লক্ষ্মীনাথ ফুকন (১৮৯৭–১৯৭৫) এগৰাকী সাংবাদিক আৰু সাহিত্যিক।

লক্ষ্মীনাথ ফুকন

লক্ষ্মীনাথ ফুকন
জন্ম জানুৱাৰী, ১৮৯৭
চকিয়ালচুক, দেৰগাওঁ, অসম
মৃত্যু ১৯৭৫ চন
পিতৃ-মাতৃ কাৰ্তিকচন্দ্ৰ (পিতৃ)

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

লক্ষ্মীনাথ ফুকনৰ জন্ম হৈছিল ১৮৯৭ চনৰ জানুৱাৰী মাহত। পিতৃৰ নাম কাৰ্তিকচন্দ্ৰ আৰু পিতামহ নাৰায়ণ বৰবৰা। পিতামহ নাৰায়ণ বৰবৰাই মণিৰাম দেৱানৰ লগত ইংৰাজ বিৰোধী আন্দোলনত যোগ দিয়া হেতুকে কাৰাবাস বৰণ কৰিবলগীয়া হৈছিল। দেৰগাঁৱৰ 'বেজবৰুৱা ব্ৰাঞ্চ হাইস্কুল'ৰপৰা ১৯১৫ চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। কলিকতাৰ ৰিপন কলেজত ছমাহমান পঢ়ি দেৰগাঁৱলৈ উভতি আহে আৰু ব্ৰাঞ্চ হাইস্কুলত শিক্ষকতাৰ কাম আৰম্ভ কৰে।

কৰ্মজীৱন সম্পাদনা কৰক

ব্ৰাঞ্চ হাইস্কুলৰ শিক্ষকতা পদ ত্যাগ কৰি পাছলৈ এখেতে ডিব্ৰুগড়জৰ্জ ইনষ্টিটিউটত শিক্ষকতা কৰিবলৈ লয়। সেই সময়তে ডিব্ৰুগড়ৰপৰা চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা প্ৰকাশিত অসমীয়া নামৰ কাকতৰ লগত জড়িত হয়। ডেৰ বছৰ পাছত কলিকতালৈ গৈ বলমা কোম্পানীত সোমায় আৰু তাৰ পৰাই সাংবাদিকতাৰ কামত ব্ৰতী হয়।

১৯১৯-২১ কালছোৱাত কলিকতাৰ অমৃত বাজাৰ পত্ৰিকাৰ লগত থাকে। ১৯২২ চনত ৰাধানাথ চাংকাকতীয়ে ডিব্ৰুগড়ৰ পৰা উলিওৱা টাইম্‌চ অৱ আছাম কাকতৰ উপ-সম্পাদক পদত যোগ দিয়ে। ১৯২২-২৪-ৰ সময়চোৱাত সেই কাকতৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে।

ইয়াৰ পাছত অসমীয়া, ফৰোৱাৰ্ড আৰু বাতৰি কাকতৰ লগত কিছুদিন জড়িত থাকি ১৯৩৮ চনত হিন্দুঃস্থান ষ্টেণ্ডাৰ্ড কাকতৰ সম্পাদক নিযুক্ত হয়।

১৯৩৯ চনত ৰাধাগোবিন্দ বৰুৱা আৰু সোমেশ্বৰ বৰুৱাৰ আমন্ত্ৰণ মতে তেতিয়াৰ ডিব্ৰুগড়ৰ সাদিনীয়া আছাম ট্ৰিবিউন কাকতৰ সম্পাদক হিচাপে যোগদান কৰে। গুৱাহাটীৰপৰা দৈনিক প্ৰকাশিত আছাম ট্ৰিবিউনৰ সম্পাদক ৰূপে ১৯৪৬ চনলৈ দায়িত্বভাৰ চম্ভালে।

ইয়াৰ পাছত মূলতঃ সাহিত্য চৰ্চাৰ কামত নিয়োজিত হৈ থাকে।

সাহিত্য কৰ্ম সম্পাদনা কৰক

লক্ষ্মীনাথ ফুকনে সাংবাদিকতাৰ মাজে মাজে সাহিত্য চৰ্চা অব্যাহত ৰাখিছিল। গল্প, কবিতা আৰু এখন উপন্যাস ৰচনা কৰাৰ উপৰিও এখেত কেইগৰাকীমান ব্যক্তিৰ ওপৰত লিখা আলোচনাত্মক ৰচনাৰ সংকলন 'মহাত্মাৰপৰা ৰূপকোঁৱৰলৈ' গ্ৰন্থৰবাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।

  • প্ৰকাশিত কাব্য পুথি: সোণালী সপোন (১৯৬২)
  • গল্পৰ পুথি: মালা (১৯১৮), ওফাইডাং (১৯৫৩), মৰমৰ মাধুৰী (১৯৬৩) আৰু 'আশাত উৎফুল্ল প্ৰাণ'।
  • উপন্যাস: জহৰা।
  • ব্যক্তিভিত্তিক আলোচনাত্মক ৰচনা: মহাত্মাৰপৰা ৰূপকোঁৱৰলৈ।

স্বীকৃতি আৰু সন্মান সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

১৯৭৫ চনত লক্ষ্মীনাথ ফুকনৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. শিৱনাথ বৰ্মন, 'অসমীয়া জীৱনী অভিধান', চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, ১৯৯২, পৃ: ২৬৮-২৬৯