শান্তদুৰ্গা

(শান্তাদুৰ্গাৰ পৰা পুনঃনিৰ্দেশিত)

শান্তদুৰ্গা (ইংৰাজী: शांतदुर्गा) হৈছে ভাৰতৰ গোৱা তথা কৰ্ণাটকৰ কিছু অংশত পূজাকৰা হিন্দু দেৱী দুৰ্গাৰ এটি জনপ্ৰিয় ৰূপ। তেওঁ প্ৰাচীন মাতৃ দেৱীৰ এক ব্ৰাহ্মণীয় ৰূপ যাক চন্তেৰী বুলিও জনা যায়।[1] গোৱাৰ প্ৰায় সকলো গাঁৱতে দেৱীক একোটা উঁইহাফলুৰ ৰূপত পূজা কৰা হয়। এই পূজন পদ্ধতি শান্তাদুৰ্গাৰ প্ৰতি উৎসৰ্গিত কিছুমান মন্দিৰতো দেখা যায়।[2]

শান্তদুৰ্গা

শিতলাদেৱী মন্দিৰ, মুম্বাইৰ শান্তদুৰ্গা মূৰ্তি
দেৱনাগৰী शांतादुर्गा
সংস্কৃত লিপ্যন্তৰ शांतादुर्गा
আসন/বাহন সিংহ

শান্তদুৰ্গাৰ নামত উৎসৰ্গিত কেইটামান মন্দিৰত একোটা উঁইহাফলু গৰ্ভগৃহৰ ভিতৰত পোৱা যায় আৰু ইয়াত দেৱতাৰ নামত উৎসৰ্গিত এটা শিল, ধাতুৰ প্ৰতিচ্ছবি বা কলহ প্ৰতিষ্ঠা কৰা হয়। বিশেষকৈ কাভালে মন্দিৰৰ ধাতুৰ প্ৰতিমূৰ্তি। এই মূৰ্তিত দেৱী গৰাকী চতুৰ্ভূজা। তেওঁ তলৰ দুখন হাতেৰে দুজন দেৱতা ক্ৰমে শিৱ আৰু বিষ্ণুক ধৰি থকাৰ উপৰি ওপৰৰ দুখন হাতেৰে সৰ্প ধাৰণ কৰা দেখুওৱা হৈছে। [3] শান্তদুৰ্গা মন্দিৰৰ বেছিভাগতে শক্তিৰ মহিষাসুৰমৰ্দিনী স্বৰূপটোৰ শিলত খোদিত ভাস্কৰ্য আছে। আনহাতে কিছুমান মূৰ্তিত দেৱীৰ হাতত তৰোৱাল, পানপাত্ৰ, ঢাল, ত্ৰিশূল, ডম্বৰু, পদুম আৰু সাপ থাকে তথা দুখন হাত ক্ৰমে অভয় আৰু বৰদা মুদ্ৰা ভঙ্গীত থাকে। অৱশ্যে এইগৰাকী দেৱীক এটা অক্ষয় কলহ পাত্ৰৰ ৰূপটো উপাসনা কৰা হয়। কিছুমান মন্দিৰত দেৱীৰ চিত্ৰৰ কাষত উঁইহাফলু একোটাকো উপাসনা কৰে। [2]

স্কন্দ পুৰাণৰ সহ্যাদৃখণ্ডৰ অংশ সংস্কৃত নাগব্য মহাত্ম্যৰ দ্বিতীয় অধ্যায়ৰ শান্তদুৰ্গা প্ৰাদুৰ্ভাৱহত দেৱীৰ বিষয়ে বৰ্ণনা আছে। [4] কেৱল অধ্যায়টোৰ শিৰোনামটোতহে দেৱী শান্তদুৰ্গাৰ কথা উল্লেখ কৰা হৈছে আৰু দেৱীৰ এই বিশেষণটো আন ক'তো নাই। এই অংশটোত নাগব্যৰ (আধুনিক নাগোৱা) বাসিন্দা শান্তামুনি নামৰ এক নিৰ্দিষ্ট ঋষিক বুজায়। দেৱী শান্তামুনিৰ সন্মুখত উপস্থিত হোৱাৰ বাবে তেওঁক শান্তাদুৰ্গা বুলি কোৱা হ'ব পাৰে। এই অধ্যায়ত আন কোনো যুক্তি দিয়া হোৱা নাই। দুৰ্গাক তেওঁৰ উগ্ৰ প্ৰকৃতিৰে চিত্ৰিত কৰাৰ বাবে শান্তা অৰ্থাৎ শান্তিপূৰ্ণ বিশেষণটো দুৰ্গাৰ প্ৰকৃতিৰ বিৰোধী। কেৱল সহ্যাদৃখণ্ডৰ শ্লোক ১৬, ১৯ আৰু ৩৪ত দেৱীক শান্তদেৱী বুলি কোৱা হয়। এই খণ্ডৰ ১৮ নং পদত দেৱীক এক উঁ‌ইহাফলুত নিৰুদ্দেশ হোৱা বুলি উল্লেখ কৰা হৈছে।[5] এই উঁ‌ইহাফলুবোৰে প্ৰতীকীভাৱে দেৱী শান্তদুৰ্গাৰ লগতে দেৱী শান্তেৰীক প্ৰতিনিধিত্ব কৰে। উঁ‌ইহাফলুৰ উপাসনা কোঙ্কনৰ আদিবাসী জনজাতিসকলৰ মাজত উদ্ভৱ হ'ব পাৰে। সেয়েহে, সহ্যাদৃখণ্ডই বৈদিক, পুৰাণিক আৰু তান্ত্ৰিক ধৰ্ম অনুসৰণ কৰা উচ্চ বৰ্ণৰ লোক-দেৱতাৰ সংস্কৃতকৰণৰ প্ৰমাণ দাঙি ধৰে। তেওঁলোকে ব্ৰাহ্মণ্য উপাসনা পদ্ধতি আৰু সংস্কৃত নাম প্ৰৱৰ্তন কৰি কোঙ্কণৰ আদিম বসতিস্থাপনকাৰীসকলৰ দেৱতাক আদৰি লয়।[1] তান্ত্ৰিকবাদৰ আগমনৰ লগে লগে বহু লোক-দেৱতা ব্ৰাহ্মণ্যবাদত সোমাই পৰে। যথা সময়ত এই দেৱীসকল শিৱৰ সৈতে জড়িত হৈ পৰে।[6]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 Mitragotri, Vithal Raghavendra (1999). A socio-cultural history of Goa from the Bhojas to the Vijayanagara. প্ৰকাশক Panaji: Institute Menezes Braganza. পৃষ্ঠা. 139,175–180. 
  2. 2.0 2.1 Gomes Pereira, Rui (1978). Goa: Hindu temples and deities(tranlslated from the original in Portuguese by Antonio Victor Couto). Pereira, 1978. পৃষ্ঠা. 1–231. 
  3. "Official website of Shri Shantadurga temple, Kavle". Shantadurga Saunsthan Kavle Goashreeshantadurga.com. Archived from the original on 9 April 2015. https://web.archive.org/web/20150409021158/http://shreeshantadurga.com/history_devi.asp। আহৰণ কৰা হৈছে: 4 April 2015. 
  4. Shastri, P. (1995) Introduction to the Puranas, New Delhi: Rashtriya Sanskrit Sansthan, pp.118-20
  5. Gaitonde, V.D. (1972). Sahyadrikhanda (Skanda Purana), in Marathi Translated from Sanskrit. প্ৰকাশক Mumbai: Katyayani Publications. পৃষ্ঠা. 254–257. 
  6. Desai, P.B.. Tantric Cults in Epigraphs. Oriental research. পৃষ্ঠা. 285–288.