লক্ষ্নৌ চুক্তি (ইংৰাজী: Lucknow Pact) আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু সৰ্বভাৰতীয় মুছলিম লীগৰ মাজত হোৱা একধৰণৰ চুক্তি বা বুজাবুজি৷ ১৯১৬ চনৰ ডিচেম্বৰ মাহত ভাৰতলক্ষ্নৌত অনুষ্ঠিত হোৱা দুয়োটা দলৰ এখন যুটীয়া বৈঠকত এই চুক্তি হয়৷ এই চুক্তিৰ জৰিয়তে দুয়োটা দলেই প্ৰাদেশিক বিধানমণ্ডলীত ধৰ্মীয় সংখ্যালঘুৰ প্ৰতিনিধিত্বক সমৰ্থন কৰে৷ মুছলিম লিগৰ নেতাসকলে স্বায়ত্বশাসিত ভাৰতৰ দাবী তুলি কংগ্ৰেছৰ আন্দোলনত অংশগ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হয়৷ এই চুক্তিটো প্ৰস্তুত কৰে কংগ্ৰেছৰ অম্বিকা চৰণ মজুমদাৰে৷ আনহাতে মুছলিম লীগৰ মহম্মদ আলী জিন্না তথা মহাত্মা গান্ধীয়ে এই বৈঠকত অংশ লয়৷ মহম্মদ আলী জিন্না ১৯১৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু মুছলিম লীগ উভয়ৰে সদস্য আছিল৷ [1][2]

ভাৰতীয় জনগণৰ পৰা অহা প্ৰচুৰ চাপত ব্ৰিটিছে ঘোষণা কৰিছিল যে তেওঁলোকে ভাৰতীয়ক সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰিব আৰু ইয়াৰ বাবে তেওঁলোকে কাৰ্যবাদী পৰিষদৰ অতি কমেও অৰ্ধাংশ সদস্যক নিৰ্বাচন কৰিব আৰু বিধান পৰিষদত নিৰ্বাচিত সদস্যৰ অধিকাংশকেই স্থান দিয়া হ'ব৷ কংগ্ৰেছ আৰু মুছলিম লীগ উভয়েই এই চুক্তি সমৰ্থন কৰিছিল৷ তেওঁলোকে উপলব্ধি কৰিছিল যে, ভৱিষ্যতে অধিক সুবিধা লাভৰ বাবে সহযোগিতাৰ প্ৰয়োজন হ'ব৷[3]

লক্ষ্নৌ চুক্তিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভিতৰত থকা দুটা গুৰুত্বপূৰ্ণ গোট যথাক্ৰমে 'চৰম পন্থী' আৰু 'নৰম পন্থী'ৰ মাজত ঘনিষ্ঠতা বঢ়োৱাত সহায় কৰিছিল৷ চৰমপন্থীৰ নেতা আছিল লালা লাজপৎ ৰায়, বাল গঙ্গাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল৷ আনহাতে নৰম পন্থীৰ নেতা আছিল গোপাল কৃষ্ণ গোখলে (১৯১৫ চন, আমৃত্যু পৰ্যন্ত)৷ পৰৱৰ্তী সময়ত ইয়াৰ প্ৰতিনিধি হৈছিলগৈ মহাত্মা গান্ধী[4] যদিও বিশ বছৰৰ পাছত জিন্নাই মুছলিমসকলৰ বাবে পৃথক ৰাষ্ট্ৰৰ দাবী তুলিছিল, ১৯১৬ চন পৰ্যন্ত তেওঁ কংগ্ৰেছ আৰু লীগ উভয়ৰে সদস্য আছিল৷ তেওঁ তিলকৰ সতিৰ্থ আছিল আৰু তেওঁক 'হিন্দু-মুছলিম একতা'ৰ এগৰাকী দূত বুলি গণ্য কৰা হৈছিল৷ [5]

ব্ৰিটিছৰ সমুখত ৰখা দাবীসমূহ সম্পাদনা কৰক

দুয়োটা দলেই ব্ৰিটিছৰ সমুখত কেইটামান উমৈহতীয়া দাবী তুলিছিল:

  • পৰিষদসমূহত নিৰ্বাচিত আসনৰ সংখ্যা বৃদ্ধি কৰিব লাগে।
  • পৰিষদত সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা গৃহীত আইন/প্ৰস্তাৱবোৰ ব্ৰিটিছ চৰকাৰে বাধ্যতামূলক হিচাপে গ্ৰহণ কৰিব লাগে।
  • প্ৰদেশত থকা সংখ্যালঘূক সুৰক্ষা দিব লাগে৷
  • প্ৰতিখন প্ৰদেশকেই স্বায়ত্বশাসন প্ৰদান কৰিব লাগে৷[3]
  • ন্যায়পালিকাক কাৰ্যবাহীৰ পৰা পৃথক কৰিব লাগে৷
  • কাৰ্যবাহী পৰিষদৰ অতিকমেও আধাসংখ্যক সদস্যক নিৰ্বাচিত কৰিব লাগে৷ আৰু বিধান পৰিষদত নিৰ্বাচিত সদস্যৰ সংখ্যাগৰিষ্ঠ থাকিব লাগে৷[6]

তথ্যউৎস সম্পাদনা কৰক

  1. Wilkinson, Steven Ian (September–October 2000), "India, Consociational Theory, and Ethnic Violence", Asian Survey খণ্ড 40 (5), doi:10.1525/as.2000.40.5.01p01013 
  2. Sinha, Arunav (December 29, 2015). "Historic Lucknow Pact enters 100th year | Lucknow News - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/lucknow/Historic-Lucknow-Pact-enters-100th-year/articleshow/50360098.cms। আহৰণ কৰা হৈছে: 2020-06-01. 
  3. 3.0 3.1 Kelly, Nigel (2014). The History and Culture of Pakistan. Peak Publishing. পৃষ্ঠা. 61. 
  4. Remembering Gopal Krishna Gokhale, India Today, 19 February 2016.
  5. Historic Lucknow Pact enters 100th year, The Times of India, 29 December 2015
  6. The History and Culture of Pakistan by Nigel Kelly page 61