শ্ৰুতি হাছান
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
শ্ৰুতি ৰাজলক্ষ্মী হাছান (ইংৰাজী: Shruti Rajalakshmi Haasan, তামিল: ஸ்ருதி ஹாசன்) (জন্ম ২৮ জানুৱাৰী, ১৯৮৬) দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ আৰু বলিউডত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু সংগীতজ্ঞ। তেওঁৰ পিতৃ-মাতৃ কমল হাছান আৰু সাৰিকা।[1]
[2]
শিশুশিল্পী হিচাপে তেওঁ চিনেমাত গান গাইছিল আৰু দেউতাকৰ চিনেমা হে' ৰামত (২০০০) অতিথিশিল্পী হিচাপে অভিনয় কৰিছিল। প্ৰাপ্তবয়স্ক হিচাপে তেওঁ প্ৰথম অভিনয় কৰে ২০০৯ চনৰ বলিউডৰ চলচ্চিত্ৰ লাকত। পিছলৈ তেওঁ তেলেগু চলচ্চিত্ৰ আনাগানাগা অ' ধীৰুদু (ডিজনী ৱৰ্ল্ড চিনেমা প্ৰযোজিত), অ' মাই ফ্ৰে'ণ্ড আৰু ছেভেন্থ চেন্সআদি চলচ্চিত্ৰত অভিনয় কৰি সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰে। ২০১২ চনত তেওঁ বলিউডৰ ছুপাৰহিট বোলছবি দাবাঙৰ তেলেগু ৰিমেক গব্বৰ সিঙত অভিনয় কৰে আৰু এইখন তেওঁৰ অভিনেত্ৰী হিচাপে প্ৰথম ব্যৱসায়িকভাৱে বৃহৎ সাফল্য লাভ কৰা বোলছবি। বালুপু, য়েভাদু, ৰে'চ গুৰ্ৰম ইত্যাদি সফল চলচ্চিত্ৰত অভিনয় কৰি তেওঁ নিজকে তেলেগু চলচ্চিত্ৰ জগতৰ সমসাময়িক আগশাৰীৰ অভিনেত্ৰীসকলৰ এগৰাকী হিচাপে প্ৰতিষ্ঠিত কৰে। ইয়াৰ উপৰিও কেইবাখনো বোলছবিত কৰা উচ্চ প্ৰশংসিত অভিনয়ৰ বাবে তেওঁক হিন্দী চলচ্চিত্ৰজগতৰো প্ৰতিশ্ৰুতিসম্পন্ন অভিনেত্ৰী হিচাপে গণ্য কৰা হয়। চেন্নাই টাইম্ছৰ শেহতীয়া এক সমীক্ষাত তেওঁ "আকাংক্ষিত মহিলা"ৰ (Most Desirable Women) তালিকাত শীৰ্ষস্থান লাভ কৰে।[3]
শ্ৰুতি হাছান | |
---|---|
২০১৩ চনৰ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত হাছান | |
জন্ম | শ্ৰুতি হাছান ২৮ জানুৱাৰী, ১৯৮৬ (৩৮ বছৰ) চেন্নাই, তামিলনাডু, ভাৰত |
বংশদ্ভূত | ভাৰতীয় |
পেচা | অভিনেত্ৰী, গায়িকা, মডেল, নৃত্যাংগনা, সংগীতজ্ঞ |
সক্ৰিয় হৈ থকা সময় | ২০০০–বৰ্তমানলৈ |
ধৰ্ম | হিন্দু |
পিতৃ-মাতৃ | কমল হাছান সাৰিকা ঠাকুৰ |
আত্মীয়-স্বজন | অক্ষৰা হাছান (ভগ্নী) চাৰুহাছান (খুড়া) চন্দ্ৰহাছান (খুড়া) অনু হাছান (সম্বন্ধীয় ভগ্নী) সুহাসিনি মণিৰত্নম(সম্বন্ধীয় ভগ্নী) গৌতমী (মাহী মা) |
তেওঁ নিজৰ সংগীতৰ কেৰিয়াৰতো ভাৰতৰ ভিন ভিন ভাষাত গান গাইছে। তেওঁ প্ৰথম সংগীত পৰিচালনা কৰে দেউতাকে প্ৰযোজনা কৰা বোলছবি উন্নাইপল অৰুৱানত। এতিয়ালৈ তেওঁ কেইবাখনো চলচ্চিত্ৰত আৰু নিজস্ব এলবামত গান গোৱাৰ উপৰিও বেণ্ডৰ সৈতে বহু মঞ্চত সংগীত পৰিৱেশন কৰিছে।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Rajeesh, Sangeetha (2003-10-28). "High Five with Shruti Haasan". The Hindu (Chennai, India). Archived from the original on 2013-09-28. https://web.archive.org/web/20130928191543/http://www.hindu.com/rp/2007/10/28/stories/2007102850020100.htm। আহৰণ কৰা হৈছে: 2007-12-20.
- ↑ http://www.googleimages.com/shruti[সংযোগবিহীন উৎস] haasan
- ↑ "Sruthi Hassan- MOST DESIRABLE WOMEN OF CHENNAI". Deccan-Journal. Archived from the original on 14 July 2014. https://web.archive.org/web/20140714214512/http://deccan-journal.com/content/sruthi-hassan-most-desirable-women-chennai। আহৰণ কৰা হৈছে: 3 July 2014.