শ্ৰীমতী মহিমাময়ী

অসমীয়া চলচ্চিত্ৰ

শ্ৰীমতী মহিমাময়ী (ইংৰাজী: Srimati Mohimamoyee) ১৯৭৯ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। পৰিচালনা আৰু প্ৰযোজনা পুলক গগৈৰ। এইখন তেওঁৰ দ্বিতীয় ছবি। কাহিনীৰ আধাৰ লক্ষ্মীনাথ ফুকনৰ একে নামৰ হাস্যৰসাত্মক চুটিগল্প এটা। ইয়াত হাস্যৰসৰ উপাদান আছিল যদিও ইয়াত কোনো স্থূলতা নাছিল। বাজেট আছিল ১,২৫,০০০ টকা। ছবিখন ভাল ব্যৱসায় কৰিছিল। প্ৰযোজক গগৈৰ সকলো খৰচ ঘূৰি অহাৰ উপৰিও পূৰ্বৰ খোজ ছবিত হোৱা লোকচান কিছু পৰিমাণে ওভতাই পাইছিল।[1][2]

শ্ৰীমতী মহিমাময়ী
পৰিচালক পুলক গগৈ
ৰচনা লক্ষ্মীনাথ ফুকন
প্ৰযোজক পুলক গগৈ
অভিনয়ত বীণা গোস্বামী
ৰবীন নেওগ
সংগীত পৰিচালক কুল বৰুৱা
অতুল মেধি
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া
বাজেট ১,২৫,০০০ টকা

শ্ৰীমতী মহিমাময়ী ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ। নিম্ন মধ্যবিত্ত পৰিয়ালৰ এগৰাকী কৃপণ মহিলা; যাৰ কাৰ্য-কলাপে দৰ্শকৰ মনত হাঁহিৰ উদ্ৰেক কৰে। আন এক প্ৰধান নাৰী চৰিত্ৰ কৰবী। পিতৃ পৰিচয় নাইকিয়া, কোমল আৰু আবেগিকভাবে দুৰ্বল। মাকৰ সৈতে বাস কৰে। পিতৃ পৰিচয়হীনতাৰ বাবে তাইৰ কোনো দোষ নাই। কিন্তু সমাজে তাইকে দোষাৰোপ কৰে। তাৰ বিপৰীতে কৰবীৰ মাক জীৱন সম্পৰ্কীয় সমস্যাবোৰৰ গভীৰতাৰ উমান পোৱা এগৰাকী শক্তিশালী মনৰ মহিলা। নবীন ছবিখনৰ মূল পুৰুষ চৰিত্ৰ; মহিমাময়ী তেওঁৰ মামীয়েক। এজন আধুনিক আৰু বুজনশীল ডেকাল'ৰা, যিয়ে কৰবীৰ বিৰুদ্ধে হোৱা সামাজিক অন্যায়ৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিছে।[3]

অভিনয় শিল্পী সম্পাদনা কৰক

  • বীণা গোস্বামী (শ্ৰীমতী মহিমাময়ী)
  • ৰবীন নেওগ (নবীন)
  • ৰূপজ্যোতি (কৰবী)
  • নীলু চক্ৰৱৰ্তী
  • হীৰা তালুকদাৰ (নেওগ)[1]
  • অমিতাভ গগৈ (শিশুশিল্পী)
  • বিজু ফুকন (অতিথি শিল্পী)
  • দিনেশ দাস (অতিথি শিল্পী)

সংগীত সম্পাদনা কৰক

সঙ্গীত পৰিচালক কুল বৰুৱা আৰু অতুল মেধি। দুয়োৰে যুটী কুল-অতুল নামেৰে জনাজাত।[4]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "মুখখনি গৈ মুখা হ’ল ঐ, ৰং ইমানকৈ সানিছা কেলৈ"  নিৰ্মল প্ৰভা বৰদলৈকুল বৰুৱা  
2. "নিজক কিয় চাওঁ বুজিতো নাপাওঁ, নিজেই নিজৰ মাজতে যেন অচিনাকি হৈ যাওঁ"  নিৰ্মল প্ৰভা বৰদলৈভূপেন হাজৰিকা  
3. "দুহাততে দিছা মোক ফুল ভাষা নাই মোৰ ওলগৰে, জীৱনক দিছা শুভাশিস পাহি মেলি যেন ফুলিবলৈ"  নিৰ্মল প্ৰভা বৰদলৈডলী ঘোষ  
4. "জীৱনে বিচাৰে কি অ’ হৃদয়ত থকা নীল গভীৰতা"  নিৰ্মল প্ৰভা বৰদলৈপুলক বেনাৰ্জী  
5. "নীলা আকাশৰে ৰূপোৱালি পৰী জীয়াঁৰে দুখনি পাখি"  নিৰ্মল প্ৰভা বৰদলৈকুল বৰুৱা, ডলী ঘোষ  

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 অতনু ভট্টাচাৰ্য (ফেব্ৰুৱাৰী ২০১৮). "মোৰ ইচ্ছামৃত্যু হ'ব যেন লাগে". সাতসৰী. 
  2. চন্দন কুমাৰ. "পুলক গগৈৰ সৈতে মুক্তচিন্তাৰ সাক্ষাৎকাৰ". http://muktosinta.org/. http://muktosinta.org/pulakgogoi/। আহৰণ কৰা হৈছে: 23 July 2020. 
  3. "Interview with Pulak Gogoi". http://14.139.13.47:8080/jspui/bitstream/10603/55929/9/09_chapter%204.pdf। আহৰণ কৰা হৈছে: 24 July 2020. [সংযোগবিহীন উৎস]
  4. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 321.