শিৱলিংগ বা লিংগ (ইংৰাজী: लिङ्ग), হৈছে শৈৱবাদত হিন্দু দেৱতা শিৱৰ এক বিমূৰ্ত বা প্ৰতিষ্ঠিত প্ৰতিনিধিত্ব।[1] লিংগক "চিহ্ন" হিচাপে ব্যৱহাৰ কৰা হয়। শ্বেতাশ্বতৰোপণিষদৰ মতে "শিৱ, সৰ্বোচ্চ প্ৰভুৰ কোনো লিঔগ নাই", অৰ্থাৎ তেওঁ যিকোনো বৈশিষ্ট্যৰ উৰ্ধত বিশেষকৈ তেওঁক নিৰ্দিষ্ট লিংগ পৰিচয়ৰ দ্বাৰা সংজ্ঞাবদ্ধ কৰিব নোৱাৰি। [2][3] লিংগক "নিৰাকাৰ বাস্তৱতাৰ" "বাহ্যিক প্ৰতীক" হিচাপে গণ্য কৰা হয়, যি হৈছে 'প্ৰাথমিক পদাৰ্থ'ক অতীন্দ্ৰিয় প্ৰেক্ষাপটত 'বিশুদ্ধ চেতনা'ৰ সৈতে একত্ৰিত কৰাৰ প্ৰতীক। [4] ই সাধাৰণতে শিৱৰ প্ৰতি সমৰ্পিত হিন্দু মন্দিৰৰ প্ৰাথমিক মূৰ্তি বা ভক্তিমূলক প্ৰতিচ্ছবি। লিংগক স্ব-প্ৰকট প্ৰাকৃতিক বস্তু হিচাপেও পোৱা যায়।[5][6]

ত্ৰিপুণ্ড সহ এটি শিৱলিংগ

লিংগটো প্ৰায়ে প্লেটৰ দৰে বহল আকৃতিৰ পৃষ্ঠৰ ভিতৰত প্ৰতিনিধিত্ব কৰা হয়।[1][7] এই বহল অংশক যোনি বুলি কোৱা হয়। এয়া নাৰীৰ জনন অংগৰ সমকক্ষ।[8] অৰ্থাৎ সৃষ্টি আৰু পুনৰ্জন্মৰ ঐশ্বৰিক চিৰন্তন প্ৰক্ৰিয়া, আৰু নাৰী আৰু পুৰুষৰ মিলন যি সকলো অস্তিত্বক পুনৰ সৃষ্টি কৰে।[9][10] লিঙ্গটো সৃষ্টি আৰু ধ্বংসাত্মক শক্তিৰ প্ৰতীক হিচাপে ধাৰণা কৰা হয়,[9][11] বিশেষকৈ গুহ্য, কৌল আৰু তন্ত্ৰ প্ৰথা, লগতে হিন্দু ধৰ্মৰ শৈৱবাদ আৰু শক্তিবাদ পৰম্পৰাত এই বিশ্বাস প্ৰচলিত।

লিংগ-যোনিৰ ৰূপক সৃষ্টিশীল নীতি, নাৰী আৰু পুৰুষৰ মিলন, সৃষ্টিৰ চিৰন্তন বিশ্বতাত্ত্বিক প্ৰক্ৰিয়াও য়িন আৰু য়াঙৰ চীনা দৰ্শনত দেখুওৱা হৈছে,[12][13] য'ত ব্যুৎপত্তিগত আৰু অৰ্থগতভাৱে য়িনে চেতনাৰ নাৰী, অৰ্ধ-একতাক প্ৰতিনিধিত্ব কৰে আৰু য়াঙে পুৰুষত্বক প্ৰতিনিধিত্ব কৰে। একেলগে দুয়োটা সৃষ্টিৰ প্ৰতীক।[12]

ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ পুৰাতাত্ত্বিক স্থানসমূহত পোৱা লিংগৰ আইকন'গ্ৰাফীত যোনিৰ ভিতৰত স্থাপন কৰা সৰল চুঙা আকৃতিৰ আৰ্হি পোৱা যায়। মুখলিংগ হৈছে বৃত্তাকাৰ এক বা একাধিক মুখৰ ভাস্কৰ্য্য খোদিত স্তম্ভ; আৰু গুডিমাল্লামৰ ফেলাছ হৈছে লিংগৰ বাস্তৱিক প্ৰতিনিধিত্ব। [note 1][16] শৈৱ পৰম্পৰাত, লিঙ্গটোক আধ্যাত্মিক মূৰ্তিবিদ্যাৰ এক প্ৰকাৰ হিচাপে গণ্য কৰা হয়।[17][18]

তাৎপৰ্যসম্পাদনা কৰক

মনিয়াৰ মনিয়াৰ-উইলিয়ামছ শীৰ্ষক উপনিষদ আৰু মহাকাব্যিক সাহিত্যত লিংগৰ উপস্থিতি দেখা যায়, য'ত ইয়াৰ অৰ্থ হৈছে "চিহ্ন, প্ৰতীক, বৈশিষ্ট্য।" [19][17] এই শব্দটোৰ আন প্ৰাসংগিক অৰ্থবোৰৰ ভিতৰত আছে ঈশ্বৰ আৰু ঈশ্বৰৰ শক্তিৰ "প্ৰমাণ, সত্যতা, লক্ষণ।" [19][20] এই শব্দটোৰ উপস্থিতি যুক্তিৰ ওপৰত প্ৰাৰম্ভিক ভাৰতীয় গ্ৰন্থসমূহতো দেখা যায়, য'ত এটা অনুমান এটা চিহ্নৰ (লিঙ্গ) ওপৰত আধাৰিত, যেনে "যদি ধোঁৱা থাকে তেন্তে জুয়ো আছে" য'ত লিঙ্গটোৱে ধোঁৱাক প্ৰতিনিধিত্ব কৰিছে।[19] ই হিন্দু ধৰ্মৰ এক ধৰ্মীয় প্ৰতীক যি সকলো অস্তিত্ব, প্ৰতিটো মহাজাগতিক স্তৰত সকলো সৃজনশীলতা আৰু উৰ্বৰতাৰ হৈ শিৱক উৎপাদক শক্তি হিচাপে প্ৰতিনিধিত্ব কৰে।[17][21]

শৈৱবাদ পৰম্পৰাত লিংগ হৈছে শিৱৰ এক চমু নলাকাৰ স্তম্ভসদৃশ প্ৰতীক, যি শিল, ধাতু, ৰত্ন, কাঠ, মাটি বা মূল্যৱান শিলেৰে নিৰ্মিত। [22][1] বিশ্বকোষ ব্ৰিটানিকাৰ মতে, লিংগ হৈছে শিৱ মন্দিৰ আৰু ব্যক্তিগত মন্দিৰত পোৱা এক প্ৰতিনিধিত্ব মূলক প্ৰতীক সামগ্ৰী যি শিৱ আৰু "উৎপাদনশীল শক্তিৰ প্ৰতীক হিচাপে সন্মানিত।" [1] এই লিংগৰ নিম্ন অংশৰ গোলাকাৰ কাহিৰ দৰে অংশক যোনি বুলি কোৱা হয় আৰু এয়া হৈছে দেৱী শক্তিৰ প্ৰতীক। একেলগে এয়া নাৰী আৰু পুৰুষতান্ত্ৰিক নীতিৰ মিলন, আৰু "সকলো অস্তিত্বৰ সামগ্ৰিকতা"ৰ প্ৰতীক।[1]

ইতিহাসসম্পাদনা কৰক

 
পশুপতি মোহৰ, সম্ভৱতঃ ট্ৰাইচেফালিক চিত্ৰ; প্ৰায় ২৩৫০-২০০০ খ্ৰীষ্টপূৰ্ব

পুৰাতত্ত্ববিদ সকলৰ মতে "মহেঞ্জোদাৰোত পোৱা কিছুমান শিল স্পষ্টভাৱে ফেলিক শিল।" এইবোৰ ২৩০০ খ্ৰীষ্টপূৰ্বৰ পৰা কিছু সময়ৰ আগৰ। একেদৰে, হৰপ্পাৰ এটা সৰু টেৰাকোটাৰ প্ৰতিনিধিত্ব মূলক আৰ্হি আছে যাক "নিঃসন্দেহে আধুনিক শিৱলিঙ্গৰ প্ৰতিকৃতি বুলি গণ্য কৰা হ'য়।" [23] বিশ্বকোষ ব্ৰিটানিকাৰ মতে, যদিও হৰপ্পাত উদ্ধাৰ হোৱা অৱশেষ বোৰৰ ভিতৰত "বৃত্তাকাৰ শীৰ্ষৰ সৈতে চুটি নলাকাৰ স্তম্ভ" পোৱা গৈছে, কিন্তু সিন্ধু উপত্যকাৰ সভ্যতাৰ লোকসকলে এই শিল্পকলাবোৰক লিংগ হিচাপে পূজা কৰাৰ কোনো প্ৰমাণ নাই।[1] শ্ৰীনিবাসনৰ মতে, হৰপ্পা স্থানত 'লিংগ'ৰ দৰে সামগ্ৰী পোৱা গৈছে। [24] এই সমূহৰ ভিতৰত অন্তৰ্ভুক্ত আছে সিন্ধু মোহৰত পোৱা এটা "বহি থকা অৱস্থাত ত্ৰিশূল-মূৰীয়া ইথাইফেলিক চিত্ৰ" এই মোহৰ সম্পৰ্কে ব্যাখ্যা আগবঢ়াই শ্ৰীনিবাসে এয়া শিৱক ধ্যানকৰা তপস্বী হিচাপে তুলনা কৰিছে। [24][25]

ঔপনিবেশিক যুগৰ পুৰাতত্ত্ববিদজন মাৰ্শ্বেল আৰু আৰ্নেষ্ট মেকাই দিয়া প্ৰস্তাৱ অনুসৰি হৰপ্পা স্থানত পোৱা কিছুমান শিল্পকলা সিন্ধু সভ্যতাত লিংগ উপাসনাৰ প্ৰমাণ হ'ব পাৰে।[26] সিন্ধু উপত্যকাৰ প্ৰত্নতাত্ত্বিক স্থানসমূহত আৱিষ্কৃত এনে ধৰণৰ নিদৰ্শনসমূহ যোনি হয়নে নহয় তাক লৈ আৰ্থাৰ লেৱেলিন বাছামৰ দৰে পণ্ডিতসকলে সন্দেহ ব্যক্ত কৰিছে।[27] উদাহৰণ স্বৰূপে, জোনছ আৰু ৰিয়ানে কয় যে সিন্ধু সভ্যতাৰ অংশ হৰপ্পা আৰু মহেঞ্জো-দাৰোৰ পুৰাতাত্ত্বিক স্থানসমূহৰ পৰা লিংগ/যোনিৰ আকৃতি কিছুমান উদ্ধাৰ কৰা হৈছে। [28][29]

লিংগ শব্দটো ঋগবেদ,[30] বা আন বেদত পোৱা নাযায়।[31] অৱশ্যে, ৰুদ্ৰ বৈদিক সাহিত্যত পোৱা যায়। [30][32] লিংগৰ উপাসনা বৈদিক ধৰ্মৰ অংশ নাছিল। লিংগ উপাসনাৰ উৎপত্তি হৈছে বলিদানৰ পদ য়ুপ-স্তম্ভৰ প্ৰশংসাত গোৱা অথৰ্ব বেদ সংহিতাৰ বিখ্যাত স্তৱকৰ পৰা। সেই স্তোত্ৰত আৰম্ভণিহীন আৰু অন্তহীন স্তম্ভ বা স্কম্ভৰ বৰ্ণনা পোৱা যায়। বৈদিক যজ্ঞৰ জুই, ইয়াৰ ধোঁৱা, ছাই, সোমা উদ্ভিদ, আৰু বৈদিক বলিদানৰ বাবে কাঠৰে তৈয়াৰ কৰা ষাঁড়বোৰে শিৱৰ শৰীৰৰ উজ্জ্বলতা, তেওঁৰ জটাবন্ধা চুলি, তেওঁৰ নীলা ডিঙি আৰু শিৱৰ বাহন ষাঁড়ক প্ৰতিনিধিত্ব কৰাৰ দৰে য়ুপ-সস্কম্ভই স শিৱ-লিঙ্গক স্থান দিছিল।[33][34] লিঙ্গ পুৰাণ পাঠত একেটা স্তোত্ৰকাহিনীৰ আকৃতিত সম্প্ৰসাৰিত কৰা হৈছে, যাৰ অৰ্থ হৈছে মহান স্তম্ভৰ গৌৰৱ আৰু মহাদেৱ হিচাপে শিৱৰ শ্ৰেষ্ঠতা প্ৰতিষ্ঠা কৰা।[34]

টোকাসম্পাদনা কৰক

  1. গুডিমাল্লাম লিংগমত ফেলিক আকৃতিৰ প্ৰতিনিধিত্বই এই সন্দৰ্ভত একেবাৰে বিপৰীত অৰ্থ বুজায়। [35] ই "প্ৰাথমিক ধাৰণ" আৰু ব্ৰহ্মচাৰ্যৰ অনুশীলনক প্ৰাসংগিক কৰে,,[36][37][38] তথা শিৱক "তেওঁৰ ইন্দ্ৰিয়ৰ প্ৰতি থকা সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আৰু সৰ্বোচ্চ শাৰীৰিক ত্যাগৰ বাবে"প্ৰতিনিধিত্ব কৰে। [35]

তথ্যসূত্ৰসম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "lingam". Encyclopædia Britannica. 2010. http://www.britannica.com/EBchecked/topic/342336/lingam. 
  2. Kramrisch 1994, পৃষ্ঠা. 221.
  3. Constance & James 2006, পৃষ্ঠা. 410.
  4. Grimes 1996, পৃষ্ঠা. 175-176.
  5. Johnson, W.J. (2009). A dictionary of Hinduism (1st সম্পাদনা). প্ৰকাশক Oxford: Oxford University Press. ISBN 9780191726705. http://www.oxfordreference.com/view/10.1093/acref/9780198610250.001.0001/acref-9780198610250-e-1458। আহৰণ কৰা হৈছে: 5 January 2016. (subscription or UK public library membership required)
  6. Fowler, Jeaneane (1997). Hinduism: beliefs and practices. প্ৰকাশক Brighton [u.a.]: Sussex Acad. Press. পৃষ্ঠা. 42–43. ISBN 9781898723608. https://books.google.com/books?id=RmGKHu20hA0C. 
  7. ), Subramuniya (Master (1999). Dancing with Siva. প্ৰকাশক USA. ISBN 9780945497943. https://www.himalayanacademy.com/media/books/dancing-with-siva/web/glossary_c.html. 
  8. Beltz, Johannes (2011-03-01). "The Dancing Shiva: South Indian Processional Bronze, Museum Artwork, and Universal Icon". Journal of Religion in Europe (Brill Academic Publishers) খণ্ড 4 (1): 204–222. doi:10.1163/187489210x553566. https://semanticscholar.org/paper/abbf92264f0901428d662a561471285a7e2f029f. 
  9. 9.0 9.1 "Lingam (Hinduism)". Encyclopædia Britannica. প্ৰকাশক Edinburgh: Encyclopædia Britannica, Inc.. 24 December 2014 [20 July 1998]. https://www.britannica.com/topic/lingam। আহৰণ কৰা হৈছে: 22 May 2021. 
  10. James G. Lochtefeld (2001). The Illustrated Encyclopedia of Hinduism, Volume 2. The Rosen Publishing Group. পৃষ্ঠা. 784. ISBN 978-0-8239-3180-4. https://books.google.com/books?id=g6FsB3psOTIC&pg=PA784. 
  11. Constance & James 2006, পৃষ্ঠা. 260-261.
  12. 12.0 12.1 Zijiang Ding, John (2009). "Indian Yoni-Linga and Chinese Yin-Yang". Journal of Philosophy: A Cross-Disciplinary Inquiry. 4. Society for Philosophy and Literary Studies of Nepal. পৃষ্ঠা. 20–26. doi:10.5840/jphilnepal2009483. https://www.pdcnet.org/jphilnepal/content/jphilnepal_2009_0004_0008_0020_0026. 
  13. Mahdihassan 1989, পৃষ্ঠা. 248.
  14. T. A. Gopinatha Rao (1993). Elements of Hindu Iconography, Volume 2. Motilal Banarsidass. পৃষ্ঠা. 63–68, 72–87, 91–98. ISBN 978-81-208-0877-5. https://books.google.com/books?id=e7mP3kDzGuoC. 
  15. Doniger 2011, পৃষ্ঠা. 491.
  16. [14][15]
  17. 17.0 17.1 17.2 James G. Lochtefeld (2001). The Illustrated Encyclopedia of Hinduism, Volume 1. The Rosen Publishing Group. পৃষ্ঠা. 390. ISBN 978-0-8239-3179-8. https://books.google.com/books?id=5kl0DYIjUPgC. 
  18. Doniger 2011, পৃষ্ঠা. 503.
  19. 19.0 19.1 19.2 Linga, Monier Monier-Williams, Harvard University Archives, pp. 901-902
  20. Yves Bonnefoy (1993). Asian Mythologies. University of Chicago Press. পৃষ্ঠা. 38–39. ISBN 978-0-226-06456-7. https://books.google.com/books?id=r4I-FsZCzJEC. 
  21. Lewis R. Rambo; Charles E. Farhadian (2014). The Oxford Handbook of Religious Conversion. Oxford University Press. পৃষ্ঠা. 332–333. ISBN 978-0-19-971354-7. https://books.google.com/books?id=U03gAgAAQBAJ. 
  22. Kramrisch 1994, পৃষ্ঠা. 217.
  23. Lipner, Julius J. (2017) (en ভাষাত). Hindu Images and Their Worship with Special Reference to Vaisnavism: A Philosophical-theological Inquiry. প্ৰকাশক London; New York: Routledge, Taylor & Francis Group. পৃষ্ঠা. 39. ISBN 9781351967822. OCLC 985345208. https://books.google.com/books?id=yDAlDwAAQBAJ&pg=PA39. 
  24. 24.0 24.1 Srinivasan 2004, পৃষ্ঠা. 434.
  25. Mark Kenoyer, Jonathan (1998). Ancient Cities of the Indus Vally Civilization. Oxford University Press. ISBN 9780195779400. https://global.oup.com/academic/product/ancient-cities-of-the-indus-valley-civilization-9780195779400. 
  26. Asko Parpola (1985). "The Sky Garment - A study of the Harappan religion and its relation to the Mesopotamian and later Indian religions". Studia Orientalia (The Finnish Oriental Society) খণ্ড 57: 101–107. 
  27. Arthur Llewellyn Basham (1967). The Wonder that was India: A Survey of the History and Culture of the Indian Subcontinent Before the Coming of the Muslims. Sidgwick & Jackson (1986 Reprint). পৃষ্ঠা. 24. ISBN 978-0-283-99257-5. https://books.google.com/books?id=LscvuQEACAAJ. , Quote: "It has been suggested that certain large ring-shaped stones are formalized representations of the female regenerative organ and were symbols of the Mother Goddess, but this is most doubtful."
  28. Constance & James 2006, পৃষ্ঠা. 516.
  29. Jyotsna Chawla (1990). The R̥gvedic deities and their iconic forms. Munshiram Manoharlal Publishers. পৃষ্ঠা. 185. ISBN 9788121500821. https://books.google.com/books?id=EX3XAAAAMAAJ. 
  30. 30.0 30.1 Doniger 2011, পৃষ্ঠা. 489–502.
  31. Ellwood Austin Welden (1910). "The Samkhya Term, Linga". The American Journal of Philology (The Johns Hopkins University Press) খণ্ড 31 (4): 445–459. doi:10.2307/288521. 
  32. Charles Phillips; Michael Kerrigan; David Gould (2011). Ancient India Myths and Beliefs. The Rosen Publishing Group. পৃষ্ঠা. 41–45. ISBN 978-1-4488-5990-0. https://books.google.com/books?id=p3-RkE-Xxa0C. 
  33. Harding, Elizabeth U. (1998). "God, the Father". Kali: The Black Goddess of Dakshineswar. Motilal Banarsidass. পৃষ্ঠা. 156–157. ISBN 978-81-208-1450-9. 
  34. 34.0 34.1 Vivekananda, Swami. "The Paris congress of the history of religions". The Complete Works of Swami Vivekananda. 4. http://www.ramakrishnavivekananda.info/vivekananda/volume_4/translation_prose/the_paris_congress.htm. 
  35. 35.0 35.1 Kramrisch 1994, পৃষ্ঠা. 218.
  36. Kramrisch 1994, পৃষ্ঠা. 26.
  37. Pensa, Corrado. "Some Internal and Comparative Problems in the Field of Indian Religions." Problems and Methods of the History of Religions. Brill, 1972. 102-122.
  38. Ghurye, G.S., 1952. Ascetic Origins. Sociological Bulletin, 1(2), pp.162-184.