ভূৰাগাঁও

মৰিগাঁও জিলাৰ এখন চহৰ

ভূৰাগাঁও (ইংৰাজী: Bhuragaon) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন চহৰৰ নাম। এই চহৰখন মৰিগাঁও জিলাত অৱস্থিত। ই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি, এই চহৰখন ১,০৬,১৪০জন লোকৰ বসতিস্থল।

ভূৰাগাঁও
—  নগৰ  —
ভূৰাগাঁও
ভূৰাগাঁওৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°24′16″N 92°14′02″E / 26.404306°N 92.233782°E / 26.404306; 92.233782
দেশ  ভাৰত
ৰাজ্য অসম
জিলা মৰিগাঁও জিলা
জনসংখ্যা 1,06,140 (2001)
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ৱেবছাইট morigaon.nic.in

ভূৰাগাঁও নামৰ উৎপত্তি

সম্পাদনা কৰক

ভূৰাগাঁও নামটো অসমীয়া ভূৰ শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে কাঠ, কলৰ গছ, বাঁহ বা নলৰ দৰে উত্তাল সামগ্ৰীৰে নিৰ্মিত সমতল ভাসমান গঠন আৰু গাওঁ শব্দৰ অৰ্থ গ্ৰাম বা চহৰ। পুৰণিকালত থলুৱা লোকে এই ভূৰ পৰিবহণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ লোৱা বাবে পিছলৈ এই ঠাইখন ভূৰাগাঁও নামেৰে পৰিচিত হ’ল।[1]

চন্দ্ৰকান্ত অভিধানৰ মতে ভূৰ মানে হৈছে পানীত উটাই নিবলৈ বা নাঁওৰ দৰে ব্যৱহাৰ কৰিবলৈ একে লগে বন্ধা ভালেমান বাঁহ, কাঠ, কল-গছ আদি।[2] ভূৰ, মূলতঃ অসমত পুখুৰী, মীনপালন, নদী পাৰ হ’বলৈ বা বানপানীৰ পৰিস্থিতিত ব্যৱহাৰ কৰা হয়।

আনহাতে, ভূৰাগাঁও অঞ্চলৰ বৰ্ষীয়ান শিক্ষাবিদ সকলে কব বিচাৰে যে ভূৰাগাঁও নামটো অসমীয়া শব্দ ভূৰা ৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে ধানৰ বাকলি, তুঁহ। অতীজত ইয়াতে প্ৰচুৰ পৰিমাণে ধান খেতি হোৱালৈ লক্ষ্য কৰি ঠাইখনৰ নামৰ উৎপত্তি লগত সম্পৰ্কিত বুলি ক'ব পাৰি।

ভৌগোলিক তথ্য

সম্পাদনা কৰক

ভূৰাগাঁও ভাৰতৰ অসম ৰাজ্যৰ মৰিগাঁও জিলাৰ মৰিগাঁৱৰ লাহৰীঘাট তহচিলৰ এখন গাঁও। জিলা সদৰ মৰিগাঁৱৰ পৰা ২১ কিলোমিটাৰ উত্তৰে অৱস্থিত। গাওঁখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত।[3]

মৰিগাঁও আৰু শোণিতপুৰ জিলাৰ সীমান্তত ভূৰাগাঁও। তাৰ উত্তৰে শোণিতপুৰ জিলা ঢেকীয়াজুলি। ইয়াৰ উপৰিও ই আন এখন জিলা নগাঁৱৰ সীমান্তত।

মায়ং ৰাজ্যৰ ৰাজবংশাৱলীত উল্লেখ থকা তথ্য অনুসৰি এই ৰাজ্যৰ ২৩তম ৰজা শিৱ সিংহৰ ৰাজত্বকালত (১৭৭৯-৮৮খী:) ৰামজয় সিংহ নামৰ ৰাজকুমাৰ এজনে বৰ্তমানৰ ভূৰাগাঁৱৰ ওচৰৰ পাভকাটি নামৰ ঠাইখনত আহি অন্য এখন কছাৰী ৰাজ্য প্ৰতিষ্ঠা কৰে। এই ৰাজ্যখন সময়ত ইয়াৰ উত্তৰৰ ব্ৰ্ক্ষপুত্ৰৰ পাৰলৈকে বিস্তাৰ লাভ কৰিছিল।

এই পাভকাটি ৰাজ্যৰপৰাই কিছু লোকে গৈ ধিং-ৰাইদঙীয়া অঞ্চলত বসবাস কৰিছিলগৈ। বাৰিষাৰ প্ৰবল বানপানীৰ সময়ত পোহনীয়া গৰু মহ ছাগলী আদি ওখ অঞ্চলটোত ৰাখিবলৈ অহা এই গৰখীয়াসকলে সময়ত প্ৰতিষ্ঠা কৰা এই ন ৰাজ্যখনক গৰখীয়া ৰাজ্য বুলি এই অঞ্চলৰ পূৰ্বৰ বাসিন্দাসকলে নামকৰন কৰিছিল বাবে এই ৰাজ্যৰ গৰখীয়া ৰাজ্য বুলি কোৱা হয়।[4]

অৰ্থনীতি

সম্পাদনা কৰক

অৰ্থনীতিৰ ফালৰ পৰা ভূৰাগাঁও মূলতঃ এখন কৃষি প্ৰধান চহৰ। অঞ্চলটোৰ উৰ্বৰ মাটি আৰু অনুকূল জলবায়ুৰ বাবে ইয়াক ধান, পাট, চাহ আদি শস্যৰ খেতিৰ বাবে উপযোগী। এই চহৰখনত হস্ততাঁত আৰু হস্তশিল্পকে ধৰি কেইবাটাও ক্ষুদ্ৰ-উদ্যোগ আছে।

বিশ্বৰ অন্যতম বৃহৎ নদী ব্ৰহ্মপুত্ৰ নদী ভূৰাগাঁৱৰ মাজেৰে বৈ গৈ চহৰখনৰ জনসাধাৰণৰ বাবে জীৱিকাৰ উৎসৰ সৃষ্টি কৰিছে। এই নদীখন সামগ্ৰী আৰু মানুহৰ বাবেও এক গুৰুত্বপূৰ্ণ যাতায়ত পথ।

লোক-সংস্কৃতি

সম্পাদনা কৰক

কোনো এটা জাতিৰ বৈশিষ্ট্যসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম্ম, শিক্ষা, চৰ্চ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি। বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিষৰ অতি বিশাল। তথাপি কিছুমান উমৈহতীয়া বৈশিষ্ট্য ইয়াৰ মাজত দেখা যায়।

  • কাঠ, বাঁহ, বেতেৰে প্ৰাকৃতিকভাৱে নিৰ্মিত ঘৰ।
  • প্ৰতীকাত্মক কিছুমান কাপোৰ। যেনে গামোচা, ইত্যাদি।
  • পৰম্পৰাগত পাট-মূগা, কপাহী কাপোৰ।
  • সহজ-সৰল ব্যৱহাৰ আৰু অতিথিপৰায়ণতা।
  • বাঁহ সংস্কৃতি।
  • ধৰ্মীয় শিথিলতা

ভূৰাগাওঁ মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত। পূৰ্বতে ই অসম বিধানসভাৰ লাহৰিঘাট সমষ্টিৰ অন্তৰ্গত আছিল।

ভাৰতৰ নিম্ন সদন অৰ্থাৎ লোকসভাত ই নগাঁও (লোকসভা সমষ্টি)ৰ অংশ। প্ৰদ্যুৎ বৰদলৈ বৰ্তমান নগাঁও সংসদীয় সমষ্টিৰ সাংসদ।

তথ্য মতে ওদালগুৰিৰ উত্তৰে ভৈৰৱকুণ্ড আৰু ভুটান পাহাৰৰ মাজেৰে তাহানিৰ পৰা তিব্বত, চীন আৰু আফগানিস্থানলৈ যাতায়তৰ বাট আছিল।[5] অসম বুৰঞ্জীৰ ২৯ নম্বৰ পৃষ্ঠাত ছাৰ এদৱাৰ্ড গে‍ইটে ওদালগুৰিৰ পৰা তিব্বতলৈ চমু পথ হিচাপে উল্লেখ কৰিছিল।[6]

লগতে চাওক

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক