শিল্প সংগীত (বিকল্পভাৱে ধ্ৰুপদী সংগীত, গুৰু সংগীত বুলিও কোৱা হয়; ইংৰাজী: Art music, classical music, cultivated music, serious music, আৰু canonic music[1]) হৈছে উচ্চ সাংগীতিক মূল্যৰ সংগীত।[2] ইয়াৰ অৰ্থ সাধাৰণতে উন্নত গাঁথনিগত আৰু তাত্ত্বিক বিবেচনা[3] বা লিখিত সংগীত পৰম্পৰা।[4] এই প্ৰসংগত সাধাৰণ, দৈনন্দিন সংগীত (অৰ্থাৎ জনপ্ৰিয় আৰু লোকসংগীত, যাক "পৰম্পৰাগত সংগীত" বুলিও কোৱা হয়) সৈতে বৈপৰীত্য উপস্থাপন কৰিবলৈ "গুৰু" বা "কৰ্ষণ" শব্দ দুটা সঘনাই ব্যৱহাৰ কৰা হয়।[2] বহু সংস্কৃতিত শিল্প সংগীতৰ পৰম্পৰা আছে; পশ্চিমীয়া বিশ্বত এই শব্দটোৱে সাধাৰণতে পশ্চিমীয়া ধ্ৰুপদী সংগীতক বুজায়৷

ভাৰতীয় সাহিত্যত ধ্ৰুপদী সংগীত বুলিলে সাধাৰণতে ভাৰতীয় ধ্ৰুপদী সংগীতক বুজা যায় আৰু পাশ্চাত্য সাহিত্যত "শিল্প সংগীত" শব্দটো সাধাৰণতে পশ্চিমীয়া ধ্ৰুপদী সংগীতৰ পৰম্পৰাৰ পৰা অহা সংগীতক বুজাবলৈ ব্যৱহাৰ কৰা হয়। সংগীতবিদ ফিলিপ টেগে শিল্প সংগীতৰ সৈতে জড়িত অভিজাততাক "'লোক', 'শিল্প' আৰু 'জনপ্ৰিয়' সংগীতেৰে গঠিত এক স্বতন্ত্ৰ ত্ৰিভুজ" বুলি উল্লেখ কৰিছে।[5] তেওঁ বুজাইছে যে এই তিনিওটাৰে প্ৰতিটোকে কিছুমান বিশেষ মাপকাঠী অনুসৰি আনবোৰৰ পৰা পৃথক কৰিব পৰা যায়।[5] ব্ৰুনো নেটলৰ মতে, "পশ্চিমীয়া শাস্ত্ৰীয় সংগীত" "শিল্প সংগীত", "কেননিক সংগীত", "কৰ্ষিত সংগীত", "গুৰু সংগীত"ৰ সমাৰ্থক হ'ব পাৰে, লগতে খুব কমকৈ ব্যৱহৃত "বাস্তৱ সংগীত" আৰু "সাধাৰণ সংগীত"ৰ সমাৰ্থক হ'ব পাৰে "৷[1] সংগীতজ্ঞ কেথেৰিন শ্বমিট-জোন্সে শিল্প সংগীতক "এক প্ৰকাৰৰ সংগীত যি জনপ্ৰিয় সংগীতৰ দৰে সম্পূৰ্ণৰূপে প্ৰশংসা লাভ কৰিবলৈ শ্ৰোতাৰ দ্বাৰা যথেষ্ট বেছি কামৰ প্ৰয়োজন হয়" বুলি সংজ্ঞায়িত কৰিছে৷ তেওঁৰ মতে, "এই সংগীতে অধিক প্ৰত্যাহ্বানমূলক ধৰণৰ জ্যাজ আৰু ৰক সংগীতৰ লগতে ধ্ৰুপদী সংগীতকো অন্তৰ্ভুক্ত কৰিব পাৰে"।[6]

"শিল্প সংগীত" (Art music) শব্দটোৱে মূলতঃ ধ্ৰুপদী পৰম্পৰাক (সমসাময়িক লগতে ঐতিহাসিক শাস্ত্ৰীয় সংগীতৰ ৰূপসমূহকে ধৰি) বুজায় যিয়ে আনুষ্ঠানিক শৈলীৰ ওপৰত গুৰুত্ব আৰোপ কৰে, কাৰিকৰী আৰু বিশদ বিগঠন[3] আৰু সমালোচনাক আদৰণি জনায় আৰু শ্ৰোতাৰ পৰা কেন্দ্ৰীভূত মনোযোগ বিচাৰে। কঠোৰ পশ্চিমীয়া অনুশীলনত শিল্প সংগীতক প্ৰধানকৈ লিখিত সংগীত পৰম্পৰা বুলি গণ্য কৰা হয়,[4] মৌখিকভাৱে, মুখস্থ কৰি বা বাণীবন্ধন কৰি (জনপ্ৰিয় আৰু পৰম্পৰাগত সংগীতৰ দৰে) প্ৰেৰণ কৰাৰ বিপৰীতে স্বৰলিপিৰ দ্বাৰা সংৰক্ষিত কৰা হয়।[4][7]

জনপ্ৰিয় সংগীত

সম্পাদনা কৰক

জনপ্ৰিয় সংগীতৰ ইতিহাসত জনপ্ৰিয় সংস্কৃতি হিচাপে নহয়, শিল্প হিচাপে নিজকে দাবী কৰাৰ নিৰন্তৰ প্ৰচেষ্টা চলি আহিছে আৰু পূৰ্বতে "জনপ্ৰিয় সংগীত" ৰূপে জনাজাত কেইবাটাও সংগীত শৈলীক তেতিয়াৰ পৰাই শিল্প বা ধ্ৰুপদী শ্ৰেণীত শ্ৰেণীভুক্ত কৰা হৈছে৷[8] শিক্ষাবিদ টিম ৱালৰ মতে টিন পেন এলেই, আফ্ৰিকান-আমেৰিকান, স্থানীয়ভাষা আৰু শিল্পৰ বক্তৃতাৰ মাজৰ সংগ্ৰামৰ আটাইতকৈ উল্লেখযোগ্য উদাহৰণ আছিল জ্যাজ সংগীত। ১৯৩০ চনৰ পৰাই শিল্পীসকলে "চিম্ফনিক জ্যাজ"ৰ ধাৰণা কৰ্ষণ কৰাৰ চেষ্টা কৰিছিল, ইয়াক ইয়াৰ অনুভূত স্থানীয়ভাষা আৰু কৃষ্ণাংগ আমেৰিকান মূলৰ পৰা আঁতৰাই লৈ গৈছিল। এই বিকাশৰ পিছত জনপ্ৰিয় সংগীতৰ ইতিহাসত জ্যাজক প্ৰান্তীয়কৰণ কৰাৰ প্ৰৱণতা দেখা যায়৷ জ্যাজৰ পুনৰ প্ৰণয়ন ইমানেই সফল হৈছে যে বহুলোকে (২০১৩ চনৰ হিচাপত) জ্যাজ সংগীতক জনপ্ৰিয় সংগীতৰ ৰূপ বুলি গণ্য নকৰে।[8]

বিংশ শতিকাৰ আৰম্ভণিতে শিল্প সংগীতক "গুৰু সংগীত" আৰু "লঘু সংগীত" হিচাপে ভাগ কৰা হৈছিল।[9] শতিকাৰ দ্বিতীয়াৰ্ধত আমেৰিকাৰ সংস্কৃতিত শিল্প আৰু পপ সংগীতৰ মাজৰ সীমা অস্পষ্ট কৰাৰ এক বৃহৎ ধাৰা দেখা গৈছিল। ১৯৬৬ চনৰ পৰা ৰক সংগীতজ্ঞসকলৰ মাজত সামাজিক আৰু কলাত্মক সংলাপৰ মাত্ৰা নাটকীয়ভাৱে ত্বৰান্বিত হৈ পৰে ফলত ৰক সংগীতৰ মৌখিক সংগীত পৰম্পৰাৰ সৈতে ৰচনাত্মক সংগীতৰ উপাদানসমূহৰ মিশ্ৰণ হ’বলৈ ধৰে।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 Bruno Nettl (1995). Heartland Excursions: Ethnomusicological Reflections on Schools of Music. University of Illinois Press. পৃষ্ঠা. 3. ISBN 978-0-252-06468-5. https://books.google.com/books?id=wZZ1_pQJnKEC&pg=PA3. 
  2. 2.0 2.1 Eisentraut, Jochen (2013). The Accessibility of Music: Participation, Reception, and Contact. Cambridge University Press. পৃষ্ঠা. 8, 196. ISBN 978-1-107-02483-0. https://books.google.com/books?id=4AEwOxsz__YC&pg=PA196. 
  3. 3.0 3.1 Jacques Siron, "Musique Savante (Serious music)", Dictionnaire des mots de la musique (Paris: Outre Mesure): 242. আই.এচ.বি.এন. 2-907891-22-7
  4. 4.0 4.1 4.2 Denis Arnold, "Art Music, Art Song", in The New Oxford Companion to Music, Volume 1: A–J (Oxford and New York: Oxford University Press, 1983): 111. আই.এচ.বি.এন. 0-19-311316-3
  5. Schmidt-Jones, Catherine (10 January 2007). "What Kind of Music Is That?". Connexions. http://cnx.org/content/m11421/latest/। আহৰণ কৰা হৈছে: 12 December 2008. 
  6. Philip Tagg, "Analysing Popular Music: Theory, Method and Practice", Popular Music 2 (1982): 37–67, here 41–42.
  7. 8.0 8.1 Tim Wall (2013). Studying Popular Music Culture. SAGE Publications. পৃষ্ঠা. 42–43. ISBN 978-1-4462-9101-6. https://books.google.com/books?id=tEeBAgAAQBAJ&pg=PA42. 
  8. Michal Smoira Cohn (2010). The Mission and Message of Music: Building Blocks to the Aesthetics of Music in our Time. Cambridge Scholars Publishing. পৃষ্ঠা. 93–94. ISBN 978-1-4438-1883-4. https://books.google.com/books?id=TUEaBwAAQBAJ&pg=PA93.