শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা

শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা (ইংৰাজী: College of Teacher Education, Dhakuakhana) ১৯৯৮ চনত ঢকুৱাখনা নগৰৰ পৰা মাত্ৰ ২ কিলোমিটাৰ নিলগত ঢকুৱাখনা ঘিলামৰা সংযোগী পথৰ কাষৰ কুঁৱাবাৰী দলনিৰ পক্ষী উদ্যানখনিৰ কাষতে স্থাপিত হৈছিল মহাবিদ্যালয়খন। মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ ড॰ প্ৰদীপ চন্দ্ৰ বৰা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এখন উচ্চ শিক্ষাৰ অনুষ্ঠান হৈছে এই ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়। অধ্যয়নৰ ক্ষেত্ৰত এই মহাবিদ্যালয়খনে বৰ্তমান কেইবাখনো জিলা সামৰি লোৱা দেখা গৈছে। এই অঞ্চলৰ প্ৰশিক্ষাৰ্থী সকলৰ লগতে বিভিন্ন জিলাৰ পৰা অহা প্ৰশিক্ষাৰ্থী সকলে বৰ্তমানেও অধ্যয়ন কৰি আছে। এই মহাবিদ্যালয়খনে শিক্ষানুৰাগী ৰাইজৰ উচ্চ শিক্ষাৰ বাবে এক উপযুক্ত সমিধান হিচাপে থিয় দিছে।

বাহ্যিক সংযোগ সম্পাদনা কৰক