লাটভিয়াৰ মহিলাসকলক লাটভিয়াত বাস কৰা, লাটভিয়াৰ পৰা অহা আৰু জন্মগ্ৰহণ কৰা সকলো মহিলাকে বুজায়। লাটভিয়াৰ সমাজত নাৰীৰ সামাজিক আৰু আইনী মৰ্যাদা ইয়াৰ ইতিহাস, ভূ-ৰাজনৈতিক অৱস্থান আৰু সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হৈছে। লাটভিয়াৰ নাৰীৰ মৰ্যাদা ইতিহাসৰ গতিপথত বহু পৰিৱৰ্তনৰ সন্মুখীন হৈছে৷ বিশেষকৈ ইয়াৰ ভূখণ্ডসমূহ কমেও চাৰিখন বৃহৎ শক্তিৰ মাজত সৃষ্টি হোৱা সংঘাত আৰু বিজয়ৰ সঘন কেন্দ্ৰবিন্দু আছিল৷ সেইকেইখন হৈছে ষ্টেট অৱ দ্য টিউটনিক অৰ্ডাৰ, পোলেণ্ড–লিথুৱেনিয়ান কমনৱেলথ, ছুইডেন আৰু ৰাছিয়ান সাম্ৰাজ্য৷ ২০ শতিকাত লাটভিয়া ছোভিয়েট ইউনিয়নৰ অংশ আছিল, তাৰ পিছত ১৯৯০ চনত ই আৰ্থ-সামাজিক অস্থিৰতাৰ সন্মুখীন হয়, তাৰ পিছত ২০০৪ চনত ইউৰোপীয় সংঘত যোগদান কৰে।

লাটভিয়া যদিও ২০ লাখতকৈও কম লোকৰ সৰু দেশ, বহুজাতিক দেশ [1] আৰু সেয়েহে লাটভিয়াৰ মহিলাসকলৰ অভিজ্ঞতা বিভিন্ন গোটৰ মাজত পৃথক হ'ব পাৰে।

১৯ শতিকাৰ আগতে নাৰীক ৰাজনৈতিক প্ৰক্ৰিয়াৰ পৰা বাদ দিয়া হৈছিল, তেওঁলোকৰ সম্পত্তিৰ অধিকাৰ নাছিল আৰু তেওঁলোকে ঘৰখন চলাব বুলি আশা কৰা হৈছিল।[6] ১৯১৮ চনত লাটভিয়াৰ স্বাধীনতা ঘোষণাৰ পিছত লাটভিয়াৰ মহিলাসকলক ভোটাধিকাৰ প্ৰদান কৰা হয়।[2]যোৱা দশকবোৰত নাৰীৰ মৰ্যাদা আৰু ভূমিকাৰ ক্ৰমান্বয়ে পৰিৱৰ্তন ঘটিছে, কাৰণ লাটভিয়াই ছোভিয়েট ইউনিয়নৰ পৰা পুনৰ স্বাধীনতা লাভ কৰি ইউৰোপীয় সংঘৰ দৰে আন্তঃচৰকাৰী সংস্থাত যোগদান কৰি উভয় লিংগৰ সমতাক প্ৰসাৰিত কৰিছে।[3] পূৰ্বৰ পূব ব্লক দেশসমূহৰ ভিতৰত লাটভিয়া আছিল প্ৰথমখন দেশ য'ত এগৰাকী মহিলা ৰাষ্ট্ৰপতি আছিল৷ তেখেত হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি ভাইৰা ভিয়ে ফ্ৰেইবাৰ্গা।[4] লাটভিয়াত এগৰাকী মহিলা প্ৰধানমন্ত্ৰী লাইমডোটা ষ্ট্ৰাউজুমাও আছে।[5] ইউৰোপীয় লিংগ সমতা সূচকাংকই ইংগিত দিয়ে যে লিংগ সমতাৰ বিষয়ত লাটভিয়া এতিয়াও ইউৰোপীয় সংঘৰ গড়ৰ তলত আছে৷ লাটভিয়া ২৮খন সদস্য ৰাষ্ট্ৰৰ তালিকাত ১৮ নম্বৰ স্থানত আছে।[4] যদিও লাটভিয়াৰ বৰ্তমানৰ জনসংখ্যাৰ আধাতকৈ অধিক মহিলা, তথাপিও ৰাজনীতিত মহিলাৰ প্ৰতিনিধিত্ব কম৷[6] সমকক্ষ পুৰুষৰ তুলনাত তেওঁলোকে কম মজুৰিৰ অভিজ্ঞতা পায় আৰু এতিয়াও তেওঁলোকে পৰম্পৰাগত লিংগ ভূমিকা গ্ৰহণ কৰে বুলি আশা কৰা যায়।[7]সেই অনুসৰি তুলনামূলকভাৱে শেহতীয়া উন্নয়ন হৈছে মহিলাসকলে কৰ্ম–জীৱনৰ ভাৰসাম্য বিচাৰি উলিওৱাৰ সংগ্ৰাম।[8]লাটভিয়াত লিংগ সমতাৰ ধাৰণাটো মোটামুটি নতুন।[9] যোৱা দশকত বিশ্বৰ নাৰীবাদ আন্দোলনৰ সৈতে সমান্তৰালভাৱে লাটভিয়াই নিজৰ নাৰী আন্দোলন ক্ৰমান্বয়ে আকৌ এবাৰ উত্থান হোৱা দেখিছে।[10][11][12]

স্বাধীনতাকাল

সম্পাদনা কৰক

১৯১৮ চনত লাটভিয়াৰ স্বাধীনতাৰ পিছত লাটভিয়াৰ মহিলাসকল ৰাজনৈতিকভাৱে পুৰুষৰ সমান হৈ পৰে৷ তেওঁলোকৰ ২১ বছৰৰ ঊৰ্দ্ধৰ উভয় লিংগই সাংবিধানিক বিধানসভাৰ নিৰ্বাচনত ভোট দিব পাৰিব।[4] ১৯১৭ চনৰ পৰা বিশ্ববিদ্যালয়সমূহত মহিলাসকলকো পূৰ্ণকালীন ছাত্ৰী হিচাপে নামভৰ্তি কৰিব পৰা গ’ল। সঘনাই বাছি লোৱা অধ্যয়নসমূহ আছিল বিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ।[2] ই ৰাছিয়ান সাম্ৰাজ্যৰ শাসনৰ অধীনত লাটভিয়ান মহিলাসকলৰ অধিকাৰৰ বিপৰীতমুখী সোঁত হিচাপে কাম কৰে। সংসদত নিৰ্বাচিত হ’বলৈ চেষ্টা কৰা মহিলাসকলৰ মূল উদ্দেশ্য আছিল দেৱানী আৰু শ্ৰম আইন অনুসৰি সম অধিকাৰ প্ৰদান কৰিব পৰা আইন প্ৰণয়ন কৰা।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. The population is: Latvian 62.2%, Russian 25.2%, Belarusian 3.2%, Ukrainian 2.2%, Polish 2.1%, Lithuanian 1.2%, other 1.5%, unspecified 2.3% (2018 est.),[1]
  2. 2.0 2.1 The Oxford encyclopedia of women in world history. Smith, Bonnie G., 1940-. প্ৰকাশক Oxford: Oxford University Press. 2008. ISBN 978-0-19-533786-0. OCLC 174537404. 
  3. Bleiere, Daina (2018). WAR, REVOLUTION, AND GOVERNANCE : the baltic countries in the twentieth.. প্ৰকাশক [Place of publication not identified]: ACADEMIC STUDIES Press. পৃষ্ঠা. 30–53. ISBN 978-1-61811-621-5. OCLC 1043393780. 
  4. 4.0 4.1 4.2 Purs, Aldis (2 May 2017). Historical dictionary of Latvia. Plakans, Andrejs (Third সম্পাদনা). প্ৰকাশক Lanham, MD. ISBN 978-1-5381-0221-3. OCLC 965781618. 
  5. "The woman who rose from refugee to president" (en-GB ভাষাত). BBC News. 2019-08-04. https://www.bbc.com/news/world-europe-49119077. 
  6. "Latvia | Index | 2019 | Gender Equality Index" (en ভাষাত). European Institute for Gender Equality. https://eige.europa.eu/gender-equality-index/2019/LV। আহৰণ কৰা হৈছে: 2020-04-24. 
  7. "Breaking the Glass Ceiling in Latvia: Slow Progress for Women in 100 Years of Latvian Suffrage - Foreign Policy Research Institute" (en-US ভাষাত). Foreign Policy Research institute. https://www.fpri.org/article/2018/10/breaking-the-glass-ceiling-in-latvia-slow-progress-for-women-in-100-years-of-latvian-suffrage/। আহৰণ কৰা হৈছে: 2020-04-05. 
  8. "Latvia National report on the Beijing Declaration and Platform of Action adopted at the Fourth World Conference on Women and on the results of the 23rd Special Session of the General Assembly". United Nations Economic Commission for Europe. 2014. https://www.unece.org/fileadmin/DAM/Gender/Beijing_20/Latvia.pdf। আহৰণ কৰা হৈছে: 2020-03-20. 
  9. Ostrovska, Ilze (1994-03-01). "Women and politics in Latvia: The transition to democracy" (en ভাষাত). Women's Studies International Forum খণ্ড 17 (2): 301–303. doi:10.1016/0277-5395(94)90039-6. ISSN 0277-5395. 
  10. "The Policy on Gender Equality in Latvia - Think Tank" (en ভাষাত). www.europarl.europa.eu. https://www.europarl.europa.eu/thinktank/en/document.html?reference=IPOL_IDA(2015)510008। আহৰণ কৰা হৈছে: 2020-04-24. 
  11. "VIDEO: "Aizliegt, var tikai muļķi." Sieviešu protests pie Saeimas" (lv ভাষাত). LA.LV. https://www.la.lv/aizliegt-var-tikai-mulki-sieviesu-protests-pie-saeimas/। আহৰণ কৰা হৈছে: 2020-04-24. 
  12. "Protest against egg donation law" (en ভাষাত). eng.lsm.lv. https://eng.lsm.lv/article/society/society/protest-against-egg-donation-law.a188052/। আহৰণ কৰা হৈছে: 2020-04-24.