যৌন তৰলতা (ইংৰাজী: Sexual fluidity) হৈছে যৌনতা বা যৌন পৰিচয়ৰ এক বা একাধিক পৰিৱৰ্তন। বেছিভাগ লোকৰ বাবে যৌন অভিমুখিতা স্থিৰ আৰু অপৰিৱৰ্তিত, কিন্তু কিছুমান গৱেষণাই এইটো সূচায় যে কোনো কোনো লোকে তেওঁলোকৰ যৌন অভিমুখিতা সলনি কৰিব পাৰে। গৱেষণাৰ পৰা এইটোৱো পোৱা গৈছে যে পুৰুষৰ তুলনাত মহিলাৰ ক্ষেত্ৰত এনে পৰিৱৰ্তন অধিক সাধাৰণ।[1] মনোচিকিৎসাৰ জৰিয়তে যৌন অভিমুখিতা সলনি কৰিব পৰাৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই। [2][3] যৌন পৰিচয় এজন ব্যক্তিৰ সমগ্ৰ জীৱনকালৰ যিকোনো সময়ত সলনি হ'ব পাৰে, আৰু এই পৰিৱৰ্তনৰ জৈৱিক লিংগ, যৌন আচৰণ বা প্ৰকৃত যৌন অভিমুখিতাৰ সৈতে সংগতি থাকিব পাৰে বা নাথাকিবও পাৰে।[4][5][6]

যৌন অভিমুখিতা ব্যক্তি বিশেষৰ বাবে কোনো বিকল্প নহয়।[7][8][9] যৌন অভিমুখিতা বিকাশৰ প্ৰকৃত কাৰণসম্পৰ্কে এক নিৰ্দিষ্ট ধাৰণা পোৱা নাযায়। এই সম্পৰ্কে অধিক তথ্যৰ বাবে আনুবংশিক, হৰমন, সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱবোৰ পৰীক্ষা কৰা হৈছে। [9][10][11] বিজ্ঞানীসকলে বিশ্বাস কৰে যে ই আনুবংশিক, হৰমন আৰু পাৰিপাৰ্শ্বিক প্ৰভাৱৰ এক জটিল আন্তঃক্ৰিয়াৰ ফলত হয়। [7][9][11] যদিও যৌন অভিমুখিতাৰ কাৰণ সম্পৰ্কে কোনো এটা তত্ত্বই এতিয়ালৈকে ব্যাপক সমৰ্থন লাভ কৰা নাই, তথাপিও বিজ্ঞানীসকলে জৈৱিকভাৱে আধাৰিত তত্ত্বৰ পক্ষপাতী।[7][12] কেইবা দশকধৰি কৰা গৱেষণাই এইকথা পোহৰলৈ আনিছে যে যৌন অভিমুখীতা বিপৰীত লিংগৰ প্ৰতি একচেটিয়া আকৰ্ষণৰ পৰা একে লিংগৰ প্ৰতি হোৱা আকৰ্ষণলৈকে যিকোনো সময়তে ধাৰাবাহিক অৱস্থাত থাকিব পাৰে।[13]

পৃষ্ঠভূমি সম্পাদনা কৰক

যৌন অভিমুখিতাই যৌন পৰিচয় সঠিকভাৱে মূল্যাঙ্কন কৰাত প্ৰভাৱ পেলাব পাৰে। এজন ব্যক্তিৰ যৌন অভিমুখিতাৰ পৰিচয় তেওঁ গোটেই জীৱন পৰিক্ৰমাৰ কালচোৱাত সলনি হ'ব পাৰে। এই পৰিচয় জৈৱিক যৌনতা, যৌন আচৰণ বা প্ৰকৃত যৌন অভিমুখিতাৰ সৈতে সংৰেখিত হ'ব পাৰে বা নহ'বও পাৰে। [4][5][6] যদিও চেণ্টাৰ ফৰ এডিকচন এণ্ড মেণ্টাল হেল্থ এণ্ড আমেৰিকান চাইকিয়াট্ৰিক এছ'চিয়েশ্যনৰ মতে কিছুমান লোকৰ বাবে যৌন অভিমুখীতা সহজাত, নিৰন্তৰ বা গোটেই জীৱনস্থিৰ, কিন্তু আন কিছুমানৰ বাবে ই সময়ৰ সৈতে পৰিৱৰ্তনশীল।[14][15] আমেৰিকান চাইকোলজিকেল এছ'চিয়েশ্যনে যৌন অভিমুখিতা (এক সহজাত আকৰ্ষণ) আৰু যৌন অভিমুখিতা পৰিচয়ৰ মাজত পাৰ্থক্য থকা বুলি যুক্তি আগবঢ়াইছে(যি ব্যক্তি এজনৰ জীৱনৰ যিকোনো সময়তে সলনি হ'ব পাৰে)। [16]

আমেৰিকান চাইকোলজিকেল এছ'চিয়েশ্যনৰ মতে "যৌন অভিমুখিতা ইচ্ছানুসাৰে সলনি কৰিব পৰা বিকল্প নহয়, আৰু যৌন অভিমুখিতা সম্ভৱতঃ পৰিৱেশ, জ্ঞানীয় আৰু জৈৱিক কাৰকৰ এক জটিল আন্তঃক্ৰিয়াৰ ফলাফল... কম বয়সতে এক স্বৰূপ দিয়া হয়... [আৰু প্ৰমাণে দেখুৱায়] জৈৱিক কাৰক, যাৰ ভিতৰত আছে আনুবংশিক বা জন্মগত হৰমনৰ প্ৰভাৱ, আদিয়ে এজন ব্যক্তিৰ যৌনতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।" [9] তেওঁলোকৰ মতে "যৌন অভিমুখীতাৰ পৰিচয় যৌন অভিমুখীতা নহয়। মনোচিকিৎসা, সমৰ্থনকাৰী গোট আৰু জীৱনৰ ঘটনাৰ দ্বাৰা প্ৰভাৱিত হৈ এই ধাৰণাটো সলনি হোৱা দেখা যায়।" [16]

জীৱবিজ্ঞান আৰু স্থায়িত্ব সম্পাদনা কৰক

ৰূপান্তৰৰ বাবে কৰা চিকিৎসা (যৌন অভিমুখিতা সলনি কৰাৰ প্ৰয়াস) সফল হোৱাৰ হাৰ কম। যৌন পুনৰ্বিন্যাস চিকিৎসাপ্ৰচেষ্টাৰ মেচিঅ'ৰ (২০১১) এক সমীক্ষাত তেওঁ দুই ধৰণৰ অধ্যয়নক তালিকাভুক্ত কৰিছে যিয়ে সমকামী পুৰুষ আৰু সমকামী মহিলা সকলক সফলতাৰে বিষয়কামীলৈ ৰূপান্তৰিত কৰিছে বুলি দাবী কৰে আৰু চাৰিটা অধ্যয়নত ইয়াৰ বিপৰীত ফলাফল প্ৰকাশ পাইছে। তেওঁ এটা নমুনা ব্যৱহাৰৰে এই বিষয়ক বিতৰ্কৰ নিষ্পত্তি কৰিব বিচাৰিছিল। উক্ত গৱেষণাত বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় পৃষ্ঠভূমিৰ ৩৫জন প্ৰাক্তন ৰূপান্তৰৰ চিকিৎসা অংশগ্ৰহণকাৰী (৬২.২% পুৰুষ আছিল) আছিল। এজ সকলক বৰ্তমান বা পূৰ্বতে গে', লেচবিয়ান বা উভকামী বুলি চিনাক্ত কৰা হৈছিল। ফলাফলবোৰে সূচায় যে যৌন অভিমুখীতাৰ পূৰ্বৰ পৰা পৰৱৰ্তী চিকিৎসালৈ পৰিসাংখ্যিকভাৱে কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হোৱা নাছিল। এই চিকিৎসাৰ সময়ছোৱাৰ পিছত অৱশ্যে যৌন অভিমুখীতাৰ কেইটামান পৰিৱৰ্তন স্থায়ী নহ'ল। এই অধ্যয়নটোৱে যৌন অভিমুখীতাৰ জৈৱিক উৎপত্তিৰ সমৰ্থক হিচাপে থিয় হয়, কিন্তু মুখ্যতঃ পুৰুষৰ নমুনাৰ ক্ষেত্ৰততে এই ফলাফলবোৰ পোৱা গৈছিল।[17]

যৌন অভিমুখিতাৰ জৈৱিক উৎপত্তিৰ সমৰ্থনত শিশোৱে শৈশৱত প্ৰকাশ কৰা কিছুমান সামাজিক ভাৱে লিংগ বিৰোধী বুলি বিবেচিত আচৰণ(যেনে এজন ল'ৰাই পুতলাৰ সৈতে খেলা), প্ৰাপ্তবয়স্ক অৱস্থাৰ ভৱিষ্যতবাণী কৰিবৰ বাবে সমাধানসূত্ৰ হিচাপে বিবেচিত হয়। শৈশৱৰ আচৰণৰ প্ৰতি লক্ষ্য ৰাখি কৰা বহুতো অধ্যয়নক সম্ভাব্য স্মৃতিশক্তিৰ ত্ৰুটিৰ বাবে সমালোচনা কৰা হয়; [18] সেয়েহে ৰিগাৰ, লিনচেনমেয়াৰ, গিগাক্স, এণ্ড বেইলী (২০০৮)ৰ এক অধ্যয়নত শৈশৱৰ আচৰণ আৰু প্ৰাপ্তবয়স্কৰ যৌন অভিমুখীতাৰ মাজৰ সম্পৰ্ক অনুসন্ধান কৰিবলৈ ভিডিঅ'গ্ৰাফী মাধ্যমৰ ব্যৱহাৰ কৰা হৈছিল। এই অধ্যয়নৰ ফলাফলবোৰে জৈৱিক কাৰণক সমৰ্থন কৰে, কিন্তু যৌনতাৰ বিষয়ে সাংস্কৃতিক ধাৰণাবোৰে যৌন পৰিচয় গঠনত কেনেদৰে প্ৰভাৱ পেলাব পাৰে সেই বিষয়ে এক বুজাবুজিও বিবেচিত হয়।[19]

জন্মসূত্ৰে ভ্ৰাতৃসম্পৰ্ক আৰু পুৰুষ যৌন অভিমুখিতাৰ মাজৰ সম্পৰ্কৰ শক্তিশালী প্ৰমাণ আছে, আৰু পুৰুষ আৰু মহিলাৰ যৌন অভিমুখিতাৰ সম্ভাৱ্য জৈৱিক নিৰ্ধাৰকবোৰ অনুসন্ধান কৰিবলৈয়ো বহু জৈৱিক গৱেষণা কৰা হৈছে। এটা তত্ত্ব হৈছে দ্বিতীয়ৰ পৰা চতুৰ্থ আঙুলিৰ অনুপাত (২ডি:৪ডি) তত্ত্ব। কিছুমান অধ্যয়নে আৱিষ্কাৰ কৰিছে যে বিষমকামী মহিলাৰ সমকামী মহিলাৰ তুলনাত ২ডি:৪ডি অনুপাত অধিক আছিল কিন্তু বিষমকামী আৰু সমকামী পুৰুষৰ মাজত এই পাৰ্থক্য পোৱা নগ'ল। [20] এইক্ষেত্ৰত টুইন আৰু পাৰিবাৰিক অধ্যয়নেও এক আনুবংশিক প্ৰভাৱ বিচাৰি পাইছে।[12]

তথ্যসূত্ৰ সম্পাদনা কৰক

    • Bailey, J. Michael; Vasey, Paul; Diamond, Lisa; Breedlove, S. Marc; Vilain, Eric; Epprecht, Marc (2016). "Sexual Orientation, Controversy, and Science". Psychological Science in the Public Interest খণ্ড 17 (2): 45–101. doi:10.1177/1529100616637616. PMID 27113562. https://www.researchgate.net/publication/301639075. "Sexual fluidity is situation-dependent flexibility in a person’s sexual responsiveness, which makes it possible for some individuals to experience desires for either men or women under certain circumstances regardless of their overall sexual orientation....We expect that in all cultures the vast majority of individuals are sexually predisposed exclusively to the other sex (i.e., heterosexual) and that only a minority of individuals are sexually predisposed (whether exclusively or non-exclusively) to the same sex.". 
    • Seth J. Schwartz; Koen Luyckx; Vivian L. Vignoles (2011). Handbook of Identity Theory and Research. Springer Science & Business Media. পৃষ্ঠা. 652. ISBN 978-1441979889. https://books.google.com/books?id=LkREWoAUrAUC&pg=PA652। আহৰণ কৰা হৈছে: February 18, 2016. "Modern scholarship examining the stability of sexual orientation also seems to support our conceptualizations of sexual orientation, sexual orientation identity, and sexual identity (e.g., Diamond, 2003a; Horowitz & Necomb, 2001; Rosario, Schrimshaw, Hunter, & Braun, 2006, see Savin-Williams, Chapter 28, this volume). Specifically, some dimensions of sexual identity, such as relationships, emotions, behaviors, values, group affiliation, and norms, appear to be relatively fluid; by contrast, sexual orientation [i.e., an individual's patterns of sexual, romantic, and affectional arousal and desire for other persons based on those persons' gender and sex characteristics (APA Task Force on Appropriate Therapeutic Responses to Sexual orientation, 2009)] has been suggested to be stable for a majority of people across the lifespan (Bell, Weinberg, & Hammersmith, 1981; Ellis & Ames, 1987; Haldeman, 1991; Money, 1987)." 
    • Dennis Coon; John O. Mitterer (2012). Introduction to Psychology: Gateways to Mind and Behavior with Concept Maps and Reviews. Cengage Learning. পৃষ্ঠা. 372. ISBN 978-1111833633. https://books.google.com/books?id=EYwjCQAAQBAJ&pg=PA372। আহৰণ কৰা হৈছে: February 18, 2016. "Sexual orientation is a deep part of personal identity and is usually quite stable. Starting with their earliest erotic feelings, most people remember being attracted to either the opposite sex or the same sex. [...] The fact that sexual orientation is usually quite stable doesn't rule out the possibility that for some people sexual behavior may change during the course of a lifetime." 
    • American Psychological Association (2012). "Guidelines for Psychological Practice With Lesbian, Gay, and Bisexual Clients". American Psychologist খণ্ড 67 (1): 10–42. doi:10.1037/a0024659. PMID 21875169. https://www.apa.org/pubs/journals/features/amp-a0024659.pdf। আহৰণ কৰা হৈছে: June 23, 2019. "[S]ome research indicates that sexual orientation is fluid for some people; this may be especially true for women (e.g., Diamond, 2007; Golden, 1987; Peplau & Garnets, 2000). [...] Therapeutic efforts to change sexual orientation have increased and become more visible in recent years (Beckstead & Morrow, 2004). Therapeutic interventions intended to change, modify, or manage unwanted nonheterosexual orientations are referred to as “sexual orientation change efforts” (SOCE; APA, 2009b). [...] Reviews of the literature, spanning several decades, have consistently found that efforts to change sexual orientation were ineffective (APA, 2009b; Drescher, 2001; Haldeman, 1994; T. F. Murphy, 1992).". 
    • Eric Anderson; Mark McCormack (2016). "Measuring and Surveying Bisexuality". The Changing Dynamics of Bisexual Men's Lives. Springer Science & Business Media. পৃষ্ঠা. 47. ISBN 978-3-319-29412-4. https://books.google.com/books?id=7_AgDAAAQBAJ&pg=PA47। আহৰণ কৰা হৈছে: June 22, 2019. "[R]esearch suggests that women's sexual orientation is slightly more likely to change than men's (Baumeister 2000; Kinnish et al. 2005). The notion that sexual orientation can change over time is known as sexual fluidity. Even if sexual fluidity exists for some women, it does not mean that the majority of women will change sexual orientations as they age – rather, sexuality is stable over time for the majority of people." 
  1. American Psychological Association (2012). "Guidelines for Psychological Practice With Lesbian, Gay, and Bisexual Clients". American Psychologist খণ্ড 67 (1): 10–42. doi:10.1037/a0024659. PMID 21875169. https://www.apa.org/pubs/journals/features/amp-a0024659.pdf। আহৰণ কৰা হৈছে: June 23, 2019. "Therapeutic efforts to change sexual orientation have increased and become more visible in recent years (Beckstead & Morrow, 2004). Therapeutic interventions intended to change, modify, or manage unwanted nonheterosexual orientations are referred to as "sexual orientation change efforts" (SOCE; APA, 2009b). [...] Reviews of the literature, spanning several decades, have consistently found that efforts to change sexual orientation were ineffective (APA, 2009b; Drescher, 2001; Haldeman, 1994; T. F. Murphy, 1992).". 
  2. "Royal College of Psychiatrists' Position Statement on Sexual Orientation". Royal College of Psychiatrists. https://www.rcpsych.ac.uk/pdf/PS02_2014.pdf। আহৰণ কৰা হৈছে: June 21, 2019. "The College believes strongly in evidence-based treatment. There is no sound scientific evidence that sexual orientation can be changed. Systematic reviews carried out by both the APA and Serovich et al suggest that studies which have shown conversion therapies to be successful are seriously methodologically flawed." 
  3. 4.0 4.1 Sinclair, Karen, About Whoever: The Social Imprint on Identity and Orientation, NY, 2013 আই.এচ.বি.এন. 9780981450513
  4. 5.0 5.1 Rosario, M.; Schrimshaw, E.; Hunter, J.; Braun, L. (2006). "Sexual identity development among lesbian, gay, and bisexual youths: Consistency and change over time". Journal of Sex Research খণ্ড 43 (1): 46–58. doi:10.1080/00224490609552298. PMID 16817067. 
  5. 6.0 6.1 Ross, Michael W.; Essien, E. James; Williams, Mark L.; Fernandez-Esquer, Maria Eugenia. (2003). "Concordance Between Sexual Behavior and Sexual Identity in Street Outreach Samples of Four Racial/Ethnic Groups". Sexually Transmitted Diseases (American Sexually Transmitted Diseases Association) খণ্ড 30 (2): 110–113. doi:10.1097/00007435-200302000-00003. PMID 12567166. 
  6. 7.0 7.1 7.2 Frankowski B.L.; American Academy of Pediatrics Committee on Adolescence (June 2004). "Sexual orientation and adolescents". Pediatrics খণ্ড 113 (6): 1827–32. doi:10.1542/peds.113.6.1827. PMID 15173519. http://pediatrics.aappublications.org/content/113/6/1827.long. "The mechanisms for the development of a particular sexual orientation remain unclear, but the current literature and most scholars in the field state that one’s sexual orientation is not a choice; that is, individuals do not choose to be homosexual or heterosexual. A variety of theories about the influences on sexual orientation have been proposed. Sexual orientation probably is not determined by any one factor but by a combination of genetic, hormonal, and environmental influences.". 
  7. Gloria Kersey-Matusiak (2012). Delivering Culturally Competent Nursing Care. Springer Publishing Company. পৃষ্ঠা. 169. ISBN 978-0826193810. https://books.google.com/books?id=X8O_wGedAYoC&pg=PA169। আহৰণ কৰা হৈছে: February 10, 2016. "Most health and mental health organizations do not view sexual orientation as a 'choice.'" 
  8. 9.0 9.1 9.2 9.3 Mary Ann Lamanna; Agnes Riedmann; Susan D Stewart (2014). Marriages, Families, and Relationships: Making Choices in a Diverse Society. Cengage Learning. পৃষ্ঠা. 82. ISBN 978-1305176898. https://books.google.com/books?id=fofaAgAAQBAJ&pg=PA82। আহৰণ কৰা হৈছে: February 11, 2016. "The reason some individuals develop a gay sexual identity has not been definitively established   – nor do we yet understand the development of heterosexuality. The American Psychological Association (APA) takes the position that a variety of factors impact a person's sexuality. The most recent literature from the APA says that sexual orientation is not a choice that can be changed at will, and that sexual orientation is most likely the result of a complex interaction of environmental, cognitive and biological factors...is shaped at an early age...[and evidence suggests] biological, including genetic or inborn hormonal factors, play a significant role in a person's sexuality (American Psychological Association 2010)." 
  9. "Answers to Your Questions For a Better Understanding of Sexual Orientation and Homosexuality". American Psychological Association. http://www.apa.org/topics/lgbt/orientation.aspx। আহৰণ কৰা হৈছে: February 9, 2016. 
  10. 11.0 11.1 Gail Wiscarz Stuart (2014). Principles and Practice of Psychiatric Nursing. Elsevier Health Sciences. পৃষ্ঠা. 502. ISBN 978-0323294126. https://books.google.com/books?id=ivALBAAAQBAJ&pg=PA502। আহৰণ কৰা হৈছে: February 11, 2016. "No conclusive evidence supports any one specific cause of homosexuality; however, most researchers agree that biological and social factors influence the development of sexual orientation." 
  11. 12.0 12.1 "Sexual Orientation, Controversy, and Science". Psychological Science in the Public Interest খণ্ড 17 (21): 45–101. 2016. doi:10.1177/1529100616637616. PMID 27113562. 
  12. "Sexual orientation, homosexuality and bisexuality". American Psychological Association. http://www.apa.org/helpcenter/sexual-orientation.aspx। আহৰণ কৰা হৈছে: August 10, 2013. 
  13. "Question A2: Sexual orientation". Centre for Addiction and Mental Health. Archived from the original on 28 December 2014. https://web.archive.org/web/20141228033920/http://knowledgex.camh.net/amhspecialists/Screening_Assessment/assessment/ARQ2/Pages/arq2_question_a2.aspx। আহৰণ কৰা হৈছে: 3 February 2015. 
  14. "LGBT-Sexual Orientation: What is Sexual Orientation?" Archived 2014-06-28 at the Wayback Machine, the official web pages of APA. Accessed April 9, 2015
  15. 16.0 16.1 "Appropriate Therapeutic Responses to Sexual Orientation". American Psychological Association. 2009. পৃষ্ঠাসমূহ: 63, 86. http://www.apa.org/pi/lgbc/publications/therapeutic-response.pdf। আহৰণ কৰা হৈছে: February 3, 2015. 
  16. Maccio, E.M. (2011). Self-reported sexual orientation and identity before and after sexual reorientation therapy. Journal of Gay and Lesbian Mental Health, 15. 242-259.
  17. Rieger, G.; Linsenmeier, J.A.W.; Gygax, L.; Bailey, J.M. (2008). "Sexual orientation and childhood gender nonconformity: evidence from home videos". Developmental Psychology খণ্ড 44 (1): 46–58. doi:10.1037/0012-1649.44.1.46. PMID 18194004. 
  18. Hegarty, P. (2009). "Towards an LGBT-informed paradigm for children who break gender norms: comment on Drummond et al. (2008) and Rieger et al. (2008)". Developmental Psychology খণ্ড 45 (4): 895–900. doi:10.1037/a0016163. PMID 19586166. http://epubs.surrey.ac.uk/72257/5/2009%20Toward%20an%20LGBT%20affirmative%20infromed%20paradigm%20for%20children.pdf. 
  19. Grimbos, T.; Zucker, K.J.; Dawood, K.; Burriss, R.P.; Puts, D.A. (2010). "Sexual orientation and the second to fourth finger length ratio: a meta-analysis in men and women". Behavioral Neuroscience খণ্ড 124 (2): 278–287. doi:10.1037/a0018764. PMID 20364887. https://semanticscholar.org/paper/e9d1dec17a9aab305fc44e26f73af0bdd73983b5.