লাইলা ট্ৰেটিক'ভ (Lila Tretikov), (ৰুছ: Ляля Третьяко́ва; ২৫ জানুৱাৰী, ১৯৭৮[1]) ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক। তেখেতৰ জন্মৰ নাম Lyalya Tretyakova। মস্কোত জন্মগ্ৰহণ কৰা ট্ৰেটিক'ভ সৰুকালতেই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আহে আৰু ১৯৯৯ চনত কেলিফ'ৰ্নিয়াত ছফ্ট্‌ৱেৰ অভিযন্তা হিচাপে কাম কৰিবলৈ লয়। ইয়াত তেখেতে এটা প্ৰযুক্তি বিপণন প্ৰতিষ্ঠান আৰম্ভ কৰে আৰু কেইবাটাও ছফ্ট্‌ৱেৰ পেটেণ্টত সহযোগীৰূপে কাম কৰে। এণ্টাৰপ্ৰাইজ ছফ্ট্‌ৱেৰৰৰ বিশেষজ্ঞ ট্ৰেটিক'ভে SugarCRM, Inc.-ৰ মুখ্য তথ্য বিষয়া আৰু উপ-সভাপতি হিচাপেও কাম কৰিছিল। ২০১৪ চনত তেখেতে চ্যু গাৰ্ডনাৰৰ পৰা ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালকৰ দায়িত্বভাৰ চম্ভালি লয়।

লাইলা ট্ৰেটিক'ভ

২০১৪ চনৰ এপ্ৰিলত ট্ৰেটিক'ভ
স্থানীয় নাম Ляля Третьякова
জন্ম ২৫ জানুৱাৰী, ১৯৭৮ (৪৬ বছৰ)
মস্কো, ছ'ভিয়েট সংঘ
ৰাষ্ট্ৰীয়তা ৰাছিয়ান
পেচা ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৭৮ চনৰ ২৫ জানুৱাৰীত মস্কোত ট্ৰেটিক'ভে জন্মলাভ কৰে।[2][3] তেখেতৰ দেউতাক আছিল এজন গণিতজ্ঞ আৰু মাক এগৰাকী চলচ্চিত্ৰ-নিৰ্মাতা।[4] তেখেত ১৬ বছৰ বয়সত নিউ য়ৰ্কলৈ আহে। তেখেতে পৰিচাৰিকা ৰূপে কাম কৰাৰ লগতে ইংৰাজীও শিকে আৰু কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে য'ৰ পৰা ডিগ্ৰী সমাপ্ত নকৰাকৈয়ে তেখেতে বিদায় লয়।[5] তেখেতৰ মূল বিষয় আছিল কম্পিউটাৰ বিজ্ঞান আৰু কলা, আৰু লগতে যন্ত্ৰ শিক্ষণৰ (machine learning) বিষয়ে গৱেষণা কৰিছিল।[5]

কৰ্মজীৱন সম্পাদনা কৰক

ট্ৰেটিক'ভক WMF কৰ্মচাৰীসকলৰ আগত চিনাকি কৰি দিয়া হৈছে: চ্যু গাৰ্ডনাৰৰে দিয়া পৰিচয় 0:00–6:40, ট্ৰেটিক'ভৰ একাষাৰ 6:40–18:45, প্ৰশ্নোত্তৰ 18:45–36:00

১৯৯৯ চনত ট্ৰেটিক'ভে "চান্‌ মাইক্ৰ'ছীষ্টেম"ত নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। Sun-Netscape Alliance-ত অভিযন্তা হিচাপে তেখেতে জাভা চাৰ্ভাৰত কাম কৰিছিল। তাৰ পাছত তেখেতে GrokDigital নামৰ এটা প্ৰযুক্তি বিপণন প্ৰতিষ্ঠান আৰম্ভ কৰে আৰু পাছলৈ SugarCRM, Inc-ৰ মুখ্য তথ্য বিষয়া আৰু উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।[6]

২০১২ চনত তেখেতে "বছৰটোৰ মহিলা কৰ্যনিৰ্বাহক – ব্যৱসায়িক সেৱা – ১১-২,৫০০ কৰ্মচাৰী – কম্পিউটাৰ হাৰ্ডৱেৰ আৰু ছফ্ট্‌ৱেৰ" শাখাত ষ্টিভি বঁটাৰ ব্ৰ'ঞ্জৰ পদক লাভ কৰে।[7]

২০১৪ চনৰ মে' মাহত তেখেতক চ্যু গাৰ্ডনাৰৰ ঠাইত ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়,[8][9][10][11] আৰু ২০১৪ চনৰ ১ জুনত এই পদত যোগদান কৰে। ট্ৰেটিক'ভৰ নিযুক্তি আছিল বিতৰ্কিত কাৰণ নিযুক্তিৰ পূৰ্বে তেখেতে ৱিকিপিডিয়াত কেৱল এবাৰহে সম্পাদনা কৰিছিল। [lower-alpha 1][lower-alpha 2][lower-alpha 3] ইণ্টেলিজেণ্ট ডেটা মেপিং আৰু ডায়নামিক লেংগুৱেজ এপ্লিকেছনৰ কেইবাটাও পেটেণ্ট তেখেতে সহ-উদ্ভাৱন কৰে।[12][14]

টোকা সম্পাদনা কৰক

  1. Kiss and Gibbs (2014) "She has taken flak from the online encyclopedia’s hardcore users for being an ‘amateur’ [...]"[12]
  2. Seligman (2014) "No, the new Wikipedian-in-chief does not write or edit entries on the world’s biggest collaborative encyclopedia."[13]
  3. Seligman (2014) “I am not an editor,” said UC Berkeley grad Lila Tretikov [...] She did try to edit something seven years ago, she says, and like most of us she reads Wikipedia."[13]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Wikimedia Monthly Metrics and Analytics Meeting, May 2014
  2. "CrunchBase". CrunchBase. http://www.crunchbase.com/person/lila-tretikov। আহৰণ কৰা হৈছে: 2014-05-10. 
  3. Wikimedia is headed by an American of Russian origin. RIA Novosti
  4. "Women band together, make inroads into tech" by Jon Swartz, USA Today, 27 November 2012.
  5. 5.0 5.1 Seligman, Katherine (May 9, 2014). "The Woman To Run Wikipedia: Russian-born Former Cal Student Seen as "White Unicorn"". California Magazine. Archived from the original on August 24, 2014. https://web.archive.org/web/20140824061932/http://alumni.berkeley.edu/california-magazine/just-in/2014-05-13/woman-run-wikipedia-russian-born-former-cal-student-seen। আহৰণ কৰা হৈছে: August 21, 2014. 
  6. Executive Profile: Lila Tretikov Bloomberg Businessweek, 2014. Retrieved 1 May 2014. Archived here.
  7. "Stevie Awards For Women in Business: 2012 Stevie Award Winners". stevieawards.com. প্ৰকাশক Fairfax, VA: Stevie Awards, Inc. https://www.stevieawards.com/pubs/women/awards/414_2252_21756.cfm। আহৰণ কৰা হৈছে: 2014-05-01. 
  8. Please welcome Lila Tretikov, the Wikimedia Foundation's new ED Jan-Bart de Vreede, Wikimedia Foundation Board of Trustees, 1 May 2014,
  9. Vreede, Jan-Bart de. "Announcing our new Executive Director: Lila Tretikov". Wikimedia blog. https://blog.wikimedia.org/2014/05/01/wmf_announces_new_ed_lila_tretikov/। আহৰণ কৰা হৈছে: 1 May 2014. 
  10. Elder, Jeff. "Wikipedia's New Chief: From Soviet Union to World's Sixth-Largest Site". Wall Street Journal. http://blogs.wsj.com/digits/2014/05/01/wikipedia-names-software-executive-tretikov-as-new-chief/। আহৰণ কৰা হৈছে: 2 May 2014. 
  11. Cohen, Noam. "Open-Source Software Specialist Selected as Executive Director of Wikipedia". New York Times. http://www.nytimes.com/2014/05/02/business/media/open-source-software-specialist-selected-as-executive-director-of-wikipedia.html। আহৰণ কৰা হৈছে: 2 May 2014. 
  12. 12.0 12.1 Kiss, Jemima; Gibbs, Samuel. "Wikipedia boss Lila Tretikov: 'Glasnost taught me much about freedom of information'". The Guardian. http://www.theguardian.com/technology/2014/aug/06/wikipedia-lila-tretikov-glasnost-freedom-of-information। আহৰণ কৰা হৈছে: 24 August 2014. 
  13. 13.0 13.1 Seligman, Katherine (2014-05-13). "The Woman To Run Wikipedia: Russian-born Former Cal Student Seen as "White Unicorn"". California Magazine (UC Berkeley). Archived from the original on 2014-08-24. https://web.archive.org/web/20140824061932/http://alumni.berkeley.edu/california-magazine/just-in/2014-05-13/woman-run-wikipedia-russian-born-former-cal-student-seen। আহৰণ কৰা হৈছে: 2014-10-12. 
  14. "Patent Search". United States Patent and Trademark Office. Archived from the original on 29 October 2019. https://web.archive.org/web/20191029135948/https://search.uspto.gov/search?utf8=%E2%9C%93&affiliate=web-sdmg-uspto.gov&query=Lila+Tretikov%E2%80%8E&go=Go। আহৰণ কৰা হৈছে: 1 May 2014. 

বাহ্যিক সংযোগ সম্পাদনা কৰক