শ্বেৰিল ছেণ্ডবাৰ্গ
শ্বেৰিল কাৰা ছেণ্ডবাৰ্গ (ইংৰাজী: Sheryl Kara Sandberg); জন্ম: ২৮ আগষ্ট, ১৯৬৯)[1] এগৰাকী আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী, বিলিয়নাৰ আৰু সমাজসেৱক। ছেণ্ডবাৰ্গে মেটা প্লেটফৰ্মছৰ মুখ্য পৰিচালন বিষয়া (COO) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ তেওঁ ২০২২ চনৰ ১ জুনত ঘোষণা কৰে যে তেওঁ ২০২২ চনৰ শেষৰফালে পদত্যাগ কৰিব। তেওঁ LeanIn.Org ৰ প্ৰতিষ্ঠাপকো।[2] ২০০৮ চনত তেওঁক ফেচবুকত চি অ' অ' হিচাপে নিযুক্তি দিয়া হয় আৰু কোম্পানীটোৰ দ্বিতীয় সৰ্বোচ্চ ৰেংকিঙৰ বিষয়া হিচাপে পৰিগণিত হয়।[3] ২০১২ চনৰ জুন মাহত তেওঁ ফেচবুকৰ পৰিচালনা সমিতিলৈ নিৰ্বাচিত হয়,[4] আৰু ফেচবুকৰ ব’ৰ্ডত কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। কোম্পানীটোৰ বিজ্ঞাপন ব্যৱসায়ৰ মুৰব্বী হিচাপে ছেণ্ডবাৰ্গক কোম্পানীটোক লাভজনক কৰি তোলাৰ বাবে কৃতিত্ব দিয়া হৈছিল।[3] ফেচবুকৰ COO হিচাপে যোগদান কৰাৰ পূৰ্বে ছেণ্ডবাৰ্গ গুগলৰ গ্ল’বেল অনলাইন বিক্ৰী আৰু পৰিচালনাৰ উপ-সভাপতি আছিল আৰু ইয়াৰ দানশীল শাখা Google.org ৰ সৈতে জড়িত আছিল। ইয়াৰ পূৰ্বে ছেণ্ডবাৰ্গে আমেৰিকাৰ ট্ৰেজাৰীৰ সচিব লৰেন্স ছামাৰ্ছৰ মুখ্য কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
শ্বেৰিল ছেণ্ডবাৰ্গ Sheryl Sandberg | |
---|---|
২০১৩ চনত ছেণ্ডবাৰ্গ | |
জন্ম | শ্বেৰিল কাৰা ছেণ্ডবাৰ্গ ২৮ আগষ্ট, ১৯৬৯ (৫৫ বছৰ) ৱাশ্বিংটন ডিচি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
শিক্ষা | হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (কলা স্নাতক)), ব্যৱসায় প্ৰশাসনত স্নাতকোত্তৰ,MBA |
পেচা | মুখ্য পৰিচালনা বিষয়া, মেটা প্লেটফৰ্মছ (২০০৮) |
সক্ৰিয় হৈ থকা সময় | ১৯৯১–বৰ্তমান |
মুঠ আয় | ১.৯ বিলিয়ন আমেৰিকীয় ডলাৰ |
ৰাজনৈতিক দল | ডেম'ক্ৰেটিক দল |
বোৰ্ডৰ সদস্য | ফেচবুক ৱমেন ফৰ ৱমেন ইণ্টাৰনেছনেল গোলকীয় বিকাশৰ কেন্দ্ৰ ছাৰ্ভেমংকি |
দাম্পত্যসঙ্গী | ব্ৰায়ান ক্ৰাফ (বি. ১৯৯৩; বিবাহ বিচ্ছেদ ১৯৯৪) ডেভ গল্ডবাৰ্গ]] (বি. ২০০৪; মৃত্যু ২০১৫) |
অংশীদাৰ | টম বাৰ্ন্থা (২০১৯–বৰ্তমান;প্ৰণয়পাশত আবদ্ধ) |
সন্তান | ২ |
স্বাক্ষৰ | |
২০১২ চনত টাইমে যুগুত কৰা বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী লোকসকলৰ বাৰ্ষিক তালিকাত ছেণ্ডবাৰ্গৰ নাম অন্তৰ্ভুক্ত কৰা হয়।[5] ফৰ্বছ মেগাজিনৰ ২০২১ চনৰ বিলিয়নাৰ তালিকাত ছেণ্ডবাৰ্গৰ সম্পত্তিৰ পৰিমাণ ১.৭ বিলিয়ন মাৰ্কিন ডলাৰ বুলি কোৱা হৈছে, কাৰণ ফেচবুক আৰু অন্যান্য কোম্পানীত তেওঁৰ ষ্টক আছে।[6] ২০২২ চনত তেওঁ ঘোষণা কৰে যে তেওঁ মেটা চিঅ'অ' হিচাপে পদত্যাগ কৰিব কিন্তু তেওঁ ইয়াৰ ব'ৰ্ডত থাকিব।[7]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
সম্পাদনা কৰক১৯৬৯ চনত ৱাশ্বিংটন ডি.চি.ত এটা ইহুদী পৰিয়ালত[8][9] জন্মগ্ৰহণ কৰা ছেণ্ডবাৰ্গে এডেল (জন্ম:আইনহৰ্ণ) আৰু জোৱেল ছেণ্ডবাৰ্গৰ কন্যা আৰু তিনিটা সন্তানৰ ভিতৰত জ্যেষ্ঠ।[1][10] তেওঁৰ দেউতাক এজন চকুৰ চিকিৎসক, আৰু মাক আছিল ফৰাচী ভাষাৰ কলেজীয়া শিক্ষয়িত্ৰী।[8]
দুবছৰ বয়সত তেওঁৰ পৰিয়াল ফ্ল'ৰিডাৰ নৰ্থ মিয়ামি বিচলৈ গুচি যায়।[8] তেওঁ নৰ্থ মিয়ামি বিচ হাইস্কুলত পঢ়ে, য'ৰ পৰা তেওঁ ১৯৮৭ চনত তেওঁৰ শ্ৰেণীত নৱম স্থান লাভ কৰি স্নাতক ডিগ্ৰী লাভ কৰে।[8][11] তেওঁ দ্বিতীয় বৰ্ষৰ শ্ৰেণীৰ সভানেত্ৰী আছিল, নেচনেল অনাৰ ছ'চাইটিৰ সদস্য হৈছিল আৰু জ্যেষ্ঠ শ্ৰেণীৰ কাৰ্যবাহী ব'ৰ্ডত আছিল।[11] হাইস্কুলত থাকোঁতে ১৯৮০ চনত ছেণ্ডবাৰ্গে এৰোবিক্সৰ পাঠদান কৰিছিল।[12]
১৯৮৭ চনত ছেণ্ডবাৰ্গে হাৰ্ভাৰ্ড কলেজত নামভৰ্তি কৰে। ১৯৯১ চনত তেওঁ অৰ্থনীতিত কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে আৰু অৰ্থনীতিৰ শীৰ্ষ স্নাতক ছাত্ৰৰ বাবে জন এইচ উইলিয়ামছ বঁটা লাভ কৰে।[13] হাৰ্ভাৰ্ডত থাকোঁতে তেওঁ উইমেন ইন ইকনমিক্স এণ্ড গভৰ্ণমেণ্ট নামৰ এটা সংস্থাৰ সহ-প্ৰতিষ্ঠাপক আছিল।[14] তেওঁ অধ্যাপক লৰেন্স ছামাৰ্ছকো লগ পায়, যি তেওঁৰ গুৰু আৰু গৱেষণা-পত্ৰৰ উপদেষ্টা হৈ পৰে[11][15] ছামাৰ্ছে তেওঁক বিশ্ব বেংকত তেওঁৰ গৱেষণা সহায়ক হিচাপে নিযুক্তি দিয়ে [8] য'ত তেওঁ ভাৰতত কুষ্ঠৰোগ, এইডছ আৰু অন্ধতাৰ সৈতে জড়িত স্বাস্থ্য প্ৰকল্পত প্ৰায় এবছৰ কাম কৰিছিল।[16]
১৯৯৩ চনত তেওঁ হাৰ্ভাৰ্ড বিজনেছ স্কুলত নামভৰ্তি কৰে আৰু ১৯৯৫ চনত তেওঁ সৰ্বোচ্চ সুখ্যাতিৰে এম বি এ লাভ কৰে।[14] বিজনেছ স্কুলৰ প্ৰথম বৰ্ষত তেওঁ ফেল'শ্বিপ লাভ কৰে।[17]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ 1.0 1.1 "Weddings/Celebrations; Sheryl Sandberg, David Goldberg". The New York Times: পৃষ্ঠা Style. April 18, 2004. https://www.nytimes.com/2004/04/18/style/weddings-celebrations-sheryl-sandberg-david-goldberg.html.
- ↑ Dougherty, Ariel (August 13, 2019). "Sheryl Sandberg Profile". Philanthropy Women. https://philanthropywomen.org/foundation-leaders/sheryl-sandberg-a-philanthropists-profile/.
- ↑ 3.0 3.1 Ortutay, Barbara (June 1, 2022). "Sheryl Sandberg, longtime No. 2 exec at Facebook, steps down". Associated Press. https://apnews.com/article/sheryl-sandberg-facebook-steps-down-55b7f5dd6ca202c442c9705f6920e613। আহৰণ কৰা হৈছে: June 1, 2022.
- ↑ Eldon, Eric (June 25, 2012). "Sheryl Sandberg, Facebook's Long-Time COO, Becomes First Woman On Its Board Of Directors". TechCrunch. https://techcrunch.com/2012/06/25/facebooks-board-of-directors-adds-its-first-woman-sheryl-sandberg-its-long-time-coo/.
- ↑ Kent, Muhtar (April 18, 2012). "Sheryl Sandberg - The 100 Most Influential People". Time. Archived from the original on August 17, 2013. https://web.archive.org/web/20130817084115/http://www.time.com/time/specials/packages/article/0,28804,2111975_2111976_2112093,00.html.
- ↑ "Sheryl Sandberg" (en ভাষাত). Forbes. https://www.forbes.com/profile/sheryl-sandberg/। আহৰণ কৰা হৈছে: 2022-03-07.
- ↑ Isaac, Mike (1 June 2022). "Sheryl Sandberg Steps Down From Meta". The New York Times. https://www.nytimes.com/2022/06/01/technology/sheryl-sandberg-facebook.html.
- ↑ 8.0 8.1 8.2 8.3 8.4 Auletta, Ken (July 11, 2011). "A Woman's Place". The New Yorker. https://www.newyorker.com/reporting/2011/07/11/110711fa_fact_auletta?currentPage=all। আহৰণ কৰা হৈছে: July 16, 2011.
- ↑ Harris, Paul (March 16, 2013). "The Facebook executive on a self-help mission". The Japan Times. https://www.japantimes.co.jp/news/2013/03/16/world/the-facebook-executive-on-a-self-help-mission/। আহৰণ কৰা হৈছে: April 29, 2018.
- ↑ "Benjamin A. Einhorn - Death Notice - Classified". Miami Herald. October 27, 2007. Archived from the original on September 23, 2019. https://web.archive.org/web/20190923004530/http://nl.newsbank.com/nl-search/we/Archives?p_product=MH&s_site=miami&p_multi=MH&p_theme=realcities&p_action=search&p_maxdocs=200&p_topdoc=1&p_text_direct-0=11C94CFD4BC4D528&p_field_direct-0=document_id&p_perpage=10&p_sort=YMD_date:D.
- ↑ 11.0 11.1 11.2 Dorschner, John (February 26, 2012). "Sheryl Sandberg: From North Miami Beach High to Facebook's No. 2". The Miami Herald. http://www.miamiherald.com/news/local/community/miami-dade/article1939532.html। আহৰণ কৰা হৈছে: October 8, 2014.
- ↑ "Sheryl Sandberg on Facebook's Future". BusinessWeek. April 8, 2009. http://www.businessweek.com/technology/content/apr2009/tc2009048_429871_page_2.htm। আহৰণ কৰা হৈছে: July 22, 2010.
- ↑ "Can Sheryl Sandberg Change Silicon Valley?". The New Yorker. https://www.newyorker.com/magazine/2011/07/11/a-womans-place-ken-auletta.
- ↑ 14.0 14.1 "Executive Bios". Facebook. https://www.facebook.com/press/info.php?execbios। আহৰণ কৰা হৈছে: July 22, 2010.
- ↑ Hempel, Jessi (April 11, 2008). "Sheryl Sandberg: Facebook's new number two to Zuckerberg". Money.CNN.com. https://money.cnn.com/2008/04/11/technology/facebook_sandberg.fortune/index.htm.
- ↑ "Sheryl Sandberg, An Inside View of Facebook". Newsweek. October 4, 2008. http://www.newsweek.com/id/162350। আহৰণ কৰা হৈছে: July 22, 2010.
- ↑ Luscombe, Belinda (March 7, 2013). "Confidence Woman". Time: 4. http://ideas.time.com/2013/03/07/confidence-woman/4/। আহৰণ কৰা হৈছে: October 8, 2014.