ললিতা (ইংৰাজী: Lalita) ব্ৰজেন বৰুৱা পৰিচালিত ১৯৭২ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া বোলছবি। চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে অপূৰ্ব চৌধুৰীয়ে। কাহিনী আৰু চিত্ৰনাট্য ব্ৰজেন বৰুৱাৰ। সঙ্গীত ৰমেন বৰুৱাৰ।[1]

ললিতা
Lalita
Lalita assmese film.jpeg
পৰিচালক ব্ৰজেন বৰুৱা
ৰচনা ব্ৰজেন বৰুৱা
চিত্ৰনাট্য ব্ৰজেন বৰুৱা
প্ৰযোজক অপূৰ্ব চৌধুৰী
অভিনয়ত বিজু ফুকন
পূৰ্ণিমা পাঠক়়
চিত্ৰগ্ৰহণকাৰী নলিন দুৱৰা
সম্পাদনা শিৱ ভট্টাচাৰ্য
সংগীত পৰিচালক ৰমেন বৰুৱা
মুক্তি
১৮ ফেব্ৰুৱাৰী ১৯৭২
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশসম্পাদনা কৰক

আঁহতগুৰি গাঁৱত ললিতাৰ সৈতে চিনাকি হৈছিল শিৱসাগৰৰ সমাজকৰ্মী ৰাজেন চৌধুৰীৰ। প্ৰলোভনত ভোল গৈ ললিতাই চৌধুৰীৰ ওচৰত সকলো সমৰ্পন কৰিলে। তাই ভাবিছিল চৌধুৰীয়ে তাইক বিয়া কৰাব। চাৰিমাহ পিছত তাইক ল’ৰা এটাৰ লগত গুৱাহাটীলৈ পঠিয়াই দিলে। গুৱাহাটীলৈ গৈ তাই নিজৰ বিপদৰ কথা বুজিব পাৰিলে। ঘটনাক্ৰমে তাই গৈ উপস্থিত হ’ল সমাজৰ সকলোৱে বেয়া মানুহ বুলি ভবা আফজল আলীৰ ঘৰত। আফজলে ভনীয়েকৰ মৰ্যাদাৰে তাইক আশ্ৰয় দিলে। তাইৰ নতুন নাম হ’ল মৃণালিনী। আফজলৰ ঘৰতে তাই এটি কন্যা সন্তান জন্ম দিলে। নাম থলে চন্দনা।[1]

ঊনৈশ বছৰ পিছত। ৰাজেন চৌধুৰী এতিয়া সমাজৰ গণ্যমান্য লোক। বাস কৰে গুৱাহাটীত। তেওঁৰ জীয়েক ইলা। গুৱাহাটীত চৌধুৰীয়ে লগ পালে পুৰণি বন্ধু ত্ৰিলোচন কাকতিক; যাৰ সৈতে লগলাগি তেওঁ এসময়ত চৰকাৰী ধন আত্মসাৎ কৰিছিল। কাকতি এতিয়া এজন উদ্যোগপতি। তেওঁৰ দুই পুত্ৰ- ৰাজীৱ আৰু সঞ্জীৱ। ৰাজীৱে চৌধুৰীৰ ছোৱালী ইলাক বিয়া পাতিলে।[1]

কাকতিৰ সৰু পুতেক সঞ্জীৱৰ সৈতে ললিতা ওৰফে মৃণালিনীৰ ছোৱালী চন্দনাৰ চিনাকি হ’ল। ঘটনাক্ৰমে সঞ্জীৱে জানিব পাৰিলে যে দেউতাৰ কাৰখানা চৰকাৰী ধন আত্মসাৎ কৰি নিৰ্মাণ কৰা আৰু চন্দনা ৰাজীৱ চৌধুৰীৰে অবৈধ জীয়ৰী। সঞ্জীৱৰ হাতত পুৰণি দুখন চিঠি, যি চিঠি প্ৰকাশ পালে চৌধুৰীৰ সামাজিক প্ৰতিষ্ঠা ধূলিসাৎ হৈ পৰিব। সেয়েহে চিঠি দুখন হাত কৰিবলৈ সঞ্জীৱৰ ওপৰত অত্যাচাৰ আৰম্ভ হ'ল।[1]

অভিনয় শিল্পীসম্পাদনা কৰক

  • ব্ৰজেন বৰুৱা (আফজল আলী)
  • পূৰ্ণিমা পাঠক়় (ললিতা/ মৃণালিনী)
  • বিজু ফুকন̈ (সঞ্জীৱ)
  • ঈশান হাজৰিকা (ৰাজীৱ)
  • তিলমিজুৰ ৰহমান (ৰাজেন চৌধুৰী)
  • জয়া শইকীয়া (চন্দনা)
  • কৃষ্ণা দাস (ইলা)
  • তৰুণ দুৱৰা
  • ধীৰু ভূঞা (মৃগাংক)
  • মহানন্দ শৰ্মা,
  • ৰাণা তামুলী (মহিম চোৰ)
  • দুৰ্গেশ্বৰ বৰঠাকুৰ (লগুৱা টেমুনা)
  • নিত্যা দত্ত
  • বেবী মঞ্জুলা
  • মাষ্টাৰ বাজিন আদি।[1]

কলা-কুশলীসম্পাদনা কৰক

(তথ্যছ’কত নথকা)
  • শব্দগ্ৰহণ- সতীশ চৌহান
  • শব্দ পুনৰ্সংযোজন- শিৱ ভট্টাচাৰ্য[1]

সঙ্গীতসম্পাদনা কৰক

ছবিত ৰমেন বৰুৱা̈ই সঙ্গীত দিছে। গীত লিখিছে ব্ৰজেন বৰুৱা̈ আৰু কেশৱ মহন্ত̈ই।[2]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "এইখন সমাজ আমাৰ সমাজ, ইউৰো অসমীয়া ৰাতিৰ সমাজ"  ব্ৰজেন বৰুৱাদ্বীপেন বৰুৱা  
2. "আৰুনো কিমান মনৰ সপোন মনতে সাজিম"  কেশৱ মহন্তঅৰ্চনা দাস  
3. "আঁকিলা মোৰ পদূলিত সাত বৰণৰ আল্পনা"  ব্ৰজেন বৰুৱাদ্বীপেন বৰুৱা  
4. "টুপ টুপ টুপলি পানী পালে মুকলি সময় গ’ল উকলি"  কেশৱ মহন্তদ্বীপেন বৰুৱা  

তথ্য উৎসসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 193. 
  2. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 169. 

বাহ্যিক সংযোগসম্পাদনা কৰক