লামডিং সংৰক্ষিত বনাঞ্চল

অসমৰ নগাওঁ জিলাত অৱস্থিত সংৰক্ষিত অৰণ্য

লামডিং সংৰক্ষিত বনাঞ্চল অসমৰ নগাওঁ জিলাত অৱস্থিত এখন সংৰক্ষিত অৰণ্য৷ এই অৰণ্য দক্ষিণ নগাওঁ বন সংমণ্ডলৰ অন্তৰ্গত৷[1] ২০০৩ চনত এই অৰণ্যক ’ধনশিৰি-লামডিং এলিফেন্ট ৰিজাৰ্ভ’ নামেৰে হস্তীপ্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হৈছে৷

ভৌগোলিক বিৱৰণ সম্পাদনা কৰক

এই বনাঞ্চলৰ মাটিকালি ২২, ৪০২.৮৩০ হেক্টৰ৷ পৰিচালনাৰ সুবিধাৰ বাবে বনাঞ্চলখনক লংকা আৰু লামডিং বনাঞ্চলত বিভক্ত কৰা হৈছে৷[1] এই বনাঞ্চলৰ পূবে কাৰ্বি আংলঙৰ লাংগ্ৰি অভয়াৰণ্য, পশ্চিমে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ লাংটিং মুপা সংৰক্ষিত বনাঞ্চল৷

জৈৱবৈচিত্ৰ্য সম্পাদনা কৰক

লামডিং বনাঞ্চলৰ জৈৱবৈচিত্ৰ্য চহকী৷ এইঅৰণ্যত মৌপিয়া, বিহুৱতী, ফেচু, মকৰাখাঁতী, নাচনী আদি বিভিন্ন চৰাই, পখিলা আৰু জীৱ-জন্তু দেখা পোৱা যায়৷

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 ’লামডিঙৰ হাবিত চৰাই বিচাৰি সাদিন’- দেবাংগ মহলীয়া; প্ৰান্তিক, ১৬-২৮ ফেব্ৰুৱাৰী, ২০১০