লংডিং জিলা
লংডিং জিলা (Longding district, Pron:/lɒŋˈdɪŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন জিলা। এই জিলাখন পূৰ্বৰ টিৰাপ জিলাৰ দক্ষিণ-পশ্চিম অঞ্চলৰ একাংশ লৈ গঠন কৰা হৈছিল।
লংডিং জিলা | |
---|---|
— অৰুণাচল প্ৰদেশৰ জিলা — | |
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
স্থাপিত | ১৯ মাৰ্চ ২০১২ |
সদৰ | লংডিং |
মহকুমা | লংডিং, কানুবাৰী |
চৰকাৰ | |
- লোকসভা সমষ্টি | অৰুণাচল পূব |
- বিধানসভা সমষ্টি | ৩টা (কানুবাৰী, লংডিং-পুমাও, পংচাও-ৱাক্কা) |
মাটিকালি | |
- মুঠ | ১,১৯২ কি.মি.২ (৪৬০.২ বৰ্গ মাইল) |
উচ্চতা | ৮৮৬ মিটাৰ (২,৯০৬.৮২ ফুট) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৫৬,৯৫৩ জন |
- জনঘনত্ব | ৪৭.৮ প্ৰতি বৰ্গ কি.মি. (১২৩.৭ প্ৰতি বৰ্গ মাইল) |
- চহৰাঞ্চল | ৪,২৩৪ জন |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৪০.৬%[1] |
- লিংগ অনুপাত | ৯৮৪[1] |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 26°53′36″N 95°19′20″E / 26.89333°N 95.32222°Eস্থানাংক: 26°53′36″N 95°19′20″E / 26.89333°N 95.32222°E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
ভৌগোলিক অৱস্থানসম্পাদনা কৰক
লংডিং জিলাৰ দক্ষিণ আৰু পূবা-দক্ষিণাকৈ ম্যানমাৰ অৱস্থিত। এই জিলাৰ উত্তৰে অসম, পশ্চিমে নাগালেণ্ড ৰাজ্য আৰু উত্তৰ-পূব দিশত টিৰাপ জিলা অৱস্থিত। লংডিং জিলাৰ মুঠ মাটিকালি ১২০০ বৰ্গ কিলোমিটাৰ। এই জিলাৰ গড় উষ্ণতা ১৫ ডিগ্ৰীৰ পৰা ৩০ ডিগ্ৰীৰ ভিতৰত।[2]
ইতিহাসসম্পাদনা কৰক
এই জিলাত ঐতিহাসিকভাৱে ৱাংচ’ লোকসকলে বাস কৰি আহিছে। ২০০৯ চনত ৭ আগষ্টৰ দিনা এই জিলা গঠনৰ বাবে আনুষ্ঠানিকভাৱে প্ৰস্তাৱ কৰা হয়।[3] ২০১১ চনৰ ২৬ ছেপ্টেম্বৰত এই জিলা গঠন হয়। আৰু ২০১২ চনৰ ১৯ মাৰ্চত নবাম টুকীয়ে জিলাখনৰ উদ্বোধন কৰে।[4]
প্ৰশাসনিক বিভাগসম্পাদনা কৰক
লংডিং জিলাত মুঠতে ছটা চাৰ্কোল আছে- লংডিং (Longding), কানুবাৰী (Kanubari), পংচাও (Pongchau), ৱাক্কা (Wakka), পুমাও (Pumao) আৰু লাওনু (Lawnu)। এই চাৰ্কোলসমূহৰ অন্তৰ্গত গাওঁ হৈছে- Longphong, Nianu, Niausa, Senua, Senua Noksa, Zedua, Nginu, Mintong, Chanu, Longchan, Chubam, Russa আৰু Rangluwa.[2]
জনসংখ্যাসম্পাদনা কৰক
লংডিং জিলাৰ জনসংখ্যা ৫৬,৯৫৩ জন।[1] এই জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী ৱাংচ’ (Wancho) জনজাতিৰ। তেওঁলোকৰ কলা-সংস্কৃতিৰ নগা লোকসকলৰ সৈতে যথেষ্ট সাদৃশ্য আছে। তেওঁলোকে জুম খেতি কৰি শস্য উৎপাদন কৰে। কিছু সংখ্যক লোক যদিও খ্ৰীষ্টান ধৰ্মান্তৰিত হৈছে, বহুতো স্থানীয় লোকে এতিয়াও পূৰ্বৰ দৰেই Animism অনুসৰণ কৰে। ৰাজ্যখনত বাস কৰা অন্যান্য জনজাতিবোৰ হৈছে ন'কটে (Nocte), ক’নিয়াক (Konyak) ইত্যাদি নগা জনজাতি।
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ 1.0 1.1 1.2 1.3 "Brief Introduction to Longding District". longding.nic.in. https://cdn.s3waas.gov.in/s372da7fd6d1302c0a159f6436d01e9eb0/uploads/2018/07/2018072066.pdf.
- ↑ 2.0 2.1 "Longding District". Veethi. http://www.veethi.com/places/arunachal-pradesh-longding-district-650.htm। আহৰণ কৰা হৈছে: 5 November 2012.
- ↑ "Arunachal Pradesh gets its 17th district". timesofindia. http://articles.timesofindia.indiatimes.com/2011-09-27/guwahati/30207957_1_new-district-jarbom-gamlin-speedy-development। আহৰণ কৰা হৈছে: 5 November 2012.
- ↑ "Longding becomes 17th Arunachal district". timesofindia. http://articles.timesofindia.indiatimes.com/2012-03-20/guwahati/31214399_1_longding-tirap-arunachal-pradesh। আহৰণ কৰা হৈছে: 5 November 2012.