লুক লাও বা ৰহি হল লাওৰ এটা ডাঠ ৰূপ। ই আহোম ভাষাৰ পৰা আহিছে আৰু ইয়াক সাধাৰণতে আহোমসকলে ব্যৱহাৰ কৰে।

লোক লাও
প্ৰকাৰ ডাঠ , চেপা
প্ৰস্তুতকৰ্তা আহোম জনগোষ্ঠী
উৎপত্তিৰ দেশ গুৱাংচি , দক্ষিণ চীন
ৰং বগা (চাউল আৰু ভীমকলৰ ক্ষেত্ৰত), হালধীয়া (কঠালৰ ক্ষেত্ৰত)
সোৱাদ চাউল,কঠাল,ভীমকল
ভিন্ন প্ৰকাৰ লোক লাও, নাম লাও
আনুষংগিক পণ্য লাও

বিশেষত্ব সম্পাদনা কৰক

লুক লাও চেপা ৰসৰ পৰা প্ৰস্তুত হয় বাবে ইয়াৰ ৰং সোণালী আৰু ইয়াৰ গোন্ধো অতি সুন্দৰ। ইয়াৰ এটা মিঠা সোৱাদ থাকে। লুক লাওত সুৰাগত গুণৰ শতকৰা হাৰ (alcohol percentage) নাম লাওতকৈ বেচি থাকে। এই পানীয় কেবাবিধ বনৌষধিৰ ৰস মিলাই বনোৱা বাবে ই স্বাস্থ্যকৰ পানীয় আহাৰৰ দৰে কাম কৰে।[1] ই বিশেষকৈ প্ৰসাৱ পৰিস্কাৰ কৰি গাৰ পৰা গৰম আঁতৰাই দেহাটোক আৰাম দিয়াৰ লগতে কিডনীটোক পৰিস্কাৰ কৰি ৰাখে। ৰ’দত কৰা শাৰীৰিক শ্ৰমৰ পিছত এইবিধ পানীয় বহুতো খেতিয়কে সেৱন কৰা দেখা যায়। এই বিধ ঐতিহাসিক পানীয়, এবিধ অতি বিখ্যাত পানীয় আৰু লগতে মে-ডাম-মে-ফী উৎসৱৰো এক অপৰিহাৰ্য্য দ্ৰৱ্য বা উপাদান।[2] [3]

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Session, North East India History Association (2003) (en ভাষাত). Proceedings of North East India History Association. The Association. পৃষ্ঠা. 113. https://books.google.co.in/books?id=eDluAAAAMAAJ. 
  2. Gogoi, Lila (1991) (en ভাষাত). The History of the system of Ahom administration. Punthi Pustak. পৃষ্ঠা. 209. https://books.google.co.in/books?id=VtcsAAAAIAAJ. 
  3. Gogoi, Pushpa (1996) (en ভাষাত). Tai of North East India. Chumphra Printers and Publishers. পৃষ্ঠা. 120. https://books.google.co.in/books?id=EBJuAAAAMAAJ. 

বাহ্যিক সংযোগ সম্পাদনা কৰক