শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ

শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰখন অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত বালিপৰাৰ বালিগাঁও নামৰ ঠাইত অৱস্থিত। এই সত্ৰখনক সাধাৰণতে চিপহা সত্ৰ বুলি ক'ব লাগিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] কিন্তু বিশেষ কাৰণত ইয়াৰ স্থাপিত ইতিহাসৰ বাবে এই সত্ৰখনৰ নাম শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ দিয়া হয়। এই সত্ৰখন অসম সত্ৰ মহাসভাৰ লগত পঞ্জীভুক্ত হৈ আছে। বালিপৰা অঞ্চলৰ আটাইতকৈ নৱতম আৰু সক্ৰিয় সত্ৰ হিচাপে এই সত্ৰখনে ভূমিকা গ্ৰহণ কৰি আহিছে। শ্ৰীশ্ৰী শঙ্কৰদেৱ আৰু মাধৱ দেৱ গুৰু দুজনাৰ নীতি আদৰ্শৰে সত্ৰৰ প্ৰতিষ্ঠা দিৱসটো বৰসবাহ আৰু ভাওনা প্ৰদৰ্শন আদিৰে উদযাপন কৰা হয়। বিশেষভাৱে অঞ্চলটিৰ নৱপ্ৰজন্ম-শিশুসকলক সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে এই সত্ৰই বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে।

শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ

শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰৰ মণিকূট
শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ is located in Assam
শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ
অসম মানচিত্ৰত শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰৰ অৱস্থান
ভূ-স্থানাংক 26°39′01″N 92°47′28″E / 26.6503°N 92.7911°E / 26.6503; 92.7911
স্থান
দেশ  ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা শোণিতপুৰ জিলা
এলেকা তেজপুৰ

ইতিহাস সম্পাদনা কৰক

হৰিনাম গুপ্ত ভৈল                মনুষ্যত পূজা ৰৈল

বুলি ৰঙ্গ কৰে দেৱ সৰ্ব্ব।

হেন হৰিনাম ধৰ্ম                  শঙ্কৰে বিদিত কৰি

চুৰ কৈলা দোৱতাৰ গৰ্ব্ব।। ১০২ (নামঘোষা)


পুৰাতত্ব বা লিখিত তথ্যৰ অভাৱত বংশানোক্ৰমে বসাবাস কৰি অহা ৰাইজৰ চৰ্চা আৰু স্থাপক সত্ৰাধীকাৰৰ বংশৰ মাধ্যমে যোগোত কৰা তথ্য অনুপাতে এই সত্ৰৰ ইতিহাস দাঙি ধৰা হৈছে।

তেজপুৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ উত্তৰ দিশলৈ আগবাঢ়ি আহি, বানৰজাৰ ৰাজধানী ভালুকপুঙৰ দাঁতিকাষৰীয়া অঞ্চল, এসময়ত ভৰলী নদীয়ে সুঁতি সলাই এৰি যোৱা বালিচৰ। যত লাহে লাহে বিভিন্ন জনগোষ্টীৰ লোকে খেতি-জীৱিকাৰ সন্ধানত আহি ইয়াত বসতি ঘন হৈ আহিল। বানৰ পুত্ৰ ভালুক ৰজাৰ অধিনত থকা এই ঠাই খিনিত সেই সময়তে নানা মঠ-মন্দিৰ গঢ়ি উঠিছিল। মিচং, কছাৰী, বড়ো আৰু আদিবাসী লোকেৰে সজ্জিত্ব এই ঠাই খন বৰ্তমান বালিপৰা নামেৰে পৰিচিত। কৰ্মজীৱি লোকৰ বসতি থকা অঞ্চল সমূহত ভক্তিৰ সঞ্চাৰ কিৰবলৈ আগতে বিভিন্ন ঠাইৰ পৰা ঋষিমুনি-পণ্ডিত সকল আহি লোকবিশ্বাস অনুসৰি মন্দিৰ আদিৰ প্ৰতিষ্ঠা কৰিছিল। কালক্ৰমে গুৰু দুজনাৰ শিষ্য সকলে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ হেতু এই চৰ অঞ্চল সমূহত নিজৰ বাহাৰ পাতিব ধৰিলে। সময়ে সময়ে তেওঁলোক এই অঞ্চলত পদাৰ্পন কৰি বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ জ্ঞান বিতৰণ কৰিবলৈ নামঘৰ, কীৰ্ত্তনঘৰ আদিৰ নিৰ্মাণ কৰিলে। তাৰেই প্ৰমাণ হিচাবে বালিপৰাৰ বৰ্তমানৰ ভকতগাঁওত শ্ৰীশ্ৰীদিক্ষণপাট সত্ৰৰ শাখা সত্ৰ অৱস্থিত, এৰাগাঁওত শ্ৰীশ্ৰীকমলাবাৰী সত্ৰ শাখা সত্ৰ অৱস্থিত। এই সত্ৰ সমূহ আজিৰ পৰা প্ৰায়ে তিনিশ বছৰ আগেয়ে প্ৰতিষ্ঠা কৰাৰ তথ্য পোৱা গৈছে। সমান্তৰাল ভাৱে প্ৰতিখন গাঁৱত প্ৰাৰ্থনাৰ বাবে ৰাইজে নিজাববীয়া নামঘৰ, থপনা আদিৰ প্ৰতিষ্ঠা কৰি লৈছিল। এই সময়ত অন্ধবিশ্বাসেই হওঁক বা স্বপ্ন যনিত কাৰণ অথবা ভক্তিৰ স্থল হিচাপে বহুতু ধাৰ্মীক স্থান গঢ়লৈ উঠিছিল। ইংৰাজ শাসিত দিনতে বালিপৰা আদাবাৰি চাহ বাগিচাৰ কাষত যি অসমীয়া জনজাতি লোকৰ বাসবাস আছিল সেই গাঁও সমূহ ক্ৰমে পাটগাঁও, বালিগাঁও, বোকাগাঁও, মাজুলিগাঁও, ভেৰভাৰী গাঁও। আলি ইটোপাৰে এৰাগাঁও, কমাৰীগাঁও আৰু কাষতে আদিবাসী লোক সকলৰ বসবাস ফুলবাৰী চাহ বাগান, বামগাঁও চাহ বাগান আছিল।

বালিপৰাৰ বালিগাঁওত লোকবিশ্বাস অনুযায়ী এজোপা বৰগছৰ তলত এখন ডাঙৰীয়া থান আছিল। যাক গাঁও ৰাইজে বিপদে আপদে পুজা-পাতল কৰি সন্তুষ্ট কৰি অহাৰ প্ৰয়াস কৰিছিল। এই থানখনক লাড়ু গোপাল থান  নামে জনাজাত আছিল। এই থানৰ মহত্ব দেখি শ্ৰীকৃষ্ণৰ লাড়ু গোপাল গোঁসাইৰ ৰূপৰ মুৰ্ত্তি এভাগ স্থাপন কৰা হৈছিল। যিদৰে বৰ্তমানৰ লখৰা বাগানৰ মাজৰ শ্ৰীকলিয়া গোঁসাই থান প্ৰসিদ্ধ, সেই সময়ত যাত্ৰীৰ নানা মনোকামনা পূৰ্ণ কৰাৰ বাবে লাড়ুগোপাল থানটো যাত্ৰীৰ আগমন ঘটিছিল। লাহে লাহে সকলো সত্ৰৰ পৰাই সত্ৰাধিকৰা, শিষ্য সকল আহি জিৰণী লোৱা বা ভাড় লব অহা পৰিলক্ষিত হল। এই থানৰ যোগসূত্ৰে গাঁওখনৰ ৰাইজে নিজ নিজ সমৰ্থৰে গুৰু ধৰি শৰণ-ভোজন লব ধৰিলে। সেই থানখনৰ কিনাৰতে বৰমহৰী প্ৰয়াত কলিৰাম শইকীয়া বাসঘৃহ। পশ্চিমফালে পোৱালী মহৰী প্ৰয়াত বেথাৰাম ভূঞাৰ বাহগৃহ। যাত্ৰীৰ আগমন দেখি বৰমহৰীয়ে নিজৰ দখলত থকা মাটিৰ অংশতে থানখন  পৰিপাতিকৈ সজোৱাৰ ব্যৱস্থা কৰিলে। কালক্ৰমে ইংৰাজৰ শাসন কালতে এই গাঁৱলৈ এখন এল.পি. স্কুলৰ আৱন্ত ঘটে। স্কুলখন স্থাপন কৰিবলৈ স্থান বিচাৰি বৰমহৰী ওচৰ পোৱাত গোপাল থান খনৰ কিনাৰতে স্থাপনৰ ব্যৱস্থা কৰে। বেটনীবাৰি লগতে খাল হৈ থকা ঠাই দুখৰ ৰাইজৰ সহযোগিতাত স্কুলখন প্ৰতিষ্ঠা কৰে। এই স্কুল খনতেই ১৯১৮ চনত প্ৰধান শিক্ষক ৰূপে প্ৰয়াত নন্দেশ্বৰ গোস্বামী দেৱে যোগদান কৰে। প্ৰয়াত নন্দেশ্বৰ গোস্বামী দেৱ আছিল সেইসময়ৰ তেজপুৰ কেতেকীবাৰী স্থিত শ্ৰীশ্ৰীচুপহা সত্ৰৰ সত্ৰাধিকাৰ। শিক্ষকতাৰ বাবে তেওঁ আহি গোপাল থানৰ পৰিবেশ দেখি নিজৰ জ্ঞানৰ ভড়াল সিচৰিত কৰাৰ প্ৰয়াস কৰিব ধৰিলে। স্কুলৰ সময়ৰ বাদে বেছি সময় ধৰ্মলোচনাত গোপাল থানতে কতাব ললে। লগতে তেওঁ স্বাধিনতা আন্দোলনৰ প্ৰাচাৰৰ কামটো গাঁও গাঁও ঘূৰিছিল, সেই সূত্ৰে বৰ্তমানৰ মাজুলীগাঁওৰ নিবাসী প্ৰয়াত কাশী মেধিৰ লগত ঘনিষ্ট হৈ পৰিল। গোস্বামীদেৱ সত্ৰাধিকাৰ বুলি জনাৰ পিছত কাশী মেধি ডাঙৰীয়াই সত্ৰীয়া সংস্কৃতি, ৰিতী-নীতি শিকাৰ বিশেষ আগ্ৰহ কৰে। মেধী দেৱৰ জৰিয়তে চাৰিখন গাঁওৰ লোক তেওঁৰ লগত জড়িত হল। এনেতে গোস্বামীদেৱৰ অৱসৰৰ সময় আহি পৰিল। ১৯২৩ চনত এল.পি. স্কুলখন স্থানন্তৰ হৈ এম.ভি. স্কুল হয়। আৰু গোস্বামীদেৱৰ পৰিবৰ্তে প্ৰয়াত আদ্য শৰ্মা দেৱ প্ৰধান শিক্ষকৰূপে যোগদান কৰে। গোস্বামীদেৱে অৱসৰ লোৱাৰ পিছত মেধি ডাঙৰীয়াই খুব আগ্ৰহৰে গোপাল থনাতে সত্ৰীয়া শিক্ষাৰ প্ৰচাৰৰ ব্যৱস্থা কৰে। এল.পি. স্কুলখন উঠি যোৱা, খালী ঠাই দোখৰ গোপাল থানৰ নামতে চৰকাৰিভাৱে ৬৯৭নং দাগৰ ৩কঃ১২লোঃ মাটি সংৰক্ষণ কৰে। আৰু গঞা ৰাইজৰ সহযোগিতাত থান খন শালকাঠৰ খুটা, বাঁহ-বেট, খেৰ আদিৰে আহল-বহল কৰি নিৰ্মান কৰা হয়। বালিগাঁও, মাজুলীগাঁও, বোকাগাঁও, পাটগাঁওকে লৈ সকলো গাঁওৰ ৰাইজে সহায় হাত আগবঢ়াই। সেই সময়ৰ বালিগাঁও নিবাসী প্ৰয়াত কুশ বড়া, ঘন দাস, ৰজনীকান্ত দাস, নিবাৰণ দাস, বুদ্ধিৰাম দাস, কান্দুৰা দাস, হাবিমলৌ দাস, গোপাল দাস, বেথাৰাম ভূঞা, কলিৰাম শইকীয়া আৰু মাজুলীগাঁওৰ কাশী মেধিৰ বিশেষ অৰিহণা আছিল। থানখন আহল-বহল হোৱাত ৰাইজৰ আগ্ৰহ বৃদ্ধি পালে আৰু নন্দেশ্বৰ গোস্বামী দেৱৰ লগত বিশেষভাৱে যোগাযোগ কৰা হল। এনে দৰে দিক্ষাৰ প্ৰসংগত ১৯২৪ চনৰ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনৰ আবিৰ্ভাব তিথি দিনাই প্ৰয়াত নন্দেশ্বৰ গোস্বামী দেৱে লগত তেজপুৰৰ শ্ৰীশ্ৰী নিকামূল সত্ৰৰ সত্ৰাধিকাৰ ধৰ্ম ৰত্ন প্ৰয়াত গ্ৰহণ গোস্বামী দেৱক লৈ আনি এই লাড়ু গোপাল থানতে মনিকূটত সিংহাসন স্থাপন কিৰ সত্ৰ ৰূপে স্থাপন কৰে। তেজপুৰ কেতেকীবাৰীৰ শ্ৰীশ্ৰীচুপহা সত্ৰৰ সত্ৰাধিকৰা আৰু ভকত সকলৰ নীতিৰে স্থাপন কৰা এই সত্ৰ খনৰ নামকৰাণো শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ বুলিৱে ৰখা হয়।  সেই সময়ত এই সত্ৰৰ মেধী ৰ দায়িত্ব প্ৰয়াত কাশী মেধি দেৱকে প্ৰেৰণ কৰে। প্ৰায়ভাগ সময় শৰণ-ভোজন দিবলৈ সত্ৰাধিকাৰ আহিব ধৰে। তেওঁৰ বৈকুণ্ঠ গমনৰ পিছত তেওঁৰ পুত্ৰ প্ৰয়াত মুক্তেশ্বৰ গোস্বামী দেৱে ইয়াৰ খা-খবৰ লৈ আহিছিল। তেওঁ চাহ বাগান কৰ্মসূত্ৰে ব্যস্ত থকাৰ বাবে বিশেষ সময় দিব নোৱাৰিছিল। সেই সময়ৰ জামুগুৰি হাটৰ শ্ৰীশ্ৰী কৰতিপাৰ সত্ৰৰ বুঢ়াসত্ৰাধিকাৰ প্ৰায়ে পদযাত্ৰা কৰি আহে আৰু এই কেতেকীবাৰী সত্ৰতে জিৰণী লয় লগতে ভক্ত সকলৰ লগত এখন্তেক ধৰ্মলোচনা কৰে। বুঢ়াসত্ৰাধিকাৰ বিয়োগ ঘটাৰ পিছত তেওঁৰ পুত্ৰ সত্ৰাধিকাৰ প্ৰয়াত দেৱেশ্বৰ গোস্বামী (সংস্কৃত প্ৰৱক্তা, তেজপুৰ দৰং মহাবিদ্যালয়) তেখেতো আহি এই সত্ৰতে প্ৰায়ে বিশ্ৰাম তথা শাস্ত্ৰ অধ্যয়ণ কৰিছিল। লাহে লাহে তেজপুৰৰ বৰালীমৰা সত্ৰ, দক্ষিণপাট সত্ৰ, বিভিন্ন সত্ৰৰ শিষ্য সমূহে ভাৰ নিব আহি এই সত্ৰত জিৰনী লয়। লগতে বিভিন্ন জনক শৰণ-ভোজন-দিক্ষা দিয়া প্ৰচলন হল। লাহে লাহে সত্ৰখনৰ উন্নয়ণ হব ধৰিলে। বালিগাঁও উন্নয়ন সমিতিৰ তত্বাবধানত সত্ৰখন ১৯৯৫ চনত পকীকৰণ আৰু ২০০৮ চনত নৱনিৰ্মান কৰা হয়। ২০১১ চনত ইয়াৰ প্ৰবেশ পথৰ মুখত তোৰণৰ স্থাপন কৰা হয়। বৰ্তমান এই সত্ৰ তেজপুৰৰ শ্ৰীশ্ৰীচুপহা সত্ৰ, কেতেকীবাৰীৰ সত্ৰাধিকাৰ প্ৰয়াত মুক্তেশ্বৰ গোস্বামী দেৱৰ দ্বিতীয় পুত্ৰ ডেকা সত্ৰীয়া শ্ৰীযুত কৰুণা গোস্বামীদেৱে দিহা পৰামৰ্শ আগবঢ়াই। কিন্তু সত্ৰ পৰিচালনা তথা নীত কৰ্ম নামঘৰীয়া আৰু গাঁৱৰ ৰাইজৰ দ্বাৰা কৰা হয়।

সত্ৰ হলেও ফলপষু হোৱা গোপাল থানৰ ভক্ত সকলে প্ৰতিবছৰে মাঘ মাহত সমান্তৰাল ভাৱে এই সত্ৰতে ভোগ আদি লগাবলৈ আহে। দিনক দিনে এই থানৰ মহিমা বিয়পি পৰাত দূৰ-দূৰণিৰ যাত্ৰীৰ আগমন ঘটিব ধৰে। সকলোৱে এতিয়া শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ বুলিয়ে পৰিচিত হল। কিন্তু এই সত্ৰৰ বিগ্ৰহ এতিয়াও জাগ্ৰত। লোকবিশ্বাস মতে সন্তান প্ৰাপ্তি তথা পুত্ৰ সন্তানৰ আশা পূৰ্ণ কৰা বহু প্ৰমাণ জলন্ত হৈ আছে। সেয়েহে বছৰৰ মাঘ, বহাগ, জেষ্ঠ আৰু ভাদ মাহত ইয়াৰ যাত্ৰীৰ আগমন ঘটে। সত্ৰাধিকাৰ অবিহনেও এই সত্ৰখন সত্ৰীয়া সংস্কৃতি ধৰি ৰখাত অঞ্চলটোৰ ভিতৰতে সুনাম আছে। এই সত্ৰৰ শিষ্য বুলি নহয়, বিভিন্ন সত্ৰৰ শিষ্যৰে এই সত্ৰৰ ভকত-বৈষ্ণৱ একত্ৰিত হৈ বাৰ্ষিক কৰ্ম সমূহ পালন কৰি আহিছে।

 
বাৰ্ষিক কৰ্মৰ শিশু ভাওনা


বাৰ্ষিক কৰ্ম সমূহ সম্পাদনা কৰক

গোপিনীৰ পানীতোলা, ভৰলী ভোগ, বৰ সভা, বাৰ্ষিক ভাওঁনা, ভাদ মহীয়া নাম, মহাপুৰুষ শংকৰ-মাধৱ দেৱৰ তিথি সমূহ আৰু শংকৰ উতসৱত ভাগৱত ভ্ৰমণ আদি।


এই সকলো কৰ্ম পূৰণা নীতি-নিয়মৰ মাজেৰেই বংশানুক্ৰমে চলি আছে। বালিপৰা অঞ্চলত শ্ৰীশ্ৰী কেতেকীবাৰী সত্ৰ, বালিগাঁও আৰু শ্ৰীশ্ৰীকমলাবাৰী শাখা সত্ৰ, এৰাগাঁওৰ মাজত নীতি-নিয়ম, বাদ্যৰ তাল-মানৰ সম্পূৰ্ণ মিল আছে। ঐতিহ্যবহন কৰা এই দুইগাঁৱৰ সুৰ-সঞ্চাৰ, তাল-মান, ভাওনাৰ শৈলী বহু সুন্দৰ আৰু উন্নতমানৰ। বৰ্তমান সময়ত সমগ্ৰ অসমৰ লগত একাকাৰ কৰাৰ প্ৰয়াস চলিছে যদিও নিজাববীয়া ভাৱে এই সত্ৰ দুখনে যোৰা-ঘাট আদি এৰি দিয়া নাই।

বৰ্তমান এই সত্ৰখনক আকৌ নতুনৰূপ দিয়া হয় ২০২০চনত। ইয়াৰ মাজভাগত এখন আসন বহুৱা হয়। লগতে হনুমান আৰু গুৰুণ্ডৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰা হয়। বাটচূড়া আৰু জয়-বিজয়ৰে সু-সজ্জিত কৰি সত্ৰখন আতক ধূনীয়া কৰি তুলা হৈছে। এতিয়া এই সত্ৰত বিবাহ, অন্নপ্ৰসন আদিৰ বাবেও সু ব্যৱস্থা কৰি যাত্ৰী সকলক সকাহ আগবঢ়াইছে।

এই সত্ৰৰ আত ধৰোতা সকল তথা স্থাপক সত্ৰাধিকাৰৰ বংশ-কুতুম শ্ৰীশ্ৰী মহাপুৰুষ শঙ্কৰদেৱে গুৰুজনাৰ নাতী ঁপুৰুষোত্তম ঠাকুৰ পুৰুষৰ বংশ হোৱা বাবে পুৰুষ সংহতি ৰ নিয়মৰ মাজত আহি পৰে। শুনামতে এসময়ত গহপুৰৰ ব্ৰহ্মপুত্ৰ পাৰত শ্ৰীশ্ৰীচুপহা সত্ৰ নৈৰ সুতত ধ্বংস মূখে যোৱা দেখি সত্ৰখন এটা পুৰুষে গহপুৰৰ বৰ্তমানৰ ব্ৰহ্মাজানৰ হাতিবন্ধ গাঁওত শ্ৰীশ্ৰীচুপহা সত্ৰ স্থাপন কৰে। আৰু ১৬২৬ চনত এটা পুৰুষ উঠি আহি তেজপুৰৰ ভৰলীৰ সুতি ফাটি যোৱা পুষ্পভদ্ৰ নৈৰ কাষত বৰ্তমানৰ কেতেকীবাৰীত শ্ৰীশ্ৰীচুপৰা সত্ৰ স্থাপন কৰে। বংশক্ৰমে তেজপুৰৰ এই সত্ৰখনৰে সত্ৰাধিকাৰ হয় গৈ নন্দেশ্বৰ গোস্বামী দেৱ। যিজনে শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ স্থাপন তথা নামাকৰণ কৰে।

তথ্যসূত্ৰ সম্পাদনা কৰক