লক্ষ্মীধৰ শৰ্মা

অসমীয়া সাহিত্যিক

কুৰি শতিকাৰ বিশ আৰু ত্ৰিশৰ দশকৰ অসমীয়া ভাষা-সাহিত্যৰ এক দৃঢ় কণ্ঠস্বৰ আছিল লক্ষ্মীধৰ শৰ্মা। সমসাময়িক ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ক্ষেত্ৰখনৰ লগতো তেখেত গভীৰভাৱে জড়িত হৈ আছিল। স্বাধীনতা সংগ্ৰামতো তেখেতে সক্ৰিয় ৰূপত অংশগ্ৰহণ কৰিছিল। নিজৰ গল্প তথা অন্যান্য ৰচনা সমূহৰ মাজেদি লক্ষ্মীধৰ শৰ্মাই নিজৰ আধুনিক আৰু সংস্কাৰকামী মনোভাৱৰ পৰিচয় দি থৈ গৈছে।[1]

লক্ষ্মীধৰ শৰ্মাৰ জন্ম হৈছিল ১৮৯৭ চনৰ ১০ অক্টোবৰত তেজপুৰ মহকুমাৰ বিশ্বনাথৰ ভীৰ গাঁৱত।[1]

ক) ১৯০৪ চনত প্ৰাইমেৰী বৃত্তি লাভ। তেজপুৰ চৰকাৰী হাইস্কুলত হাইস্কুলীয়া জীৱন আৰম্ভ।

খ) ১৯১৪ চনত কটন কলেজিয়েট হাইস্কুলত নামভৰ্তি। তাৰ পৰাই ১৯১৬ চনত অসমৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কুৰিটকীয়া বৃত্তি তথা পদক লাভ কৰে।

গ) ১৯২০ চনত কটন কলেজৰ পৰা বি.এ পাছ।

ঘ) ১৯২৪ চনত কলিকতাৰ পৰা স্নাতকোত্তৰ (এম.এ) পৰীক্ষাত উত্তীৰ্ণ।[1]

কৰ্মৰাজি

সম্পাদনা কৰক

সাংগঠনিক

সম্পাদনা কৰক

ছাত্ৰ অৱস্থাৰ পৰাই লক্ষ্মীধৰ শৰ্মা সাংগঠনিক কাম-কাজৰ সৈতে জড়িত আছিল। ১৯১৯ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনীৰ অধিৱেশনত তেওঁ বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। গান্ধীজীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি ১৯২১ চনৰ ডিচেম্বৰ মাহত তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল। পৰৱৰ্তী সময়ত আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰি গা‍ঁৱে-ভূঞে ঘূৰি ফুৰি জনসাধাৰণক সজাগ কৰি তুলিছিল।[1]

সাহিত্য কৰ্ম

সম্পাদনা কৰক
  • গল্প

চিৰাজ, বিদ্ৰোহিনী, পৰাজয়, ৰবীন, বিধৱাৰ ল'ৰা,ব্যৰ্থতাৰ দান ইত্যাদি লক্ষ্মীধৰ শৰ্মাৰ উল্লেখযোগ্য গল্পৰ নাম।

তেওঁৰ জীৱন কালত প্ৰকাশিত গল্প সংকলনখনৰ নাম "ব্যৰ্থতাৰ দান"।

  • নাটক

তেওঁৰ পূৰ্ণাংগ নাটকখন হৈছে "নিৰ্মলা"(১৯২৪-২৫ৰ ভিতৰত ৰচিত)। তদুপৰি প্ৰজাপতিৰ ভুল, কবিৰ জীৱন, শৃংখল বিচাৰ, ,সতী জয়মতী আদি কেইবাখনো চুটি নাটিকা আৱাহনৰ পাতত লিখিছিল।

গ্ৰন্থৰূপত প্ৰকাশিত তেওঁৰ নাটখনৰ নাম "দেশৰ কথা"।

  • কবিতা

ঈশ্বৰ, পখিলা, নাৰী আৰু মৰণ দেৱতা। (নতুন সাহিত্য পৰিষদে প্ৰকাশ কৰি উলিওৱা দুটা খণ্ডৰ ৰচনাৱলীত সন্নিৱিষ্ট। )

  • আত্মজীৱনী

তেওঁৰ আত্মজীৱনীখনৰ নাম "জীৱন স্মৃতি"।

  • অন্যান্য

তদুপৰি তেওঁ "কামৰূপৰ প্ৰাচীন শাসনাৱলী", "চন্দ্ৰনাথ", "অসমীয়া নাৰী সম্বন্ধে আষাৰ চেৰেক" ইত্যাদি গুৰুত্বপূৰ্ণ প্ৰবন্ধ ৰচনা কৰিছিল। সমাজৰ নিপীড়িত শ্ৰেণীৰ শোষণ নিৰ্যাতনৰ বলিষ্ঠ উপস্থাপনেই হ'ল তেখেতৰ সাহিত্য কৰ্মৰ মূল উপজীব্য।[1]

১৯৩৪ চনৰ ৩ মে তাৰিখে শ্বিলঙৰ লাইমুখ্ৰাত লক্ষ্মীধৰ শৰ্মাৰ দেহাৱসান ঘটে।[1]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 1.5 শোণিত বিজয় দাস & মুনীন বায়ন, ed (২০০৬). কথা বৰেণ্য.