যোগাত্মক বিপৰীত সংখ্যা(Additive Inverse) যদি যিকোনো দুটা সংখ্যাৰ যোগফল (শূন্য) হয়, তেন্তে এটাক আনটো সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয়। এই সংখ্যা বোৰক বিপৰীত সংখ্যা[1], বিপৰীত চিহ্ন যুক্ত সংখ্যা বুলিও কোৱা হয়।[2] ইয়াৰ পৰাই ঋণাত্মক সংখ্যাৰ ধাৰণাটোৰ উদ্ভৱ হয়। উদাহৰণ স্বৰূপে যিকোনো এটা সংখ্যা যেনে ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ব (-৪) আৰু (-৪)ৰ যোগাত্মক বিপৰীত হ'ব ৪, য'ত-

81ৰ আঠটা মানৰ ভিতৰত এই দুটা জটিল সংখ্যা এটা আনটোৰ বিপৰীত।

৪+(-৪)=০,বা (-৫)+৫=০ একেদৰে, abৰ যোগাত্মক বিপৰীত হৈছে −(ab) যিটো ba ৰূপত প্ৰকাশ কৰিব পাৰি। 2x − 3ৰ যোগাত্মক বিপৰীত হৈছে 3 − 2x, কাৰণ 2x − 3 + 3 − 2x = 0.[3]

প্ৰতিটো ধনাত্মক সংখ্যাৰ যোগাত্মক বিপৰীত হ'ব সংখ্যাটোৰ ঋণাত্মক মান। আনহাতে প্ৰতিটো ঋণাত্মক সংখ্যাৰ যোগাত্মক বিপৰীত হ'ল সংখ্যাটোৰ ধনাত্মক মান। (শূন্য) নিজেই নিজৰ যোগাত্মক বিপৰীত।

সাধাৰণ উদাহৰণ সম্পাদনা কৰক

 
বাস্তৱ সংখ্যাৰ ভেন আঙুঠি

কোনো এটা সংখ্যাৰ ক্ষেত্ৰত (বিভিন্ন সংখ্যাৰ ভেন আঙুঠি) সংখ্যাটোক -১ৰে পূৰণ কৰি ইয়াৰ যোগাত্মক বিপৰীত সংখ্যাটো পাব পাৰি। যেনে: n = −1 × n এই সংখ্যাৰ ভেন আঙুঠিৰ ভিতৰত থাকিব অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, বাস্তৱ সংখ্যা, আৰু জটিল সংখ্যা বোৰ।

বিয়োগৰে সম্পৰ্ক সম্পাদনা কৰক

যোগাত্মক বিপৰীত বিয়োগৰ সৈতে ওচৰ সম্পৰ্কীয়। যিটোক বিপৰীতৰে যোগ হৈ থকা বুলি দেখুৱাব পাৰি:

ab  =  a + (−b).

আকৌ যোগাত্মক বিপৰীতক শূণ্যৰ পৰা বিয়োগ কৰি পোৱা বিয়োগফল বুলিও ক'ব পাৰি:

a = 0 − a


অন্যান্য বৈশিষ্ট্য সম্পাদনা কৰক

অন্যান্য বৈশিষ্ট্যত তলৰ বীজগণিতীয় ধৰ্ম সমূহ উল্লেখ কৰা হয়:

  • −(−a) = a, যিটো অনুৰূপ বিপৰীত
  • −(a + b) = (−a) + (−b)
  • −(a - b) = ba
  • a − (−b) = a + b
  • (−a) × b = a × (−b) = −(a × b)
  • (−a) × (−b) = a × b
    উল্লেখনীয় ভাৱে, (−a)2 = a2

তথ্যউৎস সম্পাদনা কৰক

  1. Tussy, Alan; Gustafson, R. (2012), Elementary Algebra (5th সম্পাদনা), Cengage Learning, p. 40, ISBN 9781133710790, https://books.google.com/books?id=De4KAAAAQBAJ&pg=PA40 .
  2. Brase, Corrinne Pellillo; Brase, Charles Henry (1976) (en ভাষাত). Basic Algebra for College Students. Houghton Mifflin. পৃষ্ঠা. 54. ISBN 978-0-395-20656-0. https://books.google.com/books?id=Z8wm-oVkbm8C&q=sign+change+additive+inverse. "...to take the additive inverse of the member, we change the sign of the number." 
  3. "Additive Inverse". www.learnalberta.ca. http://www.learnalberta.ca/content/memg/Division03/Additive%20Inverse/index.html। আহৰণ কৰা হৈছে: 2020-08-27.