শ্ৰীলাল শুক্লা (ইংৰাজী: Shrilal Shukla; জন্ম: ৩১ ডিচেম্বৰ, ১৯২৫ – ২৮ অক্টোবৰ, ২০১১[1])) এজন হিন্দী ভাষাৰ লেখক, যাক তেওঁৰ ব্যংগ লেখাৰ বাবে জনা যায়। তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ এজন পিচিএচ (প্ৰিন্সিপাল চিভিল চাৰ্ভিছ) বিষয়া ৰূপে কৰ্মৰত আছিল, পিছত তেওঁ আই এ এছ লাভ কৰে। তেওঁ ৰাগ দৰবাৰী, মকান, চুনি ঘাটি কা সূৰজ, পেহলা পড়াৱ আৰু বিশ্ৰামপুৰ কা সন্ত আদিকে ধৰি প্ৰায় পঁচিশখন কিতাপ লিখিছে।[2] ৰাগ দৰবাৰী হ'ল তেওঁৰ বহুপঠিত আৰু আটাইতকৈ জনপ্ৰিয় কিতাপ। কিতাপখন ইংৰাজী আৰু আন ১৫টা ভাৰতীয় ভাষালৈ অনূদিত হৈছে। এই কিতাপখনৰ কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এখন দূৰদৰ্শন ধাৰাবাহিক ১৯৮০ চনত কেইবামাহো ধৰি ৰাষ্ট্ৰীয় চেনেলত চলিছিল। হিন্দুস্তান আলোচনীত তেওঁ লিখা এখন ডিটেকটিভ্‌ উপন্যাস ধাৰাবাহিককৈ প্ৰকাশ হৈছিল।

শ্ৰীলাল শুক্লা

ভাৰতীয় ডাক টিকটত ২০১৭ চনত শ্ৰীলাল শুক্লা
জন্ম ৩১ ডিচেম্বৰ, ১৯২৫
মৃত্যু ২৮ অক্টোবৰ, ২০১১ (৮৫ বছৰ)
লক্ষ্ণৌ, উত্তৰ প্ৰদেশ
পেচা লেখক
উল্লেখনীয় কৰ্মৰাজি ৰাগ দৰবাৰী, মকান, চুনি ঘাটি কা সূৰজ, পেহলা পড়াৱ

স্বাক্ষৰ

২০১১ চনত, শুক্লাই ভাৰতৰ সৰ্বোচ্চ সাহিত্যিক সম্মান জ্ঞানপীঠ বঁটা লাভ কৰে। তেওঁ লাভ কৰা প্ৰথমটো মুখ্য বঁটা আছিল সাহিত্য অকাডেমি বঁটা। ১৯৬৯ চনত ৰাগ দৰবাৰীৰ বাবে তেওঁ এই বঁটা লাভ কৰিছিল। ১৯৯৯ চনত তেওঁ তেওঁৰ উপন্যাস বিশ্ৰামপুৰ কা সন্তৰ বাবে ব্যাস পুৰস্কাৰ[2][3] আৰু ২০০৮ চনত ভাৰতীয় সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মভূষণ প্ৰদান কৰা হয়।[4]

তথ্যসূত্ৰ সম্পাদনা কৰক