সাংগিনী ইংৰাজী: Sangini নেপালী মহিলাসকলে তেওঁলোকৰ ধৰ্মীয় উৎসৱ তিহাৰ আৰু তীজ উপলক্ষে পৰিৱেশন কৰা এক বিশেষ ধৰণৰ গীত আৰু নৃত্য।[1] ইয়াৰ উৎপত্তি নেপালৰ পাহাৰীয়া অঞ্চলত আৰু ইয়াক নেপাল আৰু ভাৰতৰ লগতে ভূটানৰ কিছু অংশত বাস কৰি অহা নেপালী মহিলাসকলে পৰিৱেশন কৰে।

সাংগিনী
স্থানীয় নাম सङ्गिनी
ব্যুৎপত্তি মহিলাসকল
শৈলী লোক নৃত্য
উৎপত্তিমূল নেপালৰ পাৰ্বত্য অঞ্চল

সাংগিনি নৃত্যত বৰ আৰু পিপল গছ এক সুখী বিবাহিত জীৱনৰ প্ৰতীক। তুলসী গছে সতেজতা আৰু দীৰ্ঘায়ু বুজায়। পানীৰে ভৰি থকা কলহটোত প্ৰেম আৰু কামনাৰ পূৰ্ণতাৰ চিত্ৰণ কৰা হৈছে। পিতলৰ প্লেটখনৰ ঢিমিক-ঢামাক চাকিবোৰে এগৰাকী নাৰীৰ হৃদয়ৰ বিষ আৰু যন্ত্ৰণাৰ প্ৰতীক।[2]

পৰম্পৰাগত সংগিনী নৃত্য আন অনুষ্ঠানতো কেতিয়াব মনোৰঞ্জনৰ বাবে পৰিৱেশন কৰা হয় যদিও ই বহল পৰিসৰত কৰা নহয়। সেউজীয়া বনাঞ্চলেৰে ঘেৰা চৌহদৰ মাজত অৱস্থিত ঘৰ বা মন্দিৰৰ চোতালত গাঁৱৰ নাৰী শিল্পীয়ে সাংগিনী নৃত্য প্ৰদৰ্শন কৰে। নৃত্যশিল্পীসকলে নিজেই গীত গায়। এই নৃত্য নেপালী সম্প্ৰদায়ৰ ভিতৰত উচ্চ জাতিৰ অন্তৰ্গত ব্ৰাহ্মণ আৰু ছেত্ৰীসকলৰ মাজত কৰা দেখা যায়।[3] বিয়া হৈ আঁতৰত থকা কন্যাই দূৰৈৰ পৰা আহি মাক-দেউতাকৰ ঘৰত গোট খাই নৃত্যত অংশগ্ৰহণ কৰে। বহুদিনৰ পৰা এৰা এৰি হৈ থকা বন্ধুসকলক তাত লগ পায় আৰু তেওঁলোকৰ সৈতে নৃত্যত অংশ লয়। মহিলাসকলে বন্তি জ্বলাই লোৱা প্লেট মূৰত তুলি ধৰি বা মূৰত কলহ কঢ়িয়াই সাংগিনি নৃত্য কৰে।

ভাদ মাহৰ তিজ উৎসৱৰ দিনা সাংগিনী নৃত্য বৃহৎ পৰিসৰত পৰিৱেশন কৰা হয়। তুলসী গছৰ জীৱনচক্ৰ বৃদ্ধি আৰু ফুল ফুলাৰ লগে লগে মানুহৰ জীৱনৰ লগত তুলনা কৰা হয়। সঠিক মাত্ৰাৰ এই গীত-নৃত্য প্ৰদৰ্শন কৰিবলৈ পাঁচগৰাকী অবিবাহিত ছোৱালী থাকিব লাগে। পাঁচবিধ বাদ্যযন্ত্ৰ, পাঁচটা চাকি আৰু পাঁচগৰাকী উপাসক। পূজাৰ এদিন আগতে এবিধ বিশেষ ধৰণৰ খাদ্য প্ৰস্তুত কৰা হয় যাক দৰ বোলা হয়। এই খাদ্যৰ কথাৰ উল্লেখ কৰাৰ লগে লগে মহিলাসকলৰ মাজত উৎসাহ দেখা যায়। অবিবাহিত কন্যা আৰু বিধৱা মহিলাই তেনে নকৰে, কাৰণ বেছিভাগেই নিজৰ ইচ্ছামতে সেই সময়ত উপবাসে থাকে। তুলসী গছৰ বেদী স্থাপন কৰি তাত শিৱলিংগ স্থাপন কৰা হয়। ঘৰৰ বেৰত বোকাৰে আঁকি দেৱ-দেৱী, চৰাই, জীৱ-জন্তুৰ স্কেচ্চ তৈয়াৰ কৰা হয়। এই বিশেষ ধৰণৰ চিত্ৰকলাৰ নাম জিমথা। এতিয়া পৱিত্ৰ পুথিৰ পৰা শিৱ আৰু পাৰ্বতীৰ তিনিটা অধ্যায়ৰ জপেৰে পূজা আৰম্ভ হয়। মহিলাসকল যোৰা যোৰাকৈ থিয় হৈ আগলৈ পিছলৈ গৈ হাত-ভৰি লাহে লাহে লৰাই গান গাই ছন্দময়ভাৱে ঘূৰিবলৈ ধৰে। তেওঁলোকৰ গীতৰ বিষয়বস্তু সাধাৰণতে জীৱনৰ দুখ আৰু যন্ত্ৰণা। ৰাতিৰ পৰা পুৱালৈকে এনেদৰে নৃত্য চলি থাকে৷[2]

পৌৰাণিক কাহিনী

সম্পাদনা কৰক

সাংগিনী নৃত্য পৌৰাণিক কাহিনীৰ হিন্দু দেৱতা শিৱ আৰু দেৱী পাৰ্বতীৰ পৌৰাণিক কথাৰ পৰাই আৰম্ভ হয়। সৰুতে স্বামীক হেৰুৱাই থকা বহু যুৱতী বিধৱাক দেখি থকা দেৱী পাৰ্বতীৰ হৃদয় দুখ আৰু যন্ত্ৰণাৰে ভৰি পৰিছিল। সেয়ে, দেৱী পাৰ্বতীয়ে শিৱক কাতৰ অনুৰোধ জনাইছিল যে, কণ কণ বিবাহিত ছোৱালীকেইজনীক তেওঁলোকৰ অভিশাপ্ত জীৱনৰ পৰা উদ্ধাৰ কৰক। শিৱই পাৰ্বতীক পৰামৰ্শ দিছিল যে, এই কণমানি বিবাহিত ছোৱালীবোৰে যাতে তেওঁৰ নামত পূজা কৰে সেয়া পাৰ্বতীয়ে কওক। সেয়েহে, ভগৱান শিৱক পূজা কৰিলে মহিলাসকলে অকাল বৈধব্যৰ পৰা ৰক্ষা পৰিব বুলি সম্ভৱতঃ বিশ্বাস কৰা হয়।[4]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. "---: Cultural Affairs & Heritage Department - Government of Sikkim :---". Archived from the original on 2014-02-21. https://web.archive.org/web/20140221204034/http://www.sikkim-culture.gov.in/Dances/Seasonal%20Dances.aspx। আহৰণ কৰা হৈছে: 2013-01-23. 
  2. 2.0 2.1 "সাংগিনী নৃত্য". Archived from the original on 13 February 2024. https://web.archive.org/web/20240213181447/https://sikkimtimes24.com/sangini-song-and-dance/। আহৰণ কৰা হৈছে: 13 February 2024. 
  3. "Face Nepal: Sangini Dance 'Girls and friends getting together to celebrate the Festival'". http://nepalesefolkdance.blogspot.com/2015/01/sangini-dance-is-belongs-to-hindu-women.html#.VmLmur8ZzqQ। আহৰণ কৰা হৈছে: 2015-12-05. 
  4. Datta, Amaresh (1988). Encyclopaedia of Indian Literature: Devraj to Jyoti. ISBN 9788126011940. https://books.google.com/books?id=zB4n3MVozbUC&q=Sangini+dance&pg=PA1305। আহৰণ কৰা হৈছে: 2021-10-09.