শিবানী দাণ্ডেকাৰ-আখটাৰ (জন্ম- ২৭ আগষ্ট ১৯৮০) হৈছে এগৰাকী ভাৰতীয়-অষ্টেলিয়ান গায়িকা, অভিনেত্ৰী, ঘোষিকা, আৰু মডেল৷[1] আমেৰিকান টেলিভিছনত এগৰাকী ঘোষিকা হিচাপে কৰ্মজীৱনৰ পাতনি মেলি শিবানীয়ে পৰৱৰ্তী সময়ত ভাৰতলৈ ঘূৰি আহে আৰু হিন্দী টেলিভিছন জগতৰ বহুকেইটা অনুষ্ঠানত পৰিৱেশিকাৰ ভূমিকা পালন কৰে৷ সমান্তৰালভাৱে তেখেতে মডেলিং আৰু গায়িকা হিচাপেও বহু ক্ষেত্ৰত কাম কৰি যায়৷ ২০১৯ চনত অনুষ্ঠিত হোৱা আইচিচি ক্ৰিকেট বিশ্বকাপত শিবানীয়ে এগৰাকী সহ-ঘোষিকা হিচাপে জড়িত হয়৷[2]

শিবানী দাণ্ডেকাৰ
Shibani Dandekar

২০১৫ চনত দাণ্ডেকাৰ
জন্ম ২৭ আগষ্ট, ১৯৮০ (৪৩ বছৰ)
পুণে, মহাৰাষ্ট্ৰ, ভাৰত
পেচা
  • ভিজে (মিডিয়া ব্যক্তিত্ব)
  • মডেল
  • কণ্ঠশিল্পী
  • ঘোষিকা
সক্ৰিয় হৈ থকা সময় ২০০১ – বৰ্তমান
দাম্পত্যসঙ্গী ফাৰহান আখটাৰ (বি. ২০২২)
আত্মীয়-স্বজন

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন সম্পাদনা কৰক

 
২০১৯ চনত ফাৰহান আখটাৰৰ সৈতে দাণ্ডেকাৰ

দাণ্ডেকাৰৰ জন্ম হৈছিল মাৰাঠী ভাষী এটি চিতপৱন ব্ৰাহ্মণ পৰিয়ালত৷[3] শিবানীৰ দুগৰাকী ভগ্নী আছে৷ এগৰাকীৰ নাম অনুষা আৰু আনগৰাকীৰ নাম অপেক্ষা৷ অনুষা বলিউডৰ এগৰাকী অভিনেত্ৰী-গায়িকা৷[4] ভগ্নী দুগৰাকীৰ লগত লগ হৈ শিবানীয়ে ডি-মেজৰ নামৰ এটি সাংগীতিক বেণ্ড আৰম্ভ কৰিছিল৷[5][6] শৈশৱৰ অধিকাংশ সময়েই শিবানীয়ে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাত কটাইছিল৷[7]

২০১৮ চনৰ পৰা শিবানীয়ে ছবি-নিৰ্মাতা, প্ৰযোজক আৰু অভিনেতা ফাৰহান আখটাৰৰ লগত বৈবাহিক সম্বন্ধ আৰম্ভ কৰে৷ তাৰ কিছু দিন আগতেহে ফাৰহানৰ পূৰ্বৰ পত্নী অধুনা ভাবানীৰ লগত বিবাহ-বিচ্ছেদ সম্পন্ন হৈছিল৷ [8] ২০২২ চনৰ ১৯ ফেব্ৰুৱাৰীত তেওঁলোকে দুয়োয়ে পিতৃৰ খাণ্ডালত থকা এটা ফাৰ্ম হাউছত ধৰ্মশূন্যভাৱে এটি অনুষ্ঠানত বৈবাহিক জীৱনৰ পাতনি মেলে৷[9]

কৰ্মজীৱন সম্পাদনা কৰক

২০০১ চনত শিবানী নিউয়ৰ্ক চহৰলৈ ৰাওনা হয় আৰু আমেৰিকান টেলিভিছনত কাম কৰিবলৈ আৰম্ভ কৰে৷[10] শিবানীয়ে পৰিৱেশক হিচাপে নমস্তে আমেৰিকা, ভি দেশী আৰু এছিয়ান ভেৰাইটি শ্বৌ শীৰ্ষক অনুষ্ঠানত ৰাষ্ট্ৰীয় সহযোগিতাত কাম কৰে৷[11] এই অনুষ্ঠানৰ জৰিয়তে শিবানীয়ে বলিডদৰ মহাতাৰকাসকলক আমেৰিকাৰ দৰ্শকৰ লগত চিনাকি কৰাই দিয়ে আৰু শ্বাহৰুখ খানৰ সৈতে এন ইভিনিং উইথ শ্বাহৰুখ খান ইন এটলাণ্টিক অ’চেন শীৰ্ষক অনুষ্ঠানটো পৰিৱেশন কৰে৷ ইয়াৰ পিছত শিবানীয়ে ঝলক দিখলা জাত এগৰাকী প্ৰতিযোগী হিচাপে যোগদান কৰে৷[12] তাৰ ঠিক পিছতে শিবানীয়ে বিবিচি নেটৱৰ্কত ডান্সিং উইথ দ্য ষ্টাৰচ, কালাৰ্ছ টিভিৰ অনুষ্ঠানত সুত্ৰধাৰ হিচাপে কাম কৰে৷ [13]

তাৰ পিছত শিবানী ভাৰতলৈ উভতি আহে আৰু টেলিভিছনৰ পৰিৱেশিকা হিচাপে নিজৰ কাম জাৰী ৰাখে৷ সমান্তৰালভাৱে তেখেতে মডেলিঙতো নিজৰ কৰ্মজীৱন আৰম্ভ কৰে৷

সংগীত আৰু মডেলিঙৰ বাহিৰেও শিবানীয়ে মেক্সিম হট ১০০, ৰোলছ ৰয়চ, পিউমা, মাৰ্ছিডিছ, তয়টা, হৰলিক্স, এইছএচবিচি, স্পাইচ মবাইল, এমটিভি কোক ষ্টুডিঅকে ধৰি অনেক অনুষ্ঠানত ঘোষিকা হিচাপে কাম কৰিছে৷ জি কাফেত আফটাৰ আৱাৰচ আৰু এ এক্স এন চেনেলত মেন ২.০ অনুষ্ঠানত শিবানীয়ে ঘোষিকা হিচাপে কাম কৰে৷ [14][15] ২০১১ চনৰ পৰা শিবানীয়ে ছনি মেক্স টেলিভিছনত ইণ্ডিয়ান প্ৰিমিয়াৰ লিগৰ খেলৰ সময়ত সম্প্ৰচাৰিত এক্সট্ৰা ইনিংচ নামৰ অনুষ্ঠানো সহ-ঘোষিকা হিচাপে কাম কৰিছে৷[16] একাদশসংখ্যক ভাৰতীয় টেলিভিছন একাডেমি বঁটাত শিবানীক কুইজ শ্ব'/গেমৰ শিতানত শ্ৰেষ্ঠ ঘোষিকাৰ বাবে মনোনীত কৰা হয়৷[17] [18] ২০১৫ চনত তেখেতে ৰয় নামৰ হিন্দী ভাষাৰ চলচ্চিত্ৰখনত 'জয়া' নামৰ চৰিত্ৰ এটি ৰূপায়ন কৰে৷ </ref> ২০১৭ চনত শিবানীয়ে ফিয়েৰ ফেক্টৰ : খটৰো কে খিলাড়ীত অংশ লৈছিল যদিও প্ৰথম সপ্তাহতে বিদায় মাগে৷ প্ৰতিযোগিতাত দাণ্ডেকাৰৰ স্থান হয় দ্বাদশ৷

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Shibani Dandekar". The Times of India. 20 June 2011. Archived from the original on 21 December 2013. https://web.archive.org/web/20131221100446/http://articles.timesofindia.indiatimes.com/2011-06-20/news-and-interviews/29679194_1_ccl-anchor-bollywood। আহৰণ কৰা হৈছে: 23 April 2016. 
  2. "Shibani Dandekar hosts Farhan Akhtar in pre World Cup party at Buckingham Palace" (en ভাষাত). CatchNews.com. http://www.catchnews.com/cricket-news/shibani-dandekar-hosts-farhan-akhtar-in-pre-world-cup-party-at-buckingham-palace-162059.html। আহৰণ কৰা হৈছে: 2020-07-27. 
  3. "Cricket buff anchor". The Times of India. Archived from the original on 2012-07-17. https://archive.today/20120717022253/http://articles.timesofindia.indiatimes.com/2011-03-28/news-and-interviews/29353952_1_anchor-sister-cricket-buff। আহৰণ কৰা হৈছে: 29 April 2012. 
  4. "CCL Anchor". The Times of India. Archived from the original on 2013-12-21. https://web.archive.org/web/20131221100446/http://articles.timesofindia.indiatimes.com/2011-06-20/news-and-interviews/29679194_1_ccl-anchor-bollywood। আহৰণ কৰা হৈছে: 29 April 2012. 
  5. "Anushka and Shibani's band". The Hindu. 2010-09-08. Archived from the original on 11 September 2010. https://web.archive.org/web/20100911102950/http://www.hindu.com/2010/09/08/stories/2010090855830200.htm। আহৰণ কৰা হৈছে: 29 April 2012. 
  6. "IPL Eye Candy". India Today. http://indiatoday.intoday.in/story/ipl-eye-candy-shibani-dandekar/1/136080.html। আহৰণ কৰা হৈছে: 29 April 2012. 
  7. DNA India (6 July 2011). "Shibani Dandekar Interview". http://www.dnaindia.com/entertainment/report_singer-host-shibani-dandekar-gets-talking-about-work-and-her-dream-man_1562937। আহৰণ কৰা হৈছে: 29 April 2012. 
  8. "Farhan Akhtar confirms he's dating Shibani Dandekar for a year, hints wedding may be on the cards" (en ভাষাত). Hindustan Times. 2019-03-06. https://www.hindustantimes.com/bollywood/farhan-akhtar-confirms-he-s-dating-shibani-dandekar-for-a-year-hints-wedding-may-be-on-the-cards/story-m3IbAxNQu6RPfNxO36Ns7J.html। আহৰণ কৰা হৈছে: 2020-05-16. 
  9. "Farhan Akhtar-Shibani Dandekar wedding: Javed Akhtar reads out poem for the occasion" (en ভাষাত). The Tribune. 2022-02-19. https://www.tribuneindia.com/news/entertainment/farhan-akhtar-shibani-dandekar-wedding-first-pictures-of-the-married-couple-hrithik-roshan-rhea-chakraborty-among-guests-at-khandala-venue-371298। আহৰণ কৰা হৈছে: 2022-02-19. 
  10. DNA India (28 April 2006). "American Born Glam Desi". http://www.dnaindia.com/entertainment/report_american-born-glam-desi_1026594। আহৰণ কৰা হৈছে: 29 April 2012. 
  11. "IPL's Host". Rediff.com. http://www.rediff.com/getahead/slide-show/slide-show-1-glamour-shibani-dandekar-is-she-ipls-hottest-host/20110411.htm। আহৰণ কৰা হৈছে: 29 April 2012. 
  12. Bollywood Life (26 August 2012). "Jhalak Dikhhla Jaa 5: Shibani Dandekar evicted!". http://www.bollywoodlife.com/news-gossip/jhalak-dikhhla-jaa-5-shibani-dandekar-evicted/। আহৰণ কৰা হৈছে: 26 August 2012. 
  13. Shibani Dandekar Profile
  14. "Now TV to bring spotlight back to men". The Indian Express. http://www.indianexpress.com/news/now-tv-to-bring-spotlight-back-to-men/698988/0। আহৰণ কৰা হৈছে: 29 April 2012. 
  15. "Sisters, Anchors, Cricket Buffs". The Times of India. Archived from the original on 2013-07-15. https://web.archive.org/web/20130715001126/http://articles.timesofindia.indiatimes.com/2011-03-28/news-and-interviews/29353952_1_anchor-sisters-cricket-buff। আহৰণ কৰা হৈছে: 29 April 2012. 
  16. Rediff. "IPL Season 4". http://www.rediff.com/movies/slide-show/slide-show-1-young-anchors-for-ipl-season-4/20110407.htm। আহৰণ কৰা হৈছে: 29 April 2012. 
  17. Indian Television Academy. "Event Details". Archived from the original on 26 August 2012. https://web.archive.org/web/20120826062548/http://www.indiantelevisionacademy.com/site/event_details.php?id=56। আহৰণ কৰা হৈছে: 29 April 2012. 
  18. "Shibani Dandekar: I am happy to have stepped into Marathi space!". Bollywoodlife. 4 March 2014. http://www.bollywoodlife.com/news-gossip/shibani-dandekar-i-am-happy-to-have-stepped-into-marathi-space/। আহৰণ কৰা হৈছে: 4 March 2015.