শান্তি টেৰেছা লক্ৰা
শান্তি টেৰেছা লক্ৰা(ইংৰাজী: :Shanti Teresa Lakra) এগৰাকী ভাৰতীয় চিকিৎসা নাৰ্ছ আৰু স্বাস্থ্যসেৱা পেছাদাৰী মহিলা। শান্তি টেৰেছা ২০০৪ চনৰ চুনামীৰ পিছত আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জৰ অংগে জনগোষ্ঠীৰ প্ৰতি কৰা সেৱাৰ বাবে বেছি জনাজাত।[1][2][3] যাৰ বাবে ভাৰত চৰকাৰে ২০১১ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মান জনোৱা হয়৷[4]
শান্তি টেৰেছা লক্ৰা | |
---|---|
জন্ম | ১মে’ ১৯৭২ ৰংগত, মধ্য আন্দামান, ভাৰত |
পেচা | নাৰ্ছ |
দাম্পত্যসঙ্গী | শ্বাজী ভাৰ্গিজ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী ফ্লৰেন্স নাইটিংগেল বঁটা বছৰৰ শ্ৰেষ্ঠ নাৰ্ছ |
ৱেবছাইট | |
Official web site |
জীৱনী
সম্পাদনা কৰক১৯৭২ চনৰ ১ মে'ত মধ্য আন্দামান, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰংগাট নামৰ এখন সৰু গাঁৱত শান্তি টেৰেছা লক্ৰাৰ জন্ম হৈছিল।[1] নাৰ্চিং বিষয়ত অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত ২০০১ চনত আন্দামান আৰু নিকোবৰ প্ৰশাসনৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ত অক্সিলিয়াৰী নাৰ্ছ আৰু ধাত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ প্ৰাৰম্ভিক পোষ্টিং আছিল অংগে মানুহৰ দেশ ডুগং ক্ৰিকৰ জনস্বাস্থ্য কেন্দ্ৰত।[1][2][5] ২০০৪ চনৰ চুনামীয়ে সেই বসতিস্থলসমূহত ধ্বংসলীলাৰ সৃষ্টি কৰাৰ সময়ত তেওঁ তাত পাঁচ বছৰ কাম কৰিছিল।.[2] লক্ৰাই দুবছৰ ধৰি মুকলি তম্বুত বাস কৰা বুলি কোৱা হয়,[6] উক্ত দিনবোৰত তেওঁ নিজৰ সন্তানৰ পৰা আতৰত থাকি সিহঁতক শাহুৱেকৰ লগত থৈ সেই অঞ্চল বাসিক পৰিচৰ্য্যা কৰিছিল।[7] ইউনিচেফৰ প্ৰশিক্ষিত স্বাস্থ্য পেছাদাৰী লক্ৰাই অংগে লোকসকলৰ সৈতে কাম কৰিছিল যিয়ে কমি অহা[8] অংগে জনসংখ্যাৰ আয়ুসত ইতিবাচক প্ৰভাৱ পেলোৱা বুলি জনা যায়।[9][7] কেথলিক হেল্থ এছ'চিয়েচন অৱ আন্দামান এণ্ড নিকোবাৰ দ্বীপপুঞ্জ (CHAANI)-এ ২০১০ চনত লক্ৰাক বছৰৰ শ্ৰেষ্ঠ নাৰ্ছ হিচাপে সন্মান জনায়।[6] সেই বছৰতে ভাৰত চৰকাৰে নাৰ্চিং স্বাস্থ্যসেৱাৰ শাখাৰ সৰ্বোচ্চ ভাৰতীয় বঁটা[1][2][6] ফ্ল'ৰেন্স নাইটিংগেল বঁটাৰ বাবে লক্ৰাক নিৰ্বাচন কৰে।[7] এবছৰৰ পিছত চৰকাৰে ইয়াৰ পিছত পদ্মশ্ৰীৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰে।[4] শান্তি টেৰেছা লক্ৰাৰ বিবাহিত শ্বাজী ভাৰ্গেজৰ সৈতে যিয়ে এটা ক্ষুদ্ৰ ব্যৱসায়িক ইউনিট চলাই আছে। দম্পতীহালৰ এজন পুত্ৰ আছে।[7]
তথ্য সূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 Trained Nurses' Association of India (May 2011). "Shanti Teresa Lakra Conferred Padma Shri Award". The Nursing Journal of India খণ্ড CII (5). Archived from the original on 2016-03-04. https://web.archive.org/web/20160304041607/http://www.tnaionline.org/May-11/1.htm। আহৰণ কৰা হৈছে: 2024-10-05.
- ↑ 2.0 2.1 2.2 2.3 "Web India". Web India. 4 February 2011. Archived from the original on 25 December 2014. https://web.archive.org/web/20141225062213/http://news.webindia123.com/news/articles/India/20110205/1682402.html। আহৰণ কৰা হৈছে: 27 November 2014.
- ↑ "UNICEF". UNICEF. 2014. http://www.unicef.org/rosa/media_2588.htm। আহৰণ কৰা হৈছে: 27 November 2014.
- ↑ 4.0 4.1 "Padma Shri". Padma Shri. 2014. http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 11 November 2014.
- ↑ "Jagaran Josh". Jagaran Josh. 12 October 2010. http://www.jagranjosh.com/current-affairs/national-florence-nightingale-award-2010-1286868786-1। আহৰণ কৰা হৈছে: 27 November 2014.
- ↑ 6.0 6.1 6.2 EBSCO (May 2010). "India's angels of mercy serve with a smile". South Asian Post: 12. http://connection.ebscohost.com/c/articles/51002971/indias-angels-mercy-serve-smile.
- ↑ 7.0 7.1 7.2 7.3 "Press Information Bureau". Press Information Bureau. 2011. http://pib.nic.in/newsite/erelease.aspx?relid=72115। আহৰণ কৰা হৈছে: 28 November 2014.
- ↑ Dept. of Anthropology, Ranchi University, Bihar (1976). "Journal of Social Research". Journal of Social Research. https://books.google.com/books?id=MIQrAAAAIAAJ.
- ↑ "Thesi Profile". Thesi Profile. 2014. Archived from the original on 5 December 2014. https://web.archive.org/web/20141205114808/http://thesipoflife.com/2010/05/shanti-teresa-nightingale-of-the-primitive/। আহৰণ কৰা হৈছে: 27 November 2014.