লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী

লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী (ইংৰাজী: Lal Bahadur Shastri National Academy of Administration, সংক্ষেপে LBSNAA) ভাৰতত সাৰ্বজনিক নীতি আৰু লোক প্ৰশাসনৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এই একাডেমীখন উত্তৰাখণ্ডমুচৌৰীত অৱস্থিত। ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় পুলিচ সেৱা, ভাৰতীয় বন সেৱা আৰু অন্যান্য গ্ৰুপ-A কেন্দ্ৰীয় সেৱাসমূহৰ অসামৰিক সেৱাৰ প্ৰাধিকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰা একাডেমীখনৰ মুখ্য উদ্দেশ্য। ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰশিক্ষিত প্ৰাধীকাৰীসকলক দিল্লীত অৱস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা লোক ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়। ভাৰতত প্ৰথম শ্ৰেণীৰ অসামৰিক সেৱাৰ প্ৰাধিকাৰীসকলক সংঘ লোক সেৱা আয়োগ দ্বাৰা পৰিচালিত প্ৰতিযোগিতামূলক অসামৰিক সেৱা পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত কৰা হয়। পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাধিকাৰীসকলে লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমীত চাৰিমহীয়া আধাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। ইয়াৰ পাছত ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাধিকাৰীসকলে এই একাডেমীখনত তেওঁলোকৰ বৃত্তিগত প্ৰশিক্ষণ আৰম্ভ কৰে।

লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী
মূলমন্ত্ৰ "शीलं परम भूषणम्" (সংস্কৃত)
(চৰিত্ৰ হৈছে সৰ্বোচ্চ গুণ)
স্থাপিত ১৯৫৯
ধৰণ ভাৰতত সাৰ্বজনিক নীতি আৰু লোক প্ৰশাসনৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান
সঞ্চালক শ্ৰীনিৱাস কাটিকিথালা, আই এ এছ
স্থান মুচৌৰী, উত্তৰাখণ্ড
চৌহদ মুচৌৰী
ভুক্তি ভাৰত চৰকাৰ
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

সঞ্চালকসকল সম্পাদনা কৰক

ক্ৰমিক নং নাম কাৰ্যকালৰ আৰম্ভ কাৰ্যকাল শেষ সেৱা সংবৰ্গ
২৬ শ্ৰীনিৱাস আৰ. কাটিকিথালা ৫ ছেপ্টেম্বৰ ২০২১ ... আই এ এছ গুজৰাট
২৫ লোক ৰঞ্জন ১৫ এপ্ৰিল ২০২১ ৪ ছেপ্টেম্বৰ ২০২১ আই এ এছ ত্ৰিপুৰা
২৪ সঞ্জীৱ চোপ্ৰা ১ জানুৱাৰী ২০১৯ ৩১ মাৰ্চ ২০২১ আই এ এছ পশ্চিম বঙ্গ
২৩ উপমা চৌধাৰী ১১ ডিচেম্বৰ ২০১৬ ৩১ ডিচেম্বৰ ২০১৮ আই এ এছ হিমাচল প্ৰদেশ
২২ ৰাজীৱ কাপুৰ ১ মাৰ্চ ২০১৪ ৯ ডিচেম্বৰ ২০১৬ আই এ এছ উত্তৰ প্ৰদেশ
২১ পদ্মবীৰ সিং ২ ডিচেম্বৰ ২০১০ ২৮ ফেব্ৰুৱাৰী ২০১৪ আই এ এছ মধ্য প্ৰদেশ
২০ ৰুদ্ৰ গঙ্গাধৰণ ৬ এপ্ৰিল ২০০৬ ২ ছেপ্টেম্বৰ ২০০৯ আই এ এছ কেৰালা
১৯ ডি. এছ. মাথুৰ ২৯ অক্টোবৰ ২০০৪ ৬ এপ্ৰিল ২০০৬ আই এ এছ মধ্য প্ৰদেশ
১৮ বিনোদ কুমাৰ ২০ জানুৱাৰী ২০০৩ ১৫ অক্টোবৰ ২০০৪ আই এ এছ নাগালেণ্ড
১৭ ৱাজাহাট হাবিবুল্লা ৮ নৱেম্বৰ ২০০০ ১৩ জানুৱাৰী ২০০৩ আই এ এছ জম্মু আৰু কাশ্মীৰ
১৬ বি. এছ. বাশৱান ৬ অক্টোবৰ ১৯৯৬ ৮ নৱেম্বৰ ২০০০ আই এ এছ মধ্য প্ৰদেশ
১৫ এন. চি. ছাক্সেনা ২৫ মে' ১৯৯৩ ৬ অক্টোবৰ ১৯৯৬ আই এ এছ উত্তৰ প্ৰদেশ
১৪ বি. এন. যুগান্ধৰ ২৬ মে' ১৯৮৮ ২৫ জানুৱাৰী ১৯৯৩ আই এ এছ অন্ধ্ৰ প্ৰদেশ
১৩ আৰ. এন. চোপ্ৰা ৬ জুন ১৯৮৫ ২৯ এপ্ৰিল ১৯৮৮ আই এ এছ মধ্য প্ৰদেশ
১২ কে. ৰামানুজন ২৭ ফেব্ৰুৱাৰী ১৯৮৪ ২৪ ফেব্ৰুৱাৰী ১৯৮৫ আই এ এছ বিহাৰ
১১ আৰ. কে. শাস্ত্ৰী ৯ নৱেম্বৰ ১৯৮২ ২৭ ফেব্ৰুৱাৰী ১৯৮৪ আই এ এছ ৰাজস্থান
১০ আই. চি. পুৰী ১৬ জুন ১৯৮২ ১১ অক্টোবৰ ১৯৮২ আই এ এছ পঞ্জাব
পি. এছ. অপ্পু ২ আগষ্ট ১৯৮০ ১ মাৰ্চ ১৯৮৩ আই এ এছ বিহাৰ
জি. চি. এল. জনেজা ২৩ জুলাই ১৯৭৭ ৩০ জুন ১৯৮০ আই এ এছ উৰিষ্যা
বি. চি. মাথুৰ ১৭ মে' ১৯৭৭ ২৩ জুলাই ১৯৭৭ আই এ এছ উৰিষ্যা
ৰাজেশ্বৰ প্ৰসাদ ১১ মে' ১৯৭৩ ১১ এপ্ৰিল ১৯৭৭ আই এ এছ উত্তৰ প্ৰদেশ
ডি. ডি. সাথী ১৯ মাৰ্চ ১৯৬৯ ১১ মে' ১৯৭৩ আই চি এছ -
কে. কে. দাস ১২ জুলাই ১৯৬৮ ২৪ ফেব্ৰুৱাৰী ১৯৬৯ আই চি এছ -
এম. জি. পিম্পুটকাৰ ৪ ছেপ্টেম্বৰ ১৯৬৫ ২৯ এপ্ৰিল ১৯৬৮ আই চি এছ -
এছ .কে. দত্ত ১৩ আগষ্ট ১৯৬৩ ২ জুলাই ১৯৬৫ আই চি এছ -
এ. এন. ঝা ১ ছেপ্টেম্বৰ ১৯৫৯ ৩০ ছেপ্টেম্বৰ ১৯৬২ আই চি এছ -

বাহ্যিক সংযোগ সম্পাদনা কৰক