শৈলধৰ ৰাজখোৱা

অসমৰ সাহিত্যিক।


শৈলধৰ ৰাজখোৱা (ইংৰাজী: Sailadhar Rajkhowa) অসমৰ এগৰাকী কবি আৰু নাট্যকাৰ আছিল। স্কুলীয়া ছাত্ৰ অৱস্থাৰ পৰাই তেখেতে কবিতা লিখাৰ অভ্যাস কৰিছিল। তেখেতে আলোচনী উষা, বাঁহী আদিত অনেক কবিতা ৰচনা কৰিছিল।

শৈলধৰ ৰাজখোৱা
জন্ম ১৮৯২ চন
অসম
মৃত্যু ১৯৬৮ চনৰ ডিচেম্বৰ মাহৰ ১৭তাৰিখ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

শৈলধৰ ৰাজখোৱাৰ জন্ম হৈছিল ১৮৯২ চনত ডিব্ৰুগড়ৰ চিৰিং চাপৰিত। তেখেতৰ পিতৃৰ নাম চন্দ্ৰধৰ ৰাজখোৱা।[1]

শিক্ষা সম্পাদনা কৰক

  • তেওঁ ডিব্ৰুগড়ত স্কুলীয়া শিক্ষা লাভ কৰিছিল।
  • ১৯১৪ চনত কটন কলেজৰ পৰা বি.এ উপাধি লাভ কৰিছিল।[2]

চাকৰি জীৱন সম্পাদনা কৰক

  • ১৯১৭ চনত ডিব্ৰুগড় হাইস্কুলৰ শিক্ষক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে।
  • ১৯১৯ চনত মাটিৰ হাকিমৰ চাকৰি কৰি শিৱসাগৰ,বৰপেটা,তেজপুৰ,ধুবুৰী আদিত কাম কৰি ১৯৪৭ চনত ই.এছ.চি হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লয়।[3]

সাহিত্যৰাজি সম্পাদনা কৰক

কবিতাপুথি সম্পাদনা কৰক

  • নিজৰা(১৯৩৫)[4]
  • উদগনি (১৯৯০)

নাটক সম্পাদনা কৰক

  • বিদ্যাৱতী(১৯১৮)
  • অসম গৌৰৱ(১৯৫৩)[5]

মৃত্যু সম্পাদনা কৰক

  • ১৯৬৮ চনৰ ডিচেম্বৰ মাহৰ ১৭তাৰিখে মৃত্যু হৈছিল।[6]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ২৪৪
  2. অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ২৪৪
  3. অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন,তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ২৪৪
  4. অসমীয়া সাহিত্যৰ ৰূপৰেখা,সম্পা:মহেশ্বৰ নেওগ,পঞ্চদশ তাঙৰণ:২০১৮ পৃষ্ঠা নং ২৭০
  5. অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন,তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ২৪৪
  6. অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ২৪৪