠজন আহত হয়।[6]

অৱশেষত ৰাৱতৰ কোম্পানীয়ে যুদ্ধ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়, কিন্তু ৰাৱত ৰৈ যায় আৰু ছেলা আৰু নুৰা নামৰ দুগৰাকী স্থানীয় ছোৱালীৰ সহায়ত যুঁজ অব্যাহত ৰাখে। পিছত, ছেলাক হত্যা কৰা হয় আৰু নুৰাক বন্দী কৰা হয়। ক্ৰমাৎ আগুৱাই গৈ ৰাৱতে শত্ৰুক ৭২ ঘণ্টা ধৰি আগবাঢ়িবলৈ নিদি ধৰি ৰাখিছিল যেতিয়ালৈকে চীনাসকলে এজন স্থানীয় যোগানকৰ্তাক বন্দী কৰা নাছিল। এই যোগানকৰ্তাজনে চীনাবাহিনীক কয় যে তেওঁলোকে মাত্ৰ এজন যুঁজাৰুৰ সৈতেহে যুঁজি আছে। এই কথা জানি চীনাসকলে বিধ্বংসী ৰূপ ধাৰণ কৰে আৰু ৰাৱতক উপৰ্যুপৰি আক্ৰমণ কৰে, কিন্তু ৰাৱতৰ মৃত্যুৰ সঠিক তথ্য অস্পষ্ট। কিছুমান বিৱৰণত দাবী কৰা হৈছে যে, ৰাৱতে তেওঁৰ লগত থকা অন্তিম ৰাউণ্ডৰ গোলাবাৰুদৰ দ্বাৰা নিজক গুলী কৰিছিল; আকৌ আন কিছুমানে কয় যে তেওঁক চীনাসকলে বন্দী কৰি মৃত্যুদণ্ড দিছিল। চীনা সেনাপতিজনে যুদ্ধ শেষ হোৱাৰ পিছত ৰাৱতৰ কটা মূৰ আৰু তেওঁৰ এটা পিতলৰ আবক্ষ মূৰ্তি ভাৰতলৈ ঘূৰাই দিছিল।[7]

যি স্থানৰপৰা যুদ্ধ কৰি যশৱন্ত সিং ৰাৱতে পিপলছ লিবাৰেচন আৰ্মীক প্ৰতিহত কৰিছিল, পৰাজিত হৈছিল যদিও তেওঁ দেখুওৱা সাহসিকতাৰ পৰিচায়ক ৰূপে তাত "যশৱন্ত গড়" নামেৰে এটা স্মাৰক নিৰ্মাণ কৰি তেওঁক সন্মানিত কৰা হৈছিল। [8][9] আনহাতে, মৰণোত্তৰভাৱে তেওঁক পদোন্নতি প্ৰদান কৰিও তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হৈছিল।[10]

চতুৰ্থ গাড়োৱাল ৰাইফলছক পিছত যুদ্ধ সন্মান নুৰানাং বঁটা প্ৰদান কৰা হয়, ই হৈছে যুদ্ধৰ সময়ত এটা সেনা গোটক প্ৰদান কৰা একমাত্ৰ যুদ্ধ সন্মান।[11]

জনপ্ৰিয় মাধ্যমত সম্পাদনা কৰক

অবিনাশ ধ্যানীৰ দ্বাৰা পৰিচালিত ২০১৯ চনৰ হিন্দী চলচ্চিত্ৰ চেভেনটি টু আৱাৰচ্‌ : মাৰ্টাৰ হু নেভাৰ ডাইড, ৰাইফলমেন যশৱন্ত সিং ৰাৱতৰ কাহিনীৰ ওপৰত আধাৰিত।[12]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "72 Hours: A Movie On Jaswant Singh, The Man Who Saved Arunachal Pradesh From The Chinese but he die.." (en-IN ভাষাত). IndiaTimes. 2016-04-13. https://www.indiatimes.com/news/india/the-heroic-story-of-jaswant-singh-the-man-who-saved-arunachal-pradesh-from-the-chinese-army-247929.html। আহৰণ কৰা হৈছে: 2020-07-12. 
  2. ANI (2019-11-18). "War heroes of 1962 Sino-Indian war remembered on Nuranang Day". Business Standard India. https://www.business-standard.com/article/news-ani/war-heroes-of-1962-sino-indian-war-remembered-on-nuranang-day-119111801674_1.html. 
  3. author. "Heroes of 1962 war in Arunachal: Battle of Nuranang | The Arunachal Times" (en-US ভাষাত). https://arunachaltimes.in/index.php/2019/12/22/heroes-of-1962-war-in-arunachal-battle-of-nuranang/। আহৰণ কৰা হৈছে: 2021-07-12. 
  4. "The Story of Rifleman Jaswant Singh Rawat: The Hero Of Nauranang" (en-US ভাষাত). Stories for the Youth!. 2021-07-07. http://www.scrolldroll.com/the-story-of-rifleman-jaswant-singh-rawat/। আহৰণ কৰা হৈছে: 2021-07-12. 
  5. "Rifleman Jaswant Singh Rawat MVC | Honourpoint" (en-US ভাষাত). https://www.honourpoint.in/profile/rifleman-jashwant-singh-rawat-mvc/। আহৰণ কৰা হৈছে: 2021-07-12. 
  6. Col J Francis (Retd) (30 August 2013). Short Stories from the History of the Indian Army Since August 1947. Vij Books India Pvt Ltd. পৃষ্ঠা. 53. ISBN 9789382652175. 
  7. "Indian Army’s ‘Immortal’ soldier Jaswant Singh Rawat, on duty even after being martyred" (en ভাষাত). 2021-10-21. Archived from the original on 2022-10-17. https://web.archive.org/web/20221017180555/https://indiannewsweekly.com/2021/10/21/indian-armys-immortal-soldier-jaswant-singh-rawat-on-duty-even-after-being-martyred/। আহৰণ কৰা হৈছে: 2022-05-21. 
  8. Pisharoty, Sangeeta Barooah. "When It Comes to Renaming Places in Tawang, China Is Not Alone" (en-GB ভাষাত). thewire.in. https://thewire.in/139091/not-china-alone-renamed-places-tawang/। আহৰণ কৰা হৈছে: 6 June 2017. 
  9. M Panging Pao (22 December 2019). "Heroes of 1962 War in Arunachal, Battle of Nuranang". https://arunachaltimes.in/index.php/2019/12/22/heroes-of-1962-war-in-arunachal-battle-of-nuranang/. 
  10. Talbot, Ian (2016). A History of Modern South Asia: Politics, States, Diasporas. Yale University Press. ISBN 978-0300216592. 
  11. Singh Gp Capt, Ranbir (2009). Memorable War Stories. Prabhat Prakashan. পৃষ্ঠা. 27. ISBN 978-8188322664. 
  12. Pioneer, The. "72 Hours...movie on the legendary soldier to be released on Friday" (en ভাষাত). The Pioneer. https://www.dailypioneer.com/2019/state-editions/72-hours---movie-on-the-legendary-solider-to-be-released-on-friday.html। আহৰণ কৰা হৈছে: 2020-06-11.