শতানন্দ
শতানন্দ (আনুমানিক ১০৬৮-১০৯৯) আছিল এগৰাকী ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী, যি তেওঁৰ হাতপুথি ভাস্বতী (1099)ৰ দ্বাৰাই অধিক পৰিচিত। শতানন্দ পুৰী বা উজ্জয়িনীৰ বাসিন্দা বুলি ভবা হয় আৰু তেওঁ বৰাহমিহিৰৰ সূৰ্য্যসিদ্ধান্তকে ধৰি অন্যান্য গ্ৰন্থৰ পৰা আহৰণ কৰিছিল।
শতানন্দ শংকৰ আৰু সৰস্বতীৰ পুত্ৰ, জন্ম ওড়িশাৰ পুৰীত। তেওঁ হয়তো কেছাৰী বংশৰ দৰবাৰত সেৱা আগবঢ়াইছিল। কিছুমান সূত্ৰৰ পৰা অনুমান কৰিব পাৰি যে, তেওঁ উজ্জয়িনীত বাস কৰিছিল।[1] তেওঁৰ নামৰ আক্ষৰিক সংস্কৃত অৰ্থ "শতাধিক আনন্দ" আৰু তেওঁ ১০৯৯ চনত প্ৰকাশিত তেওঁৰ জ্যোতিৰ্বিজ্ঞানৰ পুস্তিকা ভাস্বতীত শতকীয় সংখ্যাৰ ব্যৱহাৰ কৰিছিল। গ্ৰন্থখনত ১২৮টা পদৰ সৈতে আঠটা চুটি অধ্যায় আছে, য'ত পঞ্জিকা প্ৰস্তুত কৰাৰ পদ্ধতি সন্নিবিষ্ট কৰা হৈছে। গ্ৰহবোৰৰ দীৰ্ঘায়িত অৱস্থান গণনাৰ পদ্ধতিও তেওঁ সন্নিবিষ্ট কৰিছে। ৫২৮ খ্ৰীষ্টাব্দক ৰেফাৰেন্স হিচাপে ব্যৱহাৰ কৰি তেওঁ বাৰ্ষিক প্ৰিচেচন হাৰ ১ মিনিট হিচাপে গণনা কৰিছিল। অংশসমূহৰ ভিতৰত আছে:[2]
- তীথ্যাদিধ্ৰুৱাধিকাৰ (তিথি ধ্ৰুৱ)
- গ্ৰহধ্ৰুৱাধিকাৰ (গ্ৰহ ধ্ৰুৱ)
- পঞ্চাংগস্পটধিকাৰ(পঞ্জিকাৰ গণনা)
- গ্ৰহস্পসধিকাৰ (গ্ৰহৰ প্ৰকৃত স্থান)
- ত্ৰিপ্ৰস্নাধিকাৰ (তিনিটা সমস্যা: সময়, স্থান আৰু দিশ)
- চন্দ্ৰগ্ৰহণাধিকাৰ (চন্দ্ৰগ্ৰহণ)
- সূৰ্যগ্ৰহণাধিকাৰ (সূৰ্যগ্ৰহণ)
- পৰিলেখাধিকাৰ (সূৰ্যগ্ৰহণৰ স্কেচ বা চিত্ৰাংকিত উপস্থাপন)
গ্ৰন্থখনৰ কেইবাটাও সমসাময়িক ধাৰাবাহিকও প্ৰকাশ পাইছিল।[2] বাৰাণসীৰ ভৱদাসৰ পুত্ৰ অনিৰুদ্ধই ১৪৯৫ খ্ৰীষ্টাব্দত সতানন্দৰ ভাস্বতীৰ ওপৰত এটা টোকা লিখিছিল।[3]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ Sarma, K.V. (2007). "Satananda". In Thomas Hockey; Virginia Trimble; Thomas R. Williams; Katherine Bracher; Richard A. Jarrell; Jordan D. Marchéll; F. Jamil Ragep; JoAnn Palmeri; Marvin Bolt. The Biographical Encyclopedia of Astronomers. p. 1919. doi:10.1007/978-0-387-30400-7_1218.
- ↑ 2.0 2.1 Panda, Sudhira (2019). "The Bhāsvatī astronomical handbook of Śatānanda". Journal of Astronomical History and Heritage খণ্ড 22 (3): 536–544. http://cdsads.u-strasbg.fr/pdf/2019JAHH...22..536P.
- ↑ David Pingree, ed (1970). Census of the Exact Sciences in Sanskrit Series A. 1. American Philosophical Society. পৃষ্ঠা. 43. https://archive.org/details/PingreeCESS/Pingree_CESS_A1_1970/.