যোগ-বিয়োগ

অসমীয়া চলচ্চিত্ৰ
(যোগ বিয়োগৰ পৰা পুনঃনিৰ্দেশিত)

যোগ-বিয়োগ (ইংৰাজী: Jog Biyog) ১৯৭১ চনত মুক্তি পোৱা এখন সঙ্গীত-মধুৰ অসমীয়া চলচ্চিত্ৰ। পৰিচালনা দ্বিবন বৰুৱাৰ। বৰুৱাই ছবিৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। প্ৰযোজনা কৰিছিল সুপ্ৰভা দেৱীয়ে। সঙ্গীত ৰমেন বৰুৱাৰ। শব্দগ্ৰহণ অনিল দাসগুপ্তৰ। ২০১৩ চনত যোগ বিয়োগ ছবিৰ একমাত্ৰ প্ৰিণ্টটো জৰাজীৰ্ণ ৰূপত উদ্ধাৰ হয় আৰু সেইটো দূৰদৰ্শনযোগে সম্প্ৰচাৰিত কৰা হয়।[1]

যোগ-বিয়োগ
Jog Biyog
পৰিচালক দ্বিবন বৰুৱা
চিত্ৰনাট্য দ্বিবন বৰুৱা
প্ৰযোজক সুপ্ৰভা দেৱী
অভিনয়ত ডাঃ হাদি আলম বৰা
ইলা কাকতি
চিত্ৰগ্ৰহণকাৰী বিজয় দে
সম্পাদনা শিৱ ভট্টাচাৰ্য
সংগীত পৰিচালক ৰমেন বৰুৱা
মুক্তি
৩১ ডিচেম্বৰ ১৯৭১
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

নীৰু আৰু ধনীঘৰৰ সন্তান দীপকৰ মাজত বন্ধুত্ব হ’ল আৰু তাৰ ফলস্বৰূপে নীৰুৰ দেহত মাতৃত্বৰ চিন ফুটি উঠিল। উপায়হীন হৈ নীৰু ডাক্তৰ ফুকনৰ ওচৰ চাপিল। ডাক্তৰ ফুকনৰ চেষ্টাত দীপকে নীৰুক বিয়া কৰাবলৈ সন্মত হ’ল; কিন্তু এটা চৰ্তত। দীপকৰ সন্মান বচাবলৈ নীৰুৱে সন্তানটো নষ্ট কৰিব লাগিব। ডাক্তৰ ৰাজি হ’ল। বিনিময়ত দহহাজাৰ টকা দিব লাগিব। লগতে নীৰুৱে ডাক্তৰৰ শুশ্ৰূষা কেন্দ্ৰটোত কেইমাহমান থাকিব লাগিব।[1]

দুয়োৰো বিয়া হৈ গ’ল। তেওঁলোকৰ ছোৱালী এজনী ওপজিল। নাম থলে দীপা। লাহেলাহে দীপা ডাঙৰ হৈ আহিল আৰু দীপকৰ বন্ধুপুত্ৰ পৰাণৰ লগত ঘনিষ্ঠতা গঢ়ি উঠিল।[1]

গাঁৱৰ ল’ৰা নয়ন। গাঁৱৰে ছোৱালী জয়াক বিয়া পতাৰ প্ৰতিশ্ৰুতি দি নয়ন এদিন চহৰলৈ আহিল ইঞ্জিনিয়াৰিং পঢ়িবলৈ আৰু ইঞ্জিনিয়াৰিঙৰ পঢ়া শেষ কৰি দীপকৰ কাৰখানাতে চাকৰি ল’লে। কিন্তু কালচক্ৰত ঘটনাই এদিন বেলেগ ৰুপ ললে।[1]

অভিনয় শিল্পী সম্পাদনা কৰক

  • ডাঃ হাদি আলম বৰা
  • ইলা কাকতি
  • মোৱাজ্জিন আলি
  • নিৰদা ভূঞা
  • ডাঃ মুনীন বৰুৱা
  • ভোলা কাকতি, ধীৰু ভূঞা, গিৰিণ বৰুৱা, গৌৰী বৰুৱা, মাষ্টাৰ সিদ্ধাৰ্থ, বেবী মঞ্জুলা, বিদ্যুৎ চক্ৰৱৰ্তী, বেবী মাচু আদি।[1]

সঙ্গীত সম্পাদনা কৰক

সঙ্গীত-মধুৰ এই ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই। গীত ৰচনা কেশৱ মহন্তৰ।[2]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "ৰিঙা ৰিঙা অ’ ৰিঙা ৰিঙা উদং পথাৰ, একাবেঁকা আলি"  কেশৱ মহন্তদ্বীপেন বৰুৱা, পাহাৰী শইকীয়া  
2. "পোহৰে কি জানে ৰাতিৰ কি বেদনা"  কেশৱ মহন্তপাহাৰী শইকীয়া  
3. "যিদিনা মনৰ দেউকা গজিল, নোৱাৰে সজাই আৰু ৰাখিব ধৰি"  কেশৱ মহন্তদ্বীপেন বৰুৱা  
4. "কিয়নো ফুলে আজি বনৰীয়া ফুল"  কেশৱ মহন্তদ্বীপেন বৰুৱা, পাহাৰী শইকীয়া  
5. "ইমান ধুনীয়াকৈ কোনে সৰজিলে কোনে নামে দিলে জয়া"  কেশৱ মহন্তদ্বীপেন বৰুৱা, পাহাৰী শইকীয়া  
6. "টু শ্ৰী নহয় কাকতি পি.অ’. নাহৰজান, মোৰ জান, ডিয়াৰ চাৰ মানে মৰমৰ চাৰ"  কেশৱ মহন্তদ্বীপেন বৰুৱা  

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 186. 
  2. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 151. 

বাহ্যিক সংযোগ সম্পাদনা কৰক

গানা ডট কমত যোগ-বিয়োগ ছবিৰ গীত শুনক