শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ

সাংস্কৃতিক সংগ্ৰহালয়


স্থানাংক: 26°07′50″N 91°49′21″E / 26.1306°N 91.8224°E / 26.1306; 91.8224

শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ (ইংৰাজী: Sri Sri Madhabdev Kalakshetra) লক্ষীমপুৰৰ নাৰায়ণপুৰত অৱস্থিত এক সাংস্কৃতিক ভৱন। মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাই ১৬৩৬ চনত প্ৰতিষ্ঠা কৰা বদলা পদ্ম আতা সত্ৰৰ চৌহদত কলাক্ষেত্ৰখন স্থাপিত হৈছে।[1]

শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ

শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ আদৰণি তোৰণ
প্ৰতিষ্ঠা ১০ মে',২০২৩
অৱস্থিতি নাৰায়ণপুৰ, লক্ষীমপুৰ, অসম, ভাৰত
স্থানাংক 26°57′17″N 93°50′56″E / 26.9547°N 93.8488°E / 26.9547; 93.8488

ইতিহাস সম্পাদনা কৰক

মাধৱদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠাৰ বাবে নাৰায়ণপুৰবাসী ৰাইজে দীৰ্ঘদিনীয়া দাবী উত্থাপন কৰি আহিছিল। ২০০৭ চনৰ ২৩ মাৰ্চত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কলাক্ষেত্ৰখনৰ আধাৰশিলা স্থাপন কৰিছিল। কলাক্ষেত্ৰখনৰ বাবে উপযুক্ত স্থান হিচাপে বাছনি কৰা হৈছিল নাৰায়ণপুৰ পৌৰসভাৰ এক নং ৱাৰ্ডত থকা বদলা সত্ৰৰ প্ৰাঙ্গন। ১৬৩৬ চনত বদলা সত্ৰ প্ৰতিষ্ঠা হৈছিল নাৰায়ণপুৰৰ মাজমজিমাত। বদলা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে কলাক্ষেত্ৰৰ বাবে ৪৪ বিঘা মাটি দান কৰিছিল। বিভিন্ন কাৰণবশত: কলাক্ষেত্ৰৰ নিৰ্মাণৰ গতি লেহেমীয়া হয়। ২০২৩ চনৰ ১০ মে'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰখনৰ শুভ উদ্বোধন কৰে।[2]

চিত্ৰ-বীথিকা সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. ANI (2023-05-10). "Assam CM inaugurates Sri Sri Madhabdev Kalakshetra at Narayanpur, lays foundation stone of several projects" (en-US ভাষাত). ThePrint. https://theprint.in/india/assam-cm-inaugurates-sri-sri-madhabdev-kalakshetra-at-narayanpur-lays-foundation-stone-of-several-projects/1566865/। আহৰণ কৰা হৈছে: 2023-05-13. 
  2. "মাধৱদেৱ কলাক্ষেত্ৰ : আধাৰশিলাৰ পৰা উদ্বোধনলৈ... - শতাব্দ" (en-US ভাষাত). 2023-05-07. https://shatabda.org/%e0%a6%ae%e0%a6%be%e0%a6%a7%e0%a7%b1%e0%a6%a6%e0%a7%87%e0%a7%b1-%e0%a6%95%e0%a6%b2%e0%a6%be%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a7%87%e0%a6%a4%e0%a7%8d%e0%a7%b0-%e0%a6%86%e0%a6%a7%e0%a6%be%e0%a7%b0/। আহৰণ কৰা হৈছে: 2023-07-17.