লংলিট বিভ্ৰান্তি পথ (ইংৰাজী: Longleat maze) হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল বিভ্ৰান্তি পথ। গ্ৰীচত খ্ৰীষ্টপূৰ্ব ১২০০ তে সজা এনে বিভ্ৰান্তি পথৰ ভগ্নাৱশেষ পোৱা গৈছে[1]

লংলিট বিভ্ৰান্তি পথ

বিভ্ৰান্তি পথৰ উদেশ্য সম্পাদনা কৰক

বিভ্ৰান্তি পথ বা "লেবিৰিন্থ" বোৰ হ'ল মূলতঃ আমোদ-প্ৰমোদৰ বাবে সজা, এঠাইৰপৰা আন এঠাইলৈ থকা অজস্ৰ পথ। আচল পথ মাত্ৰ এটা বা দুটাহে,বাকীবোৰ প্ৰকৃত পথৰ দৰে লাগিলেও কিছু দূৰত গৈ বন্ধ হৈ গৈছে বা আন ঠাইতহে ওলাইছেগৈ।

বিভ্ৰান্তি পথৰ নিৰ্মাণশৈলী সম্পাদনা কৰক

১৬,০০০ মান জোপোহা গছেৰে এই পথবোৰ পৃথক কৰা হৈছে। ইংলেণ্ডউইল্টছায়াৰৰ লংলিট হাউছত এই পথটোৰ ডিজাইন কৰিছিল গ্ৰেগ ব্ৰাইটে। ১৯৭৮ চনত এই পথটো জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়। প্ৰথমে ই ১১৬ মিটাৰ দৈৰ্ঘ্য আৰু ৫৭ মিটাৰ প্ৰস্থৰ এটা আয়তীয় ক্ষেত্ৰ আগুৰি আছিল আৰু ইয়াৰ পথবোৰৰ মুঠ দৈৰ্ঘ্য আছিল ২.৭ কিলোমিটাৰ। ইয়াত ছখন কাঠৰ দলং আছিল। এতিয়া অৱশ্যে এই বিভ্ৰান্তি পথৰ এলেকাটো আৰু অলপ বহলোৱা হৈছে। বিভ্ৰান্তি পথটো দুটা ভাগত বিভক্ত। গড় হিচাপে ডেৰ ঘণ্টামান সময়ত এটা মূৰৰপৰা আনটো মূৰত ওলাবগৈ পাৰি। অৱশ্যে তাৰ মাজতে পথ ভুল কৰাৰ সম্ভাৱনাও যথেষ্ট।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. জ্ঞানাঞ্জন, প্ৰান্তিক, খণ্ড ২০১২ (১৬ - ৩০ এপ্ৰিল) ৩১শ বছৰ (১০ম সংখ্যা) পৃষ্ঠা - ২০
  2. http://www.atlasobscura.com/places/longleat-hedge-maze