চীনা দৰ্শনত য়িন আৰু য়াং (চীনা: yīnyáng, "আন্ধাৰ-ঊজ্বল", "ঋণাত্মক-ধনাত্মক")-এ এই কথাক বুজাই যে দেখাত বিপৰীত শক্তিসমূহো আচলতে ইটো আনটোৰ পৰিপূৰক, সম্বন্ধিত আৰু পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰে। চীনা সৃষ্টিতত্ত্বত ব্ৰহ্মাণ্ডই নিজক পদাৰ্থগত ঊৰ্জাৰ প্ৰাথমিক বিশৃংখলতাৰপৰা সৃষ্টি কৰে, য়িন আৰু য়াঙৰ চক্ৰত আৰু বস্তু আৰু জীৱৰ সৃষ্টি হয়। য়িন গ্ৰাহক আৰু য়াং কৰ্তা সূত্ৰ। ই সকলো প্ৰকাৰৰ সাল-সলনি আৰু পাৰ্থক্য, যেনে বাৰ্ষিক চক্ৰ (শীত আৰু গৰম)ত, পথাৰ (উত্তৰমুখী ছায়া আৰু দক্ষিণমুখী ঊজ্বলতা), যৌন সম্বন্ধ গঠন (নাৰী আৰু পুৰুষ), নাৰী আৰু পুৰুষ উভয়ৰে চৰিত্ৰ ৰূপে সৃষ্টি আৰু সামাজিক-ৰাজনৈতিক ইতিহাস (শৃংখলতা আৰু বিশৃংখলতা)ত বিদ্যমান[1]

'টাইচি চিহ্ন'

চীনা সৃষ্টিতত্ত্ব, দৰ্শন আৰু বিজ্ঞানসম্পাদনা কৰক

চীনা সৃষ্টিতত্ত্বত অনেক ধৰণৰ গতি দেখা যায়। য়িন আৰু য়াং সম্বন্ধীয় সৃষ্টিতত্ত্বত ব্ৰহ্মাণ্ডই নিজক সৃষ্টি কৰা পদাৰ্থগত ঊৰ্জাক 'চি' বুলিও অভিহিত কৰা হয়। এই সৃষ্টিতত্ত্বত ধাৰণা কৰা হয় যে চিৰ সংগঠনে অনেক বস্তুৰ নিৰ্মাণ কৰিছে।[2] তাৰেই মাজত মানৱো অন্যতম। অনেক প্ৰাকৃতিক দ্বৈত যেনে পোহৰ আৰু এন্ধাৰ, অগ্নি আৰু জল, বহল হৈ যোৱা আৰু ঠেক হৈ যোৱা, য়িন আৰু য়াঙৰ ধাৰণাত চিহ্ন ৰূপে প্ৰকাশিত দ্বৈতৰেই ভৌটিক ৰূপ। শাস্ত্ৰীয় চীনা দৰ্শন আৰু বিজ্ঞানৰ কেইবাটাও শাখাত এই দ্বৈতৰ ধাৰণা প্ৰতিস্ফূত হয়। তদুপৰি ই পৰম্পৰাগত চীনা চিকিৎসাৰো[3] মূল নীতি। ই বাকুৱাঝাং, টাইচি আৰু চি কঙৰ দৰে চীনা সমৰকলা আৰু ব্যায়ামতো প্ৰভাৱ বিস্তাৰ কৰিছে। এই ধাৰণা ই চিঙৰ পৃষ্ঠাতো দৃশ্যমান।

বিৰোধী আৰু পৰিপূৰকসম্পাদনা কৰক

দ্বৈতৰ ধাৰণা বিভিন্ন ঠাইত দেখা যায়- যেনে অভ্যাসৰ সমাজত। এই পটভূমিত পিচে য়িন আৰু য়াঙক 'এক'ৰ অংশ ৰূপে চাব পাৰি যি 'টাঅ''ত প্ৰকাশিত। "দ্বৈতবাদী-একবাদ" বা "দ্বন্দ্ব্ব্ব্ব্ববাদী-একবাদ" সংজ্ঞাই এই ফলপূৰ্ণ বিৰোধাভাসক বুজাবলৈ চেষ্টা কৰে। য়িন আৰু য়াঙক বিৰোধী নহয়, পৰিপূৰক শক্তি হিচাপে চাব পাৰি, যাৰ দ্বাৰা অংশৰ যোগতকৈ ডাঙৰ পূৰ্ণৰ সৃষ্টি হয়।[4] এই দৰ্শনানুযায়ী, য়িন আৰু য়াং সকলোতে বিদ্যমান, যেনে পোহৰ অবিহনে ছায়া থকা অসম্ভৱেই। দুয়োৰেই কোনো এটি অধিক ফলপ্ৰসূৰূপে দেখা দিয়ে, পিচে ইয়ো মাথোঁ পৰ্যবেক্ষণৰ চৰ্তৰ ওপৰতহে নিৰ্ভৰশীল। য়িন য়াং চিহ্নই দুই বিপৰীত শক্তিৰ মাজৰ ভাৰসাম্যকেই দৰ্শাই, দুয়ো অংশৰেই এঠাইত আনটো বিদ্যমান- দুয়ো দুয়োৰে পৰিপূৰক।

টাওবাদ, কনফুচিয়ানবাদ আৰু নীতিসম্পাদনা কৰক

টাওবাদী অধিবিদ্যাত ভাল আৰু বেয়াৰ মাজৰ পাৰ্থক্য, আৰু আন আন নৈতিক দ্বৈত দৃষ্টিভংগীৰ ওপৰতহে নিৰ্ভৰশীল, বাস্তৱত নহয়। সেয়ে য়িন আৰু য়াঙৰ দ্বৈত এক অবিভাজ্য পূৰ্ণতা। আন হাতে কনফুচিয়ান নীতিশাস্ত্ৰত, বিশেষকৈ ডং ঝংশ্বৌৰ দৰ্শনত, ইয়াত এক বিশেষ নৈতিক দিশ যোগ কৰা হয়।[5]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Feuchtwang, Stephan (2016). Religions in the Modern World: Traditions and Transformations. প্ৰকাশক New York: Routledge. পৃষ্ঠা. 150. ISBN 978-0-415-85881-6. 
  2. Porkert (1974). The Theoretical Foundations of Chinese Medicine. MIT Press. ISBN 0-262-16058-7. 
  3. Porkert (1974). The Theoretical Foundations of Chinese Medicine. MIT Press. ISBN 0-262-16058-7. 
  4. Georges Ohsawa (1976). The Unique Principle. ISBN 978-0-918860-17-0. https://books.google.ca/books?id=oQqDZnm43mkC&printsec=frontcover. 
  5. Taylor Latener, Rodney Leon (2005). The Illustrated Encyclopedia of Confucianism. 2. প্ৰকাশক New York: Rosen Publishing Group. পৃষ্ঠা. 869. ISBN 978-0-8239-4079-0.