শ্বেত ৰক্ত কণিকা বা শ্বেত ৰক্ত কোষ (ইংৰাজী: White blood cells (WBCs)), যাক লিউক’ছাইটছ বুলিও কোৱা হয়, হৈছে সংক্ৰামক ৰোগ আৰু বাহ্যিক আক্ৰমণকাৰীৰ (বীজাণু) পৰা দেহক ৰক্ষা কৰা প্ৰতিৰক্ষা তন্ত্ৰৰ কিছুমান কোষ। সকলো শ্বেত ৰক্ত কোষ মেৰু মজ্জাত থকা হিমেট'পেটিক ষ্টীম ছেল নামৰ এবিধ বহু ক্ষমতাসম্পন্ন কোষৰ পৰা সৃষ্টি হয়। তেজ আৰু লসিকা তন্ত্ৰকে ধৰি দেহৰ সকলো অংগতে শ্বেত ৰক্ত কোষ পোৱা যায়।[1]

শ্বেত ৰক্ত কোষ

সাধাৰণভাবে চলাচল হৈ থকা মানুহৰ তেজৰ এক অণুবীক্ষণিক স্ক্ৰেনিং ছবি। চিত্ৰত অসমাকৃতিৰ শ্বেত ৰক্ত কোষৰ সৈতে লোহিত ৰক্ত কোষ আৰু অণুচক্ৰিকা দেখা পোৱা গৈছে।
সবিশেষ
তন্ত্ৰ প্ৰতিৰক্ষা তন্ত্ৰ
চিনাক্তকাৰক
সংক্ষিপ্ত নাম WBC
MeSH D007962
TH সাঁচ:TerminologiaHistologica
FMA 62852
মাইক্ৰ'এনাটমীৰ দেহতাত্ত্বিক পৰিভাষা

শ্বেত ৰক্ত কোষবোৰৰ কোষ কেন্দ্ৰই ইহঁতক অন্য ৰক্ত কোষ, লোহিত ৰক্ত কোষ আৰু অনুচক্ৰিকাৰ পৰা পৃথক কৰে। কিছুমান শ্বেতৰক্তকণিকাৰ কোষপ্ৰৰস দানাযুক্ত (Granular) আৰু আন কিছুমান দানাবিহীন(Agranular)। শ্বেত ৰক্ত কোষ প্ৰধানকৈ পাঁচ প্ৰকাৰৰ: নিউট্ৰ’ফিল, ইয়’ছিন’ফিল (acidophilus), বেছ’ফিল, লিম্ফ’চাইট, আৰু মন’চাইট[2] গাঁথনিক আৰু কাৰ্যভিত্তিক বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি এই ভাগসমূহ কৰা হৈছে। মন’চাইট আৰু নিউট্ৰ’ফিলবোৰ বীজাণুধ্বংসকাৰী কোষ। ইয়াৰোপৰি কিছুমান উপ-বিভাগো আছে, যেনে লিম্ফ’চাইটৰ উপ-বিভাগ সমূহ হৈছে: বি কোষ, টি কোষ, আৰু এন.কে. কোষ

তেজত লিউক’চাইটৰ পৰিমাণ গণনাৰ দ্বাৰা প্ৰায়ে ৰোগ নিৰ্ধাৰণ কৰা হয়। সেয়ে সম্পূৰ্ণ ৰক্তকোষৰ গণনাত শ্বেত ৰক্ত কোষৰ গণনা (WBC count) এটা অতি প্ৰয়োজনীয় উপাদান। সাধাৰণ শ্বেত ৰক্ত কোষৰ হিচাপ হৈছে ৪ × ১০/লিটাৰৰ পৰা ১.১ × ১০১০/লিটাৰৰ ভিতৰত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাধাৰণতে প্ৰতি মাইক্ৰ’লিটাৰ তেজত ৪,০০০ৰ পৰা ১১,০০০ শ্বেত ৰক্ত কোষ থকা বুলি প্ৰকাশিত হৈছে।[3] এজন স্বাস্থ্যবান পূৰ্ণবয়স্ক পুৰুষৰ মুঠ তেজৰ আয়তনৰ প্ৰায় ১% হৈছে শ্বেত ৰক্ত কোষ,[4] যিটো তুলনামূলকভাবে লোহিত ৰক্ত কোষতকৈ (৪০% ৰ পৰা ৪৫%) নিচেই কম যদিও এই এক শতাংশই স্বাস্থ্যৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়, কিয়নো দেহৰ প্ৰতিৰক্ষা ইহঁতৰ ওপৰতেই নিৰ্ভৰ কৰে। লিউক’চাইটৰ সংখ্যা ইয়াৰ সাধাৰণ স্তৰতকৈ বৃদ্ধি হোৱাক লিউক’চাইট’ছিছ বোলে। ই কেতিয়াবা বিপদজনকো হ’ব পাৰে। লিউক’চাইটৰ সংখ্যা কমি গ’লে তাক লিউক’পেনিয়া বোলে, ই দুৰ্বল প্ৰতিৰক্ষা তন্ত্ৰৰ চিন।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Maton, D.; Hopkins, J.; McLaughlin, C. W.; Johnson, S.; Warner, M. Q.; LaHart, D.; Wright, J. D.; Kulkarni, D. V. (1997). Human Biology and Health. প্ৰকাশক Englewood Cliffs, New Jersey, US: Prentice Hall. ISBN 0-13-981176-1. 
  2. LaFleur-Brooks, M. (2008). Exploring Medical Language: A Student-Directed Approach (7th সম্পাদনা). প্ৰকাশক St. Louis, Missouri, US: Mosby Elsevier. পৃষ্ঠা. 398. ISBN 978-0-323-04950-4. 
  3. "Vital and Health Statistics Series 11, No. 247 (03/2005)" (PDF). https://www.cdc.gov/nchs/data/series/sr_11/sr11_247.pdf। আহৰণ কৰা হৈছে: 2014-02-02. 
  4. Alberts, B.; Johnson, A.; Lewis, J.; Raff, M.; Roberts, K.; Walter, P. (2002). "Leukocyte also known as macrophagesfunctions and percentage breakdown". Molecular Biology of the Cell (4th সম্পাদনা). প্ৰকাশক New York: Garland Science. ISBN 0-8153-4072-9. https://www.ncbi.nlm.nih.gov/books/bv.fcgi?highlight=leukocyte,functions&rid=mboc4.table.4143.