লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ইংৰাজী: Lakhimpur Medical College and Hospital) অসমৰ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়।[2] ২০২১ চনৰ ১ অক্টোবৰ তাৰিখৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছিল।[3] এইখন অসমৰ অষ্টম চিকিৎসা মহাবিদ্যালয়।[2] অসমৰ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে। চিকিৎসা মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় আয়ুৰ্বিজ্ঞান আয়োগৰ স্বীকৃতি প্ৰাপ্ত আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[4] মহাবিদ্যালয়খনে ২০২১-২২ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ অনুমতি লাভ কৰিছে।[5]
লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় | |
---|---|
লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ শৈক্ষিক আৰু প্ৰশাসনীয় ভৱন | |
মূলমন্ত্ৰ | सर्वे सन्तु निरामयाः |
স্থাপিত | ১ অক্টোবৰ ২০২১ |
ধৰণ | চিকিৎসা মহাবিদ্যালয় |
অধ্যক্ষ | অধ্যাপক (ড°) অনুপ কুমাৰ দাস[1] |
স্নাতক শিক্ষাৰ্থী | ১০০ |
স্থান | চৌখাম, চাবতি, উত্তৰ লখিমপুৰ, অসম, ভাৰত |
চৌহদ | উপ-চহৰীয়া |
ভুক্তি | শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ |
ৱেবছাইট | www |
অধ্যাপক (ড°) অনুপ কুমাৰ দাস চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম গৰাকী অধ্যক্ষ আৰু মুখ্য পৰিদৰ্শক।
অৱস্থান আৰু পৰিবহণ
সম্পাদনা কৰকলখিমপুৰ চিকিৎসা মহাবিদ্যালয় অসমৰ লখিমপুৰ জিলাৰ সদৰ উত্তৰ লখিমপুৰৰ চাবতি অঞ্চলৰ চৌখাম গাঁৱত অৱস্থিত। ই লখিমপুৰ বাছ আস্থান আৰু লখিমপুৰ ৰে'ল ষ্টেচনৰ পৰা প্ৰায় ৩ কিঃমিঃ নিলগত অৱস্থিত। লগতে নিকটৱৰ্তী লীলাবাৰী বিমানবন্দৰৰ পৰা প্ৰায় ৪ কিঃমিঃ নিলগত অৱস্থিত।
তথ্য উৎস
সম্পাদনা কৰক- ↑ "Construction work of cancer hospital at North Lakhimpur to be completed by December: Assam health minister" (en ভাষাত). Northeast Now. https://nenow.in/north-east-news/assam/construction-work-of-cancer-hospital-at-north-lakhimpur-to-be-completed-by-december-assam-health-minister.html। আহৰণ কৰা হৈছে: 2021-10-12.
- ↑ 2.0 2.1 "About us" (en ভাষাত). Lakhimpur Medical College. https://www.lmchassam.org/Home/About। আহৰণ কৰা হৈছে: 2021-10-12.
- ↑ "Assam: Lakhimpur Medical College and Hospital starts functioning without security system" (en ভাষাত). Northeast Now. https://nenow.in/north-east-news/assam/assam-lakhimpur-medical-college.html। আহৰণ কৰা হৈছে: 2021-10-12.
- ↑ "ASSAM: LAKHIMPUR MEDICAL COLLEGE GETS NMC APPROVAL" (en ভাষাত). News Live. https://newslivetv.com/assam-lakhimpur-medical-college-gets-nmc-approval/। আহৰণ কৰা হৈছে: 2021-10-12.
- ↑ "Assam gets approval for eighth medical college in Lakhimpur" (en ভাষাত). careers360. https://news.careers360.com/assam-gets-approval-for-eighth-medical-college-in-lakhimpur। আহৰণ কৰা হৈছে: 2021-10-12.