২ অক্টোবৰ
তাৰিখ
অক্টোবৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | ৩১ | ||
২০২৪ |
২ অক্টোবৰ (ইংৰাজী: 2 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৫তম (অধিবৰ্ষত ২৭৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল-
ঘটনাৱলী
সম্পাদনা কৰক- ১১৮৭ - চুলতান ছালাদিনে ক্ৰূছেডাৰৰ পৰা জেৰুজালেম দখল কৰে।
- ১৫৩৫ - জেক কাৰ্টিয়াৰে মাউণ্ট ৰয়েল (মণ্ট্ৰিয়েল, ইংঃ Montreal) আৱিষ্কাৰ কৰে।
- ১৮৩৬ - সাগৰত ৫ বছৰ থকাৰ পিছত চাৰ্লছ ডাৰউইনে এইচএমএছ বিগলত উঠি ইংলেণ্ডলৈ উভতি আহে।
- ১৯৮৬ - শিখসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক হত্যাৰ চেষ্টা কৰিছিল।
- ১৯৮৮ - প্ৰাক্তন বিশ্ব হেভিৱেট বক্সিং চেম্পিয়ন লেন'ক্স লিৱিছে কানাডাক প্ৰতিনিধিত্ব কৰি চিউল অলিম্পিকত চুপাৰ-হেভিৱেটত স্বৰ্ণ পদক জয় কৰে।
জন্ম
সম্পাদনা কৰক- ১৪৫২ - ৰিচাৰ্ড তৃতীয়, ইংলেণ্ডৰ ৰজা (১৪৮৩-৮৫), ইংলেণ্ডৰ নৰ্থম্পটনছায়াৰৰ ফোথাৰিংহাই কেচেলত জন্মগ্ৰহণ কৰিছিল। (জঃ ১৪৮৫)
- ১৮৪৭ - প'ল ভন হিণ্ডেনবাৰ্গ, প্ৰথম বিশ্বযুদ্ধৰ জাৰ্মান সেনাপতি আৰু জাৰ্মানীৰ ৰাষ্ট্ৰপতি (১৯২৫-৩৪), প্ৰুছিয়াৰ প'চেনৰ ডাচীত জন্মগ্ৰহণ কৰিছিল। (জঃ ১৯৩৪)
- ১৮৫২ - ছাৰ ৱিলিয়াম ৰামছে, স্কটিছ ৰসায়নবিদ যিয়ে নিয়ন, ক্ৰিপ্টন আৰু জেনন আৱিষ্কাৰ কৰিছিল আৰু আৰ্গন, ৰেডন, কেলচিয়াম আৰু বেৰিয়ামৰ সহ-আৱিষ্কাৰক আছিল। ১৯০৪ চনত তেওঁক ৰসায়ন বিজ্ঞানৰ নবেল বঁটা প্ৰদান কৰা হয়।
- ১৮৬৯ - মহাত্মা গান্ধী, জাতিৰ পিতা, অহিংসাৰ পূজাৰী আৰু ব্ৰিটিছ ভাৰতৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা।
- ১৯০৪ - লাল বাহাদুৰ শাস্ত্ৰী, ভাৰতবৰ্ষৰ দ্বিতীয় প্ৰধানমন্ত্ৰী।
- ১৯০৯ - আনন্দিৰাম দাস, অসমৰ এজন প্ৰসিদ্ধ গীতিকাৰ।
- ১৯৫১ - অনিল বৰা, ছাত্ৰ যুৱনেতা আৰু অসমৰ মাধ্যম আন্দোলনৰ ছহিদ।
- ১৯৬৩ - মাৰিয়া এঞ্জেলিটা ৰেচ্ছা, ফিলিপাইনছৰ সাংবাদিক আৰু লেখক।
- ১৯৬৬ - কৃষ্ণ কুমাৰ মেনন, কে কে মেননৰ দ্বাৰা অধিক পৰিচিত, এজন ভাৰতীয় অভিনেতা যি মুখ্যতঃ হিন্দী চলচ্চিত্ৰত কাম কৰে, আৰু লগতে গুজৰাটী, তামিল, মাৰাঠী আৰু তেলেগু চলচ্চিত্ৰতো কাম কৰে।
- ১৯৯৭ - লাভলীনা বৰগোহাঁই বা লাভলীনা বৰগোহাঞি, এগৰাকী ভাৰতীয় ৱেল্টাৰৱেইট শ্ৰেণীৰ বক্সাৰ। অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি।
- ২০১১ - লিচিপ্ৰিয়া কাংগুজাম, ভাৰতৰ শিশু পৰিৱেশ কৰ্মী।
মৃত্যু
সম্পাদনা কৰক- ১৮৫৩ - ফ্ৰেন্সফৰ আৰাগ' (ফৰাছী: François Arago), ফৰাচী পদাৰ্থবিজ্ঞানী আৰু জ্যোতিৰ্বিজ্ঞানী, সূৰ্যৰ ক্ৰমমণ্ডল (chromosphere) আৱিষ্কাৰ কৰিছিল (নিম্ন বায়ুমণ্ডল, মুখ্যতঃ হাইড্ৰজেন গেছৰ দ্বাৰা গঠিত) আৰু গ্ৰহবোৰৰ ব্যাসৰ সঠিক অনুমান কৰিছিল।(জন্ম: ২৬ ফেব্ৰুৱাৰী ১৭৮৬)
- ১৯০৬ - ৰাজা ৰবি বৰ্মা, বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী আছিল। (জন্ম: ২৯ এপ্ৰিল, ১৮৪৮)
- ১৯৫৩ - জ'ন মাৰ্টিন, আমেৰিকান চিত্ৰশিল্পী।
- ১৯৬৬ - ৰিচাৰ্ড এডৱিন শ্ব'প, আমেৰিকান ভাইৰ'ল'জিষ্ট, যি ৰকফেলাৰ ইনষ্টিটিউটত তেওঁৰ পৰামৰ্শদাতা পল এ লুইছৰ সৈতে একেলগে ১৯৩১ চনত গাহৰিৰ ক্ষেত্ৰত ইনফ্লুৱেঞ্জা ভাইৰাছ - A চিনাক্ত কৰে। (জন্ম: ডিচেম্বৰ ২৫, ১৯০১)
- ১৯৭৫ - কে কামৰাজ, তেখেত তামিলনাডুৰ মুখ্যমন্ত্ৰী আৰু সাংসদ আছিল।
দিৱস
সম্পাদনা কৰক- আজি গান্ধী জয়ন্তী (ভাৰত)।
- আজি আন্তৰ্জাতিক অহিংসা দিৱস।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা Archived 2007-01-20 at the Wayback Machine
- দ্য নিউ য়ৰ্ক টাইমচ: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- এই দিনত কানাডাত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা Archived 2012-12-09 at Archive.today