শালবাৰী মহাবিদ্যালয় (English: Salbari College) এখন প্ৰাদেশিক মহাবিদ্যালয় বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত[1][2] ইয়াত স্নাতক(কলা), স্নাতক (বিজ্ঞান) আৰু স্নাতকোত্তৰ (দূৰ শিক্ষা) পাঠ্যক্ৰম প্ৰদান কৰা হয়।

শালবাৰী মহাবিদ্যালয়, শালবাৰী
স্থাপিত ১৪ নবেম্বৰ,১৯৮৩
ধৰণ ৰাজহুৱা,প্ৰদেশিক
অধ্যক্ষ ডাঃ জগত চন্দ্ৰ বসুমতাৰী
স্থান শালবাৰী, বাক্সা, বি.টি.আৰ., অসম, ভাৰত বৰ্ষ
26°038′31″N 91°05′37″E / 26.64194°N 91.09361°E / 26.64194; 91.09361স্থানাংক: 26°038′31″N 91°05′37″E / 26.64194°N 91.09361°E / 26.64194; 91.09361
চৌহদ পকী ভৱন
ভুক্তি বড়োলেণ্ড বিশ্ববিদ্যালয়
ৱেবছাইট www.salbaricollege.ac.in

বৃহত্তৰ শালবাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ সুব্যৱস্থা অভাৱ উদ্দেশ্যে দুৰ্বল আৰ্থ-সামাজিক অৱস্থাৰ মাজতে স্থানীয় সচেতন শিক্ষাবিদ আৰু স্থানীয় সমাজসেৱকসকলৰ উদ্যোগত কেৱল ৰাজহুৱা অনুদানৰে নিজ মাটিত ১৯৮৩ চনৰ ১৪ নৱেম্বৰত শালবাৰী মহাবিদ্যালয় স্থাপন কৰা হয়। মহাবিদ্যালয়খন অসমৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ(বি. টি.চি.) বাক্সা জিলাৰ (অভিবক্ত বৰপেটা) নৱনিৰ্মিত শালবাৰী মহকুমাধিপতি কাৰ্য্লয় আৰু শালবাৰী ষ্টেডিয়াম (উঠীয়াগুৰি) ৰ মাজমজিয়াত অৱস্থিত, আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষতে অৱস্থিত। ই ভাৰত-ভূটান সীমান্তৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দক্ষিণে আৰু ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ২৫ কিলোমিটাৰ উত্তৰে। মহাবিদ্যালয়ৰ চৌহদ প্ৰায় ৩৮ বিঘাৰো অধিক মাটিৰে আৱৰি আছে । ২০২২ চনলৈকে গুৱহাটী বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক পাঠ্যক্ৰম চলি থাকি মহাবিদ্যালয়খন বৰ্তমান বডোলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত পাঠ্যক্ৰম চলি আছে। পূৰ্বতে মহাবিদ্যালয়খন একক ধাৰা (কেৱল কলা) শাখা শিক্ষানুষ্ঠান আছিল। কলা ধাৰাটোৰ উপৰিও ২০২৩ চনত অসম চৰকাৰে অতিৰিক্ত ধাৰা হিচাপে মহাবিদ্যালয়খনত বিজ্ঞানৰ ধাৰা(শাখা)টো সংযোজন কৰিছে। বি.এ. আৰু বি. for Four Year Undergraduate Program (FYUGP) under NEP 2020 ৰ বাবে ২০২৩-২৪ বৰ্ষৰ শৈক্ষিক অধিবেশনত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হয়।[3]

পাঠ্যক্ৰম

সম্পাদনা কৰক
স্নাতক(কলা) শাখা[4]
  1. স্নাতক (বড়ো)
  2. স্নাতক (অসমীয়া)
  3. স্নাতক (ইংৰাজী)
  4. স্নাতক (ইতিহাস)
  5. স্নাতক (অৰ্থনীতি)
  6. স্নাতক (ৰাজনীতি বিজ্ঞান)
  7. স্নাতক (দৰ্শন)
  8. স্নাতক (শিক্ষা)

স্নাতক (বিজ্ঞান) শাখা
  1. স্নাতক (উদ্ভিদ বিজ্ঞান)
  2. স্নাতক (ৰসায়ন বিজ্ঞান)
  3. স্নাতক (গণিত)
  4. স্নাতক (পদাৰ্থ বিজ্ঞান)
  5. স্নাতক (প্ৰাণীবিজ্ঞান)

স্নাতকোত্তৰ(কলা) পাঠ্যক্ৰম( গুৱাহাটী বিশ্ববিদ্যালয় দূৰ শিক্ষা)[5]
  1. স্নাতকোত্তৰ (অসমীয়া)
  2. স্নাতকোত্তৰ (ইংৰাজী)
  3. স্নাতকোত্তৰ (শিক্ষা)
  4. স্নাতকোত্তৰ (ৰাজনীতি বিজ্ঞান)
  5. স্নাতকোত্তৰ (MSc IT)
  6. স্নাতকোত্তৰ (বাণিজ্য)

অধ্যক্ষসকল

সম্পাদনা কৰক

কলেজখন প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈকে অধ্যক্ষৰ কালক্ৰম:

  1. ৰত্নেশ্বৰ দাস ১৯৮৩-১৯৮৯
  2. ৰমেন মেধি ১৯৮৯-১৯৯৫
  3. বসন্ত বসুমতাৰী ১৯৯৬
  4. অৰ্জুন চন্দ্ৰ দাস ১৯৯৭-২০০৪
  5. ডাঃ জগত চন্দ্ৰ বসুমতাৰী ২০০৪ চনৰ পৰা আজিলৈকে


  1. "Affiliated Colleges". Gauhati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 9 June 2017. 
  2. "Provincialised colleges affiliated to Gauhati University". Directorate of Higher Education, Assam. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 9 June 2017. 
  3. "Salbari College". salbari College.ac.in. https://salbaricollege.ac.in/। আহৰণ কৰা হৈছে: 9 September 2024. 
  4. "Salbari College A". Shiksha.com. https://www.shiksha.com/college/salbari-college-assam-other-187105। আহৰণ কৰা হৈছে: 9 September 2024. 
  5. "Gauhati University/Salbari College". gucdoe.in. http://www.gucdoe.in/। আহৰণ কৰা হৈছে: 9 September 2024.