• ৰজাৰ বাৰীলৈ গলো, ফুল দেখি চমক খালো, ফুললৈকে মেলিলো হাত, ফুল গ’ল ১৮ হাত (জোনাকী পৰুৱা)
  • তিনিফালে তিনিজন, মাজতে নিৰঞ্জন, নিৰঞ্জনে কণী পাৰে কোনে কিমান খাব পাৰে? (চৌকা)
মৌখিক সাহিত্যৰ কেইটামান সাঁথৰ

লোককথা (ইংৰাজী: Folklore) হৈছে এক বিশেষ গোটৰ মানুহৰ সাংস্কৃতিক অংগ; ই সেই সংস্কৃতি, উপসংস্কৃতি বা গোটৰ বাবে সাধাৰণ পৰম্পৰাসমূহক সামৰি লয়। ইয়াৰ ভিতৰত আছে কাহিনী, কিংবদন্তি,[1] প্ৰবাদ, সাঁথৰ আৰু কৌতুক আদি মৌখিক পৰম্পৰা বা লোক সাহিত্য তথা বস্তুগত সংস্কৃতি, পৰম্পৰাগত নিৰ্মাণ শৈলীৰ পৰা আৰম্ভ কৰি গোটটোৰ বাবে সাধাৰণ হাতেৰে বনোৱা খেলনালৈকে। লোকবিশ্বাসত প্ৰথাগত জ্ঞান, লোকবিশ্বাসৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা, ধৰ্মীয় উৎসৱ আৰু বিয়া আদি উদযাপনৰ ৰূপ আৰু ৰীতি-নীতি, লোকনৃত্য, দীক্ষাগ্ৰহণৰ ৰীতি-নীতি আদিও লোককথাত অন্তৰ্ভুক্ত হৈছে। ইয়াৰে প্ৰতিটোকে একক বা সংমিশ্ৰণত লোককথাৰ শিল্পকৰ্ম বা পৰম্পৰাগত সাংস্কৃতিক প্ৰকাশ বুলি গণ্য কৰা হয়। ৰূপটোৰ দৰেই অপৰিহাৰ্য লোককথাই এই শিল্পকৰ্মসমূহক এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ বা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কঢ়িয়াই লৈযোৱাৰ দিশটোকো সামৰি লৈছে। লোককথা সাধাৰণতে আনুষ্ঠানিক বিদ্যালয়ৰ পাঠ্যক্ৰমত বা সূক্ষ্ম কলাৰ অধ্যয়নত লাভ কৰিব পৰা বস্তু নহয়। বৰঞ্চ এই পৰম্পৰাবোৰ অনানুষ্ঠানিকভাৱে এজন ব্যক্তিৰ পৰা আন এজনলৈ হয় মৌখিক নিৰ্দেশনা বা প্ৰদৰ্শনৰ জৰিয়তে ভাগ-বতৰা কৰা হয়। লোককথাৰ শৈক্ষিক অধ্যয়নক লোককথা অধ্যয়ন বা লোককথা বিজ্ঞান বোলা হয়, আৰু ইয়াক স্নাতক, স্নাতকোত্তৰ আৰু পি.এইচ.ডি. স্তৰলৈকে অধ্যয়ন কৰিব পাৰি।[2]

এটা জাৰ্মান সাধুকথা 'হেনচেল আৰু গ্ৰেটেল'; আৰ্থাৰ ৰেকহামৰ দ্বাৰা চিত্ৰিত, ১৯০৯ চন

সমীক্ষাসম্পাদনা কৰক

ইয়াইলুৰ দ্বাৰা শিশু সকলক ইয়োৰুবা সাধু কোৱাৰ দৃশ্য।

লোককথা শব্দটোৰ উদ্ভাৱন হৈছিল ১৮৪৬ চনত। ইংৰাজ উইলিয়াম থমছে[3] এই শব্দটো "জনপ্ৰিয় প্ৰাচীনতা" বা "জনপ্ৰিয় সাহিত্য"ৰ সমসাময়িক পৰিভাষাৰ প্ৰতিষ্ঠাপন হিচাপে উদ্ভাৱন কৰিছিল। শব্দটোৰ দ্বিতীয়াৰ্ধৰ 'lore' (পুৰণি ইংৰাজী lār) 'instruction' শব্দৰ পৰা আহিছে। ই এটা বিশেষ গোটৰ জ্ঞান আৰু পৰম্পৰা সাধাৰণতে মৌখিক পদ্ধতিৰে আগবঢ়াই নিয়াক বুজায়।[4]

সময়ৰ লগে লগে 'লোক' শব্দটোৰ ধাৰণাটো ভিন্ন হৈ আহিছে। থমছে যেতিয়া প্ৰথমবাৰৰ বাবে এই শব্দটো সৃষ্টি কৰিছিল, তেতিয়া লোক শব্দই কেৱল গ্ৰাম্য, সাধাৰণতে দৰিদ্ৰ আৰু নিৰক্ষৰ কৃষকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হৈছিল। 'লোক' শব্দটোৰ আধুনিক সংজ্ঞা হৈছে- এটা সামাজিক গোট য’ত দুজন বা তাতোধিক উমৈহতীয়া বৈশিষ্ট্য থকা ব্যক্তিক সামৰি লোৱা হয়, যিয়ে স্বকীয় পৰম্পৰাৰ জৰিয়তে নিজৰ মাজতে ভাগ-বতৰা কৰাৰ পৰিচয় প্ৰকাশ কৰে। ইয়াৰোপৰি "এই ধাৰণাটো নমনীয় ধাৰণা যিয়ে আমেৰিকাৰ লোককথাৰ দৰে এটা জাতি বা একক পৰিয়ালক বুজাব পাৰে।" [5] লোকৰ এই বিস্তৃত সামাজিক সংজ্ঞাই লোককথাৰ শিল্পকৰ্ম বুলি গণ্য কৰা সামগ্ৰীৰ বিষয়ে এক বহল দৃষ্টিভংগীক সমৰ্থন কৰে। এইবোৰৰ ভিতৰত বৰ্তমান সকলো ধৰণৰ "ব্যক্তিৰ মৌখিক জ্ঞান, বস্তু জ্ঞান, প্ৰথাগত জ্ঞান" অন্তৰ্ভুক্ত কৰা হৈছে।[6] বৰ্তমানৰ প্ৰেক্ষাপটত লোককথাক পুৰণি বা অচল সমলখিনিতে সীমাবদ্ধ বুলি গণ্য কৰা নহয়। এই লোক শিল্পকৰ্মসমূহ অনানুষ্ঠানিকভাৱে, নিয়ম অনুসৰি বেনামীভাৱে, একাধিক ৰূপত প্ৰবাহিত হৈ গৈ থাকে। লোকগোটটো ব্যক্তিবাদী নহয়, ই সম্প্ৰদায়ভিত্তিক আৰু সম্প্ৰদায়ত নিজৰ জ্ঞানক লালন-পালন কৰে। "নতুন গোটৰ উত্থানৰ লগে লগে নতুন লোককথাৰ সৃষ্টি হয়... চাৰ্ফাৰ, মটৰ চাইকেল আৰোহী, কম্পিউটাৰ প্ৰগ্ৰেমাৰ।" [7] উচ্চ সংস্কৃতিত এজন শিল্পীৰ যিকোনো একক কৰ্মক কপিৰাইট আইনৰ দ্বাৰা সুৰক্ষিত কৰা হয়।[8]

প্ৰকাৰসম্পাদনা কৰক

 
ভাৰতৰ অসম ৰাজ্যৰ লোক উৎসৱ বহাগবিহুত হুঁচৰি গোৱা পৰম্পৰা। এই উৎসৱৰ সৈতে জড়িত ৰীতি-নীতি, পৰম্পৰা, নৃত্য-গীত ইত্যাদি লোককথাৰ বিষয়

লোককথাক সাধাৰণতে তিনিটা প্ৰকাৰৰ ভিতৰত শ্ৰেণীভুক্ত কৰা হয়: বস্তুগত, মৌখিক আৰু প্ৰথাগত জ্ঞান। বেছিভাগেই আত্ম-ব্যাখ্যামূলক, এই শ্ৰেণীসমূহৰ ভিতৰত আছে ভৌতিক বস্তু (বস্তু লোককথা), সাধাৰণ কথা, প্ৰকাশভংগী, গল্প আৰু গীত (মৌখিক লোককথা), বিশ্বাস আৰু কৰ্ম পদ্ধতি (প্ৰথাগত লোককথা)। শিশুৰ লোককথা হিচাপে শিশুৰ সাধু, থলুৱা খেলা-ধূলা সমূহকো চতুৰ্থটো প্ৰধান উপধাৰা হিচাপে সংজ্ঞায়িত কৰা হৈছে।[9] এই প্ৰতিটো ধাৰা আৰু ইয়াৰ উপভাগ সমূহৰ উদ্দেশ্য হৈছে লোককথাৰ শিল্পকৰ্মসমূহক সংগঠিত আৰু শ্ৰেণীভুক্ত কৰা; এইসমূহে লোককথাবিদসকলক ইজনে সিজনৰ সৈতে যোগাযোগ কৰিবলৈ সাধাৰণ শব্দভাণ্ডাৰ আৰু সামঞ্জস্যপূৰ্ণ চিন প্ৰদান কৰে।

প্ৰকৃততে সকলো লোককথাৰ এটা বৈশিষ্ট্য হ'ল ধাৰা আৰু প্ৰকাৰৰ ভিতৰত ইয়াৰ তাৰতম্য।[10] ইয়াৰ প্ৰত্যক্ষতাৰ বিপৰীতে নিৰ্মিত সামগ্ৰী, য’ত উৎপাদনৰ লক্ষ্য একেধৰণৰ সামগ্ৰী সৃষ্টি কৰা আৰু যিকোনো তাৰতম্যক ভুল বুলি গণ্য কৰা হয়। কিন্তু কেৱল এই প্ৰয়োজনীয় তাৰতম্যই সংজ্ঞায়িত বৈশিষ্ট্যসমূহৰ চিনাক্তকৰণ আৰু শ্ৰেণীবিভাজনক এক প্ৰত্যাহ্বান কৰি তোলে। যদিও এই শ্ৰেণীবিভাজন লোককথাৰ বিষয়বস্তুৰ বাবে অপৰিহাৰ্য। ইয়াৰ দ্বাৰা শিল্পকৰ্মসমূহৰ পৰম্পৰাগত বিকাশ আৰু অৰ্থৰ বিষয়ে বুজাত সহায়ক হয়।[11]

ধাৰাৰ শ্ৰেণীবিভাজন বিষয়টোৰ অতি সৰলীকৰণৰ ক্ষেত্ৰত বিভ্ৰান্তিকৰ। লোককথাৰ শিল্পকৰ্মবোৰ কেতিয়াও স্বয়ংসম্পূৰ্ণ নহয়, এই সমূহ বিচ্ছিন্নভাৱে থিয় নহয় বৰঞ্চ এটা সম্প্ৰদায়ৰ আত্মপ্ৰতিনিধিত্বত বিশেষ ভূমিকা পালন কৰে। বিভিন্ন ধাৰাক সঘনাই ইটোৱে সিটোৰ লগত সংযুক্ত কৰি এটা পৰিঘটনাৰ ৰূপত চিহ্নিত কৰা হয়।[12] প্ৰতিটো আৰ্টিফেক্টে এটা নিৰ্দিষ্ট সময় আৰু স্থানত এটা পৰিৱেশনৰ একক ৰূপক সামৰি লয়। লোককথাবিদৰ কাম হৈ পৰে চলকসমূহৰ এই ছাৰ্ফেইটৰ ভিতৰত সকলো ভিন্নতাৰ মাজেৰে জিলিকি থকা ধ্ৰুৱক আৰু প্ৰকাশিত অৰ্থ চিনাক্ত কৰা।

তথ্যসূত্ৰসম্পাদনা কৰক

  1. A legend is a traditional story sometimes popularly regarded as historical but unauthenticated.
  2. "Folklore Programs in the US and Canada". Ohio State Universitycfs.osu.edu. https://cfs.osu.edu/about/resources/programs। আহৰণ কৰা হৈছে: 21 August 2020. 
  3. "William John Thoms". The Folklore Society. https://folklore-society.com/about/william-john-thoms/। আহৰণ কৰা হৈছে: 15 July 2020. 
  4. "lore – Definition of lore in English". Oxford Dictionaries. https://en.oxforddictionaries.com/definition/lore। আহৰণ কৰা হৈছে: 8 October 2017. 
  5. Dundes 1969, পৃষ্ঠা 13, footnote 34
  6. Wilson 2006, পৃষ্ঠা 85
  7. Dundes 1980, পৃষ্ঠা 7
  8. Bauman 1971
  9. Opie & Opie 1969
  10. Georges & Jones 1995, পৃষ্ঠা 10–12
  11. Toelken 1996, পৃষ্ঠা 184
  12. Sims & Stephens 2005, পৃষ্ঠা 17