লাভলীনা বৰগোহাঁই

ভাৰতীয় বক্সাৰ তথা অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি

লাভলীনা বৰগোহাঁই বা লাভলীনা বৰগোহাঞি (ইংৰাজী: Lovlina Borgohain) এগৰাকী ভাৰতীয় ৱেল্টাৰৱেইট শ্ৰেণীৰ বক্সাৰ। তেওঁ অসমৰ গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ আঁতৰৰ বাৰমুখীয়া গাঁৱত জন্ম হৈছিল।[1][2] তেওঁৰ পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁই। তেওঁ ২০১৬ চনৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে। তেওঁ ২০১৭ চনত ভিয়েটনামৰ হো চি মিন চিটিত অনুষ্ঠিত হোৱা মহিলাৰ এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক আৰু ২০১৮ চনৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ ৬৯ কিলোগ্ৰাম ৱেলটাৰৱেট শাখাত তৃতীয় স্থান অৰ্জন কৰিছিল।[3] অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা তেওঁ অসমৰ প্ৰথম গৰাকী মহিলা আৰু শিৱ থাপাৰ পিছত দেশক প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ দ্বিতীয় গৰাকী বক্সাৰ হিচাপে পৰিগণিত হৈছে।[4] ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ মহিলাৰ ৱেল্টাৰৱেইট শ্ৰেণীত ব্ৰঞ্জৰ পদক লাভ কৰে।[5] ২০২০ চনত তেওঁক ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰে।[6] ২০২১ বৰ্ষত লাভলীনাক ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান 'মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা'ৰ বক্সিঙৰ শিতানৰ বাবে মনোনীত কৰা হয়। [7]

লাভলীনা বৰগোহাঁই
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰত
জন্ম ২ অক্টোবৰ, ১৯৯৭ (২৭ বছৰ)
গোলাঘাট, অসম, অসম
উচ্চতা ১.৭৭ মিটাৰ (U=ft}})
ওজন ৬৮ কেজি (১৫০ পাউণ্ড)
ক্ৰীড়া
ক্লাব ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ প্ৰশিক্ষণ কেন্দ্ৰ
প্ৰশিক্ষক সন্ধ্যা গুৰুং
পদুম বড়ো
শিৱ সিং

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

১৯৯৭ চনৰ ২ অক্টোবৰ তাৰিখে অসমগোলাঘাট জিলাত লাভলীনা বৰগোহাঁইৰ জন্ম হৈছিল।[8][9] তেওঁৰ পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁই। তেওঁৰ পিতৃ এজন মধ্যম বৰ্গৰ ব্যৱসায়ী। তেওঁৰ যমজ বায়েক দুগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ।

বক্সিং জীৱন

সম্পাদনা কৰক

লাভলীনা ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে এদিন দেউতাকে ঘৰলৈ মিঠাই বান্ধি অনা বাতৰি কাকতখনত বক্সাৰ মহম্মদ আলিৰ বিষয়ে প্ৰকাশিত প্ৰবন্ধ এটা আছিল। সেই প্ৰবন্ধটো দেউতাকে লাভলীনাক পঢ়িবলৈ দিয়ে। লাভলীনাই লেখনিটো পঢ়ি মহম্মদ আলিৰ বিষয়ে জানিব পৰাৰ লগতে বক্সিঙৰ প্ৰতি আকৰ্ষিত হ'ল। সেইয়াই আছিল লাভলীনাৰ বক্সিং সম্পৰ্কে প্ৰথম ধাৰণা। দেউতাকেও বক্সাৰ হ’বলৈ উৎসাহ দিয়ে।[10] বায়েক দুগৰাকীৰ দৰে লাভলীনায়েও প্ৰথমতে কিক বক্সাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। সৰুতে মুৱাথাই খেলিবলৈ লোৱা লাভলীনাই এগৰাকী সম্পৰ্কীয় বায়েকৰ প্ৰেৰণাত বক্সিং গ্লোভচ হাতত তুলি লৈছিল।[11] ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে বৰপথাৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত কৰা অনুশীলনীত তেওঁ প্ৰশিক্ষক পদুম বড়োৰ চকুত পৰে আৰু ২০১২ চনৰ পৰা তেওঁ লাভলীনাক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে।[12]

পিছলৈ ভাৰতীয় মহিলা বক্সিঙৰ মুখ্য প্ৰশিক্ষক শিৱ সিঙে তেওঁক প্ৰশিক্ষণ দিয়ে।[13]

২০১৮ চনৰ AIBA মহিলা বক্সিং বিশ্ব (IOS)

সম্পাদনা কৰক

লাভলীনাই প্ৰথম বাৰৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰে নতুন দিল্লীত অনুষ্ঠিত হোৱ ২০১৮ চনৰ AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপত। ইয়াত তেও মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।[14]

২০১৯ চনৰ AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপ

সম্পাদনা কৰক

২০১৯ চনত লাভলীনা ২য় বাৰৰ বাবে ৰাছিয়াত অনুষ্ঠিত AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপৰ বাবে পোনপটীয়াকৈ নিৰ্বাচিত হয়।[15] তেও ৬৯ কিলোগ্ৰাম শাখাৰ চেমি ফাইনেলত চীনৰ য়াং লিউৰ হাতত ২-৩ ব্যৱধানত পৰাস্ত হয়।[16]

২০১৯ চনত লাভলীনা ইনফিনিটি অপ্তিমেল চলিউচনচ (IOS) নামৰ ক্ৰীড়া ব্যৱস্থাপনা সংস্থা এটাৰ সৈতে তেওৰ ব্যৱসায়িক লেনদেন বিলাক চোৱাচিতা কৰিবৰ বাবে চুক্তিৱদ্ধ হয়।[17]

২০২০ চনৰ এচিয়া আৰু অচেনিয়া অলিম্পিক নিৰ্বাচন প্ৰতিযোগিতা

সম্পাদনা কৰক

২০২০ চনৰ মাৰ্চ মাহত লাভলীনাই উজবেকিস্তানৰ মফতুনাখন মেলিভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি টকিঅ অলিম্পিকত অংশগ্ৰহণ কৰিবৰ বাবে যোগ্যতা অৰ্জন কৰে। লগতে তেও অলিম্পিকৰ বাবে নিৰ্বাচিত হোৱা অসমৰ প্ৰথম মহিলা খেলুৱৈ ৰূপে পৰিগণিত হয়।[18] এই খেলত তেও চীনৰ গু হ্ঙৰ হাতত ৫-০ ত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে।[19]

টকিঅ' অলিম্পিক ২০২০

সম্পাদনা কৰক

২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ' অলিম্পিক ২০২০ (২০২০ গ্ৰীষ্মকালীন অলিম্পিক) ত লাভলীনাই অংশগ্ৰহণ কৰি অলিম্পিকলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া মহিলা খেলুৱৈ হিচাপে ইতিহাস ৰচে। ২০২০ চনৰ মাৰ্চ মাহতেই জৰ্ডানত অনুষ্ঠিত হোৱা এছিয়া এণ্ড ওছেনিয়া বক্সিং অলিম্পিক কোৱালফিকেচন টুৰ্ণামেণ্টখনত লাভলীনাই কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ মাফটুনাখন মেলেইভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক দখল কৰাৰ লগে লগেই লাভলীনাৰ টকিঅ’ যাত্ৰা নিশ্চিত হৈ পৰিছিল। টকিঅ’ অলিম্পিকত বক্সিংৰ ৬৯ কেজি শাখাত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰে। এই শাখাত লাভলীনাৰ স্থান বিশ্ব ক্ৰমত ৩।[2]

প্ৰি কোৱাৰ্টাৰ ফাইনেল

সম্পাদনা কৰক

২৭ জুলাইত অনুষ্ঠিত অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰত লাভলীনাই জাৰ্মানীৰ প্ৰতিপক্ষ নাডীয়া এপেজক ৩-২ ব্যৱধানত পৰাস্ত কৰে।[20] প্ৰথমৰে পৰা নাডীয়াক লাভলীনাৰ তুলনাত আক্ৰমণাত্মক দেখা গৈছিল। লাভলীনাক প্ৰত্যাহ্বান জনাই তেওঁ প্ৰথমটো ছেট নিজৰ পক্ষত ৰাখিবলৈ সক্ষম হয়। পিছৰ তিনিটা ছেট লাভলীনাই দখল কৰে যদিও শেষৰটো ছেটত পুনৰ নাডীয়াই প্ৰত্যাৱৰ্তন কৰে। অৱশ্যে লাভলীনাই চূড়ান্ত সময়ত বিজয়ী হয়।[21] ইয়াৰ লগে লগে অলিম্পিকত বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা তেওঁ অসমৰ প্ৰথমগৰাকী বক্সাৰ হিচাপে পৰিগণিত হয়। ৩০ জুলাইত পুৱা ৮:৪৮ বজাত কোৱাৰ্টাৰ ফাইনেল মেচ চাইনীজ টাইপেইৰ চেন নিয়েন চিনৰ সৈতে[21] অনুষ্ঠিত হয়।[22]

কোৱাৰ্টাৰ ফাইনেল

সম্পাদনা কৰক

৩০ জুলাইত কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই চাইনীজ টাইপেইৰ চেন নিয়েন চিনক ৪-১ ব্যৱধানত পৰাজিত কৰি জয় লাভ কৰে।[23] ইয়াৰ জৰিয়তে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে লাভলীনাই ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। লাভলীনা অলিম্পিকৰ পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। ছেমিফাইনেলৰ বাবে লাভলীনাৰ প্ৰতিদ্বন্দ্বী হয় তুৰস্কৰ খেলুৱৈ।[24]

ছেমিফাইনেল

সম্পাদনা কৰক

৪ আগষ্টত অনুষ্ঠিত ছেমিফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত লাভলীনা বৰগোহাঁই ৫-০ ব্যৱধানত পৰাস্ত হয়।[25] ইয়াৰ ফলত লাভলীনাই ব্ৰঞ্জৰ পদক লাভ কৰিবৰ সক্ষম হয়।[5] তেওঁ হৈছে অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি।

অলিম্পিক ২০২৪

সম্পাদনা কৰক

লাভলীনাই ২০২৪ চনৰ পেৰিছ অলিম্পিকত মহিলাৰ ৭৫ কেজি শাখাত অংশগ্ৰহণ কৰিছিল। নৰৱেৰ বক্সাৰ এছ হফষ্টাডক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল প্ৰৱেশ কৰিবলৈ সক্ষম হয়। কোৱাৰ্টাৰ ফাইনেলত চীনৰ Q.Li ৰ হাতত ৫-০ ব্যৱধানত পৰাস্ত হৈ পেৰিছ অলিম্পিকৰ যাত্ৰাৰ অন্ত পেলায়।[26]

বঁটা আৰু সন্মান

সম্পাদনা কৰক

২০২০ চনৰ টকিঅ’ গ্ৰীষ্মকালীন অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে -

  • ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ পৰা ২৫ লাখ ₹ (৩৩,০০০ মাৰ্কিন ডলাৰ) লাভ কৰিছিল।[30]
  • অসম চৰকাৰৰ পৰা ১ কোটি ₹(১ লাখ ৩০ হাজাৰ মাৰ্কিন ডলাৰ) লাভ কৰিছিল।[31]
  • ভাৰত চৰকাৰৰ পৰা ₹৩০ লাখ (৩৯,০০০ মাৰ্কিন ডলাৰ) লাভ কৰিছিল।[32]
  • অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা ৩ লাখ ₹(৩,৯০০ মাৰ্কিন ডলাৰ)[33]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "লাভলীনা বৰগোহাঁইলৈ ৫ লাখ টকাৰ সাহায্য বিধায়ক বিশ্বজিৎ ফুকনৰ". ETV Bharat, Assametvbharat.com. 15 june, 2021. Archived from the original on 2021-07-21. https://web.archive.org/web/20210721112147/https://react.etvbharat.com/assamese/assam/state/golaghat/mla-bishwajit-phukan-visit-boxer-player-lovlina-bargohain-s-home/assam20210615223101779। আহৰণ কৰা হৈছে: 2021-07-21. 
  2. 2.0 2.1 "প্ৰথম অসমীয়া লাভলীনা বৰগোহাঁইক লৈ কিমান সচেতন আমাৰ ক্ৰীড়াপ্ৰেমী". East Mojo অসমhttps://assam.eastmojo.com/. 14 July, 2021. https://assam.eastmojo.com/news/sports/assam-boxer-lovlina-borgohain/। আহৰণ কৰা হৈছে: 21 July, 2021. 
  3. "Lovlina Borgohain Achieves World No.3 Rank". pratidintimehttps://m.pratidintime.com. Archived from the original on 20 March 2020. https://web.archive.org/web/20200320215447/https://www.pratidintime.com/lovlina-borgohain-achieves-world-no-3-rank/। আহৰণ কৰা হৈছে: 13 February 2020. 
  4. "Assam’s Lovlina Borgohain qualifies for Tokyo Olympics". https://www.eastmojo.com/assam/2021/06/10/assams-lovlina-borgohain-qualifies-for-tokyo-olympics/. 
  5. 5.0 5.1 "Tokyo Olympics 2020 Live Updates: Boxer Lovlina Borgohain Takes Home Bronze, Loses In Semis" (en ভাষাত). https://sports.ndtv.com/olympics-2020/tokyo-olympics-live-updates-catch-all-the-action-from-tokyo-games-today-2501933. 
  6. "Boxer Lovlina Borgohain becomes 6th from Assam to receive Arjuna Award". www.eastmojo.com. 22 August 2020. https://www.eastmojo.com/assam/2020/08/22/boxer-lovlina-borgohain-becomes-6th-from-assam-to-receive-arjuna-award। আহৰণ কৰা হৈছে: 7 October 2020. 
  7. https://nenow.in/north-east-news/assam/assam-lovlina-borgohain-khel-ratna.html
  8. {{cite web | url=https://results.gc2018.com/en/boxing/athlete-profile-n6010821-lovlina-borgohain.htm Archived 2018-11-17 at the Wayback Machine | title=Boxing |
  9. "Assam’s boxer Lovlina to represent India in Commonwealth Games; boxer yet to be intimated!" (en-US ভাষাত). NORTHEAST NOW. 2018-02-28. https://nenow.in/north-east-news/assams-boxer-lovlina-represent-india-commonwealth-games-boxer-yet-intimated.html. 
  10. "এখন পুৰনি বাতৰি কাকতে সলনি কৰিছিল লাভলীনাৰ জীৱন". ২৫ জুলাই, ২০২১. Archived from the original on 28 July 2021. https://web.archive.org/web/20210728053849/http://olympiasports.in/the-inspiring-story-of-lovlina-3/। আহৰণ কৰা হৈছে: 28 July 2021. 
  11. "Women’s World Boxing Championship: Meet India’s 10-member squad - Times of India". The Times of India. https://timesofindia.indiatimes.com/sports/boxing/womens-world-boxing-championship-meet-indias-10-member-squad/articleshow/66632623.cms. 
  12. "High hopes for Lovlina - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/guwahati/high-hopes-for-lovlina/articleshow/63290809.cms. 
  13. "High hopes for Lovlina - Times of India". The Times of India. https://timesofindia.indiatimes.com/city/guwahati/high-hopes-for-lovlina/articleshow/63290809.cms. 
  14. Tirkey, John. "Women's Boxing World Championships: India's Mary Kom Enters Final, Lovlina Borgohain Takes Home The Bronze Medal". NDTV. https://sports.ndtv.com/boxing/womens-boxing-world-championships-indias-mary-kom-beats-kim-hyang-mi-to-enter-final-1951784. 
  15. G. Krishnan (13 September 2019). "'Whenever I train, Olympics is right in my mind. It is my father's dream': Lovlina Borgohain". http://www.dnaindia.com/sports/report-whenever-i-train-olympics-is-right-in-my-mind-it-is-my-father-s-dream-lovlina-borgohain-2781240। আহৰণ কৰা হৈছে: 13 September 2019. 
  16. "Lovlina Borgohain settles for bronze in AIBA Women's World Championships" (en ভাষাত). www.aninews.in. 12 October 2019. https://www.aninews.in/news/sports/others/lovlina-borgohain-settles-for-bronze-in-aiba-womens-world-championships20191012191304/. 
  17. "Five world-medallist boxers sign up with IOS" (en ভাষাত). Deccan Herald. 15 November 2019. https://www.deccanherald.com/sports/other-sports/five-world-medallist-boxers-sign-up-with-ios-776499.html. 
  18. "Lovlina Borgohain's Tokyo qualification big boost to boxing: AABA Official" (en ভাষাত). www.telegraphindia.com. 11 March 2020. https://www.telegraphindia.com/states/north-east/lovlina-borgohain-s-tokyo-qualification-big-boost-to-boxing-aaba-official/cid/1752555. 
  19. "Olympic-bound Lovlina Borgohain ends with bronze at Asian Qualifiers" (en ভাষাত). www.outlookindia.com. 10 March 2020. https://www.outlookindia.com/newsscroll/olympicbound-lovlina-borgohain-ends-with-bronze-at-asian-qualifiers/1757219. 
  20. "টকিঅ’ত ভাৰত; অলিম্পিকৰ ২৭ জুলাইৰ ফলাফল". ২৭ জুলাই, ২০২১. Archived from the original on 28 July 2021. https://web.archive.org/web/20210728053849/http://olympiasports.in/india-at-tokyo-result-of-the-day-27-july/। আহৰণ কৰা হৈছে: 28 July 2021. 
  21. 21.0 21.1 "পদকলৈ এতিয়াও বহু দূৰ; লাভলীনাৰ সমুখত বৃহৎ প্ৰত্যাহ্বান". ২৭ জুলাই, ২০২১. Archived from the original on 28 July 2021. https://web.archive.org/web/20210728054631/http://olympiasports.in/a-tough-fight-ahead-of-olympic-glory-for-lovlina/। আহৰণ কৰা হৈছে: 28 July 2021. 
  22. "টকিঅ’ত ইতিহাস ৰচিলে লাভলীনাই". ২৭ জুলাই, ২০২১. Archived from the original on 28 July 2021. https://web.archive.org/web/20210728052229/http://olympiasports.in/assam-boxer-lovlina-borgohain-storms-into-the-quarter-final-at-tokyo/। আহৰণ কৰা হৈছে: 28 July 2021. 
  23. "TOKYO OLYMPICS 2020 : লাভলি লাভলিনা, ভাৰতেৰ দ্বিতীয় পদক". ৩০ জুলাই,২০২১. https://tv9bangla.com/sports/tokyo-olympics-2020-21/lovlina-borgohain-secures-2nd-medal-for-india-marches-into-semis-391564.html/amp। আহৰণ কৰা হৈছে: 30 July 2021. 
  24. "Lovlina Makes History : ইতিহাস ৰচিলে লাভলীনাই, অলিম্পিকত পদক বিজয়ী প্ৰথম অসমীয়াৰ গৌৰৱ অৰ্জন, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যজুৰি অভিনন্দন লাভলীনাক।". ৩০ জুলাই,২০২১. https://assam.news18.com/news/lifestyle/lovlina-makes-history-first-assamese-to-win-medal-at-olympics-wishes-poured-throught-the-state-manju-b-135611.html। আহৰণ কৰা হৈছে: 30 July 2021. 
  25. "Boxing - SURMENELI Busenaz vs BORGOHAIN Lovlina - Semifinal 1 Results". https://olympics.com/tokyo-2020/olympic-games/en/results/boxing/results-women-s-welter-64-69kg-sfnl-000100-.htm?utm_campaign=fullarticle&utm_medium=referral&utm_source=inshorts। আহৰণ কৰা হৈছে: 4 August 2021. 
  26. Peesara, Anuraag (4 August 2024). "Paris 2024 Olympics: Boxing - Lovlina Borgohain Secures Semi-Final Spot in Women’s 71kg". Olympics.com. https://olympics.com/en/news/paris-2024-olympics-boxing-lovlina-borgohain-women-71kg-quarter-finals-report. 
  27. "Himanta Biswa Announces Names of 19 Awardees in 3 Categories, Assam Baibhav, Saurav & Gaurav Award". The Sentinel. 12 December 2021. https://www.sentinelassam.com/amp/north-east-india-news/assam-news/himanta-biswa-announces-names-of-19-awardees-in-3-categories-assam-baibhav-saurav-gaurav-award-566187. 
  28. "President Kovind virtually presents Arjuna Award to Assam's boxer Lovlina Borgohain". NORTHEAST NOW. 29 August 2020. https://nenow.in/north-east-news/assam/president-kovind-virtually-presents-arjuna-award-to-assams-boxer-lovlina-borgohain.html. 
  29. "National Sports Awards 2021: Neeraj Chopra, Lovlina Borgohain, Mithali Raj Among 9 Others to Get Khel Ratna" (en ভাষাত). News18. 2 November 2021. https://www.news18.com/news/sports/national-sports-awards-2021-neeraj-chopra-lovlina-borgohain-mithali-raj-among-9-others-to-get-khel-ratna-4396067.html। আহৰণ কৰা হৈছে: 2 November 2021. 
  30. "BCCI announces prize money". Live Mint. 2021. https://www.livemint.com/sports/olympics-news/bcci-announces-cash-rewards-for-indian-olympic-medallists-11628347114453.html। আহৰণ কৰা হৈছে: 7 August 2021. 
  31. "Integrated Sports Policy of Assam". Government of Assam. 2018. https://dsyw.assam.gov.in/sites/default/files/swf_utility_folder/departments/sports_medhassu_in_oid_5/menu/document/Sports%20Policy_Coloured-compressed.pdf। আহৰণ কৰা হৈছে: 4 August 2021. 
  32. Sharma, Nitin (12 July 2021). "Rs 6 crore or Rs 25 lakh for Olympics gold? Home state key to cash prize". Indian Express. https://indianexpress.com/article/olympics/rs-6-crore-or-rs-25-lakh-for-olympics-gold-home-state-key-to-cash-prize-7400117/. 
  33. "Assam Congress Announces Rs. 3 Lakhs To Lovlina Borgohain" (en-US ভাষাত). Pratidin Time. https://www.pratidintime.com/assam-congress-announcesrs-3-lakhs-to-lovlina-borgohain/amp/। আহৰণ কৰা হৈছে: 8 August 2021. [সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ

সম্পাদনা কৰক