পৰশুৰাম কুণ্ড অৰুণাচল প্ৰদেশলোহিত জিলাত অৱস্থিত এখন প্ৰাকৃতিক পাহাৰীয়া ঠাই। আগতে ইয়াৰ নাম দেৱপানী বা ব্ৰজকুণ্ড আছিল।[1] অঞ্চলটোত শিৱৰ এটা মন্দিৰ আছে। ইয়াতে পৰশুৰামে লোহিত নদীখন কাটি ভৈয়ামলৈ বোৱাই দিছিল বুলি প্ৰবাদ আছে। ১৮৪০ চনত ইংৰাজ অভিযাত্ৰী ডেল্টনে লোহিত নদীৰ দক্ষিণ পাৰত ৭০ ফুট দীঘল আৰু ৩০ ফুট বহল এই কুণ্ডটো আৱিষ্কাৰ কৰে। প্ৰতি বছৰে মাঘী পূৰ্ণিমাত ইয়াত মেলা বহে আৰু গোটেই বছৰ জুৰি স্নান কৰিবলৈ ইয়াত বহু ভক্তৰ সমাগম হয়।

পৰশুৰাম কুণ্ড
পাহাৰীয়া এলেকা
পৰশুৰাম কুণ্ড
দেশ ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
জিলা লোহিত জিলা

কিম্বদন্তি

সম্পাদনা কৰক

পৰশুৰামে পিতৃৰ আদেশক্ৰমে নিজ মাতৃক নিজ হাতেৰেই কুঠাৰঘাত কৰি হত্যা কৰাৰ পাছত মাতৃ হত্যাৰ মাহাপাপত ভুগি নিজৰ হাতৰ কুঠাৰ হাতৰ পৰা এৰুৱাব নোৱাৰা হয়, বহুবছৰ বহুতো তীৰ্থস্থান দৰ্শন কৰাৰ পাছত একান্ত ভক্তি ভাবেৰে ভগৱানক আৰাধানা কৰাৰ পাছত মাহদেৱ শিৱ তেওঁৰ ভক্তিত সন্তোষ্ট হৈ বিষ্ণু জৰথাক সাক্ষত কৰিবলৈ কলে। বিষ্ণু জৰাথক সাক্ষাৎ কৰাত তেওঁ ক'লে উত্তৰ-পূৱত এটি ব্ৰহ্মকুণ্ড আছে আৰু সেই ব্ৰহ্মকুণ্ডৰ পাৰ কাটি বোঁৱতি জলধাৰাত কুঠাৰ সহিতে স্নান কৰিলে তেওঁৰ পাপ খণ্ডন হ'ব , শেষত এই কুণ্ডৰ পানীৰে গা-ধুৱাৰ পাছতহে হাতৰ কুঠাৰ এৰুৱাব পাৰিছিল, তেতিয়াৰে পৰাই এই কুণ্ডৰ নাম পৰশুৰাম কুণ্ড নামেৰে জনাজাত হৈ পৰে। পৰশুৰাম কুণ্ডঃ-ভগৱান শ্ৰীকৃষ্ণৰ পঞ্চম অৱতাৰ ধাৰণ হয় এই পৰশুৰাম কুণ্ডৰ সৃষ্টিৰ আৰৰ কাহিনীত। জমদগ্নি মুনিৰ পত্নীৰ নাম আছিল ৰেণুকা, তেওঁলোকৰ পাঁচ জন পুত্ৰৰ ভিতৰত পঞ্চমজন আছিল পৰশুৰাম। এই পৰশুৰাম নামেৰেই ভগৱান শ্ৰীকৃষ্ণই পঞ্চমটি অৱতাৰ ধাৰণ কৰিছিল। এদিনাখন জমদগ্নি মুনিয়ে গা-ধুৱৰ বাবে সহধমনী ৰেনুকাক গংগাৰ পানী আনিবলৈ পঠাইছিল। বহুদেৰিলৈকে পত্নী পানী আনিবলৈ গৈ ঘুৰি অহা নাই বাবে মুনি খঙত অগ্নিশৰ্মা হৈ নিজৰ দিব্যদৃষ্টি প্ৰয়োগ কৰি দেখিলে যে সহধমনী ৰেনুকাই স্বৰ্গৰ গন্ধৰ্ব সকলৰ গো-ধোৱাৰ দৃশ্যচাই বিভোৰ হৈ আছে। ইফালে স্বামী মুনি খঙত একো নাই হৈ ইফাল সিফাল কৰি আছে। অৱশেষত মুনিয়ে পৰশুৰামক মাতৃৰ শিৰচ্চেদ কৰিবলৈ আদেশ দিলে। পিতৃৰ আদেশ পাই কিংকৰ্তব্য বিমোৰ হৈ পৰিল পৰশুৰাম, যেন তেওঁৰ ভৰিৰ তলৰ মাটিহে খহি পৰিল। কেইমূৰ্হুতমান একেঠাইতে চকু মুদি ৰল, এবাৰ পিতৃৰ কঠোৰ মুখলৈ চাই মনৰ সকলো দুখ-বেজাৰ অতৰাই পেলালে। দুচকুৰ দুধাৰি পানী দুহাতেৰে মচি পিছ মূৰ্হুততে হাতত কুঠাৰখন লৈ আশ্ৰমলৈ গতি কৰিলে। আশ্ৰমত এক মুহুৰ্তও বিলম্ব নকৰি নিজক সংযত কৰি লৈ পৰশুৰামে হাতত থকা কুঠাৰেৰে মাতৃৰ শিৰচ্ছেদ কৰিলে। মাতৃ হত্যাৰ পাপত ভুগি তেওঁৰ হাতৰ কুঠাৰখন নিজৰ হাতৰ পৰা এৰুৱাবলৈ সক্ষম নহল। অপ্ৰাণ চেষ্টা কৰিও বিফল হৈ উপায় বিচাৰি পিতৃৰ ওচৰ পালেগৈ আৰু এই মহাপাপৰ পৰা পৰিত্ৰান পোৱাৰ উপায় বিচাৰি সহায় ভিক্ষা মাগিলে। তেতিয়া মুনিয়ে ক'লে যে মাতৃ হত্যাৰ এই মহাপাপৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁ ভাৰতবৰ্ষৰ সকলো তীৰ্থস্থান দৰ্শন কৰাৰ অন্তত একান্ত মনে প্ৰাৰ্থনা কৰিলে তুমি পাপ মুক্ত হব। তেতিয়াৰে পৰা পৰশুৰামে এফালৰ পৰা ভাৰতবৰ্ষৰ সকলো তীৰ্থস্থান দৰ্শন কৰিবলৈ ধৰিলে। সকলো তীৰ্থস্থান দৰ্শনৰ অন্তত তেওঁ এক নিৰ্জন ঠাইত ভগৱানক ধ্যান কৰিবলৈ লাগিল। বহুদিন ধ্যান কৰাৰ পাছত পৰশুৰামৰ ধ্যান-ভক্তিত সন্তোষ্ট হৈ মহাদেৱ শিৱই দৰ্শন দিলে আৰু ক'লে- তুমি কুঁশল নগৰৰ পণ্ডিত বিষ্ণুজৰথাক সাক্ষাত কৰা তেৱেঁই তোমাৰ পাপৰ পৰা মুক্তিৰ সন্ধান দিব। বিষ্ণু জৰথাইও পৰশুৰামক উপদেশ দিলে যে উত্তৰ-পূৰ্বাঞ্চলৰ এক মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ ঠাইত মহেন্দ্ৰগিৰি নামৰ এক সুন্দৰ পৰ্বত আছে, তাত থকা ব্ৰহ্মকুণ্ডৰ পাৰটো তেওঁ কুঠাৰেৰে কাটিলে যি জলধাৰা ওলাব আৰু বৈ যাব তাত স্নান কৰাৰ লগে লগে হাতৰ কুঠাৰ এৰাই যাৱ আৰু তেওঁ মাতৃহত্যা মহা পাপৰ পৰা মুক্ত হৱ পাৰিবা। আৰু সেই ঠাই যুগ-যুগান্তৰলৈকে তোমাৰ নামৰ সৈতে জড়িত হৈ পৰিব। পণ্ডিত জৰথাই কোৱাৰ পথেৰেই গৈ পৰশুৰামে কাকপথাৰ, মহাদেৱপুৰ আৰু নামচাই অঞ্চল অতিক্ৰম কৰিলে আৰু অৱশেষত সেই ঠাইখন পালেগৈ। আৰু কথা মতেই পৰশুৰামে হাতত থকা কুঠাৰেৰে আঘাত কৰি ব্ৰহ্মকুণ্ডৰ পাৰ কাটি দিলে আৰু ঘঁৰিয়াল ৰূপী সুতাপা উদ্ধাৰ হল আৰু ব্ৰহ্মকুণ্ডৰ জলভাগত স্নান কৰাৰ লগে লগে পৰশুৰামৰ হাতৰ কুঠাৰ সুলকি পৰিল। তেতিয়াহে পৰশুৰামৰ মাতৃহাত্যা মহাপাপ খণ্ডন হল। (ব্ৰহ্মকুণ্ডৰ পুত্ৰ স্বৰূপ পৰশুৰামৰ হাতৰ স্পৰ্শত ব্ৰহ্মকুণ্ডৰ পৰা ধাৰাসাৰে ওলোৱা জলৰাশি অসমৰ মাজেৰে বৰ্তমানেও প্ৰবাহিত হৈ থকা বৰলুইতৰ নাম ব্ৰহ্মপুত্ৰ নামেৰে জিলিকিছে আজিও।)

ভৌগোকুশল ৱৰণ

সম্পাদনা কৰক

তেজু চহৰৰ পৰা ২১ কিঃমিঃ পূবলৈ গলেই পৰশুৰাম কুণ্ড পোৱা যায়। লোহিত নদীৰ পাৰতে ইয়াৰ মন্দিৰটো আছে। ইয়াত মিছিমি, খামতি আৰু চাংপো সকলৰ বাসস্থান। এপ্ৰিলৰ দ্বিতীয় সপ্তাহৰ পৰা ইয়াত এখন ধৰ্মীয় মেলা আৰম্ভ হয়।

পৰশুৰাম কুণ্ডলৈ আহিবলৈ তিনিচুকীয়া আৰু তেজু ৰ পৰা দৈনিক বাছ চলা চল কৰে। তেজুত থাকিবলৈ বিভিন্ন হোটেল আৰু চৰকাৰী চাৰ্কিট হাউছ আছে।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. বৰুৱা, শান্তনু কৌশিক (২০২০). অসম ইয়েৰ বুক ২০২০. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৪৭৩. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক