শান্তি স্বৰূপ ভাটনাগৰ বঁটা

ভাৰতীয় গৱেষণা বঁটা

শান্তি স্বৰূপ ভাটনাগৰ বঁটা (ইংৰাজী: Shanti Swarup Bhatnagar Prize for Science and Technology, SSB) ভাৰতবৰ্ষত বাৰ্ষিকভাৱে বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিজ্ঞানীক বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ (Council of Scientific and Industrial Research, CSIR)-এ প্ৰদান কৰি অহা এক সন্মানীয় বঁটা। আন্তঃবিভাগীয় বিজ্ঞান (Interdisciplinarity science)-ত অৱদানৰ বাবে ভাৰতত আগবঢ়োৱা বঁটাসমূহৰ ভিতৰত এই বঁটাই আটাইতকৈ মৰ্য্যদাপূৰ্ণ বঁটা বুলি গণ্য কৰা হয়।[1] এই বঁটা বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদৰ প্ৰতিষ্ঠাপক সঞ্চালক শান্তি স্বৰূপ ভাটনাগৰ (Shanti Swaroop Bhatnagar)-ৰ স্মৃতিত প্ৰতিবছৰে প্ৰদান কৰা হয়।[2] এই বঁটা পোনপ্ৰথমবাৰৰ বাবে ১৯৫৮ চনত প্ৰদান কৰা হৈছিল।

বিৱৰণ আন্তঃবিভাগীয় বৈজ্ঞানিক গৱেষণা
অৱস্থান বিজ্ঞান ভৱন, নতুন দিল্লী
প্ৰদান কৰোঁতা বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ (Council of Scientific and Industrial Research)
ৱেবচাইট শান্তি স্বৰূপ ভাটনাগৰ বঁটাৰ ৱেবছাইট

বঁটাসমূহ সম্পাদনা কৰক

এই বঁটা বিজ্ঞানৰ মুলত: সাতটা বিভাগত প্ৰদান কৰা হয়-

  • জীৱবিজ্ঞান (Biological Sciences)
  • ৰসায়ন বিজ্ঞান (Chemical Sciences)
  • ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান (Earth, Atmosphere, Ocean and Planetary Sciences)
  • অভিযান্ত্ৰিক বিজ্ঞান (Engineering Sciences)
  • গণিত (Mathematical Sciences)
  • চিকিৎসা বিজ্ঞান (Medical Sciences)
  • পদাৰ্থ বিজ্ঞান (Physical Sciences)

বঁটা বিতৰণ সম্পাদনা কৰক

পৰম্পৰাগতভাৱে এই বঁটা প্ৰাপকসকলৰ নাম প্ৰতিবছৰে CSIR প্ৰতিষ্ঠা দিৱস ২৬ ছেপ্টেম্বৰত ঘোষণা কৰা হয়। এই বঁটা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰে।[3]

বঁটা লাভ কৰা অসমীয়া বিজ্ঞানী সম্পাদনা কৰক

নাম বৰ্ষ বিভাগ কৰ্মস্থান
মিহিৰ কান্তি চৌধুৰী‎[4] ১৯৮৯ ৰসায়ন বিজ্ঞান উপাচাৰ্য, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়,অসম
জিতেন্দ্ৰনাথ গোস্বামী[5] ১৯৯৪ ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান Physical Research Laboratory, আহমেদাবাদ
ভূপেন্দ্ৰ নাথ গোস্বামী[6] ১৯৯৫ ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান ইণ্ডিয়ান ইন্সিটিউট অব ট্ৰপিকেল মেটিয়োৰলজি, পুনে
প্ৰশান্ত গোস্বামী[7] ২০০১ ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান CSIR-Fourth Paradigm Institute (CSIR-Centre for Mathematical Modelling & Computer Simulation), বেংগালুৰু
বিনয় কুমাৰ শইকীয়া[8] ২০২১ ভূ, বায়ুমণ্ডল, মহাসাগৰ আৰু গ্ৰহগতি বিজ্ঞান উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, যোৰহাট

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক