লখিমপুৰ চিকিৎসা মহাবিদ্যালয়

অসমৰ চিকিৎসা মহাবিদ্যালয়

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ইংৰাজী: Lakhimpur Medical College and Hospital) অসমলখিমপুৰ জিলাউত্তৰ লখিমপুৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়।[2] ২০২১ চনৰ ১ অক্টোবৰ তাৰিখৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছিল।[3] এইখন অসমৰ অষ্টম চিকিৎসা মহাবিদ্যালয়।[2] অসমৰ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে। লখিমপুৰ চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰীয় আয়ুৰ্বিজ্ঞান আয়োগৰ স্বীকৃতি প্ৰাপ্ত আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[4] মহাবিদ্যালয়খনে ২০২১-২২ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ অনুমতি লাভ কৰিছে।[5]

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনীয় ভৱন
মূলমন্ত্ৰ सर्वे सन्तु निरामयाः
স্থাপিত ১ অক্টোবৰ ২০২১
(২ বছৰ আগত)
 (2021-10-01)
ধৰণ চিকিৎসা মহাবিদ্যালয়
অধ্যক্ষ অধ্যাপক (ড°) অনুপ কুমাৰ দাস[1]
স্নাতক শিক্ষাৰ্থী ১০০
স্থান চৌখাম, চাবতি, উত্তৰ লখিমপুৰ, অসম, ভাৰত
চৌহদ উপ-চহৰীয়া
ভুক্তি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ
ৱেবছাইট www.lmchassam.org

অধ্যাপক (ড°) অনুপ কুমাৰ দাস লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম গৰাকী অধ্যক্ষ আৰু মুখ্য পৰিদৰ্শক।

অৱস্থান আৰু পৰিবহণ সম্পাদনা কৰক

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় অসমলখিমপুৰ জিলাৰ সদৰ উত্তৰ লখিমপুৰৰ চাবতি অঞ্চলৰ চৌখাম গাঁৱত অৱস্থিত। ই লখিমপুৰ বাছ আস্থান আৰু লখিমপুৰ ৰে'ল ষ্টেচনৰ পৰা প্ৰায় ৩ কিঃমিঃ নিলগত অৱস্থিত। লগতে নিকটৱৰ্তী লীলাবাৰী বিমানবন্দৰৰ পৰা প্ৰায় ৪ কিঃমিঃ নিলগত অৱস্থিত।

তথ্য উৎস সম্পাদনা কৰক