শংকৰদেৱ শিশু বিদ্যা নিকেতন, ভূৰাগাঁও

শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত অসমীয়া মাধ্যমৰ এক বক্তিগতখণ্ডৰ বিদ্যালয়।

শংকৰদেৱ শিশু বিদ্যা নিকেতন, ভূৰাগাঁও হৈছে মৰিগাঁও জিলাভূৰাগাঁৱত অৱস্থিত বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত অসমীয়া মাধ্যমৰ এক বক্তিগতখণ্ডৰ বিদ্যালয়[1]

শংকৰদেৱ শিশু বিদ্যা নিকেতন, ভূৰাগাঁও
অৱস্থান
ভূৰাগাঁও, অসম
৭৮২১২১
ভাৰত
স্থানাঙ্ক 26°27′08″N 92°02′05″E / 26.452272°N 92.034849°E / 26.452272; 92.034849স্থানাংক: 26°27′08″N 92°02′05″E / 26.452272°N 92.034849°E / 26.452272; 92.034849
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ বক্তিগত
নীতি স্বয়মেৱ মৃগেন্দ্ৰতা
(নিজ গুণ আৰু কৰ্মৰে বলীয়ান হোৱা)
প্ৰতিষ্ঠাকাল ৩১/১২/২০০৪
বিদ্যালয় সমিতি অসম মাধ্যমিক শিক্ষা পৰিষদ
সভাপতি শ্ৰী মণ্টু সাহা
অধ্যক্ষ শ্ৰী ৰাম চৌহান
মাধ্যম অসমীয়া
কেম্পাছ গ্ৰাম্য
আচাৰ্য্য-আচাৰ্য্যা ২৫-৩০ গৰাকী

2004 চনৰ জানুবাৰী মাহৰ 31 তাৰিখে বৃহত্তৰ ভূৰাগাঁও অঞ্চলৰ কেইগৰাকীমান সচেতন লোকৰ প্ৰচেষ্টাত এই বিদ্যালয় স্থাপন কৰা হৈছিল।[2]

ভৌগোলিক অবস্থান সম্পাদনা কৰক

এই বিদ্যালয়খন অসমমৰিগাঁও জিলাৰ অন্তৰ্গত ভূৰাগাঁও অঞ্চলত অৱস্থিত। বৰ্তমান প্ৰায় ৫৬৫ জন ছাত্ৰ -ছাত্ৰী, ২৬ গৰাকী শিক্ষক -শিক্ষয়িত্ৰী আৰু ১জন তৃতীয় বৰ্গৰ আৰু ৪জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে। ইয়াত অসমীয়া মাধ্যমত শিক্ষাদান কৰা হয়। অংকুৰ, মুকুল প্ৰাক-প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈকে সৰ্বমুঠ ১২টা শ্ৰেণী আছে। নিকেতনখন বিদ্যা ভাৰতীৰ আৰ্হিত নিৰ্মিত। বিদ্যালয়ৰ পৰীক্ষাসমূহ অষ্টম শ্ৰেণীলৈকে মৰিগাঁও জিলা পৰীক্ষা পৰিষদৰ অধীনত আৰু নৱম-দশম শ্ৰেণী অসম মাধ্যমিক শিক্ষা পৰিষদ ৰ অধীনত অনুষ্ঠিত কৰা হয়।[3]

এই নিকেতনখন প্ৰথমতে ভূৰাগাওঁ হিন্দী স্কুলৰ বিপৰীতে‌ অৱস্থিত এখন খালী স্থানত স্থাপন কৰা হৈছিল। কিন্ত দুৰ্ভাগ্যবশতঃ এক জুইৰ ফলত ই সম্পূৰ্ণৰূপে জাহ যায়। পিছত বৰ্তমানে স্থিত পাঁচালি শিৱ মন্দিৰৰ ওচৰলৈ স্থানান্তৰিত কৰা হয়। নিকেতনখনৰ উত্তৰে ভূৰাগাওঁ মহাবিদ্যালয়,পূবে আৰক্ষী থানা,পশ্চিমে শিৱ কেন্দ্ৰ,দক্ষিণে স্বাস্থ্য কেন্দ্ৰ আছে।

ইতিহাস সম্পাদনা কৰক

ভাৰতীয় আদৰ্শৰ অনুকূলে শিক্ষা পদ্ধতিৰ পৰিবৰ্তন অনাৰ মানসেৰে গঠিত অখিল ভাৰতীয় শিক্ষা প্ৰতিষ্ঠান "বিদ্যা ভাৰতী" ৰ তত্ত্বাৱধানত অসমতো কেইগৰাকীমান শিক্ষানুৰাগীৰ জৰিয়তে "শিশু শিক্ষা সমিতি, অসম" নামেৰে এটা শৈক্ষিক সংস্থা গঠন হয়। এই সংস্থাৰ তত্ত্বাৱধানত ১৯৭৯ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা অসমৰ প্ৰথমখন শিশু কুঞ্জ প্ৰতিষ্ঠিত হয় গুৱাহাটীৰ অম্বিকাগিৰি নগৰত। এই বিদ্যালয়ৰ পিছতে শংকৰদেৱ শিশু নিকেতন, বিষ্ণুপথ প্ৰতিষ্ঠা হয় আৰু ক্ৰমে সমগ্ৰ অসমৰ বিভিন্ন অঞ্চলত এই বিদ্যালয়সমূহ প্ৰতিষ্ঠা হয়।[4]

2004 চনৰ 31 জানুবাৰী তাৰিখে স্থানীয় কেইজনমান সচেতন লোকৰ প্ৰচেষ্টাত এই নিকেতনখন স্থাপন কৰা হয়। স্থাপনকালত অংকুৰ,মুকুল আৰু প্ৰথম এই তিনিটা শ্ৰেণীৰে পাঠদান কাৰ্য আৰম্ভ কৰা হৈছিল। বহুতো অসুবিধাৰ ফলত দুবাৰ নিকেতনখনৰ স্থান সলনি কৰিবলগীয়া হয়। অবশেষত ভূৰাগাঁৱৰ বৰডুবাটুপৰ শিৱ মন্দিৰৰ ওচৰত নিকেতনখন স্থায়ীভাবে সলনি কৰা হয়। [5]

বৰ্তমান সম্পাদনা কৰক

বৰ্তমান সমগ্ৰ অসমত ৪৭০খন শিশু শিক্ষা সমিতিৰ অন্তৰ্গত বিদ্যালয় আছে। এই ৰাজ্যিক সমিতি খনে দিল্লীত প্ৰধান কাৰ্যালয় থকা বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ শিক্ষা পদ্ধতিত শিক্ষা দান কৰে। এই বিদ্যালয়সমূহে NCERTৰ পাঠ্যপুথি অনুসৰণ কৰে আৰু মাধ্যমিক পৰ্যায়ত SEBA পাঠ্যক্ৰম আৰু উচ্চ-মাধ্যমিক পৰ্যায়ত AHSEC পাঠ্যক্ৰম অনুসৰি পাঠদান কৰে।

বিদ্যা ভাৰতীৰ বিদ্যালয়বোৰত NCERTৰ দ্বাৰা প্ৰচলিত পাঠ্যক্ৰমৰ পাঠ্যপুথি ব্যৱহাৰ কৰা হয় যদিও, তেওঁলোকে হিন্দুত্ব আদৰ্শ আধাৰিত কিছুমান নিজস্ব পাঠ্যপুথিও সহবিদ্যায়তনিক বিষয় হিচাপে প্ৰচলন কৰে। তেওঁলোকে 'আভ্যন্তৰীণ অনৈক্য'ৰ বাবে তুৰ্কী, মংগোলীয় আৰু মোগলসকলক দোষাৰোপ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] হিন্দু-মুছলমান সহযোগৰ যিকোনো প্ৰমাণক 'বিশ্বাসঘাত' হিচাপে উপস্থাপন কৰা হয়। খ্ৰীষ্টান পাদুৰীসকলক সাম্ৰাজ্যবাদৰ সমল ৰূপে বৰ্ণনা কৰে। হিন্দু মহিমামণ্ডিত আৰু ঐতিহাসিক হিন্দু নায়ক সকলক আৰএছএছৰ প্ৰতিষ্ঠাতা হেডগোৱাৰ আৰু গোৱালকাৰক একে তালিকাত স্থান দিয়া হৈছে।

ওপৰত বৰ্ণিত পাঠ্যক্ৰমৰ উপৰিও, বিদ্যা ভাৰতীয়ে আৰু পাঁচটা অতিৰিক্ত বিষয়ৰ পাঠদান কৰে:

১) নৈতিক শিক্ষা, নায়কসকলৰ কাহিনী, গীত, সাধুতা আৰু ব্যক্তিগত স্বচ্ছতা, ২) শাৰীৰিক শিক্ষা আৰু যোগ, ৩) সংগীত, ৪) সংস্কৃত আৰু ৫) বৈদিক গণিত

প্ৰাতঃসভাত, শিশুসকলক ধৰ্মীয় ভক্তি আৰু দেশপ্ৰেমমূলক পাৰ্থনা আৰু গীত গাবলৈ শিকোৱা হয়। হিন্দুত্বৰ আদৰ্শ বহন কৰিবলৈ হিন্দু উৎসৱসমূহতো প্ৰাতঃসভা আৰু মঞ্চৰ কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয়। সৰ্ব ধৰ্ম সম ভাৱ এই বিদ্যালয় সমূহৰ মূল মন্ত্ৰ। সকলো ধৰ্মৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক