আহোম জনগোষ্ঠী

উত্তৰ-পূব ভাৰতৰ আটাইতকৈ ডাঙৰ টাই জনগোষ্ঠী

টাই আহোম বা হা-চামসকল (ইংৰাজী: Ahom or Tai-Ahom, আহোম: ফান টাই আহোম) হৈছে অসম আৰু অৰুণাচলত বসবাস কৰা এটা বৃহত্তৰ টাই জাতিৰ অন্তৰ্গত উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ টাই জনগোষ্ঠী। এওঁলোক বিভিন্ন সময়ত চীনয়ুন্নান প্ৰদেশৰ পৰা অহা টাই মানুহৰ বংশধৰ। ঐতিহাসিকভাৱে চীনদেশৰ দেহং দাই স্বায়ত্ব শাসিত প্ৰান্তৰ (পূৰ্বৰ পূব মৌঙ মাও অঞ্চলৰ) দাইকোঁৱৰ চাওলুং চুকাফাৰ লগত ১২২৮ চনত অহা ৯০০০ টাই লোকৰ ঠালটোৱে সৰ্ববৃহৎ টাই ঠাল যি ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজ্য (মৌঙ দুন চুন খাম) স্থাপন কৰি অসমত প্ৰায় ৬১০ বছৰ শাসন কৰে। অসমগোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, লখিমপুৰ, তিনিচুকীয়া, ধেমাজী আৰু কাৰ্বি আংলং আৰু অৰুণাচল প্ৰদেশলোহিত জিলাত টাই আহোম সম্প্ৰদায়ৰ লোক দেখা যায়। এই ঠালটোৱেই কালক্ৰমত ‘আহোম’ নামেৰে জনাজাত হৈ পৰে আহোমসকলে নিজকে কিন্তু ‘নোৱা’ বা ‘নৰা’ নামেৰেহে চিনাকি দিছিল।

টাই-আহোম
হা-চাম
Ahom boy and girl
মুঠ জনসংখ্যা
২০ লাখ (১৯৯০ আনুমানিক)
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত:
        অসম ১৯  লাখ
        অৰুণাচল প্ৰদেশ ৫০,০০০
প্ৰধান জিলা: লোহিত জিলা (অৰুণাচল প্ৰদেশ), লখিমপুৰ জিলা, ধেমাজি জিলা, যোৰহাট জিলা, গোলাঘাট জিলা, তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, শিৱসাগৰ জিলা, কাৰ্বি আংলং জিলা,
অন্য জিলা: নগাঁও জিলা, কাছাৰ জিলা, কৰিমগঞ্জ জিলা, মৰিগাঁও জিলা, কামৰূপ জিলা, দৰং জিলা
ভাষাসমূহ

আহোম ভাষা

ধৰ্ম

আহোম ধৰ্ম(ঝুৱাঙ গুৱাংচি মুলীয় প্ৰাচীন পূৰ্বপুৰুষ উপাসনা আৰু মহাজানী বৌদ্ধ ধৰ্মৰ বিভিন্ন উপাদান মিলিত হৈ),থেৰাবাদী (আধুনিক যুগত আহোম বৌদ্ধ সংঘ মিলিত হৈ)।

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

দাই চীনা লোক, থাই লোক,টাই জাতি

যোৰহাটৰ ছ্যুকাফা সমন্বয় ক্ষেত্ৰ

নামকৰণসম্পাদনা কৰক

আহোম শব্দটো বিভিন্ন ক্ষেত্ৰত বিভিন্ন লোকে ব্যৱহাৰ কৰিছিল। বৰঅম্ৰৰ প্ৰকাশিত পুথিত উল্লিখিত মতে হা-চাম শব্দটো বিভিন্ন সময়ত ব্ৰহ্মদেশৰ বিভিন্ন জনগোষ্ঠীয়ে চুকাফাৰ লগত অহা টাই ঠালটোক বুজাবলৈ ব্যৱহাৰ কৰিছিল। সেইসময়ৰ বিভিন্ন জনগোষ্ঠীয়ে টাইসকলক পৰাস্ত কৰিব নোৱাৰি অসম বা আহম বা অহম বুলি মাতিছিল। কালক্ৰমত আধুনিক যুগত তেওঁলোকক আহোম নামেৰে মতা হৈছিল। কিন্তু আহোমসকলে টাই বুলিয়ে নিজকে পৰিচয় দিয়ে সেয়েহে আহোমসকল আৰু আহোম সংগঠনসমূহে টাই আহোম শব্দটো অধিক প্ৰয়োগ কৰা দেখা যায়। এওঁলোকে শাসন কৰা অঞ্চলটোক অসম বা আচাম বুলিয়ে কোৱা হৈছিল। শংকৰদেৱেও আহোমসকলক "অসম মুলুক" বুলি উল্লেখ কৰিছিল আৰু মোগলসকলেও আচাম বুলি কৈছিল অৱশ্যে থলুৱা লোকসকলে আহোম শব্দটোৱে ব্যৱহাৰ কৰিছিল। কালক্ৰমত মোগলসকলেও আহোম ৰাজ্যক আৰু ৰাজ্যৰ লোকক আচাম বুলি উল্লিখিত কৰিছিল। আহোমসকলে কিন্তু প্ৰথমতে নিজকে টাই বুলিহে কৈছিল। কিছু বিদ্বানৰ মতে চুকাফাৰ লগত অহা টাই ঠালটোৰ আগত অহা টাইসকলক নোৱা বা নৰা বুলি কোৱা হৈছিল। বৰ্তমান টাই-নোৱাসকল চীনদেশত বাস কৰে। এই সম্বন্ধে সত্যেন্দ্ৰনাথ শৰ্মাই নিজৰ ব্যাখ্যা আগ বঢ়াইছিল এনেদৰে-

যদিও শানসকলে নিজৰ পৰিচয় টাই বুলি দিছিল, তেওঁলোকক ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ মাজত আসাম, আসম আৰু কেতিয়াবা অচম হিচাপে জনাজাত আছিল। নতুন অসমীয়া শব্দ আহোম, যাৰ দ্বাৰা আজিৰ টাইসকলক জনা যায়, আসাম অথবা আসমৰ পৰা উৎপত্তি হোৱা। কালক্ৰমত শাসকসকলৰ কাৰণে প্ৰয়োগ কৰা নাম ৰাজ্যৰ নামলৈ পৰিবৰ্তিত হ'ল। কামৰূপৰ নাম সলনি হৈ প্ৰথমে আসাম আৰু পিছলৈ সংস্কৃতকৰণৰ ফলত অসম হয় গৈ যাৰ অৰ্থ হ'ল "অসমকক্ষ, অসমান বা অসমান্তৰাল" ― পণ্ডিতপ্ৰৱৰ সত্যেন্দ্ৰনাথ শৰ্মা

[1]

ইতিহাসসম্পাদনা কৰক

আদি বসতিসম্পাদনা কৰক

টাই আহোমসকলৰ প্ৰথম প্ৰজন্ম মৌঙ ফি আৰু মৌঙ ৰিৰ পৰা মৌঙ মাওৰ দিশলৈ প্ৰব্ৰজন কৰিছিল (বৰ্তমান এই ঠাইকেইখন চীনদেশচিপ-চং-পান্না (বা Xishuangbanna), দেহংদাই স্বায়ত্তশাসিত প্ৰান্ত আৰু ৰুইলীত পৰে)।[2] ৰাজনৈতিক উচ্চাকাংক্ষাই চুকাফা নামৰ এজন টাই কোঁৱৰক পশ্চিমৰ ফালে আগুৱাই আহি এখন নতুন দেশৰ শাসনকৰ্তা হ'বলৈ অনুপ্ৰাণিত কৰিছিল। ১২২৮ খ্ৰীষ্টাব্দত তেওঁ প্ৰায় ৯০০০ অনুগামীৰ সৈতে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে।[3] তেওঁলোকে লগত শালি খেতি আৰু বুৰঞ্জী লিখাৰ পৰম্পৰাও লৈ আহিছিল। তেওঁলোকে নিগাজীকৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ আৰু দিখৌ নৈৰ পূব অংশত বসবাস কৰিব লয়। বৰ্তমান এই ঠাইসমূহত যথেষ্ট আহোম দেখিব পোৱা যায়।[4]

অসমৰ আন্তঃগাঁথনিসম্পাদনা কৰক

চাওলুংজনাই সমগ্ৰ অসমৰ বিভিন্ন ঠাই ঘূৰি উচিত ঠাইৰ সন্ধান আৰম্ভ কৰে। তেওঁলোকে বৰাহী আৰু মৰাণসকলৰ সৈতে মিলি সম্পৰ্ক গঢ়াই তোলে। ইয়াৰে তিব্বত-বৰ্মী বৰাহী আহোমৰ হৈতে বৈবাহিক সম্পৰ্ক গঢ়ে, মৰাণসকলে নিজৰ স্বকীয়তা বজাই ৰাখে। চুকাফাই ১২৫৩ চনত চে-ৰাই-দয় নামৰ এখন চহৰ নিৰ্মাণ কৰি নিজৰ ৰাজধানীৰূপে মৰ্য্যদা দিয়ে যাক বৰ্তমান চৰাইদেও বুলিও কোৱা হয়।[5]

পুনৰ উদ্ধাৰসম্পাদনা কৰক

১৮৯৩ চনত সদৌ অসম আহোম সভা গঢ়ি উঠে যি অইন ঠাইৰ টাইসকলৰ সৈতে যোগাযোগ আৰম্ভ কৰে।[6]

সমাজসম্পাদনা কৰক

বান-মৌংসম্পাদনা কৰক

টাই আহোমৰ প্ৰাচীন সমাজিক প্ৰথা হ'ল বান-মৌং। এখন নদীৰ পাৰত কেইবাঘৰ মানুহ লগ খাই এখন বান (গাঁও) সৃষ্টি হৈছিল। কেইবাখনো বান লগ হৈ মৌং সৃষ্টি হৈছিল[7]। অইন টাইসকলৰ মাজতো এই প্ৰথা দেখিব পোৱা যায়। বান-মৌং কৃষি ভিক্তিক আৰু এখন নদীক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল। থাই,শান আৰু অইন টাই ভাষাত ইয়াক বান-মৌং বুলিয়ে কোৱা হয়।[8]

ফৈদসম্পাদনা কৰক

আহোমসকলৰ ফৈদ সামাজিক প্ৰথাৰ এক উৎকৃষ্ট উদাহৰণ[9]। তেওঁলোকে প্ৰথমে নিজকে ৭ ভাগ কৰি সাতঘৰীয়া আহোম ফৈদ গঠন কৰে। চ্য়ু (বাঘ) ফৈদত স্ৱয়ম চাওলুংজনা আছে, য'ত অইন চাও-ফা সকলো অন্তৰ্ভুক্ত। দুজন প্ৰধানমন্ত্ৰী চাও-ফ্ৰুং-মৌং (বুঢ়াগোহাঞি) আৰু চাও থাও মৌং (বৰগোহাঞি) ফৈদ[10]। তিনি পুৰোহিত ফৈদ ম'হুং,ম'প্লং,ম'চাম। আৰু চিৰিং ফৈদ, মুঠ সাতটা ফৈদ গঠন হৈছিল। পিছলৈ এই ফৈদসমূহত সন্দিকৈ যুগ হয়। পিছলৈ চাও-ফা সকলৰ ফৈদ চাৰিঙীয়া, দিহিঙীয়া, টিপমীয়া, শামুগুৰিয়া, তুংক্খুঙীয়া, পৰ্বতীয়া, নামৰূপীয়ালৈ বিভক্ত হয়[11]। থিক সেইদৰে,চাও-ফ্ৰুং-মৌং ফৈদ আঠটা, চাও থাও মৌং ষোল্লটা,ম'-চাম বাৰটা, ম'-হুং সাতটা লগতে ম'-প্লং আৰু চি-ৰিং আঠটাকৈ ফৈদত ভাগ হয়। বাকী আহোমসকল কৰ্মসূত্ৰে চাওদাং, ঘৰফলিয়া, লিকচৌ আদিলৈ ভ‍াগ হয়। জয়ধ্বজ সিংহৰ দিনত হিন্দু ধৰ্মৰ প্ৰভাবত পৰি বাইলুং, দেওধাই আৰু মোহন ফৈদক গুচাই পুনৰ নতুনকৈ "সাতঘৰীয়া আহোম" গঠন কৰা হৈছিল য'ত চেতিয়া, লাহন, দুৱৰা, লুখুৰাখন, পাতৰ, ইত্যাদি ফৈদ সমূহক প্ৰথম বাৰৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছিল।

সাহিত্যসম্পাদনা কৰক

সাঁচি-পাতসম্পাদনা কৰক

আহোমসকলৰ নিজৰ লিখা পদ্ধতি আছে যি টাই-ক্ৰাদাই লিপি পৰিয়ালৰ অন্তৰ্গত লিপি যাক আহোম লিপি বোলা হয়[12]। আহোম লিপি টাই-নোৱা[13] সকলৰ পৰা ক্ৰমবিকাশ হোৱা যি দেখিবলৈও একে আছিল চীনৰ চৰকাৰে যাক বৰ্তমান উন্নীতকৰণ কৰিছে[14]। আহোমসকলে নিজা ইতিহাস লিপিবদ্ধ কৰিছিল যাক বুৰঞ্জী বুলি কোৱা হয়[15]। অহোমসকলৰ পূৰ্বে বুৰঞ্জী লিখা প্ৰথা অসমত নাছিল। তেওঁলোকৰ বিভিন্নপ্ৰকাৰৰ ইতিহাস, সমাজ, জ্জ্ জ্যোতিষ, আৰু পূজা-পাতল কৰা পুথি আছে। বিশেষকৈ ম'-লুঙ শ্ৰেণী ম'হুং,ম'প্লং,ম'চামে এই পুথি সমূহ অধিক ব্যৱহাৰ কৰিছিল।

বছৰ গনণাসম্পাদনা কৰক

আহোমসকলৰ নিজা লুনাৰ কেলেণ্ডাৰ আছে যাক লাক-নি-তাও-চি-ঙা[16]বুলি জনা যায়, যি বছৰ গণনাৰ এক প্ৰাচীন নিয়ম। এই প্ৰথা মধ্য টাই ৰাজ্য (চৌং-কৌ) ত প্ৰচলন হৈছিল আৰু ইয়াক আজিও দক্ষিণ পূব এছিয়াৰ টাইসকলে আৰু চীনা সকলে ব্যৱহাৰ কৰে। এই সকলোবোৰ দিন,মাহ আৰু বছৰ গনণা কৰা পুঠিত লিখা হৈছিল[17]

ধৰ্মসম্পাদনা কৰক

আহোম মানুহে পূৰ্বপুৰুষক উৎসৰ্গা কৰাৰ বাহিৰেও আন এটা অদৃশ্য মহান প্ৰাকৃতিক শক্তিক বিশ্বাস কৰে। তাই আহোমৰ পণ্ডিতৰ ( ম' বা মলুঙ্ ) তিনি ফৈদ লোক হল ম-হুং,ম-প্লং,চাংবুন।

আহোম ধৰ্মসম্পাদনা কৰক

আহোম ধৰ্ম হল এটা পৰম্পৰাগত টাইধৰ্ম, ইয়াত মূলতঃ পূৰ্বপুৰুষ উপাসনা (ফি-দাম) কৰা হয় লগতে ইয়াত বৌদ্ধ আৰু তাও ধৰ্মৰো প্ৰভাব আছে। টাই-আহোমৰ পৰম্পৰাগত বিশ্বাস মতে আহোমসকলে এজন পূৰ্বপুৰুষ দেৱতাক ফা-তু-চিং (ফা:স্বৰ্গ, তু:এজন,চিং:উচ্চ; এজন সৰ্বোত্তম পূৰ্বপুৰুষ; ফা লাই বেত বুলিও কোৱা হয় ) যাৰ দ্বাৰা সমগ্ৰ পৃথিৱী সৃষ্টি হৈছে[18]। তেও অইন দেৱতা; খুন-থেও-খামৰ লগতে চাৰিটা সোণৰ কণী পাৰিছিল বুলি জনবিশ্বাস আছে। চতুৰ্থ জনে অৰ্থাৎ ড্ৰেগন ৰূপী ঙি-ঙাও খামে পৃথিৱীখন সজাই তোলাত সহায় কৰিছিল বুলি বিশ্বাস কৰা হয়। ঙি-ঙাও-খাম বা ড্ৰেগণৰ চিত্ৰ অংকিত চোলা আহোম চাও-ফা সকলে পিন্ধিছিল। লেংদনক মৌং-ফিৰ (বৰ্তমান চীনাৰ টিয়েন) ৰজা হৈছিল আৰু তেওৰ নাতি খুনলৌং আৰু খুনলাইক এখন ঠাই মৌংৰি-মৌংৰামলৈ (বৰ্তমান চীনৰ Xishunagbanna) শাসন কৰিবলৈ পঠিয়াই। এওলোকৰে বংশধৰ আহোম ৰজা সকল। খুনলুং আৰু খুনলাইয়ে চুমফা (সম্পূৰ্ণ নাম:চুমফাৰৌংছেংমৌং; অসমীয়া : চুমদেও ) ক লৈ আনিছিল আৰু বংশানুক্ৰমে চাওলুং চুকাফাই পাই তেওক তেওৰ য়ে-নাইয়েকে দি পথাইছিল। এই সম্পদবিধ আহোমৰ বিশেষ দেওঘৰ যাৰ নাম হ'-ফি তাত ৰখা হয় আৰু আহোমৰজাৰ ৰাজ-অভিষেক খেওন-ৰৌণ-মাই-ক্ৱ' অনুষ্ঠানত অৰ্চনা কৰা হয়।

ধৰ্মীয় পৰম্পৰাসম্পাদনা কৰক

উম-ফা: এই অনুষ্ঠান ভাগ পূৰ্বপুৰুষ শাসক দেৱতা লেং-দনক স্মৰণ কৰি অতি ভব্য আৰু উলহ মালহেৰে পালন কৰা হয়। ইয়াত লেংদনৰ প্ৰিয় খাদ্য মাংসও দিয়া হয় আৰু বিভিন্ন জীৱ জন্তু প্য়াত-চি কৰি উৎসৰ্গা কৰা হয়। এই অনুষ্ঠানটো ৫ বছৰৰ মূৰত এবাৰ উদযাপন কৰা হয় আৰু ইয়াক আহোম শাসনৰ অন্ত হোৱাৰ পিছতো পালন কৰি অহা হৈছে।

চাই-ফা: এই অনুষ্ঠানত সকলো প্ৰজাইয়ো যোগদান কৰিছিল।

য়ে-চেং-ফা: বিদ্যা আৰু কলাৰ প্ৰতীক পূৰ্বপুৰুষ দেৱী য়ে-চেং-ফাৰ স্মৃতিত এই পৰম্পৰা পালন কৰা হয়।

ফুৰা-লুং বা ফ্ৰা-লুং: এই অনুষ্ঠানত ফুৰা-তেৰা বা ফুৰা-লুংক স্মৰণ কৰা হয়। ইয়াত টাই সকলৰ জনজাতীয় ধৰ্ম আৰু বৌদ্ধ সংস্কৃতিৰ প্ৰভাৱ আছে। আহোমৰ ম'-লৌং সকলে এই অনুষ্ঠানত আই-চিং-লাও (টাই-আহোমৰ প্ৰাৰ্থনা) গায়। এই অনুষ্ঠানত কোনো জীৱ উৎসৰ্গা কৰা নহয়।

ৰিক-খ্ৱন : এই অনুষ্ঠান ভাগি কোনো যুদ্ধৰ সময়ত উচ্চ শক্তিক স্মৰণ কৰি পালন কৰা হয়। আহোম ভাষাত ৰিক শব্দৰ অৰ্থ মতা / আহ্ৱান কৰা খ্ৱনৰ অৰ্থ দীৰ্ঘায়ু। এই অনুষ্ঠানত জল দেৱতা খাও-খামক স্মৰণ কৰা হয়।

মে-দাম-মে-ফি : এই অনুষ্ঠানটো পূৰ্বপুৰুষক স্মৰণ কৰি প্ৰতি বছৰে ৩১ জানুৱাৰী তাৰিখে পালন কৰা হয়। আহোম দম্পতীয়ে চেং-কা-ফাক (খুন-থেও-খামৰ পুত্ৰ) পাকঘৰৰ দক্ষিণ খুটাত স্মৰণ কৰা হয়।

বানফি-ফুৰালুংৰ পূৰ্বপুৰুষ উপাসনাসম্পাদনা কৰক

টাই-আহোমসকলে নিজৰ প'-লিন প'-থাও সকলক স্মৰণ কৰে। তেওঁলোকে বিশ্বাস কৰে যে পূৰ্বপুৰুষক পূজা নকৰিলে ঘৰখনত অপায় অমঙ্গল হয় আৰু পূৰ্বপুৰুষক পূজা কৰিলে তেওঁলোকে ঘৰখন বিপদ আপদৰ পৰা বচাই ৰাখে। টাই-আহোমসকলে নিজৰ উৎসৱ পাৰ্বন বিবাহ আদিত প'-লিন প'-থাও সকলক স্মৰণ কৰে। এজন ব্যক্তি মৰাৰ পিছত ফি-দাম হৈ যায় বুলি বিশ্বাস কৰা হয়। তেওঁলোকক পবিত্ৰ বুলি গ গণ্য কৰি স্মৰণ কৰা হয় অইন সমাজৰ দৰে ভুত বা মৃত অপশক্তি বুলি ধৰা নহয়। টাই-আহোম সকলে বতৰৰ ফল,শাক-পাচলি আদি ফি-দামক তৰ্পন কৰে। বিশেষকৈ তিনি পুৰোহিত ফৈদ ম'হুং, ম'প্লং, ম'চাম সকলে অধিক স্পষ্ট ভাবে ফি-দাম কৰে। দাম সকলক বিভিন্ন ভাগত ভগোৱা হয় সেয়া হল- ঘাই দাম, চি-ৰৌণ-দাম,ন'-দাম আৰু জকৰুৱা দাম।

ঘাই দাম: 'ঘাই' মানে মূল আৰু দাম মানে মৃতক, ঘাই দাম মানে ঘৰৰ জ্যেষ্ঠ মৃত বুঢ়া দম্পতী।

ছি-ৰৌণ-দাম: চি মানে চাৰি, ৰৌণ মানে ঘৰ। ছি-ৰৌণ-দাম মানে ঘৰখনৰ দম্পতীৰ চাৰি পৃতি পুৰুষ।

জকৰোৱা দাম: জকৰোৱা শব্দটোৰ অৰ্থ হল যি কোনো সন্তান নিদিয়াকৈ মৰিল বা সৰুতে ঢুকাল বা কোনো মানসিক বা শাৰীৰিক ব্যাঘাত জন্মি মৰিল।

ন'-দাম: ন' মানে নতুন, ঘৰৰ গৃহস্থৰ কোনো সম্পৰ্কীয় কোনো লোকৰ মৃত্যু হলে তেওক ন দাম বোলা হয়।

জকৰোৱা দামক বাদ দি বাকী সকলো দামক মিলাই গৃহদাম বোলে আৰু এওলোকক বছৰেকত এবাৰ স্মৰণ কৰা হয়।

বৌদ্ধ প্ৰভাৱসম্পাদনা কৰক

আহোমসকলৰ বৌদ্ধ সংস্কৃতি ফ্ৰা-ত্ৰা-আলং ৰ ভিক্তিত। ইয়াৰ মূল য়ুন্নান বা ব্ৰহ্মদেশ[19]। অইন উত্তৰ পূবৰ টাই সকলে ইয়াক ফ্ৰা-ত্ৰা-সংঘ বুলিও কয়[20]। ফুৰালুং নামৰ পৰম্পৰা ইয়াৰ সৈতে জড়িত। ইয়াৰ সৈতে জড়িত পুথি এখন হল মিং-মাং-ফ্ৰা-লৌং যি শান্তি আৰু সভ্য় হোৱাৰ কথা শিকায়[21]

মৃতকৰ সৎকাৰসম্পাদনা কৰক

 
মৈ-দাম

আহোমসকলৰ মাজত থকা পৰম্পৰা অনুসৰি তেওঁলোকে মৃতদেহ নজ্বলাই বৰং একপ্ৰকাৰৰ বিশেষ বাকচত ভৰাই মৈ-দাম দিয়ে[22]

সংস্কৃতিসম্পাদনা কৰক

ঘৰসম্পাদনা কৰক

আহোমসকলে কাঠ, বাঁহ আদিৰে অইন টাই বা গাঁৱলীয়া থাইসকলৰ দৰে ঘৰ সাজিছিল।[23] সকলোৰে বাৰী আৰু খেতি ঘৰৰ ওচৰতে থাকে। বাঁহেৰে নিৰ্মিত বিশেষ প্ৰকাৰৰ ঘৰ ব্যৱহাৰ কৰে।[23] এই ঘৰসমূহক ৰৌন-হোৱাণ বুলি কোৱা হয় আৰু ইয়াক মাটিৰ পৰা অলপ ওপৰত সজা হয় কিন্তু অন্য জনগোষ্ঠীৰ চাং-ঘৰতকৈ অলপ চাপৰ হয়।[23]

খাদ্যসম্পাদনা কৰক

প্ৰায়বিলাক আহোম (বিশেষকৈ গাঁৱলীয়া)সকলে আমিষভোজী আৰু আজিও টাইসকলৰ খাদ্যাভ্যাসকে চলাই আছে।[24] গাহৰি, কুকুৰা, গৰু, মহ, হাঁহ আদিৰ মাংসৰ উপৰিও আহোমসকলে ভেকুলীৰ মাংস, মুগালেটা, শুকুতী মাছ আৰু আমৰলি টোপ খোৱা দেখা যায়।[25] তেওঁলোকৰ মুখ্য আহাৰ ভাত আৰু মুখ্য পানীয় চাউল ভীমকল বা কঠালৰ পৰা প্ৰস্তুত কৰা লাও নামৰ পানীয়বিধ। ইয়াৰে পানী দিয়া বিধক নাম-লাও আৰু পানী নিদিয়া বিধক লৌক-লাও বোলা হয়। আহোমসকলে কলৰ বাকলিৰ পৰা প্ৰস্তুত কৰা খাৰ ব্যৱহাৰ কৰে আৰু বহু ঔষধি গুণযুক্ত শাক-পাচলি আৰু বেত-গাঁজ খায়। আহোমসকলৰ খাদ্যাভাষে অইন টাইসকলৰ লগত সাদৃশ্য প্ৰদৰ্শন কৰে। তেওঁলোকৰে খাদ্যাভাষত- থেও-দাম (মাটি মাহ), খাও-মুন (ভাত আৰু দালচেনি), সান্দহ গুৰী, চেও-খাও (ভাপত দিয়া ভাত), খাও-মাই (চুঙা-চাউল), তিলেৰে প্ৰস্তুত কৰা তিল পিঠা, খাও-ত্য়েক (আখৈ)।[23] নুতলোৱাকৈ কোমল চাউলৰ প্ৰস্তুতকৰণ বা তৰা পাতত বান্ধি বনোৱা খাও-মাই (চুঙা চাউল)[23]। আহোমসকলে কম মছলাযুক্ত খাদ্য আৰু মাছ, বেঙেনা, বিলাহী আদি পুৰি বা তৰা পাতত দি খাই বেছি ভাল পায়।[23]

বিবাহসম্পাদনা কৰক

 
চ-ক্লং

আহোমসকলে নিজস্ব প্ৰথাৰে সম্পাদিত কৰা বিবাহ পদ্ধতিক “চ-ক্লং” বুলি জনা যায়।[26] চ-ক্লং আহোমসকলৰ বিবাহ পদ্ধতি। ই টাই ভাষাৰ শব্দ ( অৰ্থাৎ যোৰা লগুৱা আৰু ক্লং অৰ্থাৎ পূজা)। ৰাতি বিবাহৰ শুভ লগ্নত মৰুলৰ সন্মুখত সোণ, ৰূপ, পিতল বা কাঠৰ গছাত ১০১ গছ বান-ফাইং চোমচাও প্ৰমুখ্যে ১০১জনা ফুৰাৰ উদ্দেশ্যি প্ৰজ্জ্বলিত কৰা হয়।[26] “চ-ক্লং” বিবাহ পদ্ধতি পোন প্ৰথমে আহোমৰ ফুৰা লেংদনে অক-কাই মহুং ফুৰা ৰজাৰ জ্যেষ্ঠা কন্যা নাং হুন ফাক বিয়া কৰোঁতেই আৰম্ভ হ'ল আৰু তাৰ পিছৰ পৰাই অ-টাই মানুহৰ মাজত প্ৰচলিত হৈ আহিছে। টাই আহোমৰ লাই-লিত নাং হুন ফা নামৰ পুথিখনিত ইয়াৰ বিষয়ে লিখা আছে। লংদনে অক-কাই মহুঙৰ কন্যাক বিয়া কৰাম বুলি সুন্দৰ ৰঙা ফুলাম গামোছাৰে “চকলি ভাৰ” বা “সোধনি ভাৰ” আগবঢ়ায়। কোনো কোনো ঠাইত চকলঙৰ দিনা ম-লুঙক ভোজ-ভাত খুৱাই দৰা-কইনাই ম-লুঙক খ্ৰুপতাং কৰে।[27] মুঠ ২০টা নিয়মেৰে আহোম বিবাহ পদ্ধতি সম্পন্ন হয়। তাৰে কিছু হ'ল:

১. জু-ৰণ (আহোম ভাষাত জু অৰ্থাৎ জীয়াই থকা, ৰণ অৰ্থাৎ চিৰ জীৱনলৈ)

২. ৰিক-খোৱন

৩. আপ-তাং (আপ অৰ্থাৎ গা ধুওৱা, তাং অৰ্থাৎ পৱিত্ৰ)

৪.চাও-বান (বান বা সূৰ্যক আৰাধনা)

৫.জণ-মিং (আশিৰ্বাদ)

ভাষাসম্পাদনা কৰক

টাই আহোম ভাষা হ'ল এটা টাই-ক্ৰাদাঈ পৰিয়ালৰ ভাষা, ই টাই ভাষাবোৰৰ দক্ষিণতম ভাষা। এই ভাষাটোৰ পুনৰ্ব্যৱহাৰ উজনি অসমৰ টাই-আহোম গৱেষকৰ তত্ত্বাৱধানত আৰম্ভ হৈছে। বিভিন্ন প্ৰতিষ্ঠান যেনে- Institute of Tai Studies and Research P. K. Buragohain Institute for Tai and South East Asian Studies, Guwahati, Central Tai Academy, পাটসাকো আদি গঢ় লৈ উঠিছে।[28] আনাগত সময়ত এনেধৰণৰ আৰু প্ৰতিষ্ঠান গঢ় লৈ উঠাৰ সম্ভাৱনা গঢ়ি উঠিছে।[29] হাবুঙটাই বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে যি ন-শিকাৰুসকলক সহায় কৰিছে।

লগতে চাওকসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক

  1. Kakati,Banikanta,Assamese, Its Formation and Development: A Scientific Treatise on the History and Philology of the Assamese Language, Being a Thesis Approved for the Ph.D. Degree of the Calcutta University in 1935, 1995, LBS Publication,https://books.google.co.in/books?id=OTSrmQEACAAJ&dq,https://archive.org/details/AssameseitsFormationAndDevelopment/page/n3}}
  2. (Gogoi 2011:V)
  3. Gait, Edward. A History of Assam. Thacker, Spink and Co. Calcutta, 1906. pg 96
  4. (Terwiel 1996:276)
  5. (Morey 2014:51-52)
  6. (Terweil 1996:278)
  7. (Gogoi 1995:30)
  8. (Gogoi 1995:30)
  9. (Gogoi 1976:15)
  10. (Gogoi 1976:15)
  11. (Gogoi 1976:15)
  12. (Gogoi 2011)
  13. (Gogoi 2011)
  14. (Gogoi 2011)
  15. (Gogoi 2011)
  16. pp.271-278 in ABOURANJIK
  17. Phukan, J.N.2006 pp.1
  18. (Gogoi 1976:1)
  19. (Gogoi 1976:16)
  20. (Gogoi 1976:16–17)
  21. (Gogoi 1976:17)
  22. Proceedings of North East India History Association page 128,129 and 130
  23. 23.0 23.1 23.2 23.3 23.4 23.5 (Phukan 2017:II)
  24. (Gogoi 2011)
  25. (Gogoi 2011)
  26. 26.0 26.1 তাই আহোমৰ বিবাহ পদ্ধতি আৰু চকলঙ...নাঙ দীপালী গগৈ
  27. অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড॰ পৰমানন্দ ৰাজবংশী, ড॰ নাৰায়ন দাস (পৃষ্ঠা- ১১৭)
  28. Dipima Buragohain. Issues of Language Contact and Shift in Tai Ahom
  29. "Ahom". https://www.ethnologue.com/language/aho. 

উৎস প্ৰসংগসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক