শ্ৰীকান্ত কিদাম্বি (ইংৰাজী: Srikanth Kidambi) এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ১১ আগষ্ট ২০১৬ত[1] আন্তৰ্জাতিক ক্ৰীড়াক্ষেত্ৰৰ বিশ্ব ৰেংকিংত তেওঁ ১১তম স্থান লাভ কৰি বৰ্তমান ভাৰতীয় পুৰুষ বেডমিণ্টন খেলুৱৈৰ মাজত সৰ্বোচ্চ স্থানত আছে। ২০১৪ চনৰ চীন অপেন চুপাৰ চিৰিজ প্ৰিমিয়াৰৰ ফাইনেলত লিন ডেনক ২১-১৯, ২১-১৭ পয়েণ্টত হৰুৱাই তেওঁ প্ৰথম ভাৰতীয় বেডমিণ্টন খেলুৱৈ হিচাপে চুপাৰ চিৰিজ প্ৰিমিয়াৰৰ খিতাব জয় কৰে।[2] শ্ৰীকান্ত হায়দৰাবাদৰ গোপী চান্দ বেডমিণ্টন একাডেমীত প্ৰশিক্ষণ তথা অনুশীলন কৰে আৰু বেংগালোৰৰ[3] গ' স্পোৰ্টচৰ দ্বাৰা স্পন্সৰড। তদুপৰি লি-নিং নামৰ সংস্থা এটায়ো তেওঁক স্পনচৰ কৰে।[4]

শ্ৰীকান্ত কিদাম্বি

ফ্ৰেঞ্চ চুপাৰ চিৰিজ ২০১৩ ত শ্ৰীকান্ত কিদাম্বি
ব্যক্তিগত তথ্যাৱলী
জন্ম নাম শ্ৰীকান্ত নাম্মালৱাৰ কিদাম্বি
জন্ম ৭ ফেব্ৰুৱাৰী, ১৯৯৩ (৩১ বছৰ)
গুণ্টুৰ, অন্ধ্ৰপ্ৰদেশ
বাসগৃহ হায়দৰাবাদ, ভাৰত
উচ্চতা ১.৭৮ মিটাৰ (U=ft}})
ক্ৰীড়া
দেশ  ভাৰত
শিতান পুৰুষৰ একক
প্ৰশিক্ষক পুলেল্লা গোপীচান্দ

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

শ্ৰীকান্ত কিদাম্বি ৭ ফেব্ৰুৱাৰী ১৯৯৩ চনত অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰত জন্মৰ্ৰহন কৰে। তেওঁৰ পিতৃ কে.ভি. কিদাম্বি এজন জমিদাৰ আৰু মাতৃ ৰাধা এগৰাকী গৃহবধূ। .[5] শ্ৰীকান্তৰ ককায়েক নন্দগোপালো এজন বেডমিণ্টন খেলুৱৈ।[6]

তথ্য সংগ্ৰহ সম্পাদনা কৰক