শিৱদাস বন্দ্যোপাধ্যায়
শিৱদাস বন্দ্যোপাধ্যায় (২৭ ডিচেম্বৰ ১৯৩২ – ০৮ আগষ্ট ২০০৯)[1] এজন বিশিষ্ট বাঙালী গীতিকাৰ আৰু কবি। গীত ৰচনাৰে কুৰি শতিকাৰ দ্বিতীয়াৰ্ধত বাংলা চিনেমা আৰু আধুনিক সংগীতকাৰসকলৰ ভিতৰত শিৱদাস বন্দ্যোপাধ্যায় আছিল অন্যতম।[2]
শিৱদাস বন্দোপাধ্যায় | |
---|---|
জন্ম | ২৭ ডিচেম্বৰ, ১৯৩২ খুলনা, ব্ৰিটিছ ভাৰত (বৰ্তমান বাংলাদেশত) |
মৃত্যু | ০৮ আগষ্ট, ২০০৯ (৭৬ বছৰ) কলকাতা,পশ্চিমবঙ্গ, ভাৰত |
পেচা | গীতিকাৰ, সুৰকাৰ |
পিতৃ-মাতৃ | শচীগোপাল বন্দ্যোপাধ্যায় (পিতৃ) ৰাধাৰাণী দেৱী (মাতৃ) |
জন্ম আৰু প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰকশিৱদাস বন্দ্যোপাধ্যায়ৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৭ ডিচেম্বৰত, বৰ্তমানৰ বাংলাদেশৰ খুলনাত।[1] শিৱদাস বন্দ্যোপাধ্যায়ৰ পিতৃ শচীগোপাল বন্দ্যোপাধ্যায় আছিল এজন আৰক্ষী বিষয়া আৰু মাতৃ ৰাধাৰাণী দেৱী আছিল গৃহিণী। ভাৰতৰ স্বাধীনতা আন্দোলন, দ্বিতীয় বিশ্বযুদ্ধ, ১৯৪৩ চনৰ দুৰ্ভিক্ষ, সাম্প্ৰদায়িক দাঙ্গা, দেশ বিভাজন অৰ্থাৎ চল্লিশ-পঞ্চাশৰ দশকৰ উত্তাল সময়ছোৱাৰ মাজতে শৈশৱ, কৈশোৰ আৰু প্ৰাক্ যৌৱনকাল তেওঁ পূৰ্ববঙ্গৰ খুলনা চহৰত অতিবাহিত কৰিছিল।[1] দেশ বিভাজনৰ পিছত জন্মভূ্মিত নিজৰ সকলো সম্বল এৰি সপৰিয়ালে ভাৰতৰ পশ্চিমবঙ্গলৈ গুচি আহে আৰু দক্ষিণ টালিগঞ্জৰ বাঁশদ্ৰোনীৰ শিৱদাস বন্দ্যোপাধ্যায়ৰ ডাঙৰ বায়েক শএণী চট্টোপাধ্যায়ৰ ঘৰত থাকিবলৈ লয়।[1] তাৰপিছত তেওঁ কলকাতাৰ আশুতোষ কলেজৰ পৰা স্নাতক ডিগ্ৰি লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ খানপুৰ স্কুলত শিক্ষকতাৰ জীৱন আৰম্ভ কৰে। শিক্ষকতাৰ সামন্য দৰমহাৰে পৰিয়াল চলোৱা টান হৈ পৰাত তেওঁ ঘৰে ঘৰে গৈ টিউশ্যন কৰাত লাগিল।[1] সেই সময়ত শিৱদাস বন্দ্যোপাধ্যায়ৰ বায়েকৰ ঘৰৰ ওচৰতে একাংশ শিল্প-সাহিত্যকে বাস কৰিছিল। সেইসকলৰ ভিতৰত আছিল – ছবি বিশ্বাস, কানন দেৱী, বসন্ত চৌধুৰী, মঞ্জু দে, ছায়া দেবী, প্ৰণতি ঘোষ, মীৰা মিশ্ৰ, অভি ভট্টাচাৰ্য, সুপ্ৰভা সৰকাৰ, অপৰেশ লাহিড়ী আদি।[1] তেওঁ অপৰেশ লাহিড়ীক চুবুৰীয়া হিচাপে পাইছিল। বায়েকৰ উৎসাহত তেওঁ আনন্দবাজাৰ, যুগান্তৰ, বসুমতী আদি আলোচনীত গল্প আৰু কবিতা লিখিবলৈ আৰম্ভ কৰিলে।
সঙ্গীত জীৱন
সম্পাদনা কৰকবিদ্যালয় আৰু টিউশ্যনৰ পাঠদানৰ মাজতে আজৰি পৰত শিৱদাস বন্দ্যোপাধ্যায় উপস্থিত হৈছিল অপৰেশ লাহিড়ীৰ ঘৰত। তাত নিয়মিত গীত-মাতৰ আড্ডা হৈছিল,গীতৰ বিষয়ে আলোচনা হৈছিল। বহুকেইজন গুণী মানুহৰ সমাৱেশ হৈছিল। তাতেই উত্তমকুমাৰ আৰু মৃণাল সেনক স্ব-চকুৰে দেখাৰ সুযোগ পাইছিল। এদিন হঠাৎ অপৰেশ লাহিড়ীয়ে তেওঁক মাতি পঠিয়ালে। তেওঁ স্কুলৰ পানীখোৱা ছুটীত অপৰেশ লাহিড়ীৰ ঘৰলৈ গ’ল আৰু তাত নাট্যকাৰ সলিল সেন, অভিনেতা নেপাল নাগ, অভিনেত্ৰী বাণী গঙ্গোপাধ্যায়ক লগ পালে। [1] এওঁলোক সকলো ‘ক্ৰান্তি শিল্পী-সংঘে’ৰ সদস্য আছিল। পাৰ্ক চাৰ্কাচ ময়দানত বিপ্লৱী সমাজতন্ত্ৰী দলৰ পাঁচদিনীয়া সন্মিলনৰ প্ৰস্তুতিৰ আলোচনা চলিছিল। শিৱদাস বন্দ্যোপাধ্যায়ক সেই সন্মিলনৰ ‘উদ্বোধনী সংগীত’ লিখি দিবলৈ প্ৰস্তাৱ দিয়া হ'ল। কিন্তু তেওঁ অতি বিনম্ৰভাৱে নিজৰ অক্ষমতাৰ কথা প্ৰকাশ কৰিলে। সলিল সেনে ক'লে -
‘দুঃসহ, অসহায় নিপীড়িত মানুহৰ কথা লিখক। তেওঁলোকৰ জীৱন-যন্ত্ৰণাৰ কথা লিখক। লিখক, হেভচ্ আৰু হেভ নটহেভচৰ কথা লিখক। আপুনিতো তেওঁলোকৰেই এজন। ’[3]
সলিল সেনৰ অনুপ্ৰেৰণাত সেই ৰাতিয়েই ৰচনা কৰিলে
‘এই কি পৃথিৱী সেই/ হেথায় আশাৰ আলো শুধু ছলনা কৰে/ চোখেৰ তাৰায় যে আশা কেঁদে মৰে/ পৃথিৱীৰ বুকে তবু কি মমতা নেই?’[1]
অপৰেশ লাহিড়ীয়ে গীতটিত সুৰ দিলে আৰু পৰিৱেশন কৰা হ'ল। এনেদৰেই গীতৰ জগতত প্ৰৱেশ ঘটিছিল শিৱদাস বন্দ্যোপাধ্যায়ৰ। পঞ্চাশৰ দশকত তেওঁ আকাশবাণীত গীতিকাৰ হিচাপে যোগদান কৰে।[4] গীতিকাৰ হিচাপে প্ৰথম মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ চলাচল(১৯৫৬) আৰু অন্তিম মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ অগ্নিশপথ (২০০৬)।[4] তেওঁ প্ৰায় ৮৫খন চলচ্চিত্ৰৰ গীতিকাৰ আছিল। শিৱদাস বন্দ্যোপাধ্যায়ে আধুনিক গান, দেশাত্মবোধক গান, শাক্তসংগীত, ভক্তিগীতি, চলচ্চিত্ৰৰ গীত – সকলো মিলাই প্ৰায় ৩০০ গীত ৰচনা কৰিছে আৰু তেওঁ ৰচনা কৰা বেছিভাগ গীতৰ সুৰকাৰ ভূপেন হাজৰিকা।[1] মানু সেন পৰিচালিত দিন যায় (১৯৮৭) চলচ্চিত্ৰৰ বাবে গীত ৰচনাৰ লগতে চিত্ৰনাট্যও প্ৰস্তুত কৰিছিল।[4]
ভূপেন হাজৰিকাৰ গীতৰ বাংলা ৰূপান্তৰ
সম্পাদনা কৰকবৰ্ণালী বৰুৱা দাসে ‘বিস্তীৰ্ণ পাৰৰে’ গীতটিৰ বাংলা অনুবাদ প্ৰসঙ্গত এনেদৰে কৈছে - "গীত বা কবিতা এটা ভাষান্তৰ কৰা এটা দূৰুহ কাম। কেতিয়াবা কিছুমান ব্যঞ্জনা মূল ভাষাটোতহে অধিক খাপ খায়। ভাষান্তৰত সেই মূল ব্যঞ্জনাটো অনাটো সম্ভৱ নহয়। এই গীতটোৰ ‘তুমিয়ে যদি ব্ৰহ্মৰে পুত্ৰ, সেই পিতৃত্ব তেনে নাম মাত্ৰ’—এই অংশখিনি বাংলা ৰূপান্তৰত গংগাৰ সৈতে স্বাভাবিক কাৰণতেই ৰজিতা নাখায়। ফলত সেই অংশখিনি কৰা হ’ল –
“স্ৰোতস্বিনী কেন নাহি বও? তুমি নিশ্চয়ই জাহ্নবী নও”
এই অংশখিনিৰ বাহিৰে বাকী গোটেই গীতটোৰ ভাষান্তৰত শিৱদাস বন্দোপাধ্যায় সফল হৈছে বুলিয়েই ক’ব পাৰি।"[5] খগেশ সেন ডেকাই এক আলোচনাত এনেদৰে কৈছে -"ভূপেন হাজৰিকাৰ সৰহভাগ গীত বাংলালৈ অনুবাদ কৰিছে শিবদাস বন্দ্যোপাধ্যায়ে। এইজনা বিশিষ্ট অনুবাদকে সৰহভাগ ক্ষেত্ৰতে ভূপেন হাজৰিকাৰ গীতৰ মূল স্পিৰিট ধৰি ৰাখিবলৈ সমৰ্থ হৈছে বুলিব পাৰি। বাংলা সংগীত জগতত, আনপক্ষে বিশ্বৰ দৰবাৰত ভূপেন হাজৰিকাৰ প্ৰতিষ্ঠাত এইজনা ব্যক্তিৰ অনবদ্য ভূমিকা আছে। ভূপেন হাজৰিকাৰ ভালেমান গীতক তেওঁ ভাব-ভাষাৰ পৰিৱৰ্তনেৰে নৱৰূপ দিয়াও লক্ষ্য কৰা যায়। “টিৰাপ সীমান্ত”, “বোলো অ’ মিচিং ডেকাটি”, “বুকু হম হম কৰে” আদি গীতৰ বাংলা ৰূপান্তৰ “এ শহৰ প্ৰান্ত”, “অ’ পাহাৰী বন্ধু গো”, “চোখ চল চল কৰে ওগো মা”, “মেঘ থম থম কৰে কেও নেই” এই বিষয়ৰ আন কেইটিমান উল্লেখযোগ্য উদাহৰণ। মূল অসমীয়া গীতৰ সুৰ একে ৰাখি ভাব-ভাষা সলনি কৰা তেওঁৰ এনে গীত হিন্দী ভাষাটো ভালেমান আছে। এই গীতবোৰত মূলৰ সুৰ অক্ষুণ্ন ৰখা হৈছে যদিও সিবোৰৰ কথা বস্তু সম্পূৰ্ণ ভিন্ন। মুঠতে ভূপেন হাজৰিকাৰ প্ৰতিষ্ঠাত পৰোক্ষভাৱে হ’লেও অৰিহণা যোগোৱা শিবদাস বন্দ্যোপাধ্যায়, গুলজাৰ প্ৰমুখ্যে তেওঁৰ গীতৰ অনুবাদকসকলৰ ওচৰত অসমীয়া সমাজ চিৰকাল কৃতজ্ঞ হৈ ৰ’ব। পৰিশেষত অনুবাদ, বিশেষকৈ গীতৰ অনুবাদ কেনে জটিল তথা দুৰূহ, সেই কথা ভূপেন হাজৰিকাৰ গীতৰ এটা মাত্ৰ সৰু উদাহৰণেৰে এই আলোচনা সামৰিবৰ যত্ন কৰিম।
ভূপেন হাজৰিকাৰ একালৰ অতি জনপ্ৰিয় এটি গীত হৈছে ‘ফুট গধূলিতে’। গীতটোৰ প্ৰথম ফাঁকিটো এনে ধৰণৰ—
“ফুট গধূলিতে কপিলী খুঁটিত
কোন গুৰ্খালি গাভৰুৰে গাইজনী হেৰায়।
এ গাইজনীনো কেনে তুলনা যে নাই
হেনো সেই চাপৰিত তাইৰ মান গাখীৰতী নাই।”
ইয়াৰ বাংলা অনুবাদটিৰ কথা এনে ধৰণৰ—
“ঠিক গধূলিতে কপিলী গাঞে
কোন গুৰ্খালি যুৱতীৰ গাই হাৰালো।
গাইটিৰ কোনো তুলনাতো নাই
আ সেই গাঞে তাইৰ মত দুগ্ধবতী নাই।”
মন কৰিবলগীয়া যে, বাংলাত অসমীয়াৰ দৰে ‘ফুট গধূলি’, ‘খুঁটি’, ‘চাপৰি’, ‘গাভৰু’, ‘গাখীৰতী, আদি শব্দ বা শব্দগুচ্ছৰ অভাৱ। অনুবাদটিত অসমীয়াৰ ওচৰ চপাকৈ সিবোৰৰ ঠাইত ‘ঠিক গধূলি’, ‘গাঞে’, ‘যুৱতী’, ‘দুগ্ধবতী’ আদি শব্দ প্ৰয়োগ কৰা হৈছে। অসমীয়া লোক জীৱনৰ পৰা আহৰিত এনেবোৰ শব্দৰ সঠিক অনুবাদ কোনোপধ্যেই সম্ভৱ নহয়। সেই শব্দবোৰে আনি দিয়া অনুষংগ তথা পৰিৱেশ সৃষ্টি কৰিবলৈ যে অনুবাদকে যৎপৰোনাস্তি চেষ্টা কৰিছে, তাৰ উল্লেখ বাহুল্য মাথোঁন।"[6]
সন্মান
সম্পাদনা কৰকশিৱদাস বন্দ্যোপাধ্যায়েৰ স্মৃতিৰক্ষাৰ্থে কলকাতাৰ ১১২নং ৱাৰ্ডত তেওঁৰ এটি তাম্ৰমূৰ্তি স্থাপন কৰা হৈছে। এই ভাস্কৰ্য উন্মোচন কৰিছিল তেওঁৰেই ভাগিন তথা পশ্চিমবঙ্গৰ ভূতপূৰ্ব শিক্ষামন্ত্ৰী পাৰ্থ চট্টোপাধ্যায়ে।[7]
মৃত্যু
সম্পাদনা কৰক২০০৯ চনৰ ৮ আগষ্টত কলকাতাযত শিৱদাস বন্দ্যোপাধ্যায়ৰ মৃত্যু হয়।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 বিভূতিভূষণ মণ্ডল. "শিবদাস বন্দ্যোপাধ্যায় : তাঁৰ জীবন ও গান". https://www.kaliokalam.com/%E0%A6%B6%E0%A6%BF%E0%A6%AC%E0%A6%A6%E0%A6%BE%E0%A6%B8-%E0%A6%AC%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A7%8B%E0%A6%AA%E0%A6%BE%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AF%E0%A6%BC/। আহৰণ কৰা হৈছে: 6 October 2024.
- ↑ অঞ্জলি বসু সম্পাদিত (২০১৯). সংসদ বাঙালি চৰিতাভিধান, দ্বিতীয় খণ্ড. সাহিত্য সংসদ, কলকাতা. পৃষ্ঠা. ৩৮৭. ISBN 978-81-7955-292-6.
- ↑ শিৱদাস বন্দ্যোপাধ্যায় (২০০৬). গঙ্গা আমাৰ মা পদ্মা আমাৰ মা. দে’জ, কলকাতা. পৃষ্ঠা. ৯.
- ↑ 4.0 4.1 4.2 "ব্যক্তিত্ব". https://banglacinema100.com/profile-details/U0VoeE1ESnBjUzkxY3pkd1VtTnFSRTU0Ynl0blFUMDk%3D। আহৰণ কৰা হৈছে: 7 October 2024.
- ↑ "মিচিচিপিৰ পৰা লুইতলৈ বৈ অহা এটি গান: বিস্তীৰ্ণ পাৰৰে". https://muktosinta.org/missisipir-pora-luitoloi/। আহৰণ কৰা হৈছে: 7 October 2024.
- ↑ "ভূপেন হাজৰিকাৰ গীতৰ শব্দ-শিল্প : দুটি বিশেষ গীতৰ উল্লেখেৰে". https://muktosinta.org/bhupen-hazarikar-geet/। আহৰণ কৰা হৈছে: 7 October 2024.
- ↑ "বাতৰি". https://tv9bangla.com/videos/partha-chatterjee-news-who-is-parthas-uncle-shibdas-bandopadhyay-au67-650586.html। আহৰণ কৰা হৈছে: 7 October 2024.