লোহিত নদী
ভাৰতৰ নদী
লোহিত নদী বা জায়ো নদী হৈছে ভাৰত আৰু চীনৰ এখন নদী। কাংগ্ৰি গাৰ্পো ৰেঞ্জৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ পৰা উৎপত্তি হৈছে, তাত ইয়াক জায়ো নদী (চীনা: 察隅河) বোলে। তাৰ পৰা ই লোহিত নাম লৈ অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলৰ মাজেৰে প্ৰায় ২০০ কিলোমিটাৰ (১২০ মাইল) অতিক্ৰম কৰি আহি অসমত চিয়াং (ব্ৰহ্মপুত্ৰ নদ)ত মিলিত হৈছে।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/6/69/Parsuram.jpg/220px-Parsuram.jpg)
হিন্দুসকলৰ এক পবিত্ৰ স্থান পৰশুৰাম কুণ্ড, লোহিত নদীৰ নামনিতেই অৱস্থিত। প্ৰতি বছৰে জানুৱাৰী মাহৰ মকৰ সংক্ৰান্তিত প্ৰায় ৭০,০০০ তকৈও অধিক ভক্ত আৰু সাধুৱে পৰশুৰাম কুণ্ডত পবিত্ৰ স্নান কৰে।[1][2]
লগতে চাওক
সম্পাদনা কৰকতথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ PTI (18 January 2013). "70,000 devotees take holy dip in Parshuram Kund". http://archive.indianexpress.com/news/70000-devotees-take-holy-dip-in-parshuram-kund/1061283/। আহৰণ কৰা হৈছে: 13 January 2019.
- ↑ PTI (19 December 2012). "Arunachal Pradesh planning to promote tourism at Parsuram Kund". Daily News & Analysis. https://www.dnaindia.com/india/report-arunachal-pradesh-planning-to-promote-tourism-at-parsuram-kund-1779235। আহৰণ কৰা হৈছে: 13 January 2019.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- ৱিকিমিডিয়া কমন্সত লোহিত নদী সম্পৰ্কীয় মিডিয়া ফাইল।
- Report Assam Floods 16 Jun 2006 - Lohit