শিশু পৰ্ণগ্ৰাফি (যাক শিশু যৌন উৎপীড়ন সামগ্ৰী বুলিও কোৱা হয়[1] বা শিশু পৰ্ণ; ইংৰাজী: Child pornography) হৈছে বিশেষ প্ৰকাৰৰ পৰ্ণগ্ৰাফ য'ত শিশু যৌন উত্তেজনাৰ বলি হয়। [8] শিশুক প্ৰত্যক্ষ ভাৱে জড়িত কৰাই বা শিশুৰ সৈতে যৌন উৎপীড়নৰ দ্বাৰা ইয়াক প্ৰস্তুত কৰা হ'ব পাৰে (যাক শিশু যৌন উৎপীড়ন ছবি বুলিও কোৱা হয়)।[9][10][11] শিশুৰ পৰ্ণগ্ৰাফিৰ উৎপাদনত শিশুৰ জননেন্দ্ৰিয়ৰ ফটো, ভিডিঅ' আদিৰ যৌন প্ৰদৰ্শনীৰ দ্বাৰা শিশুৰ উৎপীড়ন কৰা হয়। [14] শিশু পৰ্ণগ্ৰাফত বিভিন্ন মাধ্যম ব্যৱহাৰ হ'ব পাৰে, সেইসমূহত,[15] যিকোনো যৌন উত্তেজক লিখনি য'ত শিশুক কেন্দ্ৰীভূত কৰা হয়,[9][16][17] আলোচনী, ফটো,[15] ভাস্কৰ্য, ছবি,[15] কাৰ্টুন,[15] পেইণ্টিং,[15] এনিমেচন, চাউণ্ড ৰেকৰ্ডিং,[18] ভিডিঅ',[15] আৰু ভিডিঅ' গেম ইত্যাদি।[19] লাভ অৰ্জন বা আন কাৰণত শিশু পৰ্ণগ্ৰাফ সৃষ্টি কৰা হ'ব পাৰে।[20]

আইন সম্পাদনা কৰক

ইতিহাস সম্পাদনা কৰক

১৯৭৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত শিশু পৰ্ণগ্ৰাফি তৈয়াৰ কৰা মুনাফা কোম্পানী সমূহ নিষিদ্ধ কৰিবৰ বাবে আইন প্ৰণয়ন কৰা হয়। ১৯৮৬ চনত মীছ প্ৰতিবেদন অনুযায়ী এই পৰ্ণগ্ৰাফিৰ দ্বাৰা শিশুৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে আৰু এই কাৰণতেই শিশু যৌন উৎপীড়ন আৰু পৰ্ণগ্ৰাফি আইন ১৯৪৬ প্ৰণয়ন কৰা হয়। কংগ্ৰেছে ১৯৮৪ চনত শিশু সুৰক্ষা আইনৰ প্ৰৱৰ্তন কৰে আৰু শিশু পৰ্ণগ্ৰাগ্ৰাফৰ সংজ্ঞা বিস্তৃত কৰি ইয়াৰ উৎপাদন আৰু সৰবৰাহেৰে জড়িত যিকোনো অনুষ্ঠান বা ব্যক্তিক অপৰাধী ঘোষণা কৰে।[21]

 

ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় আইন সম্পাদনা কৰক

শিশু পৰ্ণগ্ৰাফি আইনবোৰে প্ৰায় সকলো সমাজৰ উৎপাদক আৰু বিতৰকসকলৰ ওপৰত জৰিমনা আৰোপ কৰে। বিতৰণ কৰা সামগ্ৰীৰ পৰিমাণ আৰু সমলৰ ওপৰত নিৰ্ভৰ কৰি অ-বাণিজ্যিক বিতৰণৰ শিশু পৰ্ণগ্ৰাফ প্ৰস্তুত কৰ্তা সকলৰ কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে। অৱশ্যে কিছু কিছু ক্ষেত্ৰত এই আইনে সুচলতা প্ৰদান কৰে।[9]

২০০৬ চনত, ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ মিছিং এণ্ড এক্সপ্লয়টেড চিল্ড্ৰেন (আইচিএমইচি) নামৰ সংস্থাটোৱে ১৮৪খন ইণ্টাৰপোল সদস্য দেশত (পিছলৈ ১৯৬ খন) শিশু পৰ্ণগ্ৰাফৰ বাবে আইনৰ উপস্থিতিৰ ওপৰত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল।[22][23][24][25] "চাইল্ড পৰ্ণগ্ৰাফি: মডেল লেগিচলেচন এণ্ড গ্লোবাল ৰিভিউ" নামৰ প্ৰতিবেদনখনে ৰাষ্ট্ৰীয় আইন ৰখা হৈছে নে নাই মূল্যায়ন কৰে:

(১) বিশেষভাৱে শিশু পৰ্ণগ্ৰাফী সন্দৰ্ভত স্থিত; (২) শিশু পৰ্ণগ্ৰাফীৰ বিষয়ে এক সংজ্ঞা আগবঢ়ায়; (৩) কম্পিউটাৰ-আধাৰিত অনাচাৰসমূহক অপৰাধৰ মান্যতা প্ৰদান কৰে; (৪) বিতৰণ কৰাৰ বিষয়ে বিবেচনা নকৰিলেও জ্ঞাত অৱস্থাত হাতত ৰখা শিশু পৰ্ণগ্ৰাফীক অপৰাধৰ মান্যতা দিয়ে; আৰু (৫) আইএচপিসমূহে সন্দেহজনক শিশু পৰ্ণগ্ৰাফীৰ বিষয়ে আইনৰক্ষীক বা আন আইনী পক্ষক অভিযোগ দাখিল কৰাটো বিচাৰে।[23][26][27]

শিশুৰ যৌন উৎপীড়ন সম্পাদনা কৰক

 
Martin Van Maeleৰ এখন শিশু উৎপীড়নৰ চিত্ৰ

যিকোনো বয়সৰ শিশুক[28] পৰ্ণগ্ৰাফ উৎপাদনত উৎপীড়ন কৰা হয়।[5][29] আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগৰ মতে পৰ্ণগ্ৰাফৰসকলে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে এক নিযুতৰো অধিক শিশুৰ উৎপীড়নৰে পৰ্ণগ্ৰাফিক সমল তৈয়াৰ কৰে।[30] কম বয়সৰ শিশু ভুক্তভোগী সকলৰ প্ৰতি হোৱা এই অপৰাধ বৰ্ধিত হাৰত আৰু অধিক নিৰ্মমতাৰে চলি আছে। শিশু নিৰ্যাতনৰ অপৰাধৰ ইণ্টাৰনেট অনুসন্ধানকাৰী ফ্লিণ্ট ৱাটাৰ্ছৰ মতে, "এই লোকসকলে শিশু আৰু শিশুক ধৰ্ষন কৰি আছে। আপুনি ভিডিঅ' বোৰত শিশুটোৰ কান্দোন, অসহায়বোধ, আৰু সহায়ৰ বাবে কাবৌ কৰা দেখিবলৈ পাব, আৰু এয়া ভয়াবহ!"[31] শিশুৰ "বাণিজ্যিক যৌন শোষণ"ৰ বিৰুদ্ধে বিশ্ব কংগ্ৰেছৰ মতে, "শিশু পৰ্ণগ্ৰাফি সমূহত হোৱা শিশু নিৰ্যাতনৰ সঠিক তথ্য সংগ্ৰহ কৰা অসম্ভৱ, আন্তৰ্জাতিক বজাৰত সহজে উপলব্ধ শিশু পৰ্ণগ্ৰাফিৰ ইমানবোৰ সমলে সূচিত কৰে যে এই মাধ্যমৰ যোগেৰে যথেষ্ট সংখ্যক শিশুক যৌন শোষণ কৰা হৈছে। "[32]

যুক্তৰাজ্য শিশুৰ অনুদান অনুষ্ঠান এন চি এইচ-এ কৈছে যে ইণ্টাৰনেটত শিশু পৰ্ণগ্ৰাফীৰ চাহিদাৰ ফলত যৌন উৎপীড়নৰ ঘটনা বৃদ্ধি হৈছে, আৰু ইয়াৰ ফলতেই উৎপাদন প্ৰক্ৰিয়াত উৎপীড়নৰ বলি হোৱা শিশুৰ সংখ্যা বৃদ্ধি হৈছে।[33] আমেৰিকা যুক্তৰাষ্ট্ৰত শিশু পৰ্ণগ্ৰাফি নিৰ্মাণৰ বাবে আটক কৰা ব্যক্তিৰ বিশ্লেষণৰ এক অধ্যয়নত এই কথা পোহৰলৈ আহে যে ২০০০ চনৰ পৰা ২০০১ চনলৈ এই এবছৰীয়া সময়ৰ ভিতৰত ৮৩% ৰ যৌৱনকাল আৰম্ভ নোহোৱা শিশুৰ পৰ্ণগ্ৰাফিক ছবি আছিল আৰু ৮০% ছবি আছিল যৌন কাৰ্য সম্পাদনৰ গ্ৰাফিকেল ছবি। ২১% ত বিভিন্ন হিংসাত্মক ব্যৱহাৰ যেনে হাত-ভৰি বন্ধা, ধৰ্ষণ, বা অত্যাচাৰ কৰা আৰু অন্তৰ্ভুক্ত শিশুৰ বেছিভাগ ছবিতেই দেখুওৱা হৈছিল শিশু সকলক হাত ভৰি বান্ধি, অচেতন কৰি, মুখত সোপা দি, চুকত কাপোৰ বান্ধি যৌন অত্যাচাৰ কৰা হৈছিল। ৩৯% ত গতি আৰু শব্দৰ সৈতে শিশু-পৰ্ণগ্ৰাফৰ ভিডিঅ' আছিল। ৭৯% শিশুৰ নগ্ন বা অৰ্ধ-নগ্ন ছবি। আইন প্ৰণয়নৰ দ্বাৰা পোৱা গৈছিল যে ৪৮%ৰ ভিতৰত ১০০ৰো অধিক গ্ৰাফিক স্থিৰ চিত্ৰ আৰু ১৪% ৰ ১০০০ বা অধিক গ্ৰাফিক ফটো আছিল। ৪০% আছিল "দ্বৈত অপৰাধকাৰী"ৰ যি শিশুক যৌন নিৰ্যাতন কৰিছিল আৰু সেই নিৰ্যাতনৰে শিশু পৰ্ণগ্ৰফি তৈয়াৰ কৰিছিল।[15]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Lee, Hee-Eun; Ermakova, Tatiana; Ververis, Vasilis; Fabian, Benjamin (September 2020). "Detecting child sexual abuse material: A comprehensive survey" (en ভাষাত). Forensic Science International: Digital Investigation খণ্ড 34: 301022. doi:10.1016/j.fsidi.2020.301022. https://linkinghub.elsevier.com/retrieve/pii/S2666281720301554. 
  2. 2.0 2.1 Finkelhor, David (1994). "Current Information on the Scope and Nature of Child Sexual Abuse.". Future of Children খণ্ড v4 n2 (Sum–Fall 1994): 31–53. doi:10.2307/1602522. PMID 7804768. http://eric.ed.gov:80/ERICWebPortal/custom/portlets/recordDetails/detailmini.jsp?_nfpb=true&_&ERICExtSearch_SearchValue_0=EJ497143&ERICExtSearch_SearchType_0=no&accno=EJ497143. 
  3. 3.0 3.1 Hobbs, Christopher James; Helga G. I. Hanks; Jane M. Wynne   (1999). Child Abuse and Neglect: A Clinician's Handbook. Elsevier Health Sciences. পৃষ্ঠা. 328. ISBN 978-0-443-05896-7. ""Child pornography is part of the violent continuum of child sexual abuse"" 
  4. Claire Milner, Ian O'Donnel (2007). Child Pornography: Crime, computers and society. Willan Publishing. পৃষ্ঠা. 123. ISBN 978-1-84392-357-2. 
  5. 5.0 5.1 5.2 Sheldon, Kerry  ; Dennis Howitt (2007). Sex Offenders and the Internet. John Wiley and Sons. পৃষ্ঠা. 20. ISBN 978-0-470-02800-1. "'Child pornography is not pornography in any real sense; simply the evidence recorded on film or video tape – of serious sexual assaults on young children' (Tate, 1992, p.203) ... 'Every piece of child pornography, therefore, is a record of the sexual use/abuse of the children involved.' Kelly and Scott (1993, p. 116) ... '...the record of the systematic rape, abuse, and torture of children on film and photograph, and other electronic means.' Edwards(2000, p.1)" 
  6. 6.0 6.1 Klain, Eva J.; Heather J. Davies; Molly A. Hicks (2001). Child Pornography: The Criminal-justice-system Response. National Center for Missing & Exploited Children. Archived from the original on 12 September 2015. https://web.archive.org/web/20150912142724/https://www.ncjtc.org/NCJTC_Member_Resources/Public/Child%20Pornography%20Criminal%20Justice%20Response.pdf। আহৰণ কৰা হৈছে: 23 August 2015. "Because the children depicted in child pornography are often shown while engaged in sexual activity with adults or other children, they are first and foremost victims of child sexual abuse." 
  7. 7.0 7.1 Wortley, Richard; Stephen Smallbone. "Child Pornography on the Internet". Problem-Oriented Guides for Police খণ্ড No. 41: 17. "The children portrayed in child pornography are first victimized when their abuse is perpetrated and recorded. They are further victimized each time that record is accessed.". 
  8. [2][3][4][5][6][7]
  9. 9.0 9.1 9.2 Akdeniz, Yaman (2008). Internet child pornography and the law: national and international responses. Ashgate Publishing, Ltd.. পৃষ্ঠা. 11. ISBN 978-0-7546-2297-0. 
  10. Wortley, Richard; Stephen Smallbone (2006). Situational Prevention Of Child Sexual Abuse, Volume 19 of Crime prevention studies. Criminal Justice Press. পৃষ্ঠা. 192. ISBN 978-1-881798-61-3. 
  11. Sanderson, Christiane (2004). The seduction of children: empowering parents and teachers to protect children from child sexual abuse. Jessica Kingsley Publishers. পৃষ্ঠা. 133. ISBN 978-1-84310-248-9. 
  12. Sheldon, Kerry; Dennis Howitt (2007). Sex Offenders and the Internet. John Wiley and Sons. পৃষ্ঠা. 9. ISBN 978-0-470-02800-1. "...supplying the material to meet this demand results in the further abuse of children Pictures, films and videos function as a permanent record of the original sexual abuse. Consequently, memories of the trauma and abuse are maintained as long as the record exists. Victims filmed and photographed many years ago will nevertheless be aware throughout their lifetimes that their childhood victimization continues to be exploited perversely." 
  13. Agnes Fournier de Saint Maur (January 1999). "Sexual Abuse of Children on the Internet: A New Challenge for INTERPOL". Expert Meeting on Sexual Abuse of Children, Child Pornography and Paedophilia on the Internet: an international challenge. UNESCO (United Nations Educational, Scientific and Cultural Organization). http://unesdoc.unesco.org/images/0011/001147/114734eo.pdf. 
  14. [2][3][5][6][7][12][13]
  15. 15.0 15.1 15.2 15.3 15.4 15.5 15.6 "What is Child Pornography". NCMEC. http://www.missingkids.com/missingkids/servlet/PageServlet?LanguageCountry=en_US&PageId=1504। আহৰণ কৰা হৈছে: 30 April 2008. 
  16. "Definition of 'Child Pornography'". Criminal Code of Canada, Section 163.1. Electronic Frontier Canada. 2004. Archived from the original on 2018-12-25. https://web.archive.org/web/20181225045056/http://www.efc.ca/pages/law/cc/cc.163.1.html%20। আহৰণ কৰা হৈছে: 2020-12-10. 
  17. "Sharpe Not Guilty of Possessing Written Child Pornography". CBC News. 26 March 2002. http://www.cbc.ca/canada/story/2002/03/26/sharpe020326.html. 
  18. Akdeniz, Yaman (2008). Internet child pornography and the law: national and international responses. Ashgate Publishing, Ltd.. পৃষ্ঠা. 153. ISBN 978-0-7546-2297-0. 
  19. ""Child Porn" video game rated PG in Australia". digiknow. Archived from the original on 3 December 2013. https://web.archive.org/web/20131203005858/http://digiknow.ninemsn.com/gaming/gamesfeatures/8255964/child-porn-video-game-rated-pg-in-australia। আহৰণ কৰা হৈছে: 10 December 2020. 
  20. "Website selling 'real' rape and child pornography videos shut down after arrest in Netherlands, Justice Department says". The Washington Post. March 12, 2020. https://www.washingtonpost.com/local/legal-issues/website-selling-real-rape-and-child-pornography-videos-shut-down-after-arrest-in-netherlands-us-justice-department-says/2020/03/12/5f9f02ce-6471-11ea-acca-80c22bbee96f_story.html. 
  21. U.S. Sentencing Commission (October 2009). "Child Pornography Statutes in the Pre-Guidelines Era". The History of the Child Pornography Guidelines. Archived from the original on 2014-07-22. http://www.ussc.gov/sites/default/files/pdf/research-and-publications/research-projects-and-surveys/sex-offenses/20091030_History_Child_Pornography_Guidelines.pdf। আহৰণ কৰা হৈছে: 2020-12-11. 
  22. "Child Pornography: Model Legislation & Global Review". ICMEC. Archived from the original on 15 April 2015. https://web.archive.org/web/20150415101647/http://www.icmec.org/missingkids/servlet/PageServlet?LanguageCountry=en_X1&PageId=4346। আহৰণ কৰা হৈছে: 11 December 2020. 
  23. 23.0 23.1 Mark Gibney; Wouter Vandenhole (2013). Litigating Transnational Human Rights Obligations: Alternative Judgments. Routledge. পৃষ্ঠা. 63. ISBN 978-1135121051. https://books.google.com/books?id=7VPhAQAAQBAJ&pg=PA63. 
  24. Jay LaBonte (2007). Parents Guide to the Internet. Lulu. পৃষ্ঠা. 20–21. ISBN 978-1430307693. https://books.google.com/books?id=C_AF0rzXS9AC&pg=PA20. 
  25. John J. Barbara (2007). Handbook of Digital and Multimedia Forensic Evidence. Springer Science & Business Media. পৃষ্ঠা. 78. ISBN 978-1597455770. https://books.google.com/books?id=kI51wV4ticIC&pg=PA136. 
  26. Embassy Santo Domingo (Dominican Republic) (June 25, 2008). "Icmec Explores Areas of Cooperation With Godr to Combat Child Sexual Exploitation". Archived from the original on November 30, 2014. https://archive.is/20141130085253/http://www.cablegatesearch.net/cable.php?id=08SANTODOMINGO1028। আহৰণ কৰা হৈছে: December 11, 2020. 
  27. Yaman Akdeniz (2013). Internet Child Pornography and the Law: National and International Responses. Ashgate Publishing, Ltd.. পৃষ্ঠা. 106, 275, 278, 293. ISBN 978-1409496076. https://books.google.com/books?id=Mx30syIntCYC&pg=PA278. 
  28. Simons, Marlise (19 July 1998). "Dutch Say A Sex Ring Used Infants On Internet". The New York Times. https://www.nytimes.com/1998/07/19/world/dutch-say-a-sex-ring-used-infants-on-internet.html?sq=dutch+sex+ring&scp=1&st=nyt. 
  29. Wells, M.; Finkelhor, D.; Wolak, J.; Mitchell, K. (2007). "Defining Child Pornography: Law Enforcement Dilemmas in Investigations of Internet Child Pornography Possession". Police Practice and Research খণ্ড 8 (3): 269–282. doi:10.1080/15614260701450765. http://www.unh.edu/ccrc/pdf/CV96.pdf। আহৰণ কৰা হৈছে: 1 July 2008. 
  30. Levesque, Roger J.R. (1999). Sexual Abuse of Children: A Human Rights Perspective. Indiana University Press. পৃষ্ঠা. 66. ISBN 978-0-253-33471-8. https://archive.org/details/sexualabuseofchi0000leve/page/66. 
  31. "The Child Porn Pipeline Part Three: A child victim's story of betrayal and despair". Buffalo News. 2008. http://www.buffalonews.com/339/story/184849.html. 
  32. "Child pornography: an international perspective, Margaret A. Healty, 1996". http://www.csecworldcongress.org/PDF/en/Stockholm/Background_reading/Theme_papers/Theme%20paper%20Pornography%201996_EN.pdf. 
  33. "Internet porn 'increasing child abuse'". Guardian Unlimited (London: Guardian News and Media Limited). 12 January 2004. https://www.theguardian.com/technology/2004/jan/12/childprotection.childrensservices.